টোকাবহী (সংগ্ৰহ) : ১ – ১০

(১) ডাঃ নোমল চন্দ্ৰ বৰা Neurologyৰ প্ৰতি কিয় আকৃষ্ট হ’ল?

হোমেন বৰগোহাঞি:— আপোনাৰ ডাক্তৰ হোৱাৰ মূলতে বাৰু আপোনাৰ মাৰ অসুস্থতা আছিল; কিন্তু আপুনি Neurology-ৰ প্ৰতি কিয় আকৃষ্ট হ’ল?

ডাঃ নোমল চন্দ্ৰ বৰা:— এই বিষয়টোৰ প্ৰতি আকৃষ্ট হ’লো… সৰুৰেপৰা মোৰ এটা অভ্যাস আছিল যে যেতিয়া কোনোবাই কিবা এটা বস্তু টান বুলি ভাবে, তেনেবোৰ কাম কৰি মোৰ সদায় ভাল লাগে। কঠিন কামৰ প্ৰত্যাহ্বান ল’ব পৰা মন এটা মোৰ সৰুৰপৰায়েই আছিল। যেতিয়া মই মেডিকেল কলেজৰ ছাত্ৰ হৈ আছিলোঁ, তেতিয়া দেখিছিলোঁ যে নিউৰ’লজী বিষয়টোৰ প্ৰতি ল’ৰা-ছোৱালীবোৰৰ সদায় এটা ভয়। MD-ৰ পৰীক্ষাত সদায় Neurology-ৰ (স্নায়ুৰোগ) কেছ এটা দিয়া হয়। ছাত্ৰজনে যদি Neurology Caseটো  সঠিকমতে উপস্থাপন কৰিব পাৰিলে, Diagnosis কৰিব পাৰিলে, তেওঁ MD Degree টোকে পালে বুলি ক’ব পাৰি। MBBS-ত সাধাৰণতে নিউৰ’লজীৰ প্ৰশ্ন নিদিয়ে, টান কাৰণে।

হোমেন বৰগোহাঞি:— আপুনি ডিব্ৰুগড়ত পঢ়িছিল?

ডাঃ নোমল চন্দ্ৰ বৰা:— নহয়। মই গুৱাহাটী মেডিকেল কলেজত পঢ়িছিলোঁ। সেই সময়ত নিউৰ’লজী বিষয়টোৰ (স্নায়ুৰোগ) প্ৰতি মানুহৰ অজ্ঞতা বেছি আছিল। তাৰোপৰি শিকোৱা মানুহো নাছিল। ল’ৰা-ছোৱালীৰো সেয়েহে সদায় ভয়। তেতিয়া এনেকুৱা হৈছিল যে নিউৰ’লজীৰ সমস্যা দুই-এটা হ’লে মানুহ বাহিৰৰপৰা মাতি মাতি আনিব লাগে। তেনে কাৰণতে মই ছাত্ৰ অৱস্থাত থাকোঁতে ডাঃ কে ভি মাথাই এবাৰ গুৱাহাটীলৈ আহিছিল। তেওঁ এটা Neurology Case-ৰ ওপৰত আলোচনা কৰি ইমান সহজ কৰি কথাতো বুজাইছিল যে….

হোমেন বৰগোহাঞি:— তেতিয়া তেখেত ভেলোৰত আছিল?

