বাৰিষা তিনি-চাৰিটা বানে জুৰুলা কৰা গাওঁখনত থাকিলে পঢ়া নহ’ব বুলি সম্পৰ্কীয়ৰ এখন গাঁৱলৈ পঢ়িবলৈ পঠালে; কাৰণ প্ৰতিবাৰে কেৱল বানেই অহা নাছিল, লগতে খহনীয়াও কাষ চাপি আহি আছিল। মানে, ক্ষণভংগুৰ মাটিৰ এঠাইৰ পৰা পঠোৱা হৈছিল স্থায়ী মাটিৰ আন এঠাইলৈ। ভংগুৰ মাটিৰ মানুহবোৰৰ মনত স্থায়ী মাটিৰ মানুহৰ...