টোকাবহী (অণু-প্ৰবন্ধ) : ১ – ১০

(১) সাময়িক বিফলতা আৰু সফলতা

বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়াই থকা অৱস্থাত এটি প্ৰসংগত হঠাতে এদিন ছাৰ এজনে কৈছিল— “মই জীৱনৰ প্ৰথম সাক্ষাৎকাৰটোতেই চাকৰি পাইছিলোঁ, আৰু সেইদিনা মোৰ লগত যি হাৰিছিল তেওঁ আজি মোতকৈ বহুদূৰ আগুৱাই গ’ল; মোৰ জীৱনৰ আচল কৌতুকটো হ’ল— মই যদি সেইদিনা হাৰিলোঁহেতেন মই আৰু আগুৱাই যাব পাৰিলোঁহেতেন...।”

তেখেতে জেদত বা দুখত কথাটো কোৱা নাছিল, পৰিস্থিতিটোৰ কথাহে কৈছিল। যদি তেখেতে সেইদিনা চাকৰিটো নাপালেহেঁতেন তেন্তে তেখেতে কৰিবলগীয়া কামখিনিত কিছুদিন একান্তভাৱে মন দিব পাৰিলেহেঁতেন যি তেখেতক সোনকালে বহুদূৰ আগুৱাই লৈ গ’লহেঁতেন...। এজন তীক্ষ্ণধী ব্যক্তি হিচাপে তেখেতে নিজৰ প্ৰতিটো লক্ষ্যতেই উপনীত হ’বগৈ পৰিব, কিন্তু সেই চাকৰিটো কৰাৰ কাৰণেই তেখেতে প্ৰতিটোতেই কিছু পলমকৈ উপনীত হ’ব...।

কথাখিনি মনলৈ আহিল, NIT এখনত চাকৰি কৰি থকা বন্ধু এজনে কথা প্ৰসংগত কোৱা এই কথাখিনি শুনি— তেওঁৰ লগৰ কাৰোৱে প্ৰতি বেয়া ভাৱ নাই, কাৰোৱে প্ৰতি জেদ নাই, নিজৰ মতে আগুৱাই গৈ আছে...; কিন্তু তেওঁৰ চাকৰি সংক্ৰান্তীয় জীৱনৰ প্ৰথম পৰীক্ষাটোত, নিজে অধিক যোগ্য হোৱাৰ পাছতো তেওঁতকৈ বহু অযোগ্য লগৰে এজনী ছোৱালীয়ে চাকৰিটো অন্যায় কৰি লৈ ল’ব পাৰিছিল। তেওঁ কিছু হতাশ হৈ পৰিছিল আৰু ছোৱালীজনীলৈ বহুত খং উঠিছিল। কিন্তু আজি তেওঁ ভাৱে— সেই চাকৰিটো তেওঁ পোৱা হ’লে বা অন্যায় কৰি তেওঁক চাকৰিটো নিদিলে বুলি হতাশাত ভাগি পৰা হ’লে আজি তেওঁ যিমানখিনি কাম কৰিব পাৰিছে সিমানখিনি কাম কৰিব নোৱাৰিলেহেঁতেন...।

অৰ্থাৎ, কাৰোবাৰ অন্যায় বা বিফলতাই বা কাৰোবাৰ প্ৰত্যাখ্যানেও আপোনাক কেতিয়াবা পূৰ্ৱৰ তুলনাত বহুদূৰ আগুৱাই যোৱাত সহায়হে কৰে। মাথোঁ হতাশ হ’ব নালাগে।

() আনৰ সফলতাত কিছুমান উচ্চ-শিক্ষিত মানুহৰ প্ৰতিক্ৰিয়া কেনে হ পাৰে

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত মই ১ম বাৰ্ষিকত থাকোঁতে গণিত বিভাগৰে এজন কৃতি শিক্ষকে অৱসৰ লৈছিল, যিজন শিক্ষক মহাবিদ্যালয়ৰ প্ৰশাসনিক আৰু নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰতো সুদক্ষ বুলি মহাবিদ্যালয়ৰ পৰিয়ালৰ লগতে গোটেই সদৰখনতো কিছু আদৰৰ আছিল। গণিত বিভাগৰ তৰফৰ পৰা বিদায় জনোৱা সভাখনত অতি চমু বক্তৃতাতে তেখেতে অভিজ্ঞতাৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল। তেখেত অতি দুখীয়া পৰিয়ালৰ ল’ৰা হৈয়ো কষ্ট কৰি কিতাপ গোটাই পঢ়ি সকলো পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। তেখেতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত (সম্ভৱতঃ তেতিয়া পৰীক্ষাটো বেলেগ নামৰে পৰিচিত আছিল) প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গণিতত লেটাৰ মাৰ্ক লাভ কৰিছিল। পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছ দিনাহে বাতৰিৰ জৰিয়তে তেখেতে নিজৰ ফলাফল জানিব পাৰিছিল, তাকো ঘৰৰ পৰা বহু দূৰত থকা আঢ্যৱন্ত চিকিৎসক এজনৰ ঘৰলৈ গৈ বাতৰিখন চাই খবৰ ল’ব লগা হৈছিল। তেখেতে খোজকাঢ়ি গৈ চিকিৎসকজনৰ ঘৰ পালেগৈ আৰু ফলাফলটো চাব বিচাৰিলে। চিকিৎসকজনে ফলাফলটো চাই দিলে আৰু কিছুসময় তেখেতৰ মুখলৈ চাই থাকি ক’লে— “এইবাৰ প্ৰশ্ন-কাকতখন সহজ আহিছিল নেকি বাৰু?”