ডাঃ নোমল চন্দ্ৰ বৰা:— হয়, তেখেত ভেলোৰত প্ৰফেচৰ আছিল। ডাঃ মাথাইয়ে ৰোগীজনৰ Historyটো লৈ ইমান সহজ কৰি কথাতো সকলোৰে আগত উপস্থাপন কৰিলে…. তাত প্ৰিন্সিপাল, প্ৰফেচৰ, ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত আছিল। মই তেতিয়া ভাবিলোঁ কথাটোতো ইমান কঠিন নহয়। তেতিয়াই মই সিদ্ধান্ত ল’লোঁ যে মই যদি কিবা পঢ়িব লাগে নিউৰ’লজীয়েই পঢ়িম। নিউৰ’লজী পঢ়াৰ আৰু এটা কাৰণ হ’ল— মই সদায় শিকাই ভাল পাইছিলোঁ। হয়টো Teaching mentality এটা সৰুতে মূৰত সোমাইছিল। যেতিয়া মই ডাঃ মাথাইক দেখিলোঁ যে ইমান সুন্দৰকৈ নিউৰ’লজী পঢ়াব পাৰে, মইতো ইংৰাজীৰ শিক্ষক হ’বলৈ নাপালোঁ, মই নিউৰ’লজীৰ শিক্ষক হ’ব নোৱাৰিমনে? আৰু নিউৰ’লজীত দেখিলোঁ যে হাতত যদি দুটা সাধাৰণ সঁজুলি থাকে— হেমাৰ আৰু টিউনিং ফৰ্ক, আপুনি নিউৰ’লজীত যাদু দেখুৱাবও পাৰে। Yes, you can create magic in neurology. It can be better than CT, better than MRI. মগজুৰ কোনটো অংশত কি হৈছে এজন স্নায়ুৰোগ বিশেষজ্ঞই যদি ৰোগীজনক ভালকৈ পৰীক্ষা কৰিব পাৰে, নিখুঁতকৈ পৰীক্ষা কৰিব পাৰে, তেওঁ কৈ দিব পাৰে। অইন যন্ত্ৰ-পাতিবিলাক ৰোগটোৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত (Confirm) কৰিবৰ বাবেহে লাগে। Diagnosis কৰিবলৈ নালাগে। ডাঃ মাথাই ছাৰক দেখাৰ পিছত ভাবিলোঁ যে অসমত এনেদৰে শিকাব পৰা মানুহেই নাই। সেয়েহে ল’ৰা-ছোৱালীয়ে ইমান ভয় খায়। মই এই বিষয়টো পঢ়িবলৈ নাযাওঁ কিয়?

দ্বিতীয় কথাটো আছিল এনেধৰণৰ— মই যেতিয়া AIIMS-ত পঢ়িবলৈ যাওঁ, মই নিউৰ’লজী আৰু কাৰ্ডিঅ’লজী দুয়োটা পঢ়িবলৈ সুযোগ পাইছিলোঁ। প্ৰথমতে মই ঠিক কৰিব পৰা নাছিলোঁ মই কোনফালে যাওঁ, কাৰ্ডিঅ’লজী নে নিউৰ’লজী। বহুতে ক’লে— তুমি যদি কাৰ্ডিঅ’লজী পঢ়া, খুব সোনকালে established হৈ যাবা। টকা-পইছাও বহুত। নিউৰ’লজীত কিন্তু অসুবিধা— Neuro-ত বেমাৰো তেনেকৈ নাই— টকা-পইছাও তেনেকৈ নাই। কাৰ্ডিঅ’লজী এটা established Subject, মানুহৰ মাজতো সজাগতা আহি গৈছে। ‘হাৰ্ট’ বুলি ক’লে মানুহে সহজে বুজি পায়। কিন্তু ব্ৰেইন বা Nervous system বুলি ক’লে মানুহৰ বুজাত অসুবিধা হয়। বেমাৰৰ কথাতো বাদেই দিলোঁ। গোটেই ৰাতিটো মই চিন্তা কৰিলোঁ— কি কৰো কি নকৰো। মোৰ সদায় নজনা বস্তু এটা জনাৰ আগ্ৰহ আছিল। ৰাতিপুৱাতে মই সিদ্ধান্ত ল’লো যে মই কাৰ্ডিঅ’লজী নপঢ়োঁ, নিউৰ’লজী পঢ়িম।

হোমেন বৰগোহাঞি:— আচলতে নিউৰ’লজীটো বেছি Challenging, সেইকাৰণে আপোনাৰ আগ্ৰহ….

ডাঃ নোমল চন্দ্ৰ বৰা:— হয়। তাৰোপৰি ল’ৰা-ছোৱালীক এই Subjectটো শিকাই বৰ ভাল লাগে। মই তেতিয়া মেডিকেল কলেজত কাম কৰি আছোঁ। মেডিকেল কলেজৰ শিক্ষক….

হোমেন বৰগোহাঞি:— কোন কলেজত?

ডাঃ নোমল চন্দ্ৰ বৰা:— গুৱাহাটী মেডিকেল কলেজত। মই Medicine বিভাগৰ ৰেজিষ্ট্ৰাৰ আছিলোঁ। মই ভাবিছিলোঁ ইয়ালৈকে ঘূৰি আহিম। So I will be a teacher in the medical college, and it is a challenging subject. Let me take it.

