প্ৰৰোচিত নহ’বা বন্ধু

পিঠিত বা মূৰত পকাণ্ড টোপোলা একোটা লৈ কিছুমান বেপাৰীয়ে মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰে৷ পোচাক, কাপোৰ, গহনা, বাচন-বৰ্তন আদিৰ বেলেগ বেলেগ বেপাৰী থাকে৷ তেওঁলোকৰ কিছুমানে ২০০ টকীয়া বস্তুটোৰ দাম ৭০০ টকা বুলিও কয়, ১১০০ টকা বুলিও কয়৷ বস্তু চিনি নোপোৱা বা দৰ-দাম নজনা মানুহে তেওঁলোকৰ পৰা বস্তু কিনিলে ঠগন খায়৷ “বেপাৰীয়ে যিটো দাম কয় তাৰ তিনি বা চাৰি গুণ কমাই দিব লাগে” বুলিও কঠিত আছে৷

এদিন তেনে এজন বেপাৰী এঘৰত সোমাল৷ মানুহঘৰৰ আকালো নাই ভৰালো নাই৷ ঘৰখন দেখিলেই গম পোৱা যায়৷ সেই সময়ত ঘৰখনত মানুহজন নাছিল৷ আছিল কেৱল নতুনকৈ বিয়া পাতি অনা মানুহজনী৷ সৰু ছোৱালী৷ বজাৰ-চজাৰ কৰাৰ বিশেষ অভিজ্ঞতা নাই, বস্তুও বৰকৈ চিনি নাপায় আৰু প্ৰকৃত দৰবোৰো নাজানে৷ বেপাৰীয়ে ভালেই পালে৷ মানুহজনীয়ে দামটো সামান্য কমালে, আৰু বেপাৰীয়ে নহ’ব বুলি কৈ থাকিল৷ লাগি থাকিল দুয়োজনৰ যুঁজ৷ বেপাৰীজনে চল বুজি মানুহজনীক উচতাই এবাৰ কৈ দিলে – “আপুনি এইটো লোৱাৰ সামৰ্থ্যই নাই৷ এনেই আপুনি মোৰ লগত দৰ-দাম কৰি আছে৷ ক’ৰ পৰা দিব আপুনি ইমান টকা, ঘৰত মানুহো নাই৷ পইছা নথকা মানুহে এনেই লাগি থাকিব নালাগে নহয়!”
মানুহজনীৰো উঠিল খং, “আৰে! তই মোক পইছা নাই বুলি ক’বলৈ আহিছ?? নোৱাৰোঁ বুলি ভাবিছ নেকি বস্তু ল’ব? এতিয়াই তোৰ বস্তু মই ৰাখি থ’ম! চাবি পইছা আছে নে নাই!” তেওঁ ভিতৰলৈ সোমাই গ’ল, পইছা উলিয়াই আনিলে, বেপাৰীক পইছা দি বস্তু কিনি পেলালে৷ আৰু বস্তু বিক্ৰী কৰি বেপাৰী পলাল৷

বস্তুটো কিনি মানুহজনীয়ে কাষৰ মানুহক দেখুৱালে৷ দেখিয়েই চবেই গমেই পালে – ইমান বেছি দাম সেইটো বস্তুত হ’ব নালাগে! অলপ পাছতে ঘৰৰ মানুহজন পালেহি৷ বেপাৰীয়ে মহাঠগন দি থৈ গুচি গ’লেই৷ তেওঁ পিছে পিছে ওলাই গ’ল, কিজানি ক’ৰবাত বেপাৰীজনক লগ পায়েই, আৰু যদি লগ পাই তেন্তে বস্তুটো ঘূৰাই দি পইছাখিনি লৈ আহিব৷ নাই, বেপাৰীক ক’ত লগ পাব??

এইটো এটা সঁচা কাহিনী৷ মানুহজনীয়ে যদি বেপাৰীজনৰ কথাষাৰ সহ্য কৰিলেহেঁতেন তেওঁৰ লোকচান নহ’লহেঁতেন৷ বেপাৰীজনৰ আগত তেওঁ প্ৰমাণ কৰিব বিচৰা বাবে নিজৰে লোকচান হ’ল৷ প্ৰমাণ কৰিবলগীয়াতো একোৱেই নাছিল! ক্ষন্তেক সময় লগ পোৱা মানুহটোৰ আগত প্ৰমাণ কৰিনো তেওঁৰ লাভেই বা কি!!