() হাজাৰ বিফলতাৰে লিখিত কিতাপ এখন

Markus Zusak নামৰ এজন লেখকে The Book Thief নামৰ এখন কিতাপ লিখিছিল, যিখন কিতাপ “নিউয়ৰ্ক টাইমছ বেষ্ট-চে’লাৰ লিষ্ট”ত প্ৰায় ২৩০ সপ্তাহ আছিল। যিখনৰ প্ৰায় ৮ নিযুত ক’পি এতিয়ালৈকে বিক্ৰী হৈছে, আৰু অনুবাদ হৈছে ৪০টা ভাষালৈ। ২০১৩ চনত হলিউডৰ পৰা এই কিতাপখনৰ কাহিনীৰে এখন বোলছবিও নিৰ্মিত হৈছে। Markus Zusakয়ে সেই কিতাপখন কেনেকৈ লিখিছিল?

২০০২ চনত তেওঁ এখন কিতাপ লিখিবলৈ বুলি আৰম্ভ কৰিলে— কাহিনীটো কেনেকৈ আৰম্ভ কৰিব, কেনেকৈ শেষ কৰিব, কিমানটা অধ্যায় থাকিব, কিমান পৃষ্ঠা হ’ব, এই সকলোখিনি তেওঁ জুকিয়াই ল’লে; কিন্তু তেওঁ যেতিয়া লিখি গ’ল— নাই..., তেওঁৰ পছন্দ হোৱা নাই। তেওঁ পুনৰ লিখিলে বেলেগ ধৰণেৰে; নাই..., তেতিয়াও তেওঁৰ পছন্দ হোৱা নাই। বহু চেষ্টা কৰিলে তেওঁ, বিভিন্ন ধৰণেৰে। লিখিছে, কাটিছে; লিখিছে কাটিছে; কিন্তু নিজে লিখিম বুলি ভবাৰ দৰে কাহিনীটো ওলাই অহা নাই। এইদৰেই তেওঁ প্ৰথম অংশটো লিখি উলিয়াবলৈ ১৫০ ৰ পৰা ২০০ বাৰ পৰ্যন্ত চেষ্টা কৰিলে। আৰু এইবাৰ! সেই দুশ বাৰৰ অন্তত তেওঁ অনুভৱ কৰিলে— হয়, ইয়েই যথাৰ্থ! তাৰ পাছত তেওঁ লিখি গ’ল; কাটিলে, সম্পাদনা কৰিলে, পুনৰ লিখিলে... আৰু অৱশেষত তিনি বছৰৰ মূৰত লিখি সম্পূৰ্ণ কৰি তেওঁ কিতাপখনৰ নাম দিলে— The Book Thief.

এই যে বাৰে বাৰে তেওঁ বিফল হৈছিল, বিভিন্ন অধ্যায় মিলি তেওঁ হাজাৰবাৰ বিফল হৈছিল। কিন্তু সেই সপোন— যে তেওঁ মনে বিচৰা এটা ধৰণেৰে লিখি উলিয়াব বিচাৰে, সেইটো পাবলৈ তেওঁ কেৱল সপোন দেখাই নাছিল, বাৰে বাৰে বিফল হোৱাৰ পাছতো তেওঁ চেষ্টা কৰি গৈছিল সপোনক বাস্তৱত পাবলৈ। ইয়াকেই কোৱা হয়— “সপোনক বাস্তৱত পাবলৈ বাৰে বাৰে কৰ্ষণ কৰিব লগা হয় সৃষ্টিশীলতাক।” সেই বিফলতাবোৰে Markus Zusakক নিজকে পুনৰাৱিষ্কাৰ কৰাইছিল। আৰু পিছত তেওঁ এবাৰ কৈছিল— সেই প্ৰতিটো বিফলতাই, তেওঁ প্ৰকৃততে যি লিখিব বিচাৰে তাৰ অধিক কাষলৈ তেওঁক লৈ গৈ আছিল।

(সহায় লৈ)

(৪) সমানুপাতিক নিন্দা

সচৰাচৰ কৰিব লগা কামবোৰ কৰি যোৱাৰ পাছত আপুনি যদি সৰুকৈ হ’লেও আনে নকৰা কাম এটা কৰিবলৈ আৰম্ভ কৰে বা সচৰাচৰতে আনে কৰাতকৈ অলপ বেছি কিবা কৰিবলৈ নিজে নিজেই যত্ন কৰে, তেন্তে আপোনাক অযথাকৈ ঠাট্টা-বিদ্ৰুপ কৰা মানুহৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। মহৎ লক্ষ্যৰ পিনে বা মহৎ উদ্দেশ্যৰে আগুৱাই যোৱাসকলৰ কথা বাদেই দিছোঁ, আনকি সৰু সৰু কথাৰ ক্ষেত্ৰতো এইবোৰ দেখা যায়। এনেকুৱা ক্ষেত্ৰত হতাশ নহ’বলৈ সকলোৱে আমোদজনক খোৰাক পাব পৰা এটা বেলেগ উদাহৰণ—

