যিটো প্ৰশ্ন সোধা নহ’ল

সৰুতে বহুকেইজন সত্ৰাধিকাৰ লগ পাইছিলোঁ। তেওঁলোকৰ প্ৰত্যেকৰে গাত বহুতো ভাল গুণ আছিল, কিন্তু একে সময়তে তেওঁলোকৰ গাত লাগি আছিল ভালেকেইটা নিকৃষ্ট গুণ। সেই নিকৃষ্ট গুণবোৰৰ প্ৰায়কেইটা তেওঁলোকৰ প্ৰত্যেকজনৰে গাত আছিল, তাৰে এটা হ’ল— তেওঁলোকে প্ৰত্যেকেই নিজকে ঈশ্বৰ বা ঈশ্বৰৰ অংশ বুলি ভাবিছিল আৰু “প্ৰভু আজি আপোনাক লগ পাই স্বয়ং ঈশ্বৰক লগ পোৱা যেন লাগিছে” বুলি যিসকল ভকতে সঘনাই তেওঁলোকৰ ভৰিৰ আগত পৰি সেৱা কৰিছিল সেইসকল ভকতক বৰ ভাল ভকত বুলি তেওঁলোকে মৰম কৰিছিল আৰু আনক কৈছিল। সেই কাণ্ডবোৰ দেখি দেখি মই সৰুতেই সিদ্ধান্ত লৈছিলোঁ যে— মই কেতিয়াও কোনো মানুহৰ সেৱা নলওঁ (কাৰণ, গোঁসাই ল'ৰা বুলিয়েই “ভকত গাঁৱৰ” ক'ৰবালৈ গ'লে বয়সত বহু ডাঙৰেও সেৱা কৰিব বিচাৰিছিল আৰু মই কোনো দিন সেৱা নল’লোও, এইবোৰ পঞ্চম-ষষ্ঠ শ্ৰেণীত থকা কালৰে কথা!)। আনহাতে তেওঁলোকে অস্পৃশ্যতাৰ প্ৰসাৰ ঘটাইছিল। তেওঁলোকৰ মুখেৰেই শুনিবলৈ পাইছিলোঁ— তেওঁলোকে যিসকলক অস্পৃশ্য বুলি ৰাখিছে, সেইসকলৰ কোনো কোনোৱে “গোঁসাইৰ মহিমা নাইকীয়া কৰিবলৈ” নামঘৰ-মণিকূটত সোমাই বস্তু, পুথি আদি চুৰ কৰিছিল আৰু চুৰ কৰি নিজকে পৰীক্ষা কৰি চাইছিল— গোঁসাইৰ মহিমাই কিনো অনিষ্ট কৰে চাওঁ! সম্পূৰ্ণৰূপে অস্পৃশ্যসকলে নামঘৰলৈ বুলি আগবঢ়োৱা গুৱা-পাণটিও তেওঁলোকে খাব নোৱাৰিছিল আৰু সৰু ল'ৰা-ছোৱালীয়েও গা ধোৱাৰ আগতহে খাব পাৰিছিল। সৰু ল'ৰা-ছোৱালীয়ে গা-ধোৱা আগত খাব পৰাৰ যুক্তিটো আছিল— “সৰু ল'ৰা-ছোৱালীৰ গাত ভগৱান আছে, সিহঁতৰ গাত চুৱা নালাগে।” এই যুক্তিটো শুনি শুনিয়েই মনলৈ এটা প্ৰশ্ন আহিছিল, যিটো প্ৰশ্ন সত্ৰাধিকাৰসকলক মই সুধিব পৰা নাছিলোঁ, কাৰণ এনেধৰণৰ প্ৰশ্ন সোধা মানুহক তেওঁলোকে অলপ বেয়া হ'বলৈ ধৰা মানুহৰ শাৰীত ৰাখিছিল। মই অন্ততঃ বিচৰা নাছিলোঁ মোক আনে বেয়া বুলি কওক। মই সুধিব নোৱাৰা সেই প্ৰশ্নটো আছিল— “ককা/বৰদেউতা, আপোনালোকক কোনোবাই ঈশ্বৰ বুলি ক’লে আপোনালোকে ইমান ভাল পায়, কিন্তু ঈশ্বৰে কাৰোবাক চুলে ঈশ্বৰ কেনেকৈনো চুৱা হ’ব?”

এইবোৰ বেছিদিনীয়া পুৰণা কথা নহয়। আৰু এনে মানুহ এতিয়াও আছেনে নাই আপোনালোক সকলোৱে জানে...।

এই গোটেই কথাখিনি মনলৈ আহিল, যুগ যুগ ধৰি কিছুমান মানুহক পিছপৰা বুলি আঁতৰাই ৰাখাৰ পাছত এতিয়া সেইসকলৰ মাজত ডাইনী হত্যাৰ দৰে যি ভয়ংকৰ প্ৰৱণতা দেখা গৈছে, অন্ধবিশ্বাসৰ যি চূড়ান্ত প্ৰকাশ দেখা গৈছে, সেই সম্পৰ্কীয় বাতৰিখিনি পঢ়ি...।

আনহাতে, বহুতে কয়— জাতিভেদ প্ৰথাৰ বাবে সংবিধানৰ সংৰক্ষণ ব্যবস্থাটোও দায়ী। কিন্তু জাতিভেদ প্ৰথাৰ বাবে এই ব্যৱস্থাটো দায়ী পৰোক্ষভাৱেহে, তাকো প্ৰকৃত শিক্ষাহীনতাৰ বাবেহে। এটা যুক্তি শুনিছিলোঁ এনেধৰণৰ— “তেওঁলোকক চৰকাৰেই পিছপৰা জাতি বুলি স্বীকৃতি দিছে, তেওঁলোকে নিজেই পিছ পৰা জাতি বুলি মানি লৈ সুবিধা আদায় কৰিছে, গতিকে আমি পিছপৰা বুলি নল’ম কিয়?”

পঠনীয়:  তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই
No Comments

Post A Comment