স্ব-নিৰ্দেশনা

১►

দুখন নাৱত দুভৰি নিদিয়াটোৱেই কিছুমান সমস্যাৰ শেষ সমাধান নহয়। জীৱনত আমি এনেকুৱা বহুতো সমস্যাৰ মুখামুখি হওঁ য'ত আমি একে সময়তে দুখন নাৱত দুভৰি দিবলৈ বাধ্য হওঁ। তেতিয়া নাও দুখন কিমান জোৰেৰে লগ লগাই ৰাখিব পাৰি সেইটোৱেই সমস্যাটোৰ সমাধানৰ পথ হৈ পৰে।

২►

এক কিঃমিঃ বহল নদীখন সাঁতুৰি অহা কামটো অৰ্থহীন হৈ পৰিব যদিহে পাৰলৈ চাৰি ফুট থাকোতেও আমি সাঁতুৰিবলৈ এৰি ডুবি গুছি যাওঁ। কেতিয়াবা অতি সামান্য কাম বাকী ৰৈ যোৱাৰ বাবেই বিফলতাৰ উদাহৰণ হৈ পৰা দেখা যায়। লক্ষ্য সমুখত স্পষ্ট হৈ জ্বিলিকি থাকিলেও কেতিয়াবা এনে লাগে যেন সেই লক্ষ্যৰ অভিমুখে যাত্ৰা কৰাটোৱেই আটাইতকৈ অৰ্থহীন কথা। সামান্য অজুহাতেই, সামান্য আঘাটেই প্ৰচণ্ড শক্তি প্ৰয়োগ কৰি সেই অৰ্থহীনতাৰ অনুভৱক প্ৰবল কৰি তোলে। কিন্তু অৰ্থহীনভাৱেই কিছুদূৰ আগুৱাই যোৱাৰ পিছতেই এক উদ্দেশ্যপূৰ্ণ অৰ্থক উপভোগ কৰাৰ সামৰ্থ্য আহৰণ কৰিব পৰা যায়।

৩►

ভুল স্বীকাৰ কৰা বুলিয়েই সকলো মানুহকে আপুনি বিশ্বাসত লৈ নল’ব। কাৰণ, তেওঁলোকে ভুলটো স্বীকাৰহে কৰিব পাৰে, ভুলটোৰ শুধৰণী নকৰিবও পাৰে।

৪►

আমি নিজে কেৱল আমাৰ কাৰ্যকৰী সম্ভাৱনীয়তা (Potential)ত গুৰুত্ব দিয়া দৰকাৰ। কাৰণ আমাৰ সম্ভাৱনাহীনতাক গুৰুত্ব দিবলৈ গোটেই বিশ্বখন পৰি আছে।

৫►

নিজৰ দুৰ্বলতাবোৰক লৈ গৌৰৱ কৰাৰ সলনি কষ্ট কৰি সেইবোৰক অতিক্ৰম কৰাটোহে গৌৰৱৰ কথা, যাতে সেইবোৰ এদিন নিজৰেই আছিল বুলি ভৱিষ্যতে নিজেই আচৰিত হ’ব পাৰি...।

৬►

খৰটকীয়াকৈ কৰিব নোৱাৰিলেও কামত সফল হোৱাৰ কিছুমান উপায় আছে।

৭►

 কিছুমান কাম এমাহৰ মূৰে মূৰে কৰা হয়, একেধৰণৰ আন কিছুমান কাম এবছৰ বা দুবছৰৰ মূৰে মূৰে কৰা হয়৷ এবছৰৰ মূৰে মূৰেহে কামটো কৰাৰ ধৈৰ্য্য থকাসকলক একেধৰণৰ কাম বুলিয়েই যদি এমাহৰ মূৰে মূৰে বা এসপ্তাহৰ মূৰে মূৰে কৰিবলগীয়া কামটোত জড়িত কৰি পেলোৱা হয়, তেন্তে তেওঁলোক সৰু ল'ৰা-ছোৱালীৰ ডিঙিত লাগি ধৰা কঠাল-গুটিৰ দৰে আপদ হৈ পৰে....৷