এবাৰ এগৰাকী যুৱতীয়ে এখন বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ-বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লৈ LLB কৰিবলৈ আৰম্ভ কৰিছিল। বহুতো মানুহৰ মুখত “আৰুনো কিমান পঢ়?”, “ইমান পঢ়ি আমনি লগা নাইনে?”, “তোৰ কিন্তু ধৈৰ্য আছে দেই, আৰু কিমান পঢ়িবি?”, “ছোৱালী মানুহেও ইমান পঢ়েনে?” আদি কথাবোৰ শুনি শুনি অতিষ্ঠ হৈ তাই এদিন কৈছিল— স্কুলত মোৰ লগত একেটা শ্ৰেণীতে পঢ়া কেইজনীমান ছোৱালীয়ে এতিয়াও হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়েই আছে; সিহঁতেও মোৰ দৰেই সদায় পঢ়িয়েই আছে। সিহঁতক “বহুত ধৈৰ্য আছে!”, “আৰুনো কিমান পঢ়?” আদি কথাবোৰ কোনেও নকয়; সবেই সিহঁতক কয়— “পঢ় পঢ়, পঢ়ি থাক।” কিন্তু সেই একেবোৰ মানুহেই, আন নালাগে সেই লগৰকেইজনীয়েও মোক কয়, “আৰুনো কিমান পঢ়? তোৰ কিন্তু ধৈৰ্য আছে দেই....”

() আপুনি কী এটা ডবোৱা কাৰ্যটোৰ মূল্য

মাইক্ৰ'চফ্টত কৰ্মৰত বিশেষজ্ঞ; একেধাৰে প্ৰগ্ৰেমাৰ, লেখক আৰু বক্তা স্কট হাঁছেলমেনে ২০১০ চনৰ তেওঁৰ এটা প্ৰবন্ধত লিখিছিল, “আপোনাৰ মৃত্যুৰ পূৰ্বে আৰু মাথোঁ সীমিত সংখ্যককী”হে আপোনাৰ ডবাবলৈ বাকী আছে তেওঁ এই ধাৰণাটো লৈছিল তেতিয়া মাইক্ৰ'চফ্টতে কৰ্মৰত আন এগৰাকী লেখক য়ন ইউডেলৰ পৰা। জীৱন-যাপনৰ স্বভাৱ তথা ব্যক্তিত্বৰ উৎকৰ্ষ-সাধন কৰি পৃথিৱীত কিছু ফলপ্ৰসূ কাৰ্য সমাপন কৰি যাবলৈ উদ্যম তথা সামৰ্থ্য আহৰণৰ বাবে প্ৰেৰণা-দায়ক জনপ্ৰিয় ব্লগাৰ জেমছ ক্লীয়েৰে এওঁলোকৰ কথা বিশ্লেষণ কৰি লিখিছিল : জীৱনত আপুনি সীমিত সংখ্যক কী হে ডবাবলৈ পাব৷ এটা কী এবাৰ ডবোৱা মানেই আপুনি আপোনাৰ অন্তিম সময়লৈ এখোজ আগুৱাই গৈ আছে৷ গতিকে, সেইসমূহ ইমেইল-মেছেজৰ উত্তৰ দিয়াত কিয় লাংখালিংখিকৈ অত্যধিক খৰচ কৰে, যিসমূহ কেৱল এজন ব্যক্তিয়ে এবাৰেই পঢ়িব, আৰু তেৱোঁ পুনৰ কেতিয়াও সেইখিনি ঘূৰাই নপঢ়ে৷ য’তনেকি তাৰ পৰিৱৰ্তে একেখিনি কীৰেই আপুনি লিখিব পাৰিলেহেঁতেন একোটা প্ৰবন্ধ, যিটোৰ পৰা ১০০০জন মানুহ উপকৃত হ'ব; একোটা ব্লগত আগবঢ়াব পাৰিলেহেঁতেন মন্তব্য, যিটো অন্ততঃ ১০ জনৰ কামত আহিব; একোটা কবিতা পাৰিলেহেঁতেন লিখিব, যিটো অন্ততঃ ২৫জনে উপভোগ কৰিব৷

