এঞ্জেলা ডাকৱৰ্থ নামৰ এগৰাকী যুৱতীয়ে ২৭ বছৰত মেনেজমেণ্ট কনচাল্টিঙৰ তেওঁৰ আকৰ্ষণীয় চাকৰিটো এৰি দি গণিত-বিজ্ঞানৰ শিক্ষকতাত জড়িত হ’ল। তেওঁৰ বাবে শিক্ষকতা চাকৰিটো আছিল পূৰ্বৰ চাকৰিটোতকৈয়ো অধিক আকৰ্ষণীয়। নতুন চাকৰিটোত জড়িত হৈ, শিক্ষা দান, প্ৰশ্নকাকত প্ৰস্তুত, ছাত্ৰ-ছাত্ৰীৰ ফলাফল...