কেইটামান অনুপ্ৰেৰণাদায়ক সাধু

()

এজন মানুহে এখন ৰেস্তোৰালৈ গৈ মালিকক ক’লে— “মই কাইলৈ দহ হাজাৰ ভেকুলী বেছিব বিচাৰোঁ। আপুনি ল’বনে?”

ৰেস্তোৰাৰ মালিকজন আচৰিত হ’ল। মানুহজনে কেনেকৈ একেদিনাই দহ হাজাৰ ভেকুলী যোগাৰ কৰি বেছিব পাৰিব! তেওঁ সুধিলে— “আপুনি একেলগে দহ হাজাৰ ভেকুলী কেনেকৈ গোটাব?”

মানুহজনে ক’লে— “মোৰ ঘৰত এটা অতি পকাণ্ড পুখুৰী আছে। নিশা তাত ভেকুলীয়ে তালফাল লগাই থাকে। সিহঁতৰ চিঞৰত মই নিশা অকণো ভালকৈ শুব নোৱাৰো। সিহঁতৰ উৎপাতত মই পাগল হৈ যাম যেন পাইছোঁ! সিহঁত গোটেইবোৰকে জাল পেলাই ধৰি মই কাইলৈ আপোনাক দি থৈ যামহি। তেতিয়াহে ৰক্ষা!”

মানুহজনৰ কথাত মান্তি হৈ ৰেস্তোৰাৰ মালিকজনে ভেকুলীৰ দৰদাম কৰিলে। মানুহজনে যিহেতু কেৱল অশান্তিৰ পৰা ৰক্ষা পাবৰ বাবেহে ভেকুলীবোৰ খাই পেলাবলৈ বেছি দিব বিচাৰিছে সেইবাবে তেওঁ খুৱ কম দামতেই ভেকুলীবোৰ বিক্ৰী কৰিব বুলি জনালে। অতি কম দামত ভেকুলীখিনি পাব বাবে বেলেগক দি নিদিয়ক বুলি মালিকজনে মানুহজনক আধা ধন লগে লগে দিয়েই পঠালে।

পিছদিনা মানুহজন ৰেস্তোৰাখনলৈ গ’ল আৰু মোনাৰ পৰা দুটা ভেকুলী উলিয়াই মালিকজনক দিলে। ক্ষন্তেক ৰৈ মালিকজনে সুধিলে— “বাকীখিনি ক’ত কেনেকৈ আনিছে?”

তেতিয়া মানুহজনে ক’লে— “আচলতে মোৰ ধাৰণা সম্পূৰ্ণ ভুল হৈছিল। পুখুৰীটোত কেৱল এই দুটাহে ভেকুলী আছিল। কিন্তু সিহঁতে ইমানেই তালফাল লগাই থাকিছিল যে মই অসংখ্য ভেকুলী আছে বুলি ভাবি লৈছিলোঁ। কিন্তু অকল এই দুটায়েই ইমান চিঞৰ-বাখৰ কৰি মোক অতিষ্ঠ কৰি তুলিছিল।”

ভাৱানুবাদ।

মূল উৎস : অজ্ঞাত।

শিক্ষা—

১) আপোনাক সমালোচনা বা ব্যংগৰে যদি কোনোবাই আপোনাৰ কাণত তালফাল লগাই থাকে, তেন্তে ভাবি নল’ব যে সেইয়া হাজাৰজনৰ কণ্ঠ, সেইয়া কেৱল এমুঠিমান ভেকুলীৰ তুচ্চ আটাহহে হ’ব পাৰে।

২) যিকোনো লেনদেন বা কামত আগবঢ়াৰ আগতে ধাৰণাৰ পৰিৱৰ্তে সঠিক পৰ্যবেক্ষণ বা পৰীক্ষণৰ জৰিয়তেহে আগবাঢ়িব লাগে।

()

এটি কণমানি ল’ৰাই দুহাতত দুটা আপেল লৈ আছিল। মাকে আহি দেখিলে আৰু মৰমেৰে ক’লে— “এটা আপেল মোক খাবলৈ দিয়াচোন সোণ?”

