ৰাফেলৰ দৰে যুঁজাৰু-বিমান ভাৰতে নিৰ্মাণ কৰিব নোৱাৰে কিয়?

“ভাৰতে টাইফুন আৰু ৰাফেলৰ দৰে নিজা যুঁজাৰু-বিমান নিৰ্মাণ কৰিবলৈ কিয় সক্ষম নহয়? নিজা প্ৰযুক্তি নিৰ্মাণ কৰাৰ সলনি ভাৰতে কিয় আমদানি কৰিব লগা হয়??”

এই ক্ষেত্ৰত আটাইতকৈ মৌলিক সমস্যাটো হ’ল প্ৰযুক্তি/অভিযান্ত্ৰিকী মেধাৰ অতি সংকটজনক অভাৱ৷ মই বহলাই কওঁ ৰ’ব৷

মোৰ এজন ৮১ বছৰীয়া খুড়া আছে, তেওঁ এজন শৈল্য-চিকিৎসক আৰু ভাৰতৰে এখন tier-3 চহৰত তেওঁৰ এখন সৰু হস্পিটেল আছে৷ ডেকা বয়সৰ সমান সংখ্যক নহ’লেও, তেওঁ এতিয়াও অস্ত্ৰোপচাৰ কৰে৷ ১৯৫০ৰ দশকত তেওঁ চিকিৎসা-প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লৈছিল৷ তেতিয়াৰ পৰা এতিয়ালৈ চিকিৎসা-প্ৰযুক্তি আৰু অস্ত্ৰোপচাৰ-পদ্ধতিৰ সাংঘাটিক ব্যাপক পৰিৱৰ্তন হ’ল, আৰু সেইসমূহৰ সৈতে তেওঁ সদা-পৰিচিত৷ নতুন কথাবোৰ জানিবলৈ তেওঁ প্ৰতিদিনে এঘণ্টা বা দুঘণ্টা পঢ়া, অধ্যয়ন কৰা মই দেখা পাওঁ৷ তেওঁ এতিয়াও, ৫৫ বছৰৰ অধিক কাল নিজৰ ক্ষেত্ৰখনত কাম কৰাৰ পাছতো, এজন চিকিৎসা-টেকন’ক্ৰেট৷

এতিয়া কথা হ’ল, আপুনি এনেকুৱা এজন ভাৰতীয় অভিযন্তাৰ কথা জানেনে যি ভাৰততে বাস কৰে, ভাৰততে কাম কৰে, যিজনে কোনো শীৰ্ষস্থানৰ প্ৰতিষ্ঠানৰ পৰাই স্নাতক হৈ ওলাইছিল, আৰু এতিয়া ৫০ বছৰ বয়সতো যিজনে অভিযন্তা ৰূপেই কাম কৰি আছে? আৰু যিজন নেকি তিনি প্ৰজন্মৰ প্ৰযুক্তি, সঁজুলি, প্ৰয়োগ-কৌশল আৰু পদ্ধতি বিষয়ত সম্পূৰ্ণ সুদক্ষ?? মই প্ৰযুক্তি উদ্যোগটোত ৩৪ বছৰ ধৰি কাম কৰিছোঁ, কিন্তু মই এতিয়াও তেনেকুৱা এজনক লগ পোৱা নাই৷ (আমেৰিকা বা অন্য দেশত কাম কৰি থকা ভাৰতীয় অভিযন্তাসকলক ধৰা নাই৷)

ভাৰতৰ শ্ৰেষ্ঠ অভিযান্ত্ৰিকী স্নাতকসকল হয় বিদেশ গমন কৰে নতুবা বেংকিং বা কনচাল্টিং ক্ষেত্ৰবোৰত সোমাই পৰে৷ (মই ধেমেলীয়াকৈ কওঁ যে IIT বোৰক নতুনকৈ নামকৰণ কৰি Indian Institutes of Banking কৰা উচিত৷) যদিহে অভিযান্ত্ৰিকী চাকৰি কৰিবই লগা হয়, ২৫ বছৰ হোৱালৈ তেওঁলোকে people manager হ’বলৈ অধীৰ হৈ উঠে৷ পুৰা উজ্বল ভৱিষ্যত থকা বহু বিচক্ষণ অভিযন্তাও IAS বা IESৰ বাবে অৱতীৰ্ণ হয়, আৰু ফাইল ঠেলা-ঠেলি কৰি থকা আমোলাত পৰিণত হয়৷ ভাৰতীয় অভিযন্তাসকলৰ বাবে status symbol টো হ’ল কিমান সোনকালে তেওঁলোক মেনেজাৰ হ’ব পাৰে আৰু কিমান বেছি সংখ্যক মানুহে গৈ তেওঁলোকক খাটনি ধৰে৷ তেওঁলোকৰ status symbol এইটো নহয় যে কিমান সংখ্যক গৱেষণা-পত্ৰ তেওঁলোকে লিখিছে, বা কিমান সংখ্যক উৎপাদিত সঁজুলি তেওঁলোকে বিকশিত কৰিছে, বা কিমান সংখ্যক পেটেন্ট তেওঁলোকে আহৰণ কৰিব পাৰিছে৷