Neurology মই তেনেকৈ ভাবিয়েই পঢ়িবলৈ গৈছিলোঁ।

[উৎস— “ডাঃ নোমল চন্দ্ৰ বৰাৰ লগত কথা-বতৰা”, এটি সাক্ষাৎকাৰ, “সাতসৰী”, ১-১৫ নৱেম্বৰ, ২০০৫।]

(২) ফিলিপ্ পাৰা

‘সাপ্তাহিক নীলাচলৰ পাতত হোমেন বৰগোহাঞিৰ মুখামুখি সাক্ষাৎকাৰ’ত ফিলিপ্ পাৰা নামৰ এজন ২৬ বছৰীয়া ফৰাচী যুৱকৰ এটা সাক্ষাৎকাৰ সন্নিবিষ্ট হৈছে। তাত থকা পৰিচয় অনুসৰি- শ্ৰী ফিলিপ্ পাৰা এজন ২৬ বছৰীয়া ফৰাচী যুৱক। তেওঁ ফ্ৰেন্স ফিল্ম ইন্সটিটিউটত প্ৰশিক্ষণ-প্ৰাপ্ত এজন সুদক্ষ কেমেৰামেন। প্ৰায় ডেৰবছৰ কাল তেওঁ আলজেৰিয়াৰ ফিল্ম ইন্সটিটিউটত শিক্ষক হিছাপে কাম কৰিছিল।

সাক্ষাৎকাৰটোত তেওঁক সোধা এটা প্ৰশ্ন হ’ল— আপুনি অসমৰ ডেকা-গাভৰুসকলৰ লগত মিলামিচা কৰিবলৈ সুযোগ পাইছেনে? যদিহে পাইছে তেন্তে তেওঁলোকৰ বিষয়ে আপোনাৰ ধাৰণা?

তেওঁ উত্তৰ দিছিল এনেদৰে—

মই অসমৰ সকলো সামাজিক পৰিবেশৰ ডেকাসকলক লগ পাইছোঁ। তেওঁলোকৰ পৰা মই অতি সস্নেহ সমাদৰ আৰু আন্তৰিক বন্ধুত্ব লাভ কৰিছোঁ। তেওঁলোকৰ যিটো বৈশিষ্ট্যই মোৰ মনত আটাইতকৈ বেছি ৰেখাপাত কৰিছে সেইটো হ’ল তেওঁলোকৰ আবিশ্বাস্য নিষ্কিয়তা। অৱশ্যে সকলোবোৰেই তেনে নহয়। কিন্তু বেছিভাগেই যে তেনেকুৱা সেইকথা ঠিক। তেওঁলোকে হয় নিজৰ পৰিস্থিতিক স্বীকাৰ কৰি লৈ দিনৰ পিছত দিন উদ্দেশ্যহীন অধ্যয়ন বা অনাকৰ্ষণীয় কাম-কাজত মগ্ন হৈ থাকে, অথবা তেওঁলোকে যদি কিবা পৰিৱৰ্তন বা উদ্দেশ্যৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে কেইদিনমানৰ কাৰণে তেওঁলোকে বেলেগ কিবা এটা কৰিবলৈ চেষ্টা কৰে; কিন্তু নিজৰ সাফল্যত ইমান সোনকালে সন্তুষ্ট হৈ পৰে যে তাৰ পিছৰ পৰা তেওঁলোকে আনৰ আগত নিজৰ প্ৰতিভা বা সাফল্যৰ কথা কৈ কৈয়ে দিনবোৰ পাৰ কৰি দিয়ে। অথবা তেওঁলোকে নিজৰ ব্যৰ্থতাৰ কাৰণে নিজৰ চেষ্টা আৰু আন্তৰিকতাৰ অভাৱৰ বাহিৰে আন নানা প্ৰকাৰৰ অজুহাত বিচৰাতে ব্যস্ত হৈ পৰে….. আৰু আন যিটো কথাই মোৰ দৃষ্টি আকৃষ্ট কৰিছে সেইটো হ’ল অতি সৰুৰপৰা অতি ডাঙৰ সকলো মানুহৰ ভিতৰতে পৰশ্ৰীকাতৰতা, ষড়যন্ত্ৰ আৰু তুচ্ছ্য ঈৰ্ষাৰ আধিক্য যাৰ প্ৰভাৱত পৰি মানুহবোৰে নিজৰ সকলো শক্তি-সামৰ্থ, ভণ্ডামি আৰু গোপন স্বাৰ্থবুদ্ধিৰ কাৰণেই খৰচ কৰি শেষ কৰি দিয়ে। কিন্তু এই সকলোবোৰ মন্তব্য অসমৰ পৰিস্থিতিৰ লগত অপৰিচিত এজন ইউৰোপীয়ানৰ প্ৰথম প্ৰতিক্ৰিয়াৰ বাহিৰে আন একো নহয়। ব্যক্তিগতভাবে ক’বলৈ গ’লে ইয়াত মই এনে কেইজনমান বন্ধু লগ পাইছোঁ যিসকলৰ যোগ্যতাৰ ওপৰত মোৰ পূৰা আস্থা আছে আৰু যিসকলৰ মাজত মই বহুতো মানৱীয় গুণ আৱিষ্কাৰ কৰিছোঁ।