কণমানিটোৱে মাকলৈ ক্ষন্তেক সময় চাই থাকিল আৰু পটককৈ এটা আপেলত একামোৰ মাৰি খাই পেলালে। আৰু লগে লগেই সি আনটো আপেলতো একামোৰ মাৰি খাই পেলালে।

দুয়োটা আপেলতে কামোৰ মাৰি পেলোৱাত মাকৰ মুখৰ অভিব্যক্তি কিছু সলনি হ’ল, তাৰ আচৰণত তেওঁৰ অলপ বেয়া লাগিল, তথাপি তাক বেয়া লগাটো নেদেখুৱালৈ তেওঁ মুখলৈ এটি হাঁহি আনিবলৈ চেষ্টা কৰিলে।

মাকৰ মনত সেই যুঁজ-বাগৰখন চলি থাকোঁতে কণমানিটোৱে এটা আপেল মাকলৈ আগবঢ়াই দি ক’লে— “মা লোৱা। এইটো আপেল বেছি মিঠা।”

ভাৱানুবাদ।

মূল উৎস : অজ্ঞাত।

শিক্ষা—

আপুনি যোনেই নহওক কিয়, কোনো কথাতে ঘপককৈ শেষ ৰায় দি দিয়াৰ পৰিবৰ্তে ক্ষন্তেক অপেক্ষা কৰক। আনক নিজৰ ব্যাখ্যা আগবঢ়োৱাৰ পূৰ্ণ পৰিৱেশ দিয়ক। আপুনি ধাৰণা কৰি দিয়া ৰায়টো শুদ্ধ নহ’বও পাৰে, আপুনি যিটো মীমাংসা দিছে সেইটো আপোনাৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলনো হ’ব পাৰে, গতিকে সকলোকে মুখ খোলাৰ সুযোগ দিয়ক।

()

এখন অৰণ্যত এটা কাউৰীয়ে বহু সুখেৰে জীৱন পাৰ কৰি আছিল। কিন্তু এদিন ইফালে সিফালে ঘূৰি ফুৰোতে সি এটা ৰাজহাঁহ দেখা পালে, আৰু সেই দিন ধৰি তাৰ মনত অশান্তিয়ে বাহ বান্ধিবলৈ আৰম্ভ কৰিলে। সি সদায় ভাবিবলৈ ধৰিলে যে সি ইমান ক’লা, অথচ ৰাজহাঁহটো সম্পূৰ্ণ বগা, ৰাজহাঁহতকৈ সুখী চৰাই এই পৃথিৱীত আন কোনো নাই চাগে।

এদিন কাউৰীটোৱে ৰাজহাঁহটোক লগ ধৰি তাৰ ক্ষেদ প্ৰকাশ কৰিলেগৈ। তেতিয়া ৰাজহাঁহটোৱে ক’লে— “তুমি হ’বলা মোক সুখী বুলি ভাবিছা। যিদিনা মই এটা ভাটৌ দেখিবলৈ পালোঁ সেই দিন ধৰি মই সুখেৰে থাকিব পৰা নাই। কেৱল এটা ৰঙেৰে মই কেনেকৈ সুখী হৈ থাকিব পাৰিম কোৱাঁ! ভাটৌৰ দুটা ৰং আছে। মোৰ ধাৰণা, গোটেই পক্ষী কূলৰ ভিতৰত ভাটৌৱেই চাগে শ্ৰেষ্ঠ সৃষ্টি!”

ৰাজহাঁহৰ কথা শুনি কাউৰীৰ অশান্তি আৰু বৃদ্ধি পালে। সি বহু চেষ্টা কৰি কৰি ভাটৌটো বিচাৰি উলিয়ালে আৰু মনত দুখৰ কথা কৈ শুনালে। কাউৰীৰ কথাখিনি শুনি ভাটৌটোৱে ক’লে— “তুমি মোক কেনেকৈ সুখী বুলি ভাবিব পাৰা? মই সুখীয়েই আছিলোঁ, কিন্তু যিদিনা মই এটা ময়ূৰ দেখিবলৈ পালোঁ সেই দিন ধৰি অকণো সুখী অনুভৱ কৰিব নোৱৰা হ’লোঁ। কেনেকৈ মই দুটা ৰঙেৰে সুখী হ’ব পাৰিম! ময়ূৰৰ কেৱল এটা বা দুটা ৰঙেই নহয়, তাৰ গেটেই গা বিবিধ ৰঙেৰে আৱৰি আছে।”

