ৰেগিঙৰ মূল কাৰণ প্ৰশাসনিক দক্ষতাহীন অধ্যক্ষ-উপাচাৰ্যসকল

বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ দক্ষতাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় ৰেগিঙৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। সেইবাবে বিশ্ববিদ্যালয়খনে খুব গৌৰৱ কৰিব পাৰে। উদণ্ড আৰু হীনমন্যতাৰে আক্ৰান্ত হৈ সন্মান ভিক্ষা কৰি ফুৰিব বিচৰা, অথচ একপ্ৰকাৰৰ অহংকাৰী কিছুমান যুৱক-যুৱতীয়ে চোৰৰ মানসিকতাৰে কিছু অপ-সংস্কৃতি এতিয়াও প্ৰচলন কৰিবলৈ যত্ন কৰে যদিও সিহঁতো সফল(?) হ’ব নোৱাৰে, কাৰণ তাত উদ্ভণ্ডালিক সামান্যও প্ৰশ্ৰয় দিয়া নহয়। গতিকে তাত সকলো সুস্থিৰভাবে চলি থাকে। কিন্তু প্ৰশাসনিক ক্ষেত্ৰত অপদাৰ্থ বা যোগ্যতাহীন অধ্যক্ষ-উপাচাৰ্যৰ বাবেই এতিয়াও কোনো কোনো প্ৰতিষ্ঠানত ৰেগিঙে ভয়াবহ ৰূপ ধাৰণ কৰি আছে। তেওঁলোকে নিজৰ প্ৰতিষ্ঠানটোত প্ৰশাসন বা অনুশাসন ব্যৱস্থা এটা গঠন কৰিবলৈ দুখজনকভাৱে অক্ষম। তেওঁলোক তেজপুৰ বিশ্ববিদ্যালয়লৈ এসপ্তাহমানৰ বাবে গৈ কিছু কথা শিকি অহা দৰকাৰ। তেওঁলোকৰ সেই দক্ষতাহীনতাৰ বাবেই ৰেগিঙত অৰিহণা যোগাইছে আন কিছুমান কাৰকেও।

কোনো কোনো সংগঠনে তেওঁলোকৰ ‘ভেঁটি সবল কৰা’ তথাকঠিত দৃষ্টিভংগীটোৰ বাবে ‘ব্যক্তিত্বসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ সন্ধান কৰা’তকৈ ‘অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ সন্ধান কৰা’ত মন দিয়ে। ফলত সংগঠনৰ নেতৃবৃন্দই তেওঁলোকৰ সংগঠনৰ সদস্য হোৱা বা সদস্য হ’বলৈ আগ্ৰহ কৰা ছাত্ৰ-ছাত্ৰীমাত্ৰেই যিকোনো কামতে প্ৰশ্ৰয় দিবলৈ আৰম্ভ কৰে। সংগঠনৰ নেতৃবৃন্দ যদি কিছু ক্ষমতাশালী হয় আৰু অধিক ক্ষমতাশালী ৰাজনৈতিক নেতাৰ লগত যদি তেওঁলোকৰ যোগাযোগ থাকে, তেন্তে এই সদস্যবোৰ বা সৰু সৰু নেতাবোৰ উদণ্ড হৈ উঠে; ঘৰতনো মাক-দেউতাকৰ পৰা কেইজনে শিষ্টাচাৰ শিকি আহে? ফলত দুৰ্বল অধ্যক্ষ আৰু তেওঁলোকৰ প্ৰতিষ্ঠানৰ অক্ষম প্ৰশাসনিক ব্যৱস্থাত এইবোৰ ছাত্ৰ-ছাত্ৰীৰ মইমতালি আৰম্ভ হয়।

আকৌ কিছুমান ডেকা সাংবাদিকে ব্যক্তিগত সম্পৰ্কৰ ভিত্তিত কোনো ছাত্ৰ-ছাত্ৰী বা ছাত্ৰ-ছাত্ৰীৰ থূপ একোটাক প্ৰশ্ৰয় দিয়ে। এই প্ৰশ্ৰয় লাভ কৰিলে হীনমন্যতাত ভুগি থকা, অথচ প্ৰদৰ্শনকামী উদণ্ড ছাত্ৰ-ছাত্ৰীয়ে অপৰাধকো সুকৰ্ম যেন জ্ঞান কৰিব পাৰে।

এইবোৰ যদি নিয়ন্ত্ৰণ কৰা হয়, তেতিয়াও সকলোৱে নিজৰ নিজৰ গন্তব্যস্থানত স-সন্মানেৰে উপনীত হ’ব পাৰিব। গন্তব্যস্থানত স-সন্মানেৰে উপনীত হ’বলৈহে ৰেগিং কৰে বা ৰেগিং প্ৰয়োজন বুলি এনে কাৰ্য কৰা বহুতে মন্তব্য কৰে! কিন্তু সেইসকলেও পূৰ্বতে নিজৰ ক্ষেত্ৰত ঘটোতে সেইটো মতকে কৰি অহা দেখা নাযায়। এনে কৰ্ম নকৰিলেও বা এনে কামক প্ৰশ্ৰয় নিদিলেও সেই সংগঠন বা সেই সাংবাদিকবোৰে নিজৰ সন্মান অটুট ৰাখিব পাৰিব। তুচ্চ কৰ্মৰে ক্ষমতা দেখুওৱা কামবোৰ বন্ধ কৰিলে তেওঁলোকৰতো কোনো অনিষ্ট নহয়, বৰং সমাজ বা শিক্ষা-প্ৰতিষ্ঠানবোৰত শৈক্ষিক বাতাৱৰণ উন্নতহে হ’ব। কিন্তু ইয়াৰ বাবে বৰ্তমান সময়ত যিটো বস্তুৰ প্ৰয়োজন হৈছে সেইটো হ’ল অধ্যক্ষ বা উপাচাৰ্যৰ প্ৰশাসনিক দক্ষতা। যিটো বহুতো শিক্ষা-প্ৰতিষ্ঠানত অতিশয় অনিষ্টকাৰকভাবে অভাৱ হোৱা দেখা গৈছে।

পঠনীয়:  জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ
No Comments

Post A Comment