মই এইটোও লক্ষ্য কৰিছোঁ যে ভাৰতীয় অভিযন্তাসকলে এবাৰ যেতিয়া কামত যোগ দিলে, লগে লগে তেওঁলোকৰ পঢ়া, অধ্যয়ন কৰা বন্ধ কৰা হ’ল৷ (বিপৰীতক্ৰমে ওপৰত উল্লেখ কৰা ভাৰতীয় চিকিৎসকৰ উদাহৰণটো চাওক৷) বহুতে এনেকৈ ভবা যেন দেখা যায় যে ইজন-সিজনৰ মাজত সংযোগ স্থাপন কৰি, মিলামিছা কৰি, অফিচ-পলিটিক্সৰ খেলা কৰি corporate জীৱনত ওপৰলৈ যাব পাৰি৷ কিন্তু এনেকুৱা যথেষ্ট পৰিমাণৰ মই দেখা নাই যে যিসকলে নেকি টেকনিকেল ইছ্যুবিলাক পৰ্যালোচনা কৰে, তেওঁলোকৰ টেকনিকেল দক্ষতা গঢ়ি তোলে, চাৰিওকাষৰ আনসকলৰ পৰা শিকিবলৈ চেষ্টা কৰে, উদ্ভাৱনৰ সম্পৰ্কে চিন্তা কৰে – মই এনেকুৱা সিমান দেখা নাই৷

পঠনীয়:  কৃত্ৰিম বুদ্ধিমত্তাৰ এজন জনক মাৰভিন মিনস্কিৰ চিন্তাধাৰা

আমেৰিকাৰ (আৰু আন স্থানতো) বিভিন্ন গৱেষণাগাৰবোৰে বা উদ্ভাৱন কোম্পানীবোৰে অতি উচ্চ দক্ষতাসম্পন্ন একো একোটা অভিযন্তা-গোট নিযুক্তি দিয়ে, যিসকল নেকি বিশাল জ্ঞান আৰু নিজৰ নিজৰ ক্ষেত্ৰখনৰ গভীৰ অভিজ্ঞতাৰ অধিকাৰী৷ ভাৰতে তেনেকুৱা কিমান সংখ্যক মানুহ দেখুৱাব পাৰিব? বোধহয় ISROত কিছুসংখ্যক আছে – অধ্যাপক এ পি জে আব্দুল কালামৰ দৰে৷ কিন্তু বৃহৎ প্ৰতিযোগিতাত কিবা অলপো ভাগ ল’বলৈ আমাক প্ৰফেচৰ আব্দুল কালামৰ দৰে লাখ সংখ্যক অভিযন্তা লাগে৷

যদি আপুনি মোৰ লগত একমত নহয়, তেন্তে নিজক এইটো সুধি চাওকঃ কিয় ভাৰতে কেৱল এটা মাথোঁ বিশ্ব-মানদন্দৰ সঁজুলিও উৎপাদন কৰিব পৰা নাই? আকাশীযানৰ কথা বাদ দিয়ক, সি অতি দুৰাসাধ্য কাম আৰু তাক অতি কমেও ৩০-৪০ বছৰৰ ক্ৰমবৰ্ধমান অভিজ্ঞতা-কৌশলেৰেহে নিৰ্মাণ কৰাটো সম্ভৱ৷ কিন্তু ভাৰতে বিচক্ষণ বিশেষত্ব সম্পন্ন এখন গাড়ীকে নিৰ্মাণ কৰিব পাৰিছেনে? ভাৰতে অত্যন্ত সফল অন্ততঃ এটা চফ্টৱেৰ উৎপাদন কৰিছেনে, SAP বা Salesforce দৰে? অসাধাৰণ চাইকেল এখনেই পাৰিছেনে? অতি গুৰুত্বপূৰ্ণ আচবাব এটা, যিটোৰ চাহিদা পৃথিৱীৰ সৰ্বত্ৰে দেখা গৈছে?

যদি আমি এইটো সমস্যা সমাধান কৰোঁ, বাকী সকলো প্ৰত্যাহ্বান আঁতৰি যাব৷ মই এইটো বহু পৰিমাণে সাংস্কৃতিক বিষয় ৰূপে গন্য কৰোঁ৷

[বিবেক তুলজা নামৰ Rocket scientist এজনে ২০১৬ চনত Quoraত লিখা এটা উত্তৰৰ অনুবাদ৷]

No Comments

Post A Comment