এবাৰ এটা সাক্ষাৎকাৰত ঋত্বিক ৰোছনে কৈছিল – “মই যদি ৰাষ্টাৰে খোজকাঢ়ি গৈ থাকোঁ আৰু কোনোবাই যদি কয় যে ঋত্বিক ৰোছনৰ সোঁবাহুটো নাই, তেতিয়া মই কি কৰিম? মই জানো মোৰ সোঁবাহুটো আছে, মই সত্যটো জানো গতিকে মই কিয় পৰোৱা কৰিম? একেদৰে কোনোবাই যদি মোৰ দেউতাক টকলা বুলি কয় মই কি কৰিম? মই জানো তেওঁ টকলা হয়, গতিকে মোৰ গুৰুত্ব দিবলগীয়া নাই। মোৰ ককাই মোক সদাই কয়, গোটেই বিশ্বই তোমাক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিব, তুমি যদি প্ৰৰোচিত হোৱা তেন্তে তোমাৰ পতন আৰম্ভ হ’ব। তুমি সত্য আৰু অসত্য বিচাৰ কৰিব পাৰিব লাগিব, আৰু এই দুয়োটাতে তোমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৰকাৰ নাই।”

এনেদৰেই বিভিন্ন সময়ত কিছুমান মানুহে আনৰ ওপৰত অতিৰঞ্জিত কথা জাপি দিব বিচাৰে৷ বা অতিৰঞ্জিত কথাৰে প্ৰৰোচিত কৰি তৰ্কত লিপ্ত কৰাব বিচাৰে৷ যুঁজ কৰি মানসিক তৃপ্তি লভাটোৱেই বহুসময়ত তেওঁলোকৰ উদ্দেশ্য৷ প্ৰৰোচনাৰ সেই মকৰা-জালত যদি আপুনি সোমাই পৰিব বিচাৰে তেন্তে আপোনাৰ লাভ একো নহয়৷ এইসকল মানুহ যে আপোনাৰ শত্ৰু বা যুঁজাৰো – সেই কথা সদায় শুদ্ধ নহয়৷ এইসকলৰ মাজত আপোনাৰ কলহপ্ৰিয় অনুৰাগীও থাকিব পাৰে বা আপুনি প্ৰত্যাখ্যান কৰা প্ৰেমিক-প্ৰেমিকাও থাকিব পাৰে৷ তেওঁলোকে খেদি খেদি আপোনাৰ ওচৰলৈকে আহে আৰু আপোনাৰ লগত এনেকৈয়ে এটা সংযোগ ৰাখি শান্তি অনুভৱ কৰে৷ এনেকুৱা এটা সাধু পঢ়িছিলোঁ সৰুতে৷ মহাভাৰতৰ সাধু৷ কৃষ্ণ আৰু বলোৰামক দেৱতা কেইটামানে মাজে মাজে আক্ৰমণ কৰি থাকে৷ এওঁলোক দুয়োৱে সহজেই সিহঁতক হৰুৱাই পঠিয়ায়৷ পুনৰ কিছুদিন পাছত নতুন কৌশলেৰে দেৱতাকেইটাই আক্ৰমণ কৰে৷ এনেকৈ যুঁজি থাকি এদিন অশান্তি লগাত কৃষ্ণ-বলোৰামে সিহঁতক সিহঁতৰ আৱাসস্থলীলৈকে খেদি গ’ল আৰু সিহঁতৰ মুৰব্বী বহি থকা সভাসদত প্ৰৱেশ কৰিলে৷ কৃষ্ণ-বলোৰামক দেখিয়েই সভাসদৰ সকলোৰে মুখত মিঠা হাঁহি বিৰিঙি উঠিল৷ অভিভূত হৈ তেওঁলোকে কৃষ্ণ-বলোৰামৰ পিনে চাই থাকিল৷ কৃষ্ণই খং দেখুৱাই চবকে সকিয়াই দিলে যে যদি এনেকৈ সদায় সদায় আক্ৰমণ কৰি থাকে তেন্তে গোটেই অঞ্চল ধ্বংস কৰি থৈ গুচি যাব, কোনোৱে ৰক্ষা নাপাব৷ তেতিয়া সিহঁতে তেওঁক ক’লে – “আমি আচলতে তোমালোক দুজনক এবাৰ চাব বিচাৰিছিলোঁ৷ কথা পাতিব বিচাৰিছিলোঁ৷ এবাৰ লগ পাবলৈ বিচাৰি আছিলোঁ৷ তোমালোক এই স্থানলৈ কেতিয়াও নাহিলাহেঁতেন৷ সেইবাবেই, তোমালোক ইয়ালৈ আহিবৰ বাবেই, আমি তোমালোকক আক্ৰমণৰ কৌশলেৰে নিমন্ত্ৰণ জনাই আছিলোঁ ইমান দিনে!”

No Comments

Post A Comment