৮►

 নিজৰ ভৰিৰ গচকতো কেতিয়াবা জোতাৰ লেচ খোল খাই যায়। গতিকে সাৱধানে থাকিব নিজৰ পৰাও।

৯►

নিশাৰ আন্ধাৰ যেতিয়া গভীৰ হৈ আহে আৰু অতি গভীৰ আন্ধাৰে যেতিয়া আনকি আকাংক্ষাবোৰৰ পৰাও আমাক বিচ্ছিন্ন কৰি দিবলৈ প্ৰৱল শক্তি প্ৰয়োগ কৰে, তেতিয়া আমি গম পাওঁ— জোনাক নিশা আহিবলৈ আৰু বেছি দিন নাই।

১০►

আমি অতীতত ভুল কৰিছিলো বুলি অনুশোচনা কৰি থাকোঁতেই বৰ্তমানতো আন কিছুমান নতুন ভুল কৰি পেলাব পাৰোঁ। গতিকে কেৱল ভুল স্বীকাৰ কৰিলেই বা অনুশোচনা কৰিলেই আচল ফল নাপাব পাৰোঁ, ইয়াৰ লগতে আমাক আন কিছুমান বস্তুও লগা হয়।

১১►

সমাজে আমাৰ ভাগ্যক এনেকুৱাকৈ নিয়মত আবদ্ধ কৰিছে যে ২৯.৯৯ শতাংশ পোৱাজনেও স্বীকৃতি নাপায়, স্বীকৃতি পাবলৈ ৩০ শতাংশ পাবই লাগিব। আৰু সেই ০.০১ শতাংশক হস্তগত কৰাটোৱেই এটা অতিশয় কঠিন কাম।

পঠনীয়:  তুমি

১২►

কেৱল পানীখিনি পৰিষ্কাৰ হ'লেই নহ'ব, পানী থোৱা পাত্ৰটোও পৰিষ্কাৰ হ'ব লাগিব।

১৩►

অসম্ভৱ যেন লাগিলেও, প্ৰকৃততে, সুখৰ দিন আহিবলৈ বেছি দিন অপেক্ষা কৰিব নালাগে। দুখৰ দিনৰ কষ্ট, আৰু সেই দিনবোৰত আনৰ পৰা পোৱা পৰোচনা-বিদ্ৰুপ-অবজ্ঞা এই সকলোবোৰ আমি অনায়াসে সহ্য কৰিবও পাৰোঁ; কিন্তু দুখৰ দিন অন্ত নপৰিব বুলি ভয়ত বেছিকৈ বিব্ৰত হৈহে আমি প্ৰায়ে নিজৰ অধিক অপকাৰ কৰোঁ।

১৪►

এটা পৰীক্ষাৰ মুখামুখি হ’লে আমি আমাৰ দূৰ্বলতাবোৰ বুজি পাওঁ। সেয়েহে জীৱনত বাৰে বাৰে অধিক পৰীক্ষাৰ মুখামুখি হ’বলৈ বাধ্য হ’লে বিচলিত হোৱাৰ কোনো দৰকাৰ নাই, কাৰণ ইয়াৰ জড়িয়তে আমি নিজৰ দূৰ্বলতাবোৰ বেছি পৰিমানে জানি উঠিম আৰু অধিক শক্তিশালী হোৱাৰ যত্ন কৰিব পাৰিম। আমি শক্তিশালী হ’ব নোৱাৰোঁ কেৱল দূৰ্বল হোৱাৰ বাবে নহয়, বহু সময়ত নিজৰ দূৰ্বলতাবোৰ নজনাকৈ থকা বাবেহে। সেইবাবেই অতি জটিল পৰিস্থিতিত, জীৱনৰ অত্যন্ত দূৰ্দশাগ্ৰস্ত মুহূৰ্ততো বাৰে বাৰে অলেখ কঠিন পৰীক্ষাৰ মুখামুখি হ’বলৈ বাধ্য হোৱা মানুহবোৰে যেতিয়া সেই সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি সময়ৰ লগত আগুৱাই যাবলৈ যত্ন কৰে তেতিয়াই তেওঁলোক প্ৰতিভাবান বুলি বিবেচিত হয়।

