ব্যঙ্গ

(১)

মাজে মাজে মোৰ ধৰ্মগুৰু হ’বলৈ মন যায়৷
এটা সম্পূৰ্ণ নতুন ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ মন যায়, যি ধৰ্মত বিশ্বাসী মানুহে কেতিয়াও বগৰি নাখাব৷ আৰু আনে বগৰি খোৱা দেখিলে তেওঁলোকে অনুভূতিত আঘাত পাব৷

বগৰি গছবোৰ তেওঁলোকে ডাঙৰ আঠুৱা দি ঘেৰি ৰাখিব৷ বগৰি গছৰ গুৰিত তেওঁলোক দিনটোত তিনিবাৰ মূৰ লগাব৷ মূৰটো লগোৱাৰ পাছতে ঠিয় হৈ তিনিপাক ঘূৰি দিব৷ প্ৰতিদিনে সেই কামটো কৰিলে তেওঁলোকে মৰাৰ পাছত আকাশত Lamborghiniৰ দৰে গাড়ী চলাবলৈ পাব, ব্যক্তিগত জেটপ্লে’ন পাব বুলি বিশ্বাস কৰিব৷ আৰু প্ৰতিটো পুৱাৰ সেই কামখিনি তেওঁলোকে ৰাতিপুৱা প্ৰথমবাৰ প্ৰসাৱ কৰাৰ পিছতে কৰিব লাগিব৷

বগৰি নোখোৱা এই মানুহবোৰে আম বেছিকৈ খাব৷ আৰু কিবা কাৰণত আম নোখোৱা মানুহবোৰক তেওঁলোকে আমুৱা বুলি ইতিকিং কৰিব৷

বগৰি খোৱা কিছুমান মানুহে নিশা বগৰিৰ গুৰিত প্ৰসাৱ কৰি দিব৷ সেই ঘটনাটোক লৈ পিছদিনা, বগৰি নোখোৱা মানুহৰ মাজত বিচাৰ চলিব৷ তাৰ পিছদিনা নিশা বগৰি নোখোৱা কেইটামান ডেকাই গৈ বগৰি খোৱা কেইঘৰমান মানুহৰ ঘৰত জুই লগাই দিব৷ জুই নুমুৱাৰ পাছত শান্তি সমদল ওলাব৷ মহানগৰৰ সাহিত্যিক-স্তম্ভলেখকবোৰে ভান এখন ভাড়া কৰি ঘটনাস্থলীত চাহ-তামোল খাবলৈ যাব৷ বিশ্বশান্তিৰ বাবে তেওঁলোকে স্থানীয় এজোপা বগৰি গছৰ তলত কিছুসময় একেলগে ঠাণ্ডাপানী খাব৷ নিজে বগৰি খাই নে নাখায় সেয়া তেওঁলোকে ৰহস্যত ৰাখিবলৈ চেষ্টা কৰিব৷

বগৰিৰ আচাৰ আৰু শুকান বগৰি বিক্ৰী কৰা মানুহবোৰৰ মাজত চিণ্ডিকেট চলিব৷ তেওঁলোকে বগৰি নোখোৱা মানুহক অকস্মাতে চুলে তিনিবাৰ প্ৰসাৱ কৰাৰ পাছতহে পুনৰ মাত মাতিব পাৰিব৷ আনহাতে বগৰি নোখোৱা মানুহবোৰে যদি খোৱাবোৰক অকস্মাতে চোৱে, তেতিয়া তেওঁলোকে বগৰিৰ গছৰ গুৰিত মূৰ নলগোৱালৈকে প্ৰসাৱ কৰিব নোৱাৰিব৷

কোনো ৰাজনৈতিক নেতাই বগৰি গছ ৰোপন কৰিলে তেওঁক গণতন্ত্ৰৰ পৰিপন্থী বুলি বুদ্ধিজীৱিসকলে গন্য কৰিব৷ জাতিটোৰ বিবেকস্বৰূপ এজন হ’লেও বুদ্ধিজীৱি ওলাব, যিজনে কোন শতিকাত কোন স্থানত কেনেকুৱা বগৰিৰ লগত কি ঘটনা ঘটিছিল সকলো এক ছেকেণ্ডত মনত পেলাই ইতিহাস লিখিব পাৰিব৷ বিশ্ববিদ্যালয়ৰ ৰাজনীতি-বিজ্ঞানৰ অধ্যাপকে বগৰি খোৱা-নোখোৱা মানুহৰ হিচাপ নখদৰ্পনত ৰাখিব৷

