শ্বাহৰুখ খানৰ আন এটা পৰিচয়

“জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলোঁ।” —এনে এষাৰ কথা শ্বাহৰুখ খানৰ দৰে চুপাৰষ্টাৰ, সফল মানুহ এজনৰ মুখেৰে ওলাব পাৰেনে? পাৰে! এইষাৰ কথা তেঁৱেই কৈছিল। অৰিন্দম চৌধুৰীৰ “Discover the Diamond in You” গ্ৰন্থখনত অভিনেতাজনে এটা পাতনি লিখিছিল। তাৰেই মাজভাগত এই বাক্যটো পঢ়াৰ লগে লগে অতল গভীৰৰ শিপাৰ পৰা অহা এটা তৰংগই যেন মোৰ গোটেই অস্তিত্বৰ গা-গছ জোকাৰি গৈছিল। সেই তৰংগই এটা বাৰ্তা দিছিল যেন— তোমাৰ থাকিবলগীয়া অদমনীয় মানসিক শক্তিত আজি এটা ভাণ্ডাৰ যোগ হৈ গৈছে।

সেই দুৰ্দান্ত অভিনেতাজন — যিজনে কোনো কথাৰ অবিহনেই মুখমণ্ডলত ফুটাই তোলা কেইটামান প্ৰতিক্ৰিয়াৰ জৰিয়তেই চৰিত্ৰ একোটাৰ মনৰ ভিতৰৰ সমস্ত সংবেদনশীলতা, দুখ, যাতনা, আনন্দ ইমান নিপুণভাৱে ফুটাই তোলে — তেওঁ নিজৰ জীৱনৰ ঘটনাৰ ক্ষেত্ৰত কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাক লৈ সৰুৰে পৰা আছিল তীব্ৰ কৌতুহল। বিচক্ষণ অভিনেতা হোৱাৰ লগতেই প্ৰচণ্ড ব্যক্তিত্বশীল এই অভিনেতাজনে নিজৰ সমস্যাবোৰ কেনেদৰে গ্ৰহণ কৰে তাক জানিবলৈ পালে আমাৰ নিজৰ কষ্টকৰ মুহূৰ্তবোৰ পাহৰা আৰু জটিল মুহূৰ্তবোৰত হালি নপৰাত বহু সহায়ক হ’ব বুলি অনুভৱ কৰি সৰুৰে পৰা বিভিন্ন আলোচনীত তেওঁৰ সক্ষাৎকাৰবোৰ বিচাৰি বিচাৰি পঢ়িছিলোঁ। অৱশ্যে, উপযুক্ত উত্তৰ বিচাৰি পোৱাত কিছু সময় লাগিছিল।

প্ৰিয় আন এজন অভিনেতা লিঅ’নাৰ্দো ডিকেপ্ৰিঅ’ আজি কেৱল অভিনেতাই নহৈ পৰিৱেশ-কৰ্মীৰূপে পৰিচিত হোৱা বাবে যেনেকৈ অতিকে ভাল লাগে, তেনেকৈ শ্বাহৰুখ খান আজি কেৱল এজন অভিনেতাই নহৈ মানুহক নেতৃত্ব তথা ব্যৱস্থাপনাৰ শিক্ষা দিব পৰা এজন ব্যক্তি হৈ উঠাত তেওঁ দুগুণে আকৰ্ষণ কৰে। অৰিন্দম চৌধুৰীয়েই এটা প্ৰবন্ধত লিখিছিল— “মই বিশ্বাস কৰোঁ যে তেওঁৰ নিজৰ বিস্তৃতভাৱে গ্ৰন্থ অধ্যয়নৰ অভ্যাসেই আনৰ পৰা তেওঁক পৃথক কৰি ৰাখিছে। মই এই কথা সদায়েই বিশ্বাস কৰি আহিছো যে এজন মহান পাঠক নোহোৱাকৈ কোনো লোকেই এজন মহান নেতা হ’ব নোৱাৰে! দৰাচলতে মই মোৰ বন্ধুবোৰক— ঠিক মিঃ অমিতাভ বচ্চনৰ দৰেই— কওঁ যে শ্বাহৰুখ খানৰ সামাজিক যোগাযোগৰ ধৰণ-কৰণসমূহৰ পৰাই তেওঁ কিদৰে জীৱনৰ বিভিন্ন দিশসমূহৰ ওপৰত সুকীয়া দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগে লগে আকৰ্ষণীয় শব্দৰাজিৰে ইয়াক ব্যাখ্যাও কৰিব পাৰে তাকেই ভালদৰে লক্ষ্য কৰা উচিত। লগতে তেওঁলোকৰ কথাও ভাবক, এওঁলোক দুয়োজনেই তেওঁলোকৰ শিক্ষা, চূড়ান্ত উচ্চ পৰ্যায়ৰ যোগাযোগ দক্ষতা আৰু নিজকে প্ৰকাশ কৰাৰ ক্ষমতা আৰু সৰ্বোপৰি পৰম্পৰাগত দৃষ্টিৰে দেখাত সিমান সুন্দৰ নহৈও একেবাৰে শীৰ্ষত ঠিয় দিব পৰাৰ বাবেও তেওঁলোক আনতকৈ সুকীয়া। নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ বাবেই তেওঁলোক এই স্থানত উপনীত হ’ব পাৰিছে!” এনে কাৰণতে, আইআইএমকে ধৰি ব্যৱস্থাপনা-শিক্ষাৰ ভাৰতৰ বিভিন্ন উচ্চ প্ৰতিষ্ঠানলৈ বক্তৃতা প্ৰদানৰ বাবে শ্বাহৰুখ খান নিমন্ত্ৰিত হয়; য়েল বিশ্ববিদ্যালয়কে বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ত অনুপ্ৰেৰণামূলক বক্তৃতা দিবলৈ তেওঁক বিশেষ আহ্বান জনোৱা হয়....।