মহিলাসকলৰ বিষয়ে মোৰ ধাৰণা এয়ে যে তেওঁলোকে এতিযাও পুৰুষৰ সমাজৰ পৰা আঁতৰি নিজৰ সুকীয়া জগততেই বাস কৰি আছে। মই অৱশ্যে যিসকল মহিলাক লগ পাইছোঁ তেওঁলোকৰ মাজত হতাশাৰ পৰিমাণ কম বুলি মই অনুভৱ কৰিছোঁ। এইসকল মহিলা অতীতৰ পৰম্পৰাৰ লগত বিচ্ছেদৰ আৰু আধুনিক জীৱনধাৰাৰে সূচনাৰ প্ৰতীক। কেৱল শাৰীৰিক অস্তিত্ব বা উপস্থিতিৰ দ্বাৰাই তেওঁলোক অসমীয়া সমাজৰ প্ৰাণ বা নিৰ্যাসস্বৰূপ আৰু এক সহজাত লজ্জা বা সংকোচে তেওঁলোকক অধিক আকৰ্ষণীয় কৰি তুলিছে।

[ক’বলৈ গ’লে, এজন ২৬ বছৰীয়া বিদেশী যুৱকে আন এটা জাতিৰ বিষয়ে ইমান স্পষ্টকৈ কৈ দিবলৈ সাহস পালে কেনেকৈ তাক ভাবোঁতেই ওলাই পৰে যে গোটেই জাতিটোৰ দুৰ্বলতাবোৰ কেনেকৈ জলজল পটপটকৈ প্ৰকাশ হৈ আছে, যিবোৰৰ অন্ত হোৱাৰ সম্ভাৱনাৰ কথা ভাবিবই নোৱাৰি। ১৯৬৯ চনতে কথাখিনি প্ৰকাশ হ’লেও আজিও কিন্তু ই সম্পূৰ্ণ সত্য বা অধিক সত্য হৈ আছে।]

(৩) চৰাইটোৰ গান শুনি

এদিন এটা কুলি চৰায়ে বাট হেৰুৱাই নৰকত সোমালগৈ। নৰকৰ জুয়ে পোৰা এজোপা গছৰ ডালত বহি সি গান গাবলৈ ধৰিলে। তাৰ গান শুনি শুনি নৰকত বাস কৰা প্ৰেতাত্মাবোৰৰ মনত পৰি গ’ল গছ আৰু বতাহ আৰু সোণোৱালী দিনৰ কথা।

নৰকত কুলি চৰাইটোৰ গান শুনাৰ পিছতহে প্ৰেতাত্মাবোৰে জানিলে যে সিহঁত ইতিমধ্যেই মৰিছিল। গান শুনি শুনি সিহঁতৰ মনত মনুষ্যত্ব সাৰ পাই উঠিল। এজনে হাত দুখন মেলি আন এজনক ভাই বুলি বুকুৰ মাজলৈ টানি ল’লে।

— জেইমছ এলৰয় ফ্লেকাৰ।

(পৰম উৎকৰ্ষৰ নিদৰ্শন এই কবিতাটো শতাব্দীৰ পিছত শতাব্দী ধৰি মানুহৰ মনত সজীৱ হৈ থাকিব।  এডুইন মৰ্খাম।)

[উৎস: সাতসৰী, ১/১/২০০৭]

মূল কবিতাটো:

Tenebris Interlucentem

A linnet who had lost her way

Sang on a blackened bough in Hell,

Till all the ghosts remembered well

The trees, the wind, the golden day.

At last they knew that they had died

When they heard music in that land,

And someone there stole forth a hand

To draw a brother to his side.

— James Elroy Flecker.

