আকস্মিকভাৱে কিবা সুযোগ পাই ডাঙৰ সফলতা অৰ্জন কৰিলেও বা জন্মগত আজৱ দক্ষতাৰে বিশ্বৰ ভিতৰতে বিৰল বুলি স্বীকৃত হ'লেও, তেনে মানুহে আনক অনুপ্ৰাণিত কৰিব নোৱাৰে৷ এজন ব্যক্তিৰ কৃতকাৰ্যতাৰ লগত তেওঁৰ নিজক অতিক্ৰম কৰাৰ সাধনা, কঠোৰ অনুশীলন, একাগ্ৰতা আদি যুক্ত থাকিলেহে সেই কৃতকাৰ্যতাই আনক প্ৰেৰণা যোগাব পাৰে৷...

ভাল ভাল চফ্টৱেৰ বা হাৰ্ডৱেৰ কোম্পানীবোৰৰ প্ৰতি আমি কিয় আকৰ্ষিত হওঁ? আৰু এই যে ভাল বুলি আমি ভাবো, কিয় ভাবোঁ? TED ৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় ভিডিঅ’বোৰৰ মাজৰ তৃতীয়টো ভিডিঅ’ৰ বক্তা Simon Sinek-এ তাৰ এটা ধুনীয়া ব্যাখ্যা আগবঢ়াইছে। আন সকলো তেনেধৰণৰ কোম্পানীৰেই ঠিক একেধৰণৰে কাৰ্যক্ষম কৰ্মী,...