পঠনীয়:  টোকাবহী (সংগ্ৰহ) : ১ – ১০

() চকুপানী

ভি এছ নাইপলে ন'বেল বঁটা লাভ কৰাৰ পাছত কোনোবাই লিখা এটা প্ৰবন্ধত পঢ়িবলৈ পাইছিলোঁ— তেওঁ হেনো কেতিয়াবা নিজে লিখা উপন্যাসবোৰ নিজে পঢ়ে আৰু তাৰ চৰিত্ৰবোৰৰ দুখ-দুৰ্দশা দেখি উচুপি উচুপি কান্দে, সেই দৃশ্য অসহায়ভাবে চাই ৰয় তেওঁৰ পত্নীয়ে...৷ সিদিনা এটা প্ৰবন্ধত পালোঁ— এদিন আবেলি গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুইজে তেওঁৰ এখন উপন্যাসৰ এটা চৰিত্ৰৰ মৃত্যুৰ অধ্যায়টো টাইপ কৰি (তেওঁ হেনো কলম ব্যৱহাৰ কৰি নিলিখিছিল) সম্পূৰ্ণ কৰি তেওঁৰ পত্নীৰ ওচৰ পালেগৈ, আৰু অবোধ শিশুৰ দৰে বিচনাত বাগৰি পৰি উপন্যাসৰ সেই চৰিত্ৰটোৰে মৃত্যুৰ দুখত প্ৰায় দুঘণ্টা সময় ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে...৷
পৃথক পৃথক ক্ষেত্ৰত প্ৰত্যেক মানুহৰে এনে দুৰ্দান্ত সংবেদনশীলতা আছে, কিন্তু সেইবোৰ সকলোৱে প্ৰকাশ কৰাৰ সুবিধা নাথাকে; সেইবোৰ প্ৰকাশ কৰিবলৈ হ'লে তেওঁ আন ক্ষেত্ৰত ধৈৰ্য্য আৰু দৃঢ়তাৰে প্ৰতিভাৱান বুলি পৰিচিত হৈ উঠিব লাগিব, নহ'লে আনে তাৰ কোনো মূল্য নিদিয়ে৷ জুবিন গাৰ্গে এষাৰ কথা কৈছিল— "প্ৰত্যেক মানুহৰে স্বাভিমান থাকে, কিন্তু সেইবোৰ প্ৰত্যেকেই প্ৰকাশ কৰিবলৈ সুবিধা নাপায়, কিন্তু শিল্পীসকলে সুবিধা পায় বাবে প্ৰকাশ হৈ যায়...৷" সেইবাবে সাধাৰণ মানুহে সেইবোৰ লুকুৱাই ৰাখিব লগা হয়৷ কিন্তু যদি কোনোবাই নিজে ইয়াক সহ্য কৰিব পৰা নাই তেন্তে তেওঁ মনত ৰখা দৰকাৰ— "আপোনাৰ ক্ৰন্দনে আপুনি যে দুৰ্বল সেই কথা প্ৰকাশ নকৰে; এই ধৰালৈ আপুনি অহাৰ দিন ধৰি ই আপুনি যে জীৱন্ত সেইটোহে প্ৰকাশ কৰে৷"

() মূল্যহীন চাকৰিটো

উচ্চ মাধ্যমিকৰ জীৱ-বিজ্ঞানৰ এজন শিক্ষক, তেওঁ ফুটবল খেলি ভাল পায় আৰু বিশ্ববিদ্যালয়ত ফুটবল তথা খেলৰ প্ৰশিক্ষক হ'ব বিচাৰে৷ সেইটো চাকৰিৰ বাবে তেওঁ সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত; কিন্তু তেওঁৰ ওচৰৰ বেলেগৰ দৃষ্টিত সেইটো চাকৰিৰ কোনো মূল্যই নাই৷ তেওঁ আৰু উপলব্ধি কৰিবলৈ ধৰিলে যে যুৱ এথলিটসকলক দৌৰাত তেওঁ গভীৰভাৱে সহায় কৰিব পাৰে৷ এই প্ৰবল হেঁপাহে তেওঁক কৰি তুলিলে এজন প্ৰখ্যাত প্ৰশিক্ষক৷ তেওঁৰ অধীনৰ খেলুৱৈয়ে লাভ কৰিলে অভূতপূৰ্ব সফলতা, কোনোবা হ'ল অলিম্পিক চেম্পিয়ন, আৰু তেওঁ নিজে লাভ কৰিলে বহু ঈৰ্ষনীয় সন্মান৷ কিন্তু পুনৰ এইবাৰ, সৃষ্টিশীলতা আৰু অনুসন্ধিৎসাৰে তেওঁ প্ৰবলভাৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে যে কেনেবাকৈ যদি ৰাণিং শ্বুৰ পৰা এক আউন্স পৰিমাণৰ ওজনো হ্ৰাস কৰিব পৰা যায় তেন্তে এথলিটসকলৰ পাৰ্ফৰ্মেন্স সামগ্ৰিকভাৱে বহু পৰিমাণেই উন্নত হৈ পৰিব৷ কিন্তু তেওঁ কথাত কোনো জোতা প্ৰস্তুতকাৰী কোম্পানীয়েই গুৰুত্ব দিব নিবিচাৰিলে৷ তেওঁ নিজে এবিধ পাতল গেৰোহা আৱিষ্কাৰ কৰিলে আৰু তাৰ জৰিয়তে আন জোতাতকৈ অধিক খোপনি পুতিবলৈ সক্ষম হ'ল৷ কিন্তু ইয়াৰ পাছতো তেওঁৰ কথা মানিবলৈ কোনো ৰাজী নহ'ল৷ ফলত নিজৰ সামান্য ধনেৰেই তেওঁ জোতা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে, আৰু ফিল নাইট নামৰ দৌৰবিদ গৰাকীৰ সৈতে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি তেওঁ হ'লগৈ নাইকী নামৰ প্ৰখ্যাত কোম্পানী তথা ব্ৰেণ্ডটোৰ সহ-প্ৰতিষ্ঠাপক, আৰু নিজেও পৰিণত হ'ল কিংবদন্তীত৷ কিন্তু ইয়াৰ পাছতে "জগিং" নামৰ কিতাপখনৰ জৰিয়তে তেওঁ সূচনা কৰিলে আন এক পৰিঘটনাৰ! কিতাপখন বিক্ৰী হ'ল নিযুত সংখ্যক, আৰু দৌৰক কেৱল খেল বুলি ভবাৰ পৰিৱৰ্তে মানুহে ভাবিবলৈ আৰম্ভ কৰিলে স্বাস্থ্যকৰ জীৱনৰ এক সুযোগ হিচাপে...৷ আৰু সেই "মূল্যহীন" প্ৰশিক্ষকৰ চাকৰিটো কৰিব বিচৰা শিক্ষকজনৰ নাম হ'ল— বিল বৱাৰমেন৷

