সৃষ্টিশীলতা, কৰ্মোদ্যম, উৎপাদনশীলতা আৰু সময়

ভাল ভাল চফ্টৱেৰ বা হাৰ্ডৱেৰ কোম্পানীবোৰৰ প্ৰতি আমি কিয় আকৰ্ষিত হওঁ? আৰু এই যে ভাল বুলি আমি ভাবো, কিয় ভাবোঁ? TED ৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় ভিডিঅ’বোৰৰ মাজৰ তৃতীয়টো ভিডিঅ’ৰ বক্তা Simon Sinek-এ তাৰ এটা ধুনীয়া ব্যাখ্যা আগবঢ়াইছে। আন সকলো তেনেধৰণৰ কোম্পানীৰেই ঠিক একেধৰণৰে কাৰ্যক্ষম কৰ্মী, একেধৰণৰে সঁজুলী, একেধৰণৰ ব্যৱস্থা আদি থকাৰ পাছতো আৰু প্ৰায় একেধৰণৰে বস্তু নিৰ্মাণ কৰি উলিওৱাৰ পাছতো সকলোৱে গ্ৰাহকক অনুপ্ৰাণিত কৰিব নোৱাৰে কিয়? তাৰ কাৰণটো হ’ল— কিয়, অৰ্থাৎ কি বিশ্বাসেৰে, কি উদ্দেশ্যেৰে তেওঁলোকে সেইবোৰ নিৰ্মাণ কৰে সেইটো প্ৰকাশ কৰিবলৈ তেওঁলোক অক্ষম। যিটো কৰিব পাৰে এপল আদি কোম্পানীবোৰে।

যি কি নহওক, এই কথাটোৰ উপৰি ইয়াৰ লগত আৰু এটা কথাও হয়তো জড়িত হৈ আছে। যিবোৰ কোম্পানীয়ে মানুহক অনুপ্ৰাণিত কৰিব পাৰে, সেইবোৰৰ লগত একোজন ব্যক্তিৰ আকৰ্ষণীয় ব্যক্তিত্ব জড়িত হৈ থাকে। উদাহৰণস্বৰূপে— পঢ়িবলৈয়ো পাওঁ, বা আমি নিজৰ আৰু আনৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ— এপলৰ বস্তু কিনিবলৈ বহু মানুহ আকৰ্ষিত হয় ষ্টিভ জবছৰ প্ৰতি আকৰ্ষিত হৈ! আনকি মৃত্যুৰ পাছতো, অতবোৰ আকৰ্ষণীয় নেতা থকাৰ পাছতো, তেওঁৰ দৰে নেতাৰ প্ৰতি মানুহৰ আকৰ্ষণ এতিয়াও শেষ হৈ যোৱা নাই। তেওঁৰ দৰে ব্যক্তিসকল কেৱল একোজন ব্যৱসায়ীয়েই নহয়, তেওঁলোকৰ মাজত সোমাই আছে সৃষ্টিশীলতা আৰু কৰ্মোদ্যমৰ অফুৰন্ত ভাণ্ডাৰ। এই কথাটোৱেই তেওঁলোকক ব্যতিক্ৰমী কৰি তোলে, আৰু আনৰ বাবে তেওঁলোক হৈ পৰে অনুপ্ৰেৰণাৰ উৎস। এই গোটেই লেখাটোৰ মূল উদ্দেশ্যটো হ’ল— এই সৃষ্টিশীলতা, কৰ্মোদ্যম, উৎপাদনশীলতা বজাই ৰাখিবলৈ তেওঁলোকে কি কি কৰে?

