প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ বহুতো শিক্ষক বা অধ্যাপকে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে। ইয়াৰ বাবে তেওঁলোকে কিছুমান পৰম্পৰা নিৰ্ধাৰণ কৰি লয়, যিবোৰে সমাজ বা শিক্ষা-ব্যৱস্থাক বহু অনিষ্ট কৰি আহিছে। আমি ৰাজনৈতিক নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ থাকোঁ, কিন্তু শিক্ষক-অধ্যাপকৰ দুৰ্নীতিৰ কথাত সদাই নিমাত...