(সহায় লৈ)

() pinterest.com কেনেকৈ প্ৰতিষ্ঠিত হৈছিল

বেন চিলবাৰমেন, ৰাজনীতি-বিজ্ঞানৰ স্নাতক। ঘৰখনৰ বাকী সকলোৱেই চিকিৎসক— মাক-দেউতাক আৰু দুজনী ভগ্নী, সকলো। তেওঁ চাকৰি পালে গুগলত। এদিন Tech Crunch ব্লগটো দেখি তেওঁ প্ৰযুক্তিৰ প্ৰতি অধিক আকৰ্ষিত হয়। মাক-দেউতাক অনুসন্ধিৎসু মনৰ যদিও দেউতাকে প্ৰযুক্তিৰ লাইনটো সুৰক্ষিত বুলি ভবা নাছিল কেতিয়াও। বেনে গোটেই দিনটো গুগলৰ অফিচত spreadsheet ত তালিকা উলিয়াই উলিয়াই হতাশ হয়। গুগলত ইমানবোৰ বিচক্ষণ অভিযন্তাই ভৰি থকা অৱস্থাত তেওঁৰ দৰে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ এজনৰ বাবে তাত স্বাভাৱিকভাৱেই বিশেষ কামো নাই!! অহৰহ তেওঁ কিবা এটা নিজাকৈ কৰাৰ কথা ভাবে। তেওঁ কয় যে তেওঁ কিবা এটা নতুন কৰিব, কিবা এটা কৰিব...। কথাটো বেছিকৈ শুনি শুনি মানুহে বিৰক্তিও পায় চাগে, বা তেওঁক হাঁহেও চাগে....। এদিন প্ৰেয়সীগৰাকীয়ে (পিছলৈ পত্নী) ক’লে— শুনা, তুমি কামটো হয় কৰা নহ’লে কৈ থাকিবলৈ বাদ দিয়া! আৰু সেই এষাৰ সৰু কথাই বেনৰ জীৱনৰ গতি সলনি কৰি পেলালে। তেতিয়া ২০০৮ চন। তেওঁ গুগলৰ চাকৰিটো এৰি দিলে, তেওঁ এজন সহযোগী (সহ-প্ৰতিষ্ঠাপক) বিচাৰি উলিয়ালে আৰু এটা এপ নিৰ্মাণ কৰিলে, কিন্তু একো উন্নতি কৰিব নোৱাৰিলে। কিন্তু ধাৰণাবোৰ বিকাশিত হৈ গৈ থাকিল...। এইবাৰ তেওঁলোক দুজনৰ লগ লাগিল আন এজনো। কোনোজনেই অভিযন্তা নহয়, তথাপি তেওঁলোকে এটা ৱেবছাইটৰ পৰিকল্পনা কৰিলে, কিন্তু ধন কোনেও দিব নিবিচাৰিলে। অৱশেষত কিছু ধন আহিল। তেওঁলোকে ৪০-৫০টা পৰ্যন্ত ষ্টাইল নিৰ্মাণ কৰি পৰীক্ষা কৰি চালে, আৰু অৱশেষত ২০১০ ত মুকলি কৰিলে pinterest.com । এজন-দুজনকৈ চাৰি মাহত লাভ কৰিলে ২০০ জনমান ব্যৱহাৰকাৰী। প্ৰথম ৫,০০০-৭,০০০ ব্যৱহাৰকাৰীলৈ বেনে ব্যক্তিগত মেছেজ দি ধন্যবাদ জনালে..। ৯ মাহত ব্যৱহাৰকাৰী সংখ্যাই ১০,০০০ অতিক্ৰম কৰিলে। লাহে লাহে তেওঁলোক আগবাঢ়ি গৈ থাকিল, আৰু প্ৰথম তিনি বছৰত ব্যৱহাৰকাৰীৰ সংখ্যাই ৫ কোটি অতিক্ৰম কৰিলে। আৰু আজি ৩০০ৰো অধিক চাকৰিয়ালৰ সৈতে pinterest.com পৰিণত হ’ল বিশ্বৰ ৪০তম জনপ্ৰিয় ৱেবছাইটত।

(প্ৰিয় ইনফগ্ৰাফিক লেখক এনি ভাইটেলৰ এখন ইনফগ্ৰাফ আৰু লেখকগৰাকীয়ে সেইখন প্ৰস্তুত কৰিবলৈ সমল হিচাপে লোৱা এটি সাক্ষাৎকাৰৰ আলমত এইটো টোকা লিখা হৈছে)