পঠনীয়:  বছৰটোৰ বিশেষ ১০জনৰ ৪জন

বহুতো শিক্ষকে বিষয় একোটা শিকাব নোৱৰাৰ কাৰণ বহু সময়ত তেওঁলোকে বিষয়টো নজনাটো নহয়; কেতিয়াবা এনে হয় যে নজনাটো তেওঁলোকে নিজে কেনেদৰে শিকিছিল সেইটো পাহৰি যোৱা বাবে বা নিজে কেনেকৈ শিকিছিল সেইটো আনক শিকাব নোৱৰা বাবে ভাল শিক্ষক হৈ উঠিব নোৱাৰে। নিজে কেনেদৰে শিকিছিল সেইটো মনত পেলাই আনক শিক্ষা দিব পৰাটোও এটা কলা। অভিনয় কলাৰ উপৰি, জীৱনত সফলতা আহৰণত আনক নিজৰ কাহিনীৰে অনুপ্ৰাণিত কৰাৰ কলাও শ্বাহৰুখ খানৰ আয়ত্ত্বত।

পত্নী গৌৰীৰ সৈতে শ্বাহৰুখ খান

আৰ্থিকভাৱে এটা অতি সাধাৰণ পৰিয়ালত জন্ম লোৱা শ্বাহৰুখ খানে দৰিদ্ৰতাৰ ভালেখিনি অৱস্থা দেখিছে। ঘৰ ভাড়া দিবলৈ ধনৰ অভাৱত পৰিয়ালৰ বস্তুবাহানি পদপথত আৱিস্কাৰ কৰি পাইছে। জীৱনত এজন খেলুৱৈ হ’বলৈ বিচাৰিছিল তেওঁ, কিন্তু দুৰ্ঘটনাত পতিত হৈ উন্নত চিকিৎসা কৰিবলৈ ধন নথকা বাবে খেলাৰ আশা চিৰদিনলৈ বাদ দি দুখ পাতলাবলৈ আৰু সময়বিলাক পাৰ কৰিবলৈ থিয়েটাৰত যোগ দিছিল। কম ভাড়াৰ ঘৰ বিচাৰি গৈ মাকে এখন চিৰিয়েলৰ খবৰ পাই তাত যোগ দিয়াৰ কথা পাতিবলৈ তেওঁক পঠাই দিছিল। বিফলতাৰ প্ৰতি ভয়ৰ বাবে তেওঁ কামত জড়িত হৈছিল। তেওঁ কয় যে— তেওঁৰ প্ৰথমখন হিট চিনেমা “দিৱানা” অৰমান কোহলি নামৰ এজন অভিনেতাই এৰি থৈ গৈছিল, যাৰ বাবে তেওঁ মুখ্য চৰিত্ৰটো পাইছিল; “বাজীগৰ” প্ৰত্যাখ্যান কৰিছিল চলমান খানে; “ডৰ” কৰিছিল আমীৰ খানে। তেওঁ সেইসমূহ কৰি গৈছিল তেওঁ যে কামত ব্যস্ত আছে তাৰ নিশ্চিতিৰ বাবে। কোৱা হয় যে “অঞ্জাম”ৰ মূল চৰিত্ৰটোৰ দৰে এটা চৰিত্ৰ লোৱাটো সেই সময়ৰ ষ্টাৰ অভিনেতাসকলৰ বাবে প্ৰত্যাহ্বানজনক আছিল। কিন্তু সেই গোটেইসমূহেই হিট হৈ পৰিছিল। বিভিন্ন বক্তৃতাত শ্বাহৰুখ খানে কৈছে— “মই বিশ্বাস কৰোঁ যে সফলতা লাভৰ ইচ্ছা সফলতা আহৰণৰ প্ৰকৃত পথ নহয়, বিফলতাৰ প্ৰতি ভয়হে ইয়াৰ সঠিক পথ।” “যদিহে তুমি বিফল হোৱাটোলৈ পৰ্যাপ্ত ভয় অনুভৱ নকৰা তেন্তে তোমাৰ সফলতা লাভৰ সম্ভাৱনা ক্ষীণ হৈ পৰে।” “এটা কথা মনত ৰাখিব লাগিব যে জীৱনৰ সফলতাই শেষ কথা নহয় আৰু বিফলতাই জীৱনৰ অন্ত নহয়। আনে যিবোৰ কাম কৰিবলৈ ভয় কৰে সেই কামবোৰলৈ আগবঢ়াটোকহে প্ৰকৃত সাহস বুলি ক’ব পাৰি। সেইবাবে আমি জীৱনৰ বিফলতাসমূহক ভয় কৰিব লাগে। তেতিয়াহে আমি সফলতাৰ বাবে সাহসেৰে আগবাঢ়িব পাৰোঁ।” “বিফলতাৰ পৰা কিবা শিকিবলৈ আৰু বিফলতাক নম্ৰতাৰে স্বীকাৰ কৰি ল’বলৈ যিকোনো মানুহৰে ক্ষমতা থকা উচিত। এই গুণটোৱে মানুহক নিজৰ লুকাই থকা প্ৰতিভা আৰু গুণবোৰক আৱিষ্কাৰ কৰাত সহায় কৰে।” “কেতিয়াবা, আমাৰ সফলতা আমাৰ কৰ্মৰ পোনপটীয়া ফল নহয়। ই মাথোঁ নিজৰ মতে ঘটি যায়। আৰু আমি মাথোঁ নিজে তাৰ কৃতিত্বখিনি লৈ লওঁ, কেতিয়াবা আনকি নিৰ্লজ্জভাৱেও।”

