ইতিহাস-প্ৰসিদ্ধ বৈজ্ঞানিক সংস্থা ৰয়েল ছ’চাইটিৰ সদস্য (FRS) ৰূপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ ভাৰতীয় মহিলাগৰাকী হ’ল গগনদীপ কাং (Gagandeep Kang)। ৰয়েল ছ’চাইটি প্ৰতিষ্ঠা হৈছিল সোতৰ শতিকাত। আধুনিক ৰসায়ন বিজ্ঞানৰ জনক বুলি পৰিচিত ৰবাৰ্ট বয়ল আছিল ইয়াৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম। ইয়াৰ প্ৰথম সভাপতিজন আছিল এজন গণিতজ্ঞ...