(৯) এলিচিয়া আৰু জন নাশ্ব

এবেল বঁটা আৰু ন’বেল বঁটা দুয়োটা বিজয়ী একমাত্ৰ গণিতজ্ঞ জন নাশ্ব ২৩ মে’, ২০১৫ তাৰিখে এটা মটৰ দুৰ্ঘটনাত তেওঁৰ পত্নী এলিছিয়াৰ সৈতে মৃত্যুমুখত পৰে।

তেওঁলোকৰ অসামান্য জীৱন কাহিনীৰ কিছু কথা পাঠকৰ বাবে আগবঢ়ালোঁ—

এলিছিয়াৰ সপোন আছিল— ডাঙৰ হৈ মাডাম কুৰীৰ দৰে হোৱা। তেওঁ ইমানেই চোকা আছিল— তেওঁৰ সপোনটো খুব কম সময়ৰ ভিতৰতে ফলিয়াব বুলিয়েই বিশ্বাস কৰিব পৰা গৈছিল। কিন্তু তেনেতে তেওঁ পঢ়ি থকা প্ৰতিষ্ঠানটোলৈ এজন নতুন অধ্যাপক আহিল। সাংঘাটিক চোকা আৰু সুদৰ্শন চেহেৰাৰ অধ্যাপকজনক পায়েই যুৱতীগৰাকী তেওঁৰ প্ৰেমত পৰি সেই মাডাম কুৰী হোৱাৰ সপোন পাহৰি গুচি গ'ল। আৰু এদিন অধ্যাপকজনৰ লগত বিয়া হ'ল। মাডাম কুৰী হোৱাৰ সপোন পৰ্যন্ত পাহৰি তেতিয়া যুৱাতীগৰাকীৰ কেৱল সপোন আছিল— এখন সুখৰ সংসাৰ; কিন্তু বিয়াৰ দুবছৰৰ পাছতে অধ্যাপকজনৰ আৰম্ভ হ'ল এক মানসিক ৰোগ— স্কিজোফ্ৰেনিয়া। অলীক কল্পনা, বিভ্ৰান্তিকৰ কথা-বতৰা, উদ্ভট আচৰণৰ চূড়ান্ত বৰ্হিপ্ৰকাশ ঘটা এই ৰোগত আজিৰ পৰা ৫০ বছৰৰ পূৰ্বে (১৯৫৯ চনত) আক্ৰান্ত মানুহ এজনৰ অৱস্থা কেনে হ'ব পাৰে— যেতিয়ানেকি ইয়াৰ চিকিৎসা-ব্যৱস্থা অকণো আগেই বঢ়া নাছিল বুলি ক'ব পাৰি! অধ্যাপকজন ইমান উদ্ভান্ত হৈ পৰিছিল যে, তেওঁক কেনেকৈ ভাল কৰি তুলিব পাৰি অহৰহ তাৰেই যত্ন কৰা এলিছিয়াক অৱশেষত তেওঁ শত্ৰু জ্ঞান কৰিবলৈ লৈছিল। ঘটনা ইমান পৰ্যায় পাইছিলগৈ যেন যিকোনো মুহূৰ্ততে অধ্যাপকজনে এলিছিয়াক হত্যা কৰিব! ইফালে তেতিয়া এলিছিয়াই বন্ধু-বান্ধৱক কৈ থৈছিল— যদি তেওঁক হত্যাও কৰা হয়, তথাপি মানুহজনক যেন দোষী বুলি কাৰাদণ্ড দিয়া নহয়। আৰু অধ্যাপকজনৰ মনৰ শান্তিৰ বাবেই ১৯৬৩ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদৰ বাবে এলিছিয়াই সন্মতি দিছিল। কিন্তু ইমানতো এলিছিয়াৰ দুখ অন্ত পৰা নাছিল। কেইবছৰমানৰ পাছত তেওঁলোকৰ সন্তানটিও একেটা ৰোগতে আক্ৰান্ত হৈ উঠিল! পিছে সেইবোৰ সময়তো অধ্যাপকজনৰ গৱেষণা চলি আছিল, আৰু তেওঁক ফিল্ডছ্ মেডেল দিয়াৰ কথাও চৰ্চিত হৈ আছিল। ফিল্ডছ্ মেডেল হ'ল— গণিত জগতলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে চল্লিছৰ অনুৰ্ধৰ গণিতজ্ঞক উৎসাহ যোগাবলৈ দিয়া এটি বঁটা। এই বঁটাক গণিতৰ ন'বেল বঁটা বুলি কোৱা হৈছিল আজিৰ পৰা ১০ বছৰমান পূৰ্বলৈকে। আলফ্ৰেড ন'বেলৰ অনুৰাগ থকা যুৱতী এগৰাকীৰ লগত তেওঁৰে লগৰ গণিতজ্ঞ এজনৰ প্ৰেমৰ সম্পৰ্ক থকা বাবেই খঙতে আলফ্ৰেড ন'বেলে গণিতত ন'বেল বঁটা দিবলৈ হাক দি থৈ যোৱা বুলি জানিবলৈ পোৱা যায়। যদি তেনে নহ'লেহেঁতেন গণিততো ন'বেল বঁটা দিয়া হ'লহেঁতেন! গতিকে, সাধাৰণ ৰাইজৰ বা বহুতো সংবাদ-পত্ৰৰ অজ্ঞতাৰ বাবেই ন'বেল বঁটাৰ দৰে ফিল্ডছ্ মেডেল বিখ্যাত নহয় যদিও, চল্লিশৰ অনুৰ্ধৰ গণিতজ্ঞক দিয়াৰ পাছতো ন'বেল বঁটাৰ পৰ্যায়ৰ বুলি ধৰা বঁটাটি লাভ কৰাসকল কেনে বিচক্ষণ হ'ব লাগিব নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিব। যি কি নহওক, সেই অধ্যাপকজনক বঁটাৰ বাবে নিৰ্বাচন কৰালৈ তেওঁৰ ৪০ বছৰ পাৰ হৈ গৈছিল। তাৰ পাছত বহু বছৰ পাৰ হৈ গ'ল, স্কিজোফ্ৰেনিয়াৰ চিকিৎসাও যথেষ্ঠ উন্নত হ'ল, কিন্তু সকলোৰে মাজত অধ্যাপকজন বৰ এটা পৰিচিত হৈ থকা নাছিল। কিন্তু ১৯৯৪ চনৰ এটা খবৰে তেওঁক বিশ্ববিখ্যাত কৰি তুলিলে— সেইটো হ'ল তেওঁ অৰ্থনীতিৰ ন'বেল বঁটা লাভ কৰিলে! ২০০১ চনত তেওঁ আৰু এলিচাৰ জীৱনৰ কিছু কাহিনীৰে, পুলিৎজাৰ বঁটা বিজয়ী একে নামৰ এখন কিতাপৰ আধাৰত হলিউডত এখন চলচ্চিত্ৰ নিৰ্মাণ হ'ল— A Beautiful Mind. ৰাছেল ক্ৰ' অভিনীত ছাবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালককে ধৰি চাৰিটা অস্কাৰ লাভ কৰিলে। ২০০১ চনতে অধ্যাপকগৰাকী আৰু এলিছিয়াৰ পুনৰ বিবাহ হ’ল। এলিছিয়া মাডাম কুৰী হ'ব নোৱাৰিলে যদিও পৃথিৱীয়ে এজন মহান গণিতজ্ঞ পোৱাত তেওঁৰ অৱদান অতুলনীয়। এটি ন'বেল বঁটা— সাধাৰণ মানুহৰ বাবে সেই খবৰতেই সেই অধ্যাপকগৰাকীৰ অস্তিত্ব বৰ্তী থাকি গ’লহেঁতেন। সাধাৰণ মানুহে এইদৰে ভবাত সিমান আচৰিত হ'বলগীয়াও নাই। কিন্তু এটা খবৰে পুনৰ সেই অধ্যাপকগৰাকী আৰু এলিছিয়াৰ কাহিনীক আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তুলিলে। কাৰণ, ২০০৩ চনৰ পৰা গণিতজ্ঞসকলৰ বাবে "এবেল বঁটা" নামেৰে এটি বঁটা প্ৰবৰ্তন কৰা হৈছে, আৰু বৰ্তমান সময়ত ফিল্ডছ্ মেডেলৰ পৰিবৰ্তে প্ৰায়ে এই বঁটাকহে "গণিতৰ ন'বেল বঁটা" বিশেষণ দিয়া হয়। অৱশ্যে ২০১২ চনৰ পৰা মাৰ্ক জুকাৰবাৰ্গ, তেওঁৰ পত্নী আৰু আন কেইজনমান মিলি Breakthrough Prize নামেৰে এটি বঁটা প্ৰবৰ্তন কৰিছে। এই বঁটাই ন'বেল বঁটাকো প্ৰত্যাহ্বান জনাব পাৰেগৈ বুলি ধাৰণা কৰা হৈছে। গণিততো এই বঁটা প্ৰদান কৰা হয়। যি নহওক, সেই অধ্যাপকজনে আন এজন গণিতজ্ঞৰ সৈতে ২০১৫ চনত লাভ কৰিলে এবেল বঁটা। আৰু সেই অধ্যাপকজনেই হ’ল— জন নাশ্ব।