১৫►

দূবৰি বন ছিঙিবলৈ যাওঁতে বনৰ তলত থকা কেচুটোক দেখি আমি খুৱ বিৰক্ত বা অতিষ্ঠ হ’লেও বনখিনি ছিঙি আঁতৰি অহাৰ পাছত আমি কেঁচুটোৰ কথা মনত পেলাই নিজৰ মনক পুনৰ অশান্তি দি নাথাকোঁ, তাক আমি তাতেই উপেক্ষা কৰি এৰি থৈ অহোঁ...।

১৬►

এবছৰীয়া সাময়িক উচ্ছ্বাসক তিনিবছৰলৈ, এমহীয়া সাময়িক উচ্ছ্বাসক এবছৰলৈ, এদিনীয়া সাময়িক উচ্ছ্বাসক এমাহলৈ, এঘণ্টীয়া সাময়িক উচ্ছ্বাসক অন্ততঃ দিনটোৰ বাবে ধৰি ৰাখিব পৰা হ'লেই আমি বহুতে বহুত কামেই কৰিব পাৰিলোঁহেঁতেন!

১৭►

মষিমূৰ কৰি পেলাম বুলি অহা প্ৰচণ্ড ধুমুহাছাটিক বাধা দিবলৈ কেৱল এজোপা বৰগছ হ’লেই নহ’ব, নিজেও এছাটি প্ৰচণ্ড ধুমুহা হ’ব লাগিব।

১৮►

জনতাৰ ভিৰত আটাইতকৈ ডাঙৰকৈ চিঞৰি মাতটো মাতিলেও আমি ঝালমুড়িৰ বেপাৰীজনৰ মাতটোলৈ মনেই নকৰিলোঁহেঁতেন যদিহে তেওঁ মাতটো ইচ্ছাকৃতভাৱে কঁপাই কঁপাই সচৰাচৰ মাতটোতকৈ অলপ পৃথক কৰি নুলিয়ালেহেঁতেন।

১৯►

সেইবোৰ মানুহ অনিষ্টকাৰী, যিবোৰ মানুহে ফুলবোৰো কেৱল বিশিষ্ট বা “প্ৰতিষ্ঠিত” বুলি নাম থকা মানুহৰ কোটৰ জেপত লাগি থাকিলেহে ধুনীয়া দেখে, অন্যথা তেওঁলোকৰ বাবে সেই ফুলৰো কোনো সৌন্দৰ্য নাথাকে।

২০►

এষাৰ কথা আছে— ঋণাত্মক মনোবৃত্তিৰ বা চিনিক মনোভাৱৰ মানুহৰ ওচৰৰ পৰা আপুনি কেতিয়াও এখোজ-দুখোজকৈ আঁতৰি নাযাব, তেওঁলোকৰ পৰা আপুনি দৌৰি আঁতৰি যাব।

২১►

মদপী মানুহবোৰ মদৰ প্ৰতি যিমান আসক্ত তাতকৈ বেছি আসক্ত “ফ্ৰীতে পোৱা মদ”ৰ প্ৰতি।

২২►

আমি মিঠা মাতেৰে নিৰাপদ দূৰত্বৰ পৰা সম্পৰ্কটো ভাল কৰি ৰাখোঁ গুণ্ডা, অভদ্ৰ বা ফটুৱাজনৰ লগত, যাতে সিহঁতে অনিষ্ট কৰিবলৈ উদ্বুদ্ধ নহয়।

পঠনীয়:  জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ

আমি অকণমান কথাতেই দেখিব নোৱৰা হওঁ বা সম্পৰ্ক চ্ছেদ কৰি দিওঁ শুভাকাংক্ষী বন্ধুজনৰ লগত।

