গৌতমে নিশাৰ ভাতমুঠি খাই ঘামিজামি চিলিং ফেনখনৰ একেবাৰে ঠিক তলতে চকী এখন পাৰি বঢ়িবলৈ লওঁতেই কাৰেণ্টটোৱে ভুৰুং কৰিলে। খঙতে সি সেই আন্ধাৰতে দাঁতকেইটা কামুৰি উঠিল আৰু আন্দাজ মতে দুৱাৰখন খেপিয়াই খেপিয়াই খুলি চকীখন এহাতে দাঙি লৈ বাহিৰত বহিবলৈ বুলি ওলাই গ’ল। চকীত বহোঁতেই এছাটি বতাহে...