কাউৰীটোৱে বিচাৰি বিচাৰি এখন চিৰিয়াখানাত এটা ময়ূৰ দেখা পালেগৈ। তাক চাবলৈ বহু মানুহে বেৰি ধৰিছে, তাকে দেখি কাউৰীটোৰ নিজক লৈ আৰু অধিক দুখ লাগিব। মানুহবোৰ যোৱালৈ সি অপেক্ষা কৰি থাকিল। মানুহবোৰ যোৱাৰ পাছত সি ময়ূৰক ক’লেগৈ— “তুমি বিবিধ ৰঙেৰে দেখিবলৈ ইমান ধুনীয়া, প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে তোমাক চাবলৈ আহে। মোক দেখিলে মানুহে মূৰ সিফালে ঘূৰাই দিয়ে! এই পৃথিৱীত তোমাতকৈ চাগে সুখী চৰাই আৰু কোনো নাই।”

কাউৰীৰ কথা শুনি ময়ূৰে হুমুনিয়াহ কাঢ়ি ক’লে— “মইয়ো সদায় ভাবিছিলোঁ, মইয়েই চাগে আটাইতকৈ সুখী আৰু ধুনীয়া চৰাই। কিন্তু মই সেই “ধূনীয়া” বাবেই মানুহে বন্দী কৰি মোক চিৰিয়াখানাত ৰাখিলেহি। চিৰিয়াখানাখন ভালকৈ বহু দিন মন কৰাৰ পাছত এতিয়া মই ভাবোঁ— কাউৰীয়েই চাগে আটাইতকৈ সুখী চৰাই, কাৰণ কাউৰীক কোনেও বন্দী কৰি নথয়। এতিয়া মোৰ মনলৈ ভাৱ আহে— মইয়ো যদি কাউৰী হ’লোহেঁতেন মই নিজৰ ইচ্ছাৰে য’লৈকে মন যায় তালৈকে মুক্তভাৱে যাব পাৰিলোঁহেঁতেন!”

ভাৱানুবাদ।

মূল উৎস : অজ্ঞাত।

শিক্ষা—

অপ্ৰয়োজনীয় তুলনাই আমাক অসুখী কৰি তোলে। নিজৰ নিজৰ স্থানেৰে সকলো সুন্দৰ, সকলো অনন্য। প্ৰত্যেকেই কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত আমাতকৈ কমকৈ লাভ কৰিছে। নিজৰ অৱস্থানক লৈ সুখী হ’বলৈ আমি শিকিব লাগে। অনন্যখিনিক উৎযাপন কৰিবলৈ শিকিলে আমি বেয়া বা দুৰ্ভাগ্যখিনিৰ পৰা বহু বহু পৰিমাণে মুক্ত হ’ব পাৰিম।

()

কণমানি ছোৱালী এজনীয়ে ঘৰতে নিজে নিজে কিবাকিবি ছবি আঁকি থাকে। তাকে দেখি, তাই ভালকৈ আঁকিবলৈ শিকক বুলি মাক-দেউতাকে এখন ছবি-স্কুলত নাম লগাই দিলে। স্কুললৈ গৈ ছোৱালীজনীয়ে কিন্তু ছবিৰ শ্ৰেণীবোৰত আম, অমিতা, হাতী, গিলাছ আদি অঁকাত মনোযোগ দিয়াৰ পৰিবৰ্তে সদায় নিজে নিজে আন কিবা এটা অঁকাতহে অধিক মন দি থাকে। এদিন ছবিৰ শিক্ষকজনে তাইনো কি আঁকিছে বুলি চাবলৈ লৈ সুধিলে— “তুমিনো কি আঁকি আছা?”

ছোৱালীজনীয়ে তপৰাই উত্তৰ দিলে— “মই ঈশ্বৰৰ ছবি আঁকি আছোঁ।”

শিক্ষকজনে ক’লে— “কিন্তু, ঈশ্বৰ দেখিবলৈ কেনেকুৱা— আমিটো কোনেও দেখা নাই!”