(৪) যীশু আৰু সাধু

বহুদিনৰ আগতে জে কৃষ্ণমূৰ্তিৰ কিতাপ এখনত সৰু কাহিনী এটা পঢ়িছিলোঁ। কিতাপখন এই মুহূৰ্তত মোৰ ওচৰত নাই বাবে স্মৃতিৰ পৰাহে মই কাহিনীটো ক’ব লাগিব।

যীশুখৃষ্ট ক্ৰুছবিদ্ধ হোৱাৰ সময়ত অগণন জনতা তেওঁৰ প্ৰতি শ্ৰদ্ধা, স্নেহ আৰু অসহায় কৰুণাৰ আবেগেৰে উদ্বেলিত হোৱা এক অবৰ্ণনীয় দৃশ্যৰ সৃষ্টি হৈছিল, তেওঁৰ অমৰত্ব হৈছিল নিশ্চিত আৰু সেই মুহূৰ্তৰ পৰাই যীশুখৃষ্ট ৰূপান্তৰিত হৈছিল ঈশ্বৰলৈ।

এই দৃশ্যৰ মাজতে দেখা গ’ল, এগৰাকী সাধুৱে বুকুত ভুকুৱাই ভুকুৱাই কান্দি আছে। তেওঁৰ ওচৰ চাপি জনা গ’ল, যীশুক হেৰুওৱাৰ বেদনাত তেওঁ কন্দা নাই; তেওঁ কান্দিছে যীশু হ’ব নোৱৰাৰ বেদনাতহে। কন্দাৰ সময়ত তেওঁ বিলাপ কৰিছে এইদৰে— ‘মইতো যীশুতকৈয়ো অনেক বেছি অলৌকিক শক্তিৰ অধিকাৰী, ৰোগীৰ মূৰত হাত থৈ মই নিমিষতে সুস্থ কৰি তুলিব পাৰো মানুহ, শিল চেপি উলিয়াব পাৰো পানী, আকাশৰ পৰা ইচ্ছা গ’লেই মই নমাই আনিব পাৰো মুষলধাৰে বৃষ্টি, তেনেহ’লে যীশুক ক্ৰুছত দি অমৰ কৰাতকৈ মোক ক্ৰুছত দি অমৰ নকৰিলে কিয়?’ হয়তো যীশুৰ এনেকুৱা কিবা এটা আছিল যি সেই সাধুজনৰ নাই!

— ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী।

(উৎস: “প্ৰতিভাৰ পুৰস্কাৰ আৰু বিপদ” শীৰ্ষক প্ৰবন্ধ। “প্ৰতিভাৰ পুৰস্কাৰ” গ্ৰন্থখনত সন্নিবিষ্ট।)

 (৫)

“তেওঁ জ্যোতিপ্ৰসাদে গ্ৰহণ কৰা ‘সংস্কৃতি’ৰ ধাৰণাটো কিছু সংস্কাৰ কৰি culture শব্দটোৰ অসমীয়া প্রতিশব্দৰূপে গ্রহণ কৰিলে ‘কৃষ্টি’ শব্দটো। কাৰণ ‘কৃষ্টি’ শব্দটোৱে জীৱন নির্বাহৰ বুনিয়াদী শ্ৰমৰ ধাৰাৰ পৰা সংস্কৃতিক বিচ্ছিন্ন নকৰে। একে সময়তে জ্যোতিপ্ৰসাদৰ ‘সুন্দৰ’ৰ ধাৰণাতো বাস্তৱ সমাজৰ দ্বন্দ্ব আৰু গতিৰ অন্তর্ভুক্ত হৈছিল।”

