সম্ভাৱনাৰ দুৱাৰমুখ আৰু সলনি হৈ যাব পৰা পথ

(১)

ৰবীন শৰ্মা! নেতৃত্ব প্ৰদানৰ দক্ষতা বৃদ্ধিত তথা নিজৰ অন্তৰ্নিহিত দক্ষতাক কাৰ্য সম্পাদনত ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা যোগাব পৰা তেওঁৰ কিতাপসমূহৰ প্ৰায় আটাইকেইখনেই এতিয়া “বেষ্ট-চেলাৰ”। কেৱল লেখক হিচাপেই নহয়, বক্তা হিচাপেও তেওঁ বিশ্বখ্যাত আৰু অত্যন্ত অনুপ্ৰেৰণাদায়ক। তেওঁৰ গ্ৰন্থ আৰু বক্তৃতাৰ জড়িয়তে নিজক উজলাই তুলিবলৈ সক্ষম হোৱা মানুহৰ মাজত তেওঁ এতিয়া এজন নায়কৰ দৰে। নাছা, মাইক্ৰ’চফ্ট, ফেড এক্স, নাইকী প্ৰমুখ্যে বিভিন্ন প্ৰখ্যাত কোম্পানীৰ কৰ্মচাৰীসকলক উজ্জিৱিত কৰি তুলিবলৈ বক্তৃতা দিবৰ বাবে তেওঁক নিমন্ত্ৰণ জনোৱা হয়। এজন বৃত্তিধাৰী বক্তা হিচাপে তেওঁ বিচৰণ কৰি থাকে ইখন ৰাষ্ট্ৰৰ পৰা সিখন ৰাষ্ট্ৰলৈ। অনলাইন মাধ্যমেৰেও তেওঁ আগবঢ়াই ব্যক্তিয়ে নিজক গঢ়ি তুলিব পৰা সমলেৰে পাঠদান। বিশ্বৰ প্ৰায় ৭০টা ভাষালৈ অনুবাদ হৈছে তেওঁৰ কিতাপ। অসমীয়া ভাষালৈয়ো তেওঁৰ দুখন কিতাপ অনুবাদ কৰা হৈছে। “ফেৰাৰী বিক্ৰী কৰি দিয়া সন্নাসীজন” (The Monk Who Sold His Ferrari) আৰু “আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব?” (Who Will Cry When You Die?)। অনুবাদ কৰিছে ইণ্ডিয়া গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ উপ-সঞ্চালক ড° সঞ্জীৱ কটকীয়ে। ভাটী বয়স স্পৰ্শ কৰিবলৈ এতিয়াও বাকী থকা কালতে ৰবীন শৰ্মাই লাভ কৰিছে ইমানখিনি সফলতা। আৰু সেই ৰবীন শৰ্মাৰেই আৰম্ভণিৰ সময়খিনি কেনে আছিল?

Robin Sharmaএজন উকীল হিচাপে নিজৰ সৰু চহৰখনত জীৱনটো আৰম্ভ কৰিবলৈ লৈ ৰবীন শৰ্মাই নিজৰ চিন্তাধাৰাখিনিৰে, এজন প্ৰকৃত সফল ব্যক্তিয়ে কেনেদৰে জীৱন নিৰ্বাহ কৰে, কেনেদৰে চিন্তা কৰে, কেনেদৰে আচৰণ কৰে, এই সম্পৰ্কে তেওঁ নিজৰ ধাৰণা আৰু শিক্ষাৰে এখন কিতাপ লিখিব বিচাৰিলে। কিন্তু আজিৰ ইমান বিখ্যাত লেখকজনেও তেওঁৰ প্ৰথমখন কিতাপ, মাকক সম্পাদক হিচাপে লৈ নিজাকৈ প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল আৰু প্ৰকাশ কৰি উলিওৱা প্ৰথম ২০০০ কপী পাকঘৰত দ’মাই থৈ দিছিল। আৰু আজিৰ অতিশয় প্ৰভাৱশালী, জনপ্ৰিয় এই লেখক, বক্তাজনৰ প্ৰথম বক্তৃতা অনুষ্ঠানটোত উপস্থিত আছিল মাথোঁ ২৩ জন মানুহ! আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল— সেই ২৩ জন দৰ্শকৰ মাজত ২১ জনেই আছিল তেওঁৰ পৰিয়ালৰ মানুহ!