তেতিয়া কণমানি ছোৱালীজনীয়ে তৎক্ষণাত উত্তৰ দিলে— “ঠিক আছে, তোমালোকে অলপ পাছতেই দেখিবলৈ পাবা।”

[টেডৰ সৰ্বাধিক দৰ্শন লাভ কৰা, কেন ৰবিনশ্বনে আগবঢ়োৱা বক্তৃতাটোত উল্লেখ কৰা এটি কাহিনী।]

শিক্ষা—

জ্ঞানৰ চেকুৰাৰে কৰাল লগাই সকলোৱে ঢাকি থোৱা পৃথিৱীখনকে আমি সদায় চাবলৈ শিকিব নালাগে। নিজৰ প্ৰতীতিৰে আমি পৰিস্থিতিবোৰত নতুন দৃষ্টি দিব পাৰোঁ নেকি সেইয়াও মন কৰিব লাগে।

()

এটা সৰু ল’ৰাই টেলিফ’ন বুথ এটাত সোমাই কথা পাতিবলৈ লৈছে। তেনেতে ওচৰতে থকা দোকানখনত সেই সময়ত কোনো গ্ৰাহক নথকা বাবে মালিকজনে ল’ৰাটোৰ কথা-বতৰালৈকে মন কৰি থাকিবলৈ ধৰিলে।

ল’ৰাটো— “বাইদেউ নমস্কাৰ। মই আপোনালোকৰ ঘৰৰ সমুখৰ ডাঙৰ ফুলনিডৰাৰ লগতে গোটেই তৃণাঙ্গন আজি দেখি আহিলোঁ। মই সেইখিনি কটা-মেলা কৰাৰ কামটো ল’ব বিচাৰোঁ। আপুনি মোক কামটো দিব নেকি?”

[(দোকানীজনে নুশুনাকৈ) সিফালৰ পৰা অহা উত্তৰ— “ইতিমধ্যে সেইখিনি কাম বেলেগ এজনে কৰি আছে।”]

ল’ৰাটোৱে এইবাৰ খুৱ অনুৰোধৰ সুৰত ক’লে— “বাইদেউ মই সেইটো কাম তেওঁতকৈ আধা দামত কৰি দিম।”

[সিফালৰ পৰা অহা উত্তৰ— “মোক এতিয়া কাম কৰা মানুহ আৰু নালাগে। এতিয়া কৰি থকাজনৰ কামত মই বহুত সন্তুষ্ট। গতিকে মই বেলেগ মানুহ বিচৰা নাই।”]

ল’ৰাটোৱে এইবাৰ কাতৰভাৱে ক’লে— “মই সেই আধা দামতে আপোনাৰ ঘৰৰ মজিয়াও মছি দিম আৰু বাচন-বৰ্তনো ধুই দিম।”

[সিফালৰ পৰা অহা উত্তৰ— “নাই নালাগে। ধন্যবাদ। আপুনি আৰু আমনি কৰি নাথাকিব।”]

ল’ৰাটোৱে ফ’নটো ৰাখিলে আৰু মুখত মিচিকীয়া হাঁহি এটা লৈ তাৰ পৰা আঁতৰি যাবলৈ বুলি খোজ দিলে। দোকানীজনে সিফালৰ কথাখিনি শুনা নাছিল যদিও ল’ৰাটোৰ মুখৰ কথাখিনিৰ পৰাই বুজিলে যে তাক এটা কামৰ খুৱ প্ৰয়োজন হৈছে। ল’ৰাটোলৈ তেওঁৰ বেয়া লাগিল। তেওঁ তাক ক’লে— “বোপাই, তোমাক এটা মজুৰিৰ খুৱ প্ৰয়োজন হৈছে নহয়? তোমাৰ কথাৰ পৰাই মই সকলো বুজি পাইছোঁ, আৰু তুমি যে একো বেয়া কামত হাত নিদি এনেদৰে কাম কৰি খাবলৈ ইচ্ছা কৰিছা সেইটো দেখি মোৰ বহুত ভাল লাগিছে। তুমি দুখ কৰিব নালাগে। মই তোমাক মোৰ দোকানতে এটা কাম কৰিবলৈ দিম।”

ল’ৰাটোৱে “নালাগে, ধন্যবাদ” বুলি তপৰাই কৈ দোকানীজনৰ কথাত বেছি কাণ নিদি গুচি যাবলৈ ধৰিলে।

দোকানীজনে পুনৰ ক’লে— “তুমি বেয়া পাব নালাগে। মোৰ ঘৰত কোনো ফুলনি বা তৃণাঙ্গন নাই বাবে মই তোমাক তেনে কাম দিব নোৱাৰিম। কিন্তু তোমাক ইমান দৰকাৰ হৈছে যেতিয়া মই তোমাক ইয়াতে কাম এটা দি সহায় কৰিব বিচাৰিছোঁ।”

তেতিয়া ল’ৰাটোৱে ৰৈ দোকানীজনক ক’লে— “আপুনি ভুল বুজিছে। আচলতে মই কাম বিচৰা নাই। মই যালৈ ফ’ন কৰি কামটো বিচাৰিছিলোঁ সেই মনুহগৰাকীৰ ঘৰত কামটো মইয়েই কৰি আছো। মোৰ কামত মানুহগৰাকী কিমান সন্তুষ্ট সেইটোহে মই পৰীক্ষা কৰি চাইছিলোঁ।”

ভাৱানুবাদ

মূল উৎস: অজ্ঞাত

শিক্ষা—

আমি সকলোৱে আত্ম-সমালোচনা কৰি চোৱা উচিত। নিজৰ কৰ্মক পৰীক্ষা কৰি চোৱা উচিত।

()

এখন ভিতৰুৱা গাঁৱৰ এজন খেতিয়কে এবাৰ এখন চহৰৰ বজাৰত কিছুমান বস্তু বিক্ৰী কৰিবলৈ গ’ল। তেওঁ বিক্ৰী কৰিবলৈ নিয়া বস্তুবোৰ খুৱ কম সময়তেই বিক্ৰী হৈ শেষ হোৱাত, তেওঁ চহৰখনকে অলপ ফুৰি যাওঁ বুলি ইফালে-সিফালে ঘূৰিবলৈ ধৰিলে। গৈ গৈ তেওঁ মিঠাইৰ দোকান এখনৰ ওচৰত মিঠাইবোৰৰ গোন্ধ পাই ৰৈ দিলে। তেওঁৰ খুৱ লোভ লাগিবলৈ ধৰিলে। কিন্তু তেওঁৰ মনৰ ভিতৰত বহু যুঁজ-বাগৰ চলিল— যদি ইমান ধুনীয়া মিঠাইবোৰলৈ লোভ কৰি তেওঁ কেইটামান কিনি খাই থৈ যায়, তেন্তে চহৰৰ বজাৰলৈ আহি বস্তুবোৰ বিক্ৰী কৰি একেদিনাই কিছু বেছিকৈ পোৱা ধনকেইটা এনেই যোৱা যেন নহ’বনে! এনেকৈ যদি খাই থৈ ধনকেইটা উৰাই দিয়ে তেন্তে তেওঁৰ কষ্টও অথলে নাজাবনে? এইকেইটা ধনৰ কিছু অংশ খৰচ কৰি আজি ঘৰৰ “প্ৰাণীকেইটা” মিলি তৃপ্তিৰে এসাজ খাব নোৱাৰিবনে? তেওঁৰ মনলৈ বাৰে বাৰে ঘৰখনৰ মানুহবোৰৰ মুখবোৰো আহিবলৈ ধৰিলে। অৱশেষত তেওঁ এটাও মিঠাই নোখোৱাটোকে ঠিক কৰিলে। কিন্তু মিঠাইৰ গোন্ধবোৰ সঁচাকৈয়ে সাংঘাটিক ভাল লগা আছিল। সেইবাবে তেওঁ কিছু সময় সেইখিনিতে ৰৈ নাক উজাৰি উজাৰি গোন্ধ লৈয়েই সন্তুষ্টি লভিবৰ চেষ্টা কৰিলে...।

খেতিয়কজন তেনেকৈ ৰৈ থকাটো কিছু সময়ত লক্ষ্য কৰি দোকানীজনে তেওঁৰ মনৰ কথাটো অলপ বুজিব পাৰিলে। খেতিয়কজনক অজলা যেন দেখি লগে লগে দোকানীজনৰ মনলৈ এটা কূটবুদ্ধি আহিল। তেওঁ খেতিয়কজনক ক’লে— “আপুনি অথনিৰ পৰা মোৰ দোকানৰ মিঠাইৰ গোন্ধ লৈ তৃপ্তি লৈ আছে। গতিকে তাৰ বাবে আপুনি মোক দাম দি থৈ যাব লাগিব। এনেই গ’লে নহ’ব।”