– ডঃ হীৰেন গোহাঁই৷ বিষ্ণু ৰাভা সম্পৰ্কীয় এটা প্ৰবন্ধত৷

“…… ৷ আদর্শগত বিভ্রান্তিৰ বাবেই হাজৰিকাদেৱৰ মনৰ পৰা এই পার্থক্য যেন লুপ্তপ্ৰায় হৈছিল। তেওঁ কেতিয়াবা ‘সংযুক্ত মুক্তি বাহিনী’ৰ সমর্থনত গীত ৰচিছিল, কেতিয়াবা ‘সন্ত্রাসবাদৰ বিৰুদ্ধে’ চিনেমা কৰাৰ কথা ভাবিছিল। সমকালীন ৰাজনীতিত তেওঁৰ অৱস্থান ব্যক্তিগত সা-সুবিধা আদায় কৰাৰ সুযোগৰ ওপৰত ক্ৰমাৎ নিৰ্ভৰশীল হৈ পৰিছিল। অৱশ্যে তেওঁৰ বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক শক্তি আৰু উদ্যম স্বাভাৱিকতে কমি আহিছিল, আনৰ ওপৰত নির্ভৰশীলতা বৃদ্ধি পাইছিল। তেনে সহায়-সাৰথি হোৱাৰ বিনিময়ত আনেও তেওঁক প্ৰভাৱিত কৰাৰ সুযোগ পাইছিল। বামপন্থী শিৱিৰৰ লগত যােগাযােগ হ্রাস পােৱাটোও এই শিথিলতাৰ অন্যতম প্রধান কাৰণ হ’ব পাৰে।”

– ডঃ হীৰেন গোহাঁই৷ ভূপেন হাজৰিকা সম্পৰ্কীয় এটা প্ৰবন্ধত৷

“…… ৷ টিভি এতিয়া কেৱল
ধন উপার্জনৰ আহিলা। মালিকে তেনে ধৰণে টিভি চেনেলে চলায় যাৰ দ্বাৰা তেওঁৰ ব্যৱসায়িক লাভ বৃদ্ধি হয়। তেওঁ তেনে মানুহ নিয়ােগ কৰে যি সেই উদ্দেশ্য সিদ্ধিত তেওঁক সহায় কৰে। তাত জাতীয় সংস্কৃতিৰ শ্ৰীবৃদ্ধি বা সবলীকৰণৰ কোনাে আগ্রহেই নাই। সেয়ে বানপানীৰ দৰে কুৰুচিপূর্ণ বিজ্ঞাপন, বিস্ফোৰক যৌনতা, অত্যন্ত স্থূল ধৰণৰ নৃত্য-গীত-ধাৰাবাহিকৰ কাৰ্যসূচী অবাধে আৰু অসংকোচে কৰা মুম্বাইৰ সস্তীয়া ফিল্মী সংস্কৃতিৰ অনুকৰণ— এইবােৰেই এই মুহূর্তত একো একোটা প্রজন্মৰ আৱেগ-অনুভূতি, চিন্তাধাৰাক এক বিশেষ ধৰণৰ গড়ালত ভৰাই দিছে। য’ত ডেকা-গাভৰুৰ একমাত্র ধ্যান প্রেম আৰু প্ৰেমৰ প্রকাশ্য ৰূপ উৎকট যৌনতা। সেইদৰে ধাৰাবাহিকৰ কাহিনীভাগৰ সামাজিক দ্বন্দ্ব-সংঘাত লুপ্ত কৰি তাক কেৱল ব্যক্তিগত সংঘাতলৈ ৰূপান্তৰিত কৰি বা পুলিচ আৰু অপৰাধীৰ সংঘর্ষত পৰিণত কৰি দৰ্শকবৃন্দৰ মনৰ পৰা কেতবােৰ আৱশ্যকীয় সামূহিক ধাৰণা অপসাৰণ কৰা হৈছে। ভােগবাদ আৰু নির্লজ্জ, নিঃসংকোচ ব্যক্তিকেন্দ্রিকতা উঠি অহা প্ৰজন্মৰ বাবে আদর্শ কৰি তােলা হৈছে– তাকো ‘উৎকর্ষ’ৰ আৱৰণ দি।”

– ডঃ হীৰেন গোহাঁই৷

[উৎস: “প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ” শীৰ্ষক গ্ৰন্থ৷]

(৬)

“………….
অৱশ্যে নানা সামাজিক আৰু পৰিবেশগত কাৰণত অসমীয়াসকল আন জাতিৰ মানুহতকৈ তুলনামূলকভাৱে এলেহুৱা স্বভাৱৰ মানুহ বুলি আগৰ পৰাই এটা দুর্নাম আছে। ‘ধোদৰ আলি’ নামৰ আলি গোটেই পৃথিৱীৰ ভিতৰত একমাত্র অসমতহে আছে। আহোম ৰজা গদাধৰ সিংহৰ দিনত অসমত ধােদৰ সংখ্যা ইমান বাঢ়ি গৈছিল যে তেওঁলােকক কাম কৰিবলৈ বাধ্য কৰিবলৈ ৰজাই তেওঁলােকক এটা আলি বন্ধাৰ কামত লগাই দিছিল। সেই আলিটোৰেই নাম হ’ল ধােদৰ আলি। অসমত ধােদৰ সংখ্যা বৃদ্ধি পায় ধর্মচর্চা নামত।

