(১) ন’বেল বঁটা বিজয়ী সাহিত্যিক টনি মৰিছনে ২০১৫ চনত এটা বিশেষ প্ৰবন্ধত লিখিছিল যে— ২০০৪ চনত জৰ্জ ডব্লিউ বুশ্ব ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ ঠিক পিছৰে খ্ৰীষ্টমাছৰ পিছদিনা, পুৱা তেওঁ বিৰাট গোমা মন এটাৰে দগ্ধ হৈ খিৰিকীৰে দূৰলৈ চাই আছে, নিজকে সম্পূৰ্ণ অসহায় অনুভৱ কৰিছে। তেনেতে এজন...