সৰুতে আমি যে “মহৎ লোকৰ ৰসাল কাহিনী” ধৰণৰ লেখাবোৰত পঢ়িবলৈ পাওঁ— এজন প্ৰখ্যাত বিজ্ঞানী, তেওঁক লগ কৰিবলৈ কোনোবা গৈছে, আৰু লেবত গৈ এজন জধলা মানুহক সাধাৰণ কৰ্মচাৰী বুলি ভাবি তেওঁকে বিজ্ঞানীজনৰ কথা সুধিছে, আৰু পিছত সেইজনকে বিজ্ঞানীজন বুলি জানি আচৰিত হৈ পৰিছে, আৰু গোটেই কাহিনীটোৰ পৰা আমালৈ এটা বাৰ্তা দিয়া হৈছে যে— সাজ-পোচাক মানুহৰ জ্ঞানৰ তুলাচনী নহয় বা দুখীয়া এজনো বহু জ্ঞানী হ’ব পাৰে। কিন্তু, এতিয়া মোৰ ভাৱ হয়, সেই বিজ্ঞানীসকল জধলা হৈয়ে থাকি যোৱাৰ, অৰ্থাৎ বিভিন্ন ষ্টাইল কৰি নতুন নতুন পোচাক পিন্ধিবলৈ আগ্ৰহ নকৰাৰ আঁৰত আন এক কথাহে জড়িত হৈ আছে! যদি সঘনাই বিভিন্ন ষ্টাইলৰ পোচাক পিন্ধিবলৈ লয় তেন্তে, “মোক দেখিবলৈ কেনেকুৱা লাগিছে” “আনে মোক কেনেকুৱা দেখিছে” “আগৰ পোচাকযোৰতকৈ এতিয়া মোক ভাল লাগিছেনে নাই” “কাইলৈ মই কোনযোৰ পিন্ধিম” আদি বহুত চিন্তাই মনটো আবৰি ধৰি থাকিব, ফলত সৃষ্টিশীলতাক সেইবোৰ চিন্তাই ভক্ষণ কৰি পেলাব, সেইবাবেই হয়তো সেই বিজ্ঞানীসকলে নতুন সাজপাৰৰ কথা চিন্তা কৰিবলৈ মন কৰা নাছিল, যাতে তেওঁলোকে একেটা কামতে মন নিবিষ্ট কৰি ৰাখিব পাৰে। কিন্তু আজিৰ সময়ত জধলা হৈ থকাতো এক প্ৰকাৰে অসম্ভৱ কথা! সেইবাবে ষ্টিভ জবছ, মাৰ্ক জুকাৰবাৰ্গ, বাৰাক ওবামা আদিয়ে এটা বিশেষ পদ্ধতি উদ্ভাৱন কৰিছে। তেওঁলোকে সদায় একেধৰণৰ পোচাক পিন্ধে। পোচাক হয়তো তেওঁলোকৰ ২৫ যোৰ, ৫০ যোৰ থাকিব পাৰে, কিন্তু প্ৰতিযোৰেই একেটা ডিজাইনৰ, একেটা ৰঙৰ। যাতে এযোৰৰ পাছত আন এযোৰ পিন্ধিলে তেওঁলোকৰ মনলৈ “মোক কেনেকুৱা লাগিছে” “আনে কেনেকুৱা দেখিছে” “আগৰযোৰতকৈ এতিয়া কেনেকুৱা লাগিছে” আদি ভাৱবোৰে সৃষ্টিশীলতাক, উৎপাদনশীলতাক বাধা দিব নোৱাৰে। উৎপাদনশীলতাৰ বাবে ইমানলৈকে চিন্তা কৰা ক’ত বাৰাক ওবামা! আৰু বিবিধ ৰঙৰ নতুন নতুন সাজপাৰ পিন্ধি, দেখিলেই বাবাটো বাবাটো যেন লগা ক’ত আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া! কোনোবাই ক’ব পাৰে— “মোদী ৰাতিপুৱা ৬ বজাতে উঠি কামত লাগে!” কিন্তু ইমানকৈ নতুন নতুন সাজপাৰ পিন্ধিলে, ইমানকৈ ঘূৰি ফুৰিলে ৬ বজাতেতো উঠিব লাগিবই। এদিন শত্ৰূঘ্ন সিনহাক লগ কৰা, এদিন শচীনক, তৎক্ষণাত আকৌ বিদেশ…! আমিও সদায় ৮-৯ বজাত উঠিলেও ক’ৰবালৈ যাব লগা হোৱা দিনা ৫টা-৬টাতে উঠো! এনেবোৰ কাৰণতে আমাৰ দেশৰ উন্নতি কম নেকি? আনহাতে যদিও আজি মহিলাসকল পূৰ্বতকৈ অধিক শিক্ষিত হৈছে বুলি কোৱা হয়, তথাপি যুগান্তকাৰী কাম কৰা মাদাৰ টেৰেছা, মাদাম কুৰী, বা আজিৰ দিনৰ য়াহুৰ ৰ চিইঅ’ মাৰিছা মায়াৰ আদিৰ দৰে মহিলাৰ নাম আঙুলীৰ মূৰত লিখিব পৰা কাৰণটো মহিলাসকলে বিবিধ ৰকমৰ পোচাক পিন্ধাত অতি বেছি গুৰুত্ব দি থকাটোৱেই নেকি? ইমান দূৰলৈ যাবই নালাগে। আমাৰ অসমতে, প্ৰতিবাৰে ওলোৱা, বছৰটোৰ অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ তালিকাবোৰ চালে দেখা যায়, তাত মহিলা প্ৰায় নাথাকেই। হয়, চোকা বা নিয়মমাফিক ভাল ৰিজাল্ট কৰা মহিলা বহুতো আছে, কিন্তু সমাজলৈ বৰঙণি আগবঢ়োৱা, বা আনে কৰা ভাল কামত সহযোগীতাৰে জড়িত হোৱা মহিলা আঙুলীমূৰত গণিব পৰা সংখ্যকহে। এইবোৰ কামলৈ আগ্ৰহ কৰা মহিলা দুই-তিনিগৰাকীহে। তাৰ কাৰণ এই ব্যতিক্ৰমভাৱে কৰিব লগা কামবোৰত সহযোগিতা আগবঢ়াবলৈ যি সৃষ্টিশীল মন লাগে আৰু উৎপাদনশীলতা বজাই ৰাখিব লাগে, সেইখিনি বিবিধ সাজ-পাৰৰ চিন্তাত তেওঁলোকৰ মনৰ পৰা হেৰাই যায় নেকি? কথাটো হয়তো হয়!