অনুৰূপ ঘটনা ৰাছিয়াতাে ঘটিছিল৷ মহামতি পিটাৰৰ ৰাজত্ব কালত বহুতাে ৰাছিয়ান ডেকা মানুহে সামৰিক বাহিনীত যােগ নিদিয়াকৈ থকাৰ উদ্দেশ্যে দলে দলে ধর্মীয় মঠবােৰত আশ্ৰয় লৈছিল। ফলত ৰাছিয়াত কর্ম-বিমুখ সন্ন্যাসীৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাইছিল৷ সেই কাৰণে পিটাৰে ধর্মীয় মঠবােৰক কঠোৰভাৱে নিয়ন্ত্রিত কৰিব লগা হৈছিল।

সি যি কি নহওক, অসমত আলস্য-প্রীতিৰ এটা দীঘলীয়া পৰম্পৰা
আছে। আহােম ৰাজত্বৰ অৱক্ষয়ৰ যুগত একাংশ অসমীয়াই কানি খােৱাৰ অভ্যাসাে আৰম্ভ কৰিছিল। সেই পৰিস্থিতিৰ সুযােগ লৈ বিদেশী ব্রিটিছ শাসকসকলে চৰকাৰী ব্যৱস্থাৰ যােগেদি অসমত কানিৰ পােহাৰ মেলিছিল। উদ্দেশ্য আছিল গােটেই জাতিটোকে কানীয়া, এলেহুৱা আৰু অৱসাদ-গ্রস্ত
কৰি ৰখা।

এতিয়া অসমীয়া মানুহে কানি খােৱাৰ অভ্যাস পৰিত্যাগ কৰিছে। কিন্তু যিটো নিচা কানিতকৈয়াে বেছি সর্বনাশী — আলস্যৰ নিচা — তাৰ পৰা তেওঁলােক এতিয়াও মুক্ত হ’ব পৰা নাই। অসমীয়া মানুহৰ এই স্বভাৱ-দোষটো আমাৰ নিজৰ মানুহতকৈ অসমত কর্ম-সূত্রে থকাৰ অভিজ্ঞতা থকা অনা-অসমীয়া মানুহৰ চকুত বেছিকৈ পৰে। মােৰ সকলাে অনা-অসমীয়া বন্ধুৱেই একমুখে মােক কয় যে অসমীয়াসকলৰ নিচিনা এলেহুৱা আৰু পৰিশ্ৰম-বিমুখ জাতি গােটেই পৃথিৱীতে দ্বিতীয় এটা নাই।”

হোমেন বৰগোহাঞি(“কাম কৰাৰ আনন্দ” নামৰ কিতাপখনৰ পৰা৷)

(৭)

যোৱা ফেব্ৰুৱাৰি মাহৰ ১ তাৰিখে জাৰ্মানীৰ মিউনিক চহৰত ভেয়াৰ্নাৰ্ হাইচে’নবাৰ্গৰ মৃত্যু হৈছে। বাতৰি কাকতৰ সংক্ষিপ্ত বিজ্ঞপ্তিত কোৱা হৈছে যে মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৫ বছৰ হৈছিল, তেওঁ মিউনিকৰ মাক্স প্লাংক্ সংস্থাৰ সঞ্চালক আছিল, আৰু তেওঁ ১৯৩২ চনত পদাৰ্থবিজ্ঞানত ন’বেল পুৰস্কাৰ লাভ কৰিছিল।