পঠনীয়:  ষ্টিভ জবছ

(১০)

৩০ বছৰ বয়স হোৱালৈ ছিলভেষ্টাৰ ষ্টেলোনৰ অভাৱে এনে পৰ্যায় পাইছিলগৈ যে অৱশেষত তেওঁ মৰমৰ কুকুৰটোও বেচি দিব লগা হৈছিল৷ তাৰ বাবে খাদ্য কিনিবলৈ তেওঁৰ সামৰ্থ্য শেষ হৈ পৰিছিল৷ বিপণি এখনৰ সমুখত ৰৈ ৰৈ তেওঁ কুকুৰটোৰ বাবে গ্ৰাহক বিচাৰিলে, আৰু ৫০ ডলাৰৰ পৰা দৰ-দাম কৰি কৰি এজন গ্ৰাহকে শেষত মাথোঁ ২৫ ডলাৰ দি কুকুৰটো লৈ গুচি গ’ল। সেইদিনা উভটি যাওঁতে পথে পথে ছিলভেষ্টাৰে চকুলো টুকিছিল৷ দুসপ্তাহমান পাছত ছিলভেষ্টাৰে চাবলৈ পালে মহান খেলুৱৈ বক্সাৰ মহম্মদ আলিৰ এখনি খেল৷ তাৰেই পাছত তেওঁ লিখি পেলালে বক্সাৰৰ কাহিনীৰে এখনি চিত্ৰনাট্য। চিনেমাখন নিৰ্মাণৰ বাবে তেওঁ প্ৰযোজকৰ কাষ চাপিল৷ এক প্ৰযোজকে চিত্ৰনাট্যখনৰ বাবে ১.২৫ লাখ ডলাৰ আগবঢ়ালে যদিও ছিলভেষ্টাৰে নিজেই মূল চৰিত্ৰটোত অভিনয় কৰিব বিচৰাত প্ৰযোজক অমান্তি হ’ল৷ প্ৰযোজকে ভাবিছিল, ছিলভেষ্টাৰৰ দৰে “বহুৱা ধৰণৰ” মানুহ এটা লোৱাতকৈ “ষ্টাৰ ভাৱমূৰ্তিৰ” মানুহ এটা ল’ব৷ ইমানখিনি ধনেৰে ছিলভেষ্টাৰৰ জীৱন বহু ৰঙীণ হৈ পৰিলহেঁতেন যদিও অভিনয় কৰিবলৈ নিদিয়া বাবে তেওঁ অমান্তি হৈ উভটি গুচি গ’ল৷ কেইসপ্তাহমানৰ পাছত প্ৰযোজকে আঢ়ৈ লাখ ডলাৰ আগবঢ়ালে৷ ছিলভেষ্টাৰ অমান্তি হ’ল৷ প্ৰযোজকে পুনৰ আগবঢ়ালে ৩.২৫ লাখ ডলাৰ৷ ছিলভেষ্টাৰে এইবাৰো মানি নল’লে৷ অৱশেষত প্ৰযোজকে তেওঁক অভিনয় কৰিবলৈ দিবলৈ সন্মত হ’ল; কিন্তু চিত্ৰনাট্যখনৰ বাবে আগবঢ়ালে মাথোঁ ৩৫ হাজাৰ ডলাৰ৷ ছিলভেষ্টাৰ মান্তি হ’ল। ধনখিনি পাই ছিলভেষ্টাৰ দৌৰি গ’ল মৰমৰ কুকুৰটোৰ সন্ধানত৷ যাক তেওঁ কুকুৰটো বিক্ৰী কৰি দিছিল সেই মানুহজনক লগ পাব বুলি তেওঁ সেই দোকানখনৰ সমুখত তিনিদিন অপেক্ষা কৰিলে৷ অৱশেষত মানুহজনক পাই তেওঁ কুকুৰটো ওভোতাই বিচাৰিলে। কিন্তু মানুহজন অমান্তি হ'ল৷ ছিলভেষ্টাৰে আগবঢ়ালে ১০০ ডলাৰ৷ মানুহজন মান্তি নহ’ল৷ ৫০০ ডলাৰ, ১০০০ ডলাৰ ....৷ নাই, মান্তি নহ’ল। তেওঁ ক’লে যে কোনো ধনৰ বিনিময়তে তেওঁ কুকুৰটো নিদিয়ে৷ কিন্তু মৰমৰ কুকুৰটো ঘূৰাই পাবলৈ ছিলভেষ্টাৰ আছিল বদ্ধপৰিকৰ। অৱশেষত ১৫ হাজাৰ ডলাৰ আৰু সেই চিনেমাখনত অভিনয় কৰিবলৈ দিয়া চৰ্তত মানুহজনে কুকুৰটো ঘূৰাই দিবলৈ মান্তি হ’ল৷ চিনেমাখনত অভিনয় কৰিছিল কুকুৰটোৱেও। আৰু যেতিয়া Rocky নামৰ সেই চিনেমাখন মুকলি হ’ল, প্ৰযোজকে প্ৰথমে ইমান উপেক্ষা কৰা ছিলভেষ্টাৰ একেদিনাই পৰিণত হ’ল চুপাৰ-ষ্টাৰলৈ৷ ছবিখনে পালে ১০টা অস্কাৰ নমিনেচন, লাভ কৰিলে ৩টাকৈ৷ মাথোঁ ১ নিযুত ডলাৰেৰে নিৰ্মিত চিনেমাখনে অৰ্জন কৰিছিল ২২৫ নিযুত ডলাৰ। কেৱল ২০ ঘণ্টাত লিখি উলিওৱা চিত্ৰনাট্যখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ লগতে ছিলভেষ্টাৰে শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন৷ একেখন চিনেমাৰ বাবে একেজন মানুহে এই দুয়োটা শিতানত অস্কাৰ মনোনয়ন ছিলভেষ্টাৰৰ পূৰ্বে লাভ কৰিছিল চাৰ্লি চেপলিন আৰু মাথোঁ এজন ব্যক্তিয়েহে!

(quora.comত পোৱা কেইটামান উত্তৰৰ আলমত।)

 

টোকাবহী (অণু-প্ৰবন্ধ) : ১১ – ২০

 

No Comments

Post A Comment