Chetan_Bhagat(২)

ভাৰতীয় জনপ্ৰিয় লেখক চেতন ভগতৰ যোৱা পহিলা অক্টোবৰত প্ৰকাশিত তেওঁৰ শেহতীয়া উপন্যাস “Half Girlfriend”, প্ৰকাশৰ প্ৰথম তিনি সপ্তাহত বিক্ৰী হৈছে ২০ লাখ কপী। বৰ্তমান সময়ৰ অতি জনপ্ৰিয় লেখকজনে আজিৰ পৰা মাথোঁ ৯ বছৰৰ আগতে এদিন কৈছিল, তেওঁ “ইণ্ডিয়া টুডে”ৰ প্ৰচ্ছদ-প্ৰবন্ধৰ বিষয় হ’ব বিচাৰে; আৰু তেতিয়া সেই কোঠাটোত থকা সকলোৱেই তেওঁক ফিচিঙা-ফিচিং কৰি হাঁহি দিছিল। আৰু ৯ বছৰৰ পাছত যোৱা চেপ্তেম্বৰৰ প্ৰথম সপ্তাহত তেওঁ “ইণ্ডিয়া টুডে”ৰ প্ৰচ্ছদ প্ৰবন্ধত সঁচাকৈয়ে স্থান লাভ কৰিলে!

(৩)

যিকোনো ক্ষেত্ৰতেই সচৰাচতে এনে হোৱা দেখা যায় কিয়? যিকোনো এটা নতুন কামৰ আৰম্ভণি সময়খিনিত, লাগিলে যিমানেই সৰু হওক, যিমানেই ডাঙৰ হওক, আমাৰ চাৰিওকাষে গাতে লাগি থকা সকলোৰে পৰা সাধাৰণতে সহযোগীতা বা কামটোৰ ফলাফলৰ সম্পৰ্কত ইতিবাচক সঁহাৰি পোৱা নাযায় কিয়? তথাপি, এই কাহিনীবোৰ কেনেকৈ সম্ভৱ হৈ উঠে? ইমান সফলতালৈ নগ’লেও, এনে আন কিছুমান অখ্যাত কাহিনী থাকে য’ত মানুহে নিজক লৈ যায় এটা পৰ্যায়লৈ, যাৰ সম্ভাৱনা মাথোঁ কেইবছৰমান পূৰ্বতে তেওঁৰ সমসাময়িক আনে দেখিবলৈ নাপায় আৰু নিজে সেই সম্ভাৱনা বা ইচ্ছাৰ কথা ভাল সঁহাৰি লাভৰ উদ্দেশ্যে তেওঁলোকক কৈ শুনালেও কেৱল ইতিকিংহে পায়। তথাপি তেওঁলোকে কামটোক কেনেকৈ লৈ যায় নিজে আশা কৰা পৰ্যায়লৈ? মহান বা যুগান্তকাৰী উদাহৰণবোৰলৈ চালে এইবোৰ কথা অনুধাৱন কৰাত সহায় হয়, আৰু সৰু সৰু কামবোৰো সমাপন কৰাত এইবোৰ কাহিনীয়ে আমাক সকলোকে সহায় কৰে।