আমি পৰাপক্ষত কোনো ক্ষেত্ৰতেই উত্তৰ নিদিবলৈ চাওঁ আমাৰ প্ৰেমত পৰি হাবুডুবু খোৱাজনক...।

২৩►

মহাশয়, আপুনি মোৰ উত্তৰ নিদি বহুত ভাল কাম কৰিলে; কাৰণ আপুনি উত্তৰ নিদিয়াৰ বাবেই যি বিকল্প আমি বিচাৰি পালো, তেওঁৰ সৈতে মিলি আমি, আপোনাৰ সৈতে মিলি কৰিব পৰাতকৈ দহ গুণ বেছি ভাল কাম কৰিব পাৰিলোঁ৷

২৪►

অতি হেঁপাহেৰে আপুনি সম্পূৰ্ণ মনোযোগ দি এখন ফেৰী সাজি থাকোঁতে যদি সি এখন জাহাজতেই পৰিণত হয়, তেন্তে আপুনি সাগৰলৈ ভয় কৰিলে কেনেকৈ হ'ব! আপুনি সাগৰৰ আদব-কাইদা সম্পৰ্কীয় কথাবোৰো শিকি পেলাব লাগিব, আৰু জাহাজ মেলি দিব পাৰিব লাগিব মাজ-সমুদ্ৰ অতিক্ৰম কৰি নতুন দীগন্ত স্পৰ্শ কৰিবলৈ৷

২৫►

অধ্যয়নৰ প্ৰতি অনিহাই তেওঁক বিপ্লৱী “বনালে”। কৈশোৰত ব্যক্তিগত তথা পাৰিবাৰিক জীৱনৰ দুৰ্দশাই তেওঁক তুচ্ছ মত এটাকে নিমিলা মাত্ৰেই মানুহক হত্যা কৰাৰ মনোবৃত্তি দিলে। আৰু অল্পজ্ঞানৰ প্ৰতি তীব্ৰ অনুৰাগে তেওঁক নিজৰ কুমনোবৃত্তিবোৰৰ বাহিৰে আন যিকোনো কথাই কেতিয়াও নুশুনিবলৈ উদ্বুদ্ধ কৰিলে। হে “মহান” বিপ্লৱী তোমাৰ হাতত কেতিয়াও সৃষ্টি হ’বনলগীয়া নতুন-ৰাষ্ট্ৰখনৰ ভৱিষ্যতেই বা কি?

২৬►

গম্ভীৰ, স্থিৰ, শান্ত পাহাৰৰ গহ্বৰতো লুকাই থাকে গলিত চঞ্চল আৰু ধ্বংসকাৰী জ্বালামুখী সৃষ্টিকাৰী বোৱতী লাভা। আৰু প্ৰবাহমান, উদ্দাম তৰংগৰে যোজন জুৰি থকা সাগৰৰ গভীৰতো লুকাই থাকে চিৰশীতল, স্থিৰ আৰু শান্ত পকাণ্ড শিলৰ টুকুৰা।

২৭►

নিজৰ উপস্থিতি:

 

Titanic- টাইটানিক

নিজে সৃষ্টি কৰা মহৎ আৰু শ্ৰেষ্ঠ শিল্পটোতো নিজে কোনখিনিত উপস্থিত থাকিব লাগে তাক শুদ্ধকৈ নিৰ্ণয় কৰিব পাৰিব লাগিব। কাৰণ, এই চিনেমাখন চাই থাকোঁতে যদি আমি এই তৃতীয় ব্যক্তিজনকো দেখা পাই গ'লোহেঁতেন তেন্তে সেইখন চিনেমা কোনেও নাচালেহেঁতেন। বাস্তৱ জীৱনতো আমি কিছুমান মানুহক প্ৰেক্ষাপটলৈ অনাতো অনুচিত; কাক আনিম বা নানিম সেইটোৰ শুদ্ধ সিদ্ধান্ত ল’ব পৰাটোতে নিৰ্ভৰ কৰে— আমি কিমান দক্ষতাৰে জীৱনটো পৰিচালনা কৰিছো তাৰ বহু অংশ।

২৮►

No Comments

Post A Comment