টোকাবহী (প্ৰজ্ঞা) : ১ – ১০

(১)

ন’বেল বঁটা বিজয়ী সাহিত্যিক টনি মৰিছনে ২০১৫ চনত এটা বিশেষ প্ৰবন্ধত লিখিছিল যে— ২০০৪ চনত জৰ্জ ডব্লিউ বুশ্ব ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ ঠিক পিছৰে খ্ৰীষ্টমাছৰ পিছদিনা, পুৱা তেওঁ বিৰাট গোমা মন এটাৰে দগ্ধ হৈ খিৰিকীৰে দূৰলৈ চাই আছে, নিজকে সম্পূৰ্ণ অসহায় অনুভৱ কৰিছে। তেনেতে এজন শিল্পী-বন্ধুৱে বন্ধদিনৰ শুভেচ্ছা জনাবলৈ তেওঁলৈ ফ’ন কৰিলে। বন্ধুজনে সুধিলে— “কেনে আছা?” আৰু মৰিছনে “অ’, মোৰ ভালেই....; আৰু তোমাৰ?” —এনেধৰণৰ সাধাৰণ উত্তৰ এটা দি নথৈ আচল সত্যটোকেই প্ৰকাশ কৰি ক’লে – “নাই, ভাল নহয়। মই কেৱল হাতাশাতে ভুগি থকা নাই, মই একো কামেই কৰিব নোৱাৰিম যেন পাইছোঁ, একো লিখিব নোৱাৰিম যেন পাইছোঁ; মই যেন পক্ষাঘাতগ্ৰস্ত হৈ পৰিছোঁ, ইতিমধ্যে লিখিবলৈ আৰম্ভ কৰা উপন্যাসখনৰ আৰু একোৱেই আগবঢ়াবলৈ মই সক্ষম হোৱা নাই। আগতে মই কেতিয়াও এনে অনুভৱ কৰা নাছিলোঁ, কিন্তু নিৰ্বাচনটোৱে . . . .” মৰিছনে পিছৰ কথাখিনি ক’বলৈ লওঁতেই বন্ধুজনে তেওঁৰ আধৰুৱা কথাৰ মাজতে থাপ মাৰি ধৰি উচ্চ-কণ্ঠে কৈ উঠিল— “নাই, নাই, নাই নাই! শিল্পীসকলে একান্তৰে কামত লিপ্ত হোৱাৰ এয়াই প্ৰকৃত সময় – সকলোপিনে সুন্দৰ হৈ থাকোঁতে নহয়, বৰং শংকাপূৰ্ণ দিনবোৰহে তেওঁলোকৰ প্ৰকৃত সময়। সেইটোৱেই আমাৰ কাম!”

বন্ধুজনৰ সেই কথাষাৰ আৰু সেই উচ্চ-কণ্ঠ মৰিছনৰ সদায় মনত ৰৈ গৈছিল। মৰিছনে কৈছিল, সেইদিনা তাৰ পিছত গোটেই ৰাতিপুৱাটো তেওঁ নিজকে “মুৰ্খ” যেন অনুভৱ কৰিছিল। বিশেষকৈ, যেতিয়া তেওঁৰ মনলৈ আহিছিল সেইসকল শিল্পী যিসকলে গুলাগসমূহ(gulag)ত, কাৰাগাৰৰ বন্ধ কক্ষত বা চিকিৎসালয়ৰ শয্যাত পৰি তেওঁলোকৰ শ্ৰেষ্ঠ-কৰ্মবোৰ সম্পাদন কৰিছিল; যিসকলে তেওঁলোকৰ কামবোৰ কৰিছিল যেতিয়া তেওঁলোক আছিল হাৰাশাস্তিগ্ৰস্ত, জ্বালাগ্ৰস্ত, নিৰ্বাসিত, তিৰস্কৃত, সশ্ৰম কাৰাদণ্ডী। আৰু সেইসকল যাৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল।

প্ৰবন্ধটোত তেওঁ আৰু লিখিছিল— “There is no time for despair, no place for self-pity, no need for silence, no room for fear. We speak, we write, we do language. That is how civilizations heal.”

এইখিনিতে মৰিছনৰ আন এষাৰ বিখ্যাত উক্তিও মনলৈ আহিছে— “If there’s a book you want to read, but it hasn’t been written yet, then you must write it.”

(২)

দ্ৰুতগামী হ’বলৈ এহালী ভৰিতকৈয়ো অধিক বস্তু লগা হয়। ইয়াৰ বাবে লগা হয় আমাৰ গোটেই শৰীৰ, সম্পূৰ্ণ মন আৰু অপ্ৰতিৰোধ্য উদ্যম।

প্ৰত্যেক দৌৰৰে একোটা উদ্দেশ্য আছে। কেতিয়াবা আমি অগ্ৰমুখী প্ৰক্ষেপ অনুভৱ কৰিম, আৰু কেতিয়াবা পশ্চাদমুখী। আমাৰ যাত্ৰাৰ প্ৰতিটো কিলোমিটাৰেই অৰ্থপূৰ্ণ।

প্ৰতিটো ঘৰ্মাক্ত কৰ্মমুহূৰ্তক সন্মান কৰা। অকৰ্মন্যতাক ভয় কৰা। এইটো অতি কঠিন হ’ব। সেইবাবেই আমি ইয়াক ভাল পাওঁ। কৰ্ম-সম্পাদনেৰেহে সন্মান আৰ্জিব পাৰি। সেয়েহে বাহিৰ ওলোৱা আৰু ইয়াৰ পিছ লোৱা। তোমাৰ দুৰ্বলতাক অলিংগণ কৰা আৰু ইয়াক মশিমূৰ কৰি পেলোৱা। নিয়মীয়া আৰু কাৰ্যমুখী কৰ্মই আমাৰ দুৰ্বলতাক আমাৰ শক্তিলৈ ৰূপান্তৰিত কৰিব।

পঠনীয়:  টোকাবহী (অণু-প্ৰবন্ধ) : ১ – ১০

প্ৰতিটো দৌৰেই দূৰতম বা দ্ৰুততম নহ’ব, কিন্তু প্ৰতিটো দৌৰেই একোটা কৃতিত্ব, আমি এইদৰে চোৱা উচিত। তুমি তোমাত বিশ্বাস নাৰাখোঁতেও আমি তোমাত বিশ্বাস ৰাখোঁ।

আমাৰ শ্ৰেষ্ঠত্ব সদায়েই আমাৰ সামৰ্থ্যৰ পৰিসীমাৰ ভিতৰতে আছে।

(“নাইকী প্লাছ ৰান ক্লাব”ৰ অনুপ্ৰেৰণামূলক বাণীৰ অংশবিশেষৰ অনুবাদ।)

(৩)

(আগলৈ)

No Comments

Post A Comment