পঠনীয়:  জেছ কুইন

যদি আমি এটা পূৰ্ব-স্বীকাৰ্য লৈ কিছুমান স্তৰলৈ আগবাঢ়ি যাওঁ, তেন্তে সেই স্বীকাৰ্যটো যদি ভুল হয় তেন্তে আমি অৱশেষত এটা ভুল ফলাফলত উপনীত হওঁগৈ। ঠিক তেনেদৰেই এজন ব্যক্তিৰ চাৰিওকাষৰ মানুহখিনিয়ে ব্যক্তিজনৰ সম্পৰ্কে একোটা ধাৰণা লৈ লয় যে তেওঁ সেইটো কৰিব পাৰিব বা নোৱাৰিব। আনহাতে, নিজৰ সম্ভাৱনাৰ কথা ভৱাতকৈ আনৰ সম্ভাৱনাহীনতাৰ কথা ভবাটো প্ৰায়ভাগ মানুহৰে এটা স্বভাৱ। আৰু এই স্বভাৱ নিজেই এক দুৰ্বলতা বাবেই প্ৰথমেই এটা ভুল সিদ্ধান্ত লৈ লোৱা হয়, ফলত মানুহ এজনে নতুন কাম এটা কৰিবলৈ আৰম্ভ কৰিলে লগতে লাগি থকা মানুহৰ পৰা অতি কম সঁহাৰি পোৱা যায়। তাৰোপৰি একোটা বিষয় বা বস্তুৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সেইটোৰ সম্পৰ্কত বহুতৰ ধাৰণা বা শিক্ষাও নাথাকে। কিন্তু নিজেই এটা প্ৰয়োজনীয়তাক উপলব্ধি কৰি যদি বিশ্বাসেৰে আগবঢ়া হয়, তেন্তে দূৰ প্ৰান্তৰ পৰাও আহি পৰে সহযোগীতা। আৰু ৰবীন শৰ্মাৰ ক্ষেত্ৰতে, তেওঁ যি ক’ব বিচাৰিছে সেইয়া যে মানুহৰ প্ৰয়োজনীয় তেওঁ তাক বুজি উঠিছিল, অন্তৰেৰে উপলব্ধি কৰিছিল। আনকি তেওঁ যিসকলৰ পৰা প্ৰথমে সঁহাৰি পোৱা নাছিল সেইসকলকোতো সেইখিনি কথা প্ৰয়োজনীয়! এই উপলব্ধি আৰু বিশ্বাসতে আছে সম্ভাৱনাৰ দুৱাৰমুখ, য’ৰ পৰা সলনি হৈ যাব পাৰে এক ধাৰা। ইয়াকেই আমি বাৰে বাৰে মনত পেলাই থাকিব লগা হয়।

“Start With Why” ধাৰণাৰ বাবে পৰিচিত লেখক আৰু বক্তা চিমন চিনেকে ‘TED’ ৰ এটা বক্তৃতাত এনে প্ৰসংগক্ৰমে ৰাইট ভাতৃদ্বয়ৰ উদাহৰণ দিছে। ১৮ মিনিটৰ সেই বক্তৃতাটোত আৰু কেইটামান উদাহৰণেৰে তেওঁ ব্যাখ্যা কৰিছিল, আমি “কি কৰোঁ” তাতকৈ অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি “কিয় কৰোঁ”? “কি কৰোঁ”টোতকৈ “কিয় কৰোঁ”ৱে মানুহক আদৰ্শত পৰিণত কৰি তুলিব পাৰে।

(৪)