এইখিনি খবৰে আমাক সন্তুষ্ট কৰা নাই। তৃতীয় শ্ৰেণীৰ মন্ত্ৰী আৰু চতুৰ্থ শ্ৰেণীৰ চিত্ৰতাৰকাৰ মৃত্যু হ’লেও কাগজত ইয়াতকৈ ঢেৰ বেছি জীবন-বৃত্তান্ত প্ৰকাশ হয়। হাইচে’নবাৰ্গ (বা হাইজে’নবাৰ্গ)ৰ ক্ষেত্ৰত এই কাৰ্পন্য আশ্চৰ্যজনক। হাইচে’নবাৰ্গৰ মৃত্যুয়ে যে ৰেডিঅ’-বাতৰিকাকত আদিত বিশেষ কোনো আলোড়নৰ সৃষ্টি নকৰিলে, তাৰ এটা কাৰণ হয়তো এয়ে যে তেওঁ কোনো “চাঞ্চল্যকৰ” বা হুলস্থূল সৃষ্টিকাৰী বস্তুৰ লগত জড়িত নাছিল — যেনেকুৱা বস্তু হ’ল পৰমাণু বোমাৰ বিস্ফোৰণ বা চন্দ্ৰত মহাকাশযানৰ অবতৰণ। তথাকথিত ‘ইলেকট্ৰনিক মগজু’ বা লে’জাৰ-ৰশ্মি আদিৰ দৰে চমকপ্ৰদ বস্তুৰ লগতো তেওঁ জড়িত নাছিল, বা এনে কোনো বস্তুৰ লগতো নহয় যাৰ আশাত সকলো ৰৈ আছে — যেনে, বিশ্বজগতৰ সমস্ত মৌলিক পদাৰ্থকণাৰ এটা চূড়ান্ত সূত্ৰ (যদিও তেওঁ চেষ্টা এটা দিছিল) বা কেন্সাৰ ৰোগৰ ঔষধ। কিন্তু দৰ্শন আৰু বিজ্ঞানৰ কিছুমান একেবাৰে মূল প্ৰশ্নৰ অন্তঃস্থললৈ সোমাই গৈ হাইচে’নবাৰ্গে আলোকপাত কৰিছে — তেওঁৰ সূত্ৰ নুবুজাকৈ কোৱাণ্টাম্-তত্ত্বৰ ছাত্ৰ আগুৱাব নোৱাৰে।

সেয়ে এই প্ৰবন্ধত আমি এই ত্ৰুটি কিছুদূৰ পূৰণ কৰিবৰ চেষ্টা কৰিম। হাইচে’নবাৰ্গৰ জীৱনী লেখা এই প্ৰবন্ধৰ উদ্দেশ্য নহয় — তেওঁৰ কেতিয়া জন্ম হৈছিল, ক’ত জন্ম হৈছিল, ক’ত ক’ত শিক্ষালাভ কৰিছিল, কি কি গৱেষণা প্ৰকাশ কৰিছিল, ন’বেল পুৰস্কাৰৰ বাহিৰে আৰু কি কি পুৰস্কাৰ আৰু সন্মান অৰ্জন কৰিছিল — এইবোৰ তালিকা যিকোনো বিশ্বকোষ মেলি চালে পোৱা যাব। পদাৰ্থবিজ্ঞানৰ নানা বিষয়ত তেওঁ মৌলিক আৰু উল্লেখযোগ্য কাম কৰি গৈছে (লৌহচুম্বকত্ব, মৌলিক পদাৰ্থকণা, অতিপৰিবাহিতা, ইত্যাদি), কিন্তু সেইবোৰৰ বিবৰণ দিয়াও এই প্ৰবন্ধৰ উদ্দেশ্য নহয়। ইয়াত আমি তেওঁৰ মাথো এটা তত্ত্বৰ বিষয়ে চমুকৈ আলোচনা কৰিম, যিটো কাম তেওঁ তেওঁৰ ভৰ-ডেকা বয়সতে (কুৰিৰ দশকত) কৰিছিল (২৬ বছৰ বয়সতে তেওঁ পদাৰ্থবিজ্ঞানৰ পূৰ্ণাংগ অধ্যাপক হৈছিলগৈ), যিটো তত্ত্ব সম্পূৰ্ণ মূল কথাৰ লগত জড়িত। এই তত্ত্বটো বহুতে এটা ‘উদঘাটন’ বুলি বিবেচনা কৰে, আৰু ই দৰ্শন আৰু বিজ্ঞানৰ এটা প্ৰচলিত ধাৰণা একেবাৰে সলনি কৰি দিছে। …………..

— সুৰেন্দ্ৰ নাথ মেধি।

(“হাইচে’নবাৰ্গ্ প্ৰসংগ” শীৰ্ষক প্ৰবন্ধ। গ্ৰন্থ: “চিন্তাৰ বেগ কিমান”।
বিজ্ঞানী সুৰেন্দ্ৰ নাথ মেধিয়েই শ্ৰেষ্ঠ অসমীয়া গল্পকাৰ সৌৰভ কুমাৰ চলিহা বুলি জনা যায়।)

No Comments

Post A Comment