বগৰি গছৰ বাকলিবোৰ মংগলতিবোৰে বিক্ৰী কৰিব৷ এটুকুৰা বাকলি সূতা এডালত বান্ধি যদি কোনোবাই হাতত পিন্ধে, তেন্তে তেওঁ জীৱনত বহুত ধন ঘটিব পাৰিব বুলি বগৰি খোৱাসকলে বিশ্বাস কৰিব৷ আৰু নোখোৱাসকলে নিজৰ কপালত বগৰি কাইট এডালেৰে সামান্য খুচি মুখেৰে “বগলা” বুলি উচ্চাৰণ কৰি মূৰটো দুবাৰমান যেনিতেনি ঘূৰালে বহুত ধন ঘটিব বুলি বিশ্বাস কৰিব৷

এটা সময়ত বগৰি গছৰ কাইট আৰু বাকলিবোৰো এমাজন, ফ্লিপকাৰ্ট আদিৰ দৰে ছাইটবোৰৰ জৰিয়তে কিনিব পৰাৰ ব্যৱস্থা হ’ব৷

(২)

ভিতৰুৱা গাঁৱৰ মানুহ এজন এবাৰ চহৰলৈ গ’ল, কিবাকিবি দুই-এটা বস্তু সস্তাত কিনিবলৈ বুলি৷ সৰু চহৰ৷ হেৰাব বুলি ভয় নাই৷ অকলেই গ’ল৷ চহৰত চাহ একাপ খাওঁ বুলি তেওঁ হোটেল এখনত সোমাল৷

পঠনীয়:  নিশাৰ সেই অতি আচৰিত “ফেচবুক ষ্টেটাছ আপডেট”টো

হোটেলৰ ল’ৰাজনে চাহ এগিলাছ দি সুধিলে – “লগত কি দিম?”

মানুহজনে ক’লে – “এ, দে আৰু কিবা এটা৷”

ল’ৰাজনে ছিংৰা এটা আনি দিলেহি৷

ছিংৰাটোত একামোৰ মাৰি মানুহজনে বেপাৰ-বানিজ্যত অভিজ্ঞৰ দৰে সুধিলে – “ঐ ভাইটি চা৷ এইটো কোন দেশৰ ফল?”

ল’ৰাজনে ক’লে – “দেউতা, এইটো ফল নহয়৷ ছিংৰা৷ এইটো আমি নিজে বনাইছোঁ৷”

মানুহজনৰ খং উঠি গ’ল – “কি ভিত্তিহীন কথাবোৰ ক’ব আহিছ তই?? মই কোনোদিন দেখা নাই, শুনা নাই৷ মই সদায় ৰুটি খাওঁ, সদায় ভাজি খাওঁ; ৰুটি-ভাজি বনোৱা মই দেখিছোঁ সদায়; কিন্তু এনেকৈ ভিতৰত কেনেকৈ সোমাব?? কেতিয়াও মই দেখা নাই৷ এইটো কিবা ফলেই হ’ব লাগিব! ইঃ, তাৰ কথা শুনা!! মানুহে বনাইছে বোলে! ইমান মিছা নকবিচোন৷”

ল’ৰাটোৱে আকৌ ক’লে – “নহয় দেউতা, এইটো সঁচাকৈ আমি নিজে বনোৱা৷”

“হেই যাঃ!! নাখাওঁ তোৰ তাত৷ কি কথাবোৰ কৈছ!!” এই বুলি মানুহজনে আধা খোৱা চাহ-ছিংৰা তাতেই ঠেকেচি থৈ পইছা-পাটি নিদিয়াকৈ ফুটিল৷

(এটা পুৰণি কৌতুকৰ সহায় লৈ৷)

(৩)

আগলৈ….

No Comments

Post A Comment