পঞ্চদশ শতিকাত গুটেনবাৰ্গে (১৩৯৮-১৪৬৮) বিকাশ সাধন কৰা ছপাশালে দূৰ প্ৰান্তৰ মানুহৰ মাজতো মত বা চিন্তাধাৰা ভাগ-বটোৱাৰা কৰাটো সহজসাধ্য কৰি তুলিলে। কোনো স্থানত চৰ্চিত হোৱা বিষয়বস্তু বা কোনো মানুহৰ সাধনালব্ধ জ্ঞান তেনেই কম কষ্টেৰে কম সময়তে বহু অধিক পৰিমাণে ছপা কৰি বহু মানুহৰ মাজলৈ লৈ যাব...

বহুতো বিশিষ্ট ব্যক্তিৰ লেখা বা বক্তৃতাত প্ৰসংগক্ৰমে “টাইম” আলোচনীৰ কুৰি শতিকাৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আৰু গোটেই শতিকাটোৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তিৰ তালিকাখনৰ কথা সততে পঢ়িবলৈ-শুনিবলৈ পোৱা যায়। সেয়েহে তালিকাখনৰ প্ৰতি আমাৰো কিছু কৌতুহল হয়। “ন’বেল বঁটা বিজয়ী লেখকসকল” ধৰণৰ গ্ৰন্থসমূহৰ দৰে এই “এশ”জন ব্যক্তিক সমৰি...