ৰামানুজনৰ পত্নী

ডিচেম্বৰ মাহৰ ২২ তাৰিখে ৰাষ্ট্রীয় গণিত দিৱস। ৰামানুজনৰ জন্মদিনটোত আমাৰ দেশত এই দিৱস পালন কৰা হয়। যোৱা কেইবছৰমান আগতে এই দিৱস প্ৰতিষ্ঠা কৰা হৈছে।

১৯২০ চনত, ৩২ বছৰ বয়স হওঁতেই ৰামানুজনৰ মৃত্যু হৈছিল। তেতিয়া তেওঁৰ পত্নী জানকীৰ বয়স হৈছিল ২১ বছৰ। সেই সময়ৰ সামাজিক অৱস্থা, আৰু বিশেষকৈ ৰামানুজনৰ মাতৃৰ পশ্চাদমুখী চিন্তাধাৰা, অন্ধবিশ্বাস আৰু গোড়ামীৰ বাবে তেওঁলোকৰ বিবাহিত জীৱন স্বাভাৱিক নাছিল। ৰামানুজনৰ মৃত্যুৰ পাছত জানকীয়ে নিজৰ একমাত্ৰ ভাতৃৰ লগত থাকিবলৈ লয়। প্ৰায় আঠ বছৰ ভাতৃৰ লগত থকাৰ পাছত এবছৰ তেওঁ এগৰাকী ভগ্নীৰ লগত থাকে। তাৰ পাছৰ এবছৰ এগৰাকী বন্ধুৰ ঘৰত থাকি অৱশেষত তেওঁ নিজাকৈ থাকিবলৈ লয়। নিজে কাপোৰ চিলাই আৰু আনক কাপোৰ চিলাবলৈ শিকাই তেওঁ জীৱন নিৰ্বাহ কৰে।

জানকীৰ প্ৰায় ৫১ বছৰ বয়সত তেওঁৰ এগৰাকী বন্ধুৰ হঠাতে মৃত্যু হয়। সেই মহিলাগৰাকীয়ে তেওঁৰ সাত বছৰীয়া পুতেকক জানকীক চমজাই থৈ যায়। জানকীয়ে ল’ৰাটিক পঢ়ুৱাই-শুনাই শিক্ষিত কৰিলে, ল’ৰাটিয়ে বিঃকমঃ ডিগ্ৰী ল’লে। ইয়াৰোপৰি জানকীয়ে বহুতো ল’ৰা-ছোৱালীক পঢ়া-শুনাৰ বাবে ধন দি সহায় আগবঢ়াইছিল।

ৰামানুজনৰ মৃত্যুৰ পাছৰ পৰা মাদ্ৰাজ বিশ্ববিদ্যালয়ে জানকীক এটি পেঞ্চন দিছিল। জানকীৰ মৃত্যু হৈছিল ১৯৯৪ চনত, আৰু সেই পেঞ্চনটো বৃদ্ধি হৈ হৈ তেতিয়ালৈ ধনৰ পৰিমাণ হৈছিলগৈ প্ৰতি মাহে পাঁছশ টকা!

ৰামানুজনৰ সৃষ্টি আৰু তেওঁৰ গুণৰাজী প্ৰতিষ্ঠা কৰাত ভাৰতীয়সকলতকৈ বিদেশীসকলৰ অৱদান বহু অধিক। বিদেশীসকলৰ প্ৰচেষ্টাইহে তেওঁৰ গুৰুত্ব জনসাধাৰণৰ মাজত উপলব্ধি কৰোৱাত মুখ্য ভূমিকা লৈছিল বা এতিয়াও লয়।

ৰামানুজনৰ মৃত্যুৰ প্ৰায় ষাঠি বছৰ পাছত ঘটনাক্ৰমে প্ৰকাশিত এটা বাতৰিত জানকীৰ বক্তব্য প্ৰকাশ পাইছিল। ৰামানুজনৰ মৃত্যুৰ সময়তে তেওঁৰ এটা মূৰ্ত্তি নিৰ্মাণৰ কথা প্ৰকাশ পাইছিল, যিটো ইমান বছৰ পৰ্যন্ত নিৰ্মাণ কৰা হোৱা নাছিল। জানকীয়ে সেই আশাটো পূৰণ কৰিব পৰা নাছিল। এই খবৰটো এজন আমেৰিকান গণিতজ্ঞই পাই তেওঁ জানকীৰ আশাটো পূৰণ কৰাত আগভাগ ল’লে। বিদেশৰ বহুতো বিশ্বপ্ৰসিদ্ধ গণিতজ্ঞই তাৰবাবে দান আগবঢ়ালে। আৰু অৱশেষত এনেদৰেই ৰামানুজনৰ এটি ব্ৰঞ্জৰ মূৰ্ত্তি নিৰ্মাণ কৰা হ’ল।

জানকীয়ে পঢ়ুৱাই ডাঙৰ কৰা ল’ৰাটি SBI ৰ বিষয়া ৰূপে নিযুক্ত হৈছিল। তেওঁ SBI ৰ কৰ্মী এগৰাকীকে বিয়া কৰাইছিল। সাধাৰণতে দেখা যায়, ধন-টকা-পইছাৰে সহায় কৰি পঢ়ুওৱা-শুনোৱা কৰোৱাৰ পাছত মানুহে পূৰ্বৰ কথা পাহৰি পদে পদে কপটতাৰে অসন্মান কৰে, হিংসা কৰে বা অকৃতজ্ঞ হৈ ৰয়। কিন্তু সেই ল’ৰাটিয়ে জানকীক তেনেকুৱা নকৰিলে। বেংকে তেওঁক সেই স্থানৰ পৰা বদলি কৰিছিল, কিন্তু অসুষ্ঠ জানকীৰ শুশ্ৰুষাৰ বাবেই তেওঁ স্বেচ্ছামূলক অৱসৰ ল’লে আৰু মৃত্যু পৰ্যন্ত জানকীক সেৱা আগবঢ়ালে।

ৰামানুজনৰ মূৰ্ত্তিটো নিৰ্মাণ কৰিবলৈ যিসকলে বৰঙণি আগবঢ়াইছিল, সম্ভৱতঃ সকলোৰেলৈকে জানকীয়ে কৃতজ্ঞতা-পত্ৰ প্ৰেৰণ কৰিছিল। তেনেকুৱা এখন পত্ৰ এজন প্ৰসিদ্ধ গণিতজ্ঞৰ এজন পুতেকৰ হাতত পৰিছিল। আৰু সেই পত্ৰখনে সেই পুতেকজনৰ জীৱন সম্পূৰ্ণ সলনি কৰি পেলালে। তেওঁ হ’ল আজিৰ প্ৰসিদ্ধ গণিতজ্ঞ কেন অ’ন’। তেওঁৰ সেই ৰোমাঞ্চকৰ কাহিনী, আন এজনৰ সৈতে যুতীয়াভাৱে লিখা “My Search for Ramanujan: How I Learned to Count” নামৰ কিতাপখনত লিপিবদ্ধ কৰিছে।

No Comments

Post A Comment