পঠনীয়:  চীনে গুগল, ফেচবুক, ড্ৰপবক্স আদি নিষিদ্ধ কৰিব পাৰিলে কেনেকৈ?

“ফিল্মফেয়াৰ”ত প্ৰকাশিত এটা সাক্ষাৎকাৰত শ্বাহৰুখ খানে কৈছিল— “মই প্ৰথম আঘাতটো পাইছিলোঁ ১৫ বছৰ বয়সত। মই ভাবিছিলোঁ মোৰ মৃত্যু হ’ব নতুবা আত্মহত্যা কৰিম। মই ভাবিছিলোঁ মই কেতিয়াও খেলুৱৈ হ’বগৈ নোৱাৰিম আৰু মোৰ জীৱনটো শেষ হৈ গৈছে। আঠ মাহ ধৰি মই বিষন্নতাত ডুবি আছিলোঁ। এতিয়া, মোৰ অষ্টমটো অস্ত্ৰোপচাৰ হৈ গৈছে আৰু মই সুন্দৰকৈ চলি আছোঁ। মোৰ যে সাতটা অস্ত্ৰোপচাৰ ইতিমধ্যে কৰা হ’ল এইয়া তাৰ বাবে সম্ভৱ হোৱা নাই, বৰং এইয়া সম্ভৱ হৈছে মই যে প্ৰথমটোত বৰ্তী থাকিব পাৰিলোঁ তাৰ বাবেহে যেতিয়া নেকি মই মৰিম বুলি ভাবিছিলোঁ।”

একোজন সফল মানুহৰ বিফলতাসমূহো সফলতাৰ সমানে চৰ্চিত হয়। বিফলতাসমূহো লোকচক্ষুত অহৰহ জ্বিলিকি থকা হয়। তেওঁলোকৰ অতি সাধাৰণ আচৰণ একোটাও অলেখ মানুহে খুঁচৰি ফুৰে। তাৰ বাবে সফলতাই আনি দিয়া অসাধাৰণ সংখ্যক অনুৰাগী মাজতো বিফলতাই দিয়া বোজা তেওঁলোকৰ বাবে সাধাৰণ মানুহতকৈ বেছিহে হৈ পৰে। এইসমূহৰ মাজত সন্তুলন ৰক্ষা কৰি চলাটো খুৱ কষ্টকৰ আৰু তেওঁলোকৰ নিজা জীৱনটোত সদায়েই সাধাৰণজনৰ দৰে কষ্ট-হতাশা থাকে। শ্বাহৰুখ খানে কয় যে এতিয়াও তেওঁৰো মনলৈ আহে হতাশা। তেওঁ কয়— “নিজৰ জীৱনক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে আপুনি সফলতাৰ বাটেৰে জীৱনৰ বাট বুলিব পাৰিব।” “আপুনি কি ত্যাগ কৰা উচিত, সেই বিষয়ে জনাৰ পৰিৱৰ্তে আপুনি কি গ্ৰহণ কৰা উচিত সেইটো বিচাৰি উলিওৱাটোহে সকলোতকৈ কঠিন কাম।”

   

No Comments

Post A Comment