দোকানীজনৰ কথা শুনি খেতিয়কজন বহুত আচৰিত হ’ল। তেওঁ বহুত আঘাট আৰু খুৱ লাজো পালে।

খেতিয়কজন কিছুসময় মনে মনে ৰৈ, কি কৰিব সেইটো ভালকৈ ভাবিবলৈ ধৰিলে। তাৰপাছত তেওঁ জেপৰ পৰা অলপ ভঙনীয়া পইছা উলিয়াই জোকাৰি জোকাৰি দোকানীজনৰ পিনে আগবঢ়াই দিলে। দোকানীজনে লগে লগে সন্তুষ্টিৰ হাঁহি মাৰি ধনখিনি ল’বলৈ হাতখন আগবঢ়ালে। কিন্তু খেতিয়কজনে পইছাখিনি দোকানীজনৰ হাতত নিদিয়াকৈ ঘূৰাই আনি ক’লে— “মই মিঠাইৰ গোন্ধ লোৱাৰ দৰেই আপুনি এই পইছাখিনিৰ শব্দ শুনা নাই জানো? গতিকে আপোনাৰ মূল্য সেইয়াই নহ’ব জানো?”

খেতিয়কজনৰ কথা শুনি দোকানীজনে লাজত তল মূৰ কৰি থাকিল।

ভাৱানুবাদ।

মূল উৎস : অজ্ঞাত।

শিক্ষা—

যেন কুকুৰ তেন টাঙোন।

()

এখন সৰু চহৰত এজন অন্ধ ভিক্ষাৰী আছিল। তেওঁ নিশা ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ লগত এটা লেম্প লৈ ফুৰিছিল।

বিজুলী-বাতিৰ পোহৰ নথকা এন্ধাৰ ৰাতি এটাত তেওঁ তেনেকৈ লেম্পটো লৈ ঘুৰি ফুৰোতে ফুৰিবলৈ অহা দল এটাই তেওঁক সমুখতে পালে। তেওঁক অন্ধ বুলি জানি আৰু হাতত লেম্পটো লৈ ঘূৰি ফুৰা দেখি দলটোৰ সবৰে খুৱ হাঁহি উঠিল। তেওঁলোকে অন্ধ ভিক্ষাৰীজনক ইতিকিং কৰিবলৈ আৰম্ভ কৰিলে— “হেৰি অন্ধ বুঢ়া! মহাশয়, আপুনি চকুৰে নেদেখে; কিন্তু কিনো চখত লেম্পটো লগত লৈ ফুৰিছে? লেম্পটো ল’লেও জানো আপুনি দেখিব? অন্ধ হৈয়ো লেবেল মাৰিবলৈ এৰিব পৰা নাই? লগত লেম্প লৈহে ফুৰে একেবাৰে!!!”

গোটেই দলটোৱে একেলগ হৈ তেওঁক ইতিকিং কৰি থকা শুনি ভিক্ষাৰীজন থমকি ৰ’ল। তেওঁ কিছুসময় মনে মনে ৰৈ থাকিল আৰু শেষত নিৰ্লিপ্ত হৈ উত্তৰ দিলে— “বাচাহঁত, এই লেম্পটো মই কিবা দেখিবৰ বাবে লগত লৈ ফুৰা নাই। মই লেবেলো দিব বিচৰা নাই। এইটো মই চকু থকা মানুহবোৰৰ বাবেহে লৈ ফুৰিছোঁ, যাতে এজন অন্ধ মানুহ আহি আছে বুলি নেদেখাকৈ তেওঁলোকে মোক খুন্দিয়াই পেলাই থৈ নাযায়।”

অন্ধ মানুহজনৰ কথা শুনি দলটোৱে লাজ পাই তেওঁক ক্ষমা খুজিলে।

ভাৱানুবাদ।

মূল উৎস : অজ্ঞাত।

শিক্ষা—

কিবা এটা দেখি আমি পটককৈ ধাৰণা কৰা কথাটোৱেই শুদ্ধ নহ’বও পাৰে, সেইবাবে আমি কেউটা দিশ চালি-জাৰি চাই সিদ্ধান্ত ল’বলৈ বা কথা ক’বলৈ যত্ন কৰিব লাগে।

 

No Comments

Post A Comment