নিজৰ উৎপাদনশীলতাক অটুত ৰাখিবৰ বাবে ষ্টিভ জবছে কৰা আন এটা কামৰ কথা আজি জানিবলৈ পালোঁ। ষ্টিভ জবছে জীৱনৰ শেষৰ পিনে নাম্বাৰ-প্লেট নলগোৱাকৈ গাড়ী চলাই ফুৰিছিল। “তেওঁক আনে মন কৰিব নোৱাৰিবলৈ সেইটো কৰিছিল” আদি বিভিন্ন কথা ইয়াৰ পৰা প্ৰকাশ হয় যদিও, ইয়াত হেনো আন এটা কথাহে বিশেষকৈ জড়িত হৈ আছে। সেইটো হ’ল— ইয়াৰ জড়িয়তে তেওঁ নিজৰ সময় বচাইছিল। তেওঁ গম পাইছিল যে, এখন নতুন গাড়ীৰ লাইচেন্স লৈ নাম্বাৰ-প্লেট লগোৱালৈকে ছমাহ লাগি যায়, গতিকে ছমাহ যদি নাম্বাৰ-প্লেট নলগোৱাকৈ গড়ী চলাই তেন্তে একো অসুবিধা নহয়। সেইবাবে তেওঁ এটি ডীলাৰৰ লগত ঠিক কৰি, প্ৰতি ছমাহৰ মূৰত তেওঁ চলাই থকা গড়ীখন ঘূৰাই দিছিল, আৰু একেটা মডেলৰ এখন নতুন গাড়ী লৈ গৈছিল। অৱশ্যে এইধৰণৰ কাম তেওঁৰ দৰে ধনী মানুহৰ বাবেহে সম্ভৱ, তথাপি সময় আৰু সৃষ্টিশীলতা বা উৎপাদনশীলতাৰ বাবে কৰা এনে কামৰ পৰাও আমি কিছু কথা আয়ত্ব কৰিব পাৰো।

 

তথ্যসূত্ৰ:

১) How great leaders inspire action

২) How to Be Productive – The Mindmap of 35 Habits of the Uber-Productive

৩) Here’s The Real Reason Mark Zuckerberg Wears The Same T-Shirt Every Day

৪) Mystery solved: Why Steve Jobs’ car never had a license plate

Post A Comment