Wright-brothersৰাইট ভাতৃদ্বয়! অৰভিল ৰাইট আৰু উইলভাৰ ৰাইট, এই নাম দুটা নুশুনা শিক্ষিত মানুহ বৰ্তমান নিশ্চয় কমেই আছে। কিন্তু আজিৰ পৰা ১১০ বছৰৰ আগতে কথাটো আছিল সম্পূৰ্ণ ওলোটা! আজি কোনোবাই ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী নামটো শুনিছেনে? নিশ্চয় প্ৰায়ভাগেই শুনা নাই। কিন্তু আজি ৰাইট ভাতৃদ্বয় যেনেদৰে পৰিচিত আৰু ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী প্ৰায় অপৰিচিত, তেনেদৰে আজিৰ পৰা ১১০ বছৰৰ আগতে ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী আছিল সুপৰিচিত আৰু ৰাইট ভাতৃদ্বয় আছিল প্ৰায় অখ্যাত। ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী স্বনামধন্য জ্যোতিৰ্বিজ্ঞানী, পদাৰ্থবিজ্ঞানী, উদ্ভাৱক আৰু বিমান-পৰীক্ষণৰ পথিকৃৎ। মানৱ নিয়ন্ত্ৰিত বিমান নিৰ্মাণৰ বাবে তেখেতক দিয়া হ’ল দায়িত্ব। তাৰ বাবে অনুদান কৰা হ’ল ৫০,০০০ ডলাৰ ধন। আৰু আন এক উৎসৰ পৰা আহিল ২০,০০০ ডলাৰ। সেই সময়ত সেই ধনৰ মূল্য কিমান হ’ব! কেৱল সিমানেই নহয়, তেওঁক দিয়া হ’ল প্ৰয়োজনীয় সমস্ত সুবিধা। তেওঁৰ সম্পৰ্শত আছে প্ৰয়োজনীয় প্ৰতিটো ক্ষেত্ৰৰ তীক্ষ্ণধী ব্যক্তিসকল, ধনৰ নাই কোনো অভাৱ, প্ৰয়োজনীয় যিকোনো ব্যক্তিক দলভুক্ত কৰিবলৈ তেওঁৰ নাই কোনো অসুবিধা, আৰু প্ৰতি মুহূৰ্ততে নিউয়ৰ্ক টাইমছৰ প্ৰতিনিধিয়ে তেওঁক কৰি থাকিল অনুসৰণ! সকলোৰে চকু ছেমুৱেল পীয়েৰপণ্ট ল্যেংলীৰ ওপৰত! কিন্তু ইফালে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটৰ ওচৰত ক’বলৈ গ’লে একো নাই। তেওঁলোকৰ আছিল এখন চাইকেল-দোকান, য’ত বাই-চাইকেল মেৰামতি কৰে, বিক্ৰী কৰে, নিৰ্মাণ কৰে। তেওঁলোকৰ দলটোৰ কাৰোৱেই নাছিল কলেজীয়া শিক্ষা। ছেমুৱেল পীয়েৰপণ্ট ল্যেংলীক লক্ষ্য কৰি থকাৰ দৰে কোনেও তেওঁলোকক মনেই কৰা নাছিল। আনকি, যেতিয়া ১৯০৩ চনৰ ১৭ ডিচেম্বৰত তেওঁলোকে ঐতিহাসিক উৰণ পৰীক্ষণটো সম্পন্ন কৰিলে সেইদিনা সেইয়া চাবলৈয়ো তেওঁলোকৰ ওচৰত আন কোনো নাছিল। তেন্তে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটৰ ওচৰত আছিল কি? চিমন চিনেকে ইয়াৰ ব্যাখ্যা কৰিছে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটে এটা বিশ্বাসেৰে চালিত হৈছিল যে তেওঁলোকে যদি সেইটো কৰে পৃথিৱীৰ এক ধাৰাই সলনি হৈ যাব। কিন্তু ছেমুৱেল পীয়েৰপণ্ট ল্যেংলীয়ে কামটো কৰিবলৈ লৈছিল বিখ্যাত হ’বৰ বাবে, ধনী হ’বৰ বাবে, সফল হ’বৰ বাবে। আৰু তাৰ প্ৰমাণ? ৰাইট ভাতৃদ্বয়ে যেতিয়া উৰণ পৰীক্ষণটো সম্পন্ন কৰিলে লগে লগে ল্যেংলীয়ে কামটো বাদ দি দিলে। তেওঁ প্ৰথম নহ’ল, বিখ্যাত নহ’ল, ধন নাপালে, গতিকে তেওঁ কামটো বাদ দি দিলে। সেই নতুন উদ্ভাৱনক তেওঁ উন্নত কৰাত সহায় কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে!

পঠনীয়:  এণ্টাৰ্কটিকাৰ পৰা অসমলৈ অহা এটা ফ’ন-কলৰ কাহিনী

(৫)

ৰবীন শৰ্মা, ৰাইট ভাতৃদ্বয় আদিৰ বিশ্বাসৰে আগবাঢ়িলে আছে কষ্ট, চকুপানী। কিন্তু সেই বিশ্বাসে সলনি কৰিব পাৰে নিজৰ পৰিসৰৰ বহু মানুহৰ জীৱন-ধাৰা বা চিন্তাৰ পৰিসৰ, আনকি কেতিয়াবা সলনি কৰিব পাৰে সমগ্ৰ মানৱ জাতিৰে ইতিহাস।

No Comments

Post A Comment