টোকাবহী (গণিত) : ১ - ১০

(১)

এটা খুৱ সুন্দৰ বাক্য পঢ়িবলৈ পালোঁ— “ঋণাত্মক সংখ্যাবোৰে সংখ্যাৰ সমাজখনত অন্তৰ্ভুক্ত হোৱাৰ দুটা শতিকাৰো অধিক দিনৰ পূৰ্বেই কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল৷ সিহঁতে উনৈশ শতিকাৰ মাজভাগলৈকে— প্ৰায়, আমেৰিকাৰ চিভিল ওৱাৰৰ সময়লৈকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচিত হোৱাই নাছিল৷”

তেন্তে কেনেকৈ সিহঁতে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ শাৰীত (অৰ্থাৎ ধণাত্মক সংখ্যাবোৰৰ আৰু ইতিমধ্যে সেই শাৰীত স্থান পোৱা শূন্যটোৰ লগত) শাৰী পুৰাবলৈ অধিকাৰ পালে?

মোৰ বয়স ৭ বছৰ, ভন্তীৰ দুবছৰ৷ ধৰক মনলৈ প্ৰশ্ন আহিল— কেতিয়া মোৰ বয়স ভন্তীৰ বয়সৰ দুগুণ হ'ব?

গতিকে যদি x বছৰৰ পাছত মোৰ বয়স ভন্তীৰ বয়সৰ দুগুণ হ'ব, তেন্তে সমীকৰণটো হ'ব

৭+x = ২(২+x)

তাৰমানে x=৩

মানে, তিনি বছৰৰ পাছত মোৰ বয়স ভন্তীৰ বয়সৰ দুগুণ হ'ব৷ প্ৰমাণ কৰি চাওক— তিনি বছৰৰ পাছত মোৰ বয়স হ'ব ১০ বছৰ, ভন্তীৰ হ'ব ৫ বছৰ৷ গতিকে প্ৰমাণ হৈ গ'ল!

তেনেকৈয়ে, ধৰক ১৮ বছৰীয়া মানুহ এজনৰো একেই চিন্তা মনলৈ আহিল বা এইটো হিচাপ কৰাৰ দৰকাৰ হ’ল। আৰু তেওঁৰ ভনীয়েকৰ বয়স ১১ বছৰ৷ প্ৰশ্নটো হ’ল— কেই বছৰৰ পাছত তেওঁৰ বয়স ভনীয়েকৰ দুগুণ হ'ব?

তেওঁৰ সমীকৰণটো হ'ব—

১৮+x = ২(১১+x)

গতিকে x=১৮-২২

এতিয়া প্ৰশ্ন আহিল— এইটো আকৌ কেনেকৈ সম্ভৱ?

এই ধৰণৰ সমীকৰণবোৰেই হেনো পূৰ্বৰ সংখ্যাৰ সমাজখনলৈ ঋণাত্মক সংখ্যাক লৈ আহিল, আৰু নিজৰ প্ৰয়োজনীয়তা বা চাহিদাক বজাই ৰাখিব পৰা বাবে লাহে লাহে সিহঁতো কোনো সংগ্ৰাম নকৰাকৈ সংখ্যাৰ সমাজখনত প্ৰথম শ্ৰেণী নাগৰিকত পৰিণত হ'ল, উনৈশ শতিকাৰ মাজভাগমানত৷

[বাৰু যি হওক, ১৮ বছৰীয়া মানুহজনৰ উত্তৰটো কি '?]

(২)

“মই ভাবোঁ, মোৰ প্ৰজন্মটোৱে এনে এটা বাৰ্তাৰ এক ৰকমৰ অপ্ৰভাৱত বাস কৰিছে যে— ‘হয়, যদি তুমি এজন গণিতজ্ঞ হোৱা তেন্তে তুমি কেৱল মাথোঁ গণিত কৰি থকাই উচিত। তুমি ইয়াক জনপ্ৰিয় কৰিবলৈ বা বিস্তাৰ কৰিবলৈ যত্ন কৰি থকা অনুচিত।’ গতিকে মই ভাবোঁ, যেতিয়া মই মোৰ বিদ্যায়তনিক গোটটোক অতিক্ৰমী গণিত জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ গণিতজ্ঞ-সংগীসকলে কি ক’ব বুলি সন্দেহ কৰি মই সংকুচিত হৈছিলোঁ। এইটো এটা প্ৰত্যাহ্বান আছিল আৰু মই জানিছিলোঁ ‘প্ৰকৃত গণিতজ্ঞই কৰিবলগীয়া এইবোৰ একো কাম নহয়’ ধৰণৰ প্ৰৱল ঋণাত্মক প্ৰতিক্ৰিয়া গণিতজ্ঞ-সংগীসকলৰ পৰা আহিব।

সম্ভৱতঃ মই এটা সঠিক সময়তেই আৰম্ভ কৰিছিলোঁ; কিন্তু প্ৰকৃততে এইটো মই পাইছিলোঁ এনে এটা কাৰণতহে যে আমাৰ গণিতজ্ঞ-গোটে ইতিমধ্যে উপলব্ধি কৰিছিল যে আমাৰ বিষয়টো মুখপাত্ৰ নাথাকিলে নিঃশেষ হৈ যাব। ইয়াৰ গুৰুত্বক স্বীকৃতি প্ৰদান কৰিবলৈ আমাক জনগণৰ প্ৰয়োজন, যাতে আমি আমাৰ অনুজ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিব পাৰোঁ। সেইবাবে মই বহুতো ভাল ভাল সঁহাৰি লাভ কৰিছিলোঁ, আৰু সেইয়া বহুলাংশে মোৰ সহযোগী গণিতজ্ঞ-সংগীবৃন্দৰ পৰা পাইছিলোঁ। তেওঁলোকে কৈছিল ‘জানা? তুমি যে এইটো কৰি আছা, সঁচাকৈ এইয়া বহু মহৎ কাৰ্য।’” – মাৰ্কাছ ডু চুতয়

পঠনীয়:  অশ্ৰুসিক্ত এন্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহূৰ্তটো

অক্সফ’ৰ্ডৰ প্ৰখ্যাত গণিতজ্ঞ, জনপ্ৰিয় লেখক, বিবিচিৰ বিজ্ঞান-গণিত-ক’ডিং জনপ্ৰিয়কৰণৰ বিভিন্ন অনুষ্ঠানত অংশ-লওঁতা, টেডৰ বক্তা, ৰয়েল ছ’চাইটিৰ সদস্য মাৰ্কাছ ডু চুতয়ৰ সৈতে “গণিত চ’ৰা”ৰ সহ-প্ৰতিষ্ঠাপক মঞ্জিল পি. শইকীয়াৰ মূল ইংৰাজী আছুতীয়া সাক্ষাৎকাৰত গণিতজ্ঞ-লেখক-বক্তাগৰাকীয়ে আগবঢ়োৱা বক্তব্যৰ এইয়া কিছু অংশ। মূল ইংৰাজী সাক্ষাৎকাৰটি সম্পূৰ্ণকৈ ইয়াত পঢ়িব পাৰিব— http://gonitsora.com/interview-marcus-du-sautoy

(৩)

(আগলৈ)

No Comments

Post A Comment