অসমত বিজ্ঞান আৰু শান্তিৰ বঁটা

সাহিত্যৰ ক্ষেত্ৰত অসমত বহুকেইটা বঁটা আছে৷ সাহিত্য অকাডেমীৰ বঁটাসমূহো আছেই৷ আৰু বিশেষকৈ অসম উপত্যকা সাহিত্য বঁটাটিও আছে৷ কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত কোনো বঁটা নাই৷ একেদৰে শান্তিৰ বাবেও কোনো বঁটা নাই৷ বিজ্ঞানীক সন্মানীত কৰাৰ ব্যৱস্থা অসমত সঁচাকৈয়ে কেতিয়াও গঢ়ি নুঠিবই নেকি? আৰু অসমৰ শান্তিৰ বাবে কাম কৰাৰ একো উদাহৰণেই নাই নেকি যাক পুৰষ্কৃত কৰিব পাৰি? সাহিত্যৰ দৰে ইমান সংখ্যক নহ'লেও, এই দুয়ো ক্ষেত্ৰতে এটিকৈ বঁটা প্ৰবৰ্তন হোৱাটো দৰকাৰ৷ প্ৰতি বছৰে একোজন বা তিনিজনকৈ শ্ৰেষ্ঠ অসমীয়া বিজ্ঞানী বাছি উলিয়াই প্ৰত্যেককে তিনি লাখকৈ ধন, এখনী বিশেষ বস্ত্ৰ, তেওঁলোকে পঢ়িম বুলি/চাম বুলি ভাবি থকা অথচ পঢ়িবলৈ/চাবলৈ নোপোৱা দহখনকৈ কিতাপ/ভিডিঅ' আৰু এটি মেডেলেৰে সন্মানিত কৰিব নোৱাৰিনে? এই ক্ষেত্ৰত বিজ্ঞানী বোলোতে আমি কেৱল সেইসকল মানুহকে ভাবিলে নহ'ব, যিসকলে বিজ্ঞানৰ কোনো একোটা বিষয়ত অধ্যাপনা বা আন কিবা চাকৰি কৰি সাহিত্য বা সংগীতৰ ক্ষেত্ৰত দুটামান কাম কৰে আৰু তাৰ বাবে দুজনমান নাম থকা সাহিত্যিকৰ সৈতে সুসম্পৰ্ক গঢ়া বাবে সাহিত্যিককেইজনৰ প্ৰৱন্ধত স্থান লাভ কৰি “বিশিষ্ট বিজ্ঞানী”ৰ অভিধা পায়৷ যোগ্যতা অনুসৰি তেওঁলোকো মনোনীত হ'ব, কিন্তু নিৰ্বাচন হ'ব লাগিব প্ৰকৃত গৱেষণাধৰ্মী৷ বিজ্ঞান-গণিত-প্ৰযুক্তিৰ প্ৰখ্যাত বঁটাসমূহ যেনেদৰে গৱেষণাৰ মানদণ্ড সম্পৰ্কীয় প্ৰচুৰ তথ্য আহৰণ তথা গৱেষণাৰ জৰিয়তে ব্যক্তিসকলক নিৰ্বাচন কৰি প্ৰদান কৰা হয় তেনেদৰে অসমতো অসমীয়াৰ বাবে এটি বঁটা প্ৰণয়ন কৰিলে সেয়া অতি সন্মানীয় বঁটাত পৰিণত হ'ব, আৰু উঠি অহা অলেখ মানুহক কৰ্মসংস্কৃতিৰ প্ৰতি অধিক আকৰ্ষিত কৰিব৷ ভাৰতৰ বিজ্ঞান জগতত আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা দুটি হ’ল বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ(CSIR)-এ ১৯৫৮ চনৰ পৰা প্ৰদান কৰা “শান্তি স্বৰূপ ভাটনাগৰ বঁটা” আৰু “ইনফ’চিছ চাইঞ্চ ফাউণ্ডেচন”এ ২০০৮ চনৰ পৰা প্ৰদান কৰা “ইনফ’চিছ বঁটা”। পাঁচোজনকৈ শান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী অসমীয়া থকা অৱস্থাত অসমত বিজ্ঞানৰ এটি বঁটা প্ৰতিষ্ঠা কৰিলে বঁটা প্ৰদান কমিটিয়ে উপযুক্ত প্ৰাৰ্থী নাপাব বুলি কোনোবাই ভাবিলে ভুল হ'ব৷ ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান(IIT), ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান(IIM)ৰ দৰে শিক্ষানুষ্ঠানত অধ্যাপনা কৰিবলৈ সক্ষম হোৱা অসমীয়া বহু ওলাইছে৷ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান(IISc)ৰ পৰ্যায়ৰ উচ্চ গৱেষণা প্ৰতিষ্ঠানসমূহতো অসমীয়া ছাত্ৰ-ছাত্ৰী প্ৰৱেশ কৰিছে৷ কিছু সংখ্যকে বিশ্বশ্ৰেষ্ঠ প্ৰতিষ্ঠানতো গৱেষণা কৰিবলৈ সক্ষম হৈছে৷ অসমতে অধ্যাপনা কৰি থকাও এনে বহুজন আছে যাৰ কৰ্ম আন্তঃৰাষ্টীয় পৰ্যায়ৰ আৰু তেওঁলোকে মানদণ্ড-যুক্ত আন্তঃৰাষ্টীয় পত্ৰিকা, সংস্থা আদিৰ সন্মানীয় বাব পাবলৈ সক্ষম হৈছে৷ এনে ব্যক্তিসকলৰ কথা এনে বঁটাৰ জৰিয়তে সকলোৰে মাজলৈ লৈ যোৱাৰ প্ৰয়োজন৷

সেইদৰেই, সন্ত্ৰাসবাদীৰ গ্ৰাসৰ পৰা বৰ্তমান মুক্ত হোৱা যেন পৰিৱেশ এটা আহিলেও যিকোনো মুহূৰ্ততে পুনৰ গ্ৰাসত পৰিব যেন হৈ থকা অসমৰ দৰে ৰাজ্যত, বা ডাইনী সজাই হত্যা কৰাৰ ইমানবোৰ কাহিনীৰে ভৰি থকা ৰাজ্যত, বা যিকোনো মুহূৰ্ততে দানৱ ৰূপ ল'ব পৰা অলেখ অশিক্ষিত মানুহৰ অত্যাধিক বংশবৃদ্ধিৰে জৰ্জৰিত ৰাজ্য এখনত শান্তিৰ বঁটা এটিও খুৱ প্ৰয়োজন৷ যাৰ জৰিয়তে সেইবোৰ নিৰ্মূলৰ দিশে কাম কৰিবলৈ অধিক মানুহ উদ্বুদ্ধ হ'ব৷ প্ৰতি বছৰে নহ'লেও তিনিবছৰৰ মূৰে মূৰে এনে এটি বঁটা আগবঢ়াব পাৰি৷ শান্তিৰ ন'বেল বঁটাৰ বাবে মনোনীত হৈছে বুলি খবৰ ওলোৱাৰ পাছতহে অসমৰে বিৰুৱালা ৰাভা অসমতে অধিক পৰিচিত হ'বলৈ সক্ষম হৈছিল৷

পঠনীয়:  শিক্ষিতসকলৰ অজুহাত আৰু স্বীকৃতি
No Comments

Post A Comment