হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...