ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু সাগৰ নীলা দুচকু

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সাগৰৰ নীলা পানীৰ কি সম্পৰ্ক থাকিব পাৰে? কিমান কবি, গীতিকাৰ, সাহিত্যিকে সাগৰৰ নীলা পানীক লৈ উপমা দিলে, কবিতা লিখিলে, গীত লিখিলে!! জুবিন গাৰ্গৰ চিৰসেউজ গান “আন্ধাৰ হ’ব নোৱাৰোঁ”ত তেওঁ গাইছে – “সাগৰ নীলা দুচকুত কি ৰং আনে জীৱনে নাজানো যদিও দুবাহু আছো মেলি”৷ কবি দেৱকান্ত বৰুৱাই তেওঁ বিখ্যাত “সাগৰ দেখিছা” নামৰ কবিতাত লিখিছে – “নীলিম সলিলৰাশি, বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়াপি”, “মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি”৷ এই সকলোৰে মাজত আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সাগৰৰ নীলা পানীৰ সম্পৰ্ক আছে বুলি ক’লে বহুতেই বিৰক্ত হ’ব৷ কিন্তু সত্য বৰ নিষ্ঠুৰ, অথচ সত্যই আটাইতকৈ সুন্দৰ৷

এসময়ত, সাগৰ কিয় নীলা বুলি কোনোবাই সুধিলে মানুহে কৈছিল, বিশাল সাগৰত নীলা আকাশৰ প্ৰতিবিম্ব পৰি সাগৰ নীলা দেখি৷ বিজ্ঞানীসকলেও তেনেকৈয়ে ভাবিছিল৷

১৯২১ চনত ভাৰতীয় এজন ডেকা অধ্যাপক তথা গৱেষক ছাত্ৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমনে ভূমধ্য সাগৰেৰে ভ্ৰমণ কৰি আছিল৷ তেওঁ দেখিছিল বিশাল সাগৰৰ নীল বৰণীয়া পানীবোৰ আৰু শীতল সাগৰৰ কাষৰীয়া নীল বৰণীয়া হিমবাহবোৰ৷ তেওঁৰ মনলৈ প্ৰশ্ন আহিছিল, সাগৰৰ পানীবোৰ দেখাত কিয় নীলা যেন লাগে? সেই মুহূৰ্তৰ পৰাই তেওঁ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিলে৷ আৰু ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ এটা কথা আৱিষ্কাৰ কৰিলে, যাৰ জৰিয়তে সেই প্ৰশ্নটোৰ উত্তৰ দিব পৰা হ’ল৷ তাৰ কিছুদিন পিছতে বাংগালোৰত অনুষ্ঠিত এখনি বিজ্ঞান সভাত তেওঁ নিজৰ আৱিষ্কাৰৰ সম্পৰ্কে উপস্থাপন কৰিলে৷ সেই সম্পৰ্কীয় তেওঁৰ গৱেষণা-পত্ৰ প্ৰকাশৰ লগে লগে গোটেই পৃথিৱী তোলপাৰ লাগিল৷ সেই আৱিষ্কাৰে বহুতো সত্য ব্যাখ্যা কৰাটো সম্ভৱ হৈ উঠিল৷ আৰু সেই আৱিষ্কাৰ “ৰমন পৰিঘটনা” (Raman effect) নামেৰে পৰিচিত হৈ পৰিল৷ ১৯৩০ চনত তেওঁক প্ৰদান কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা৷ সমগ্ৰ এচিয়া মহাদেশত তেৱেঁই হ’ল বিজ্ঞানৰ কোনো শাখাত প্ৰথমজন নোবেল বঁটা বিজয়ী৷ ১৯৫৪ত তেওঁক ভাৰত ৰত্নও প্ৰদান কৰা হ’ল৷ প্ৰকৃততে সমগ্ৰ ভাৰতত আজি পৰ্যন্ত কেৱল তেৱেঁই হ’ল বিজ্ঞান বিষয়ৰ নোবেল বঁটা বিজয়ী (বাকীকেইজন ভাৰতীয় হৈ নাথাকিল)৷

ৰমন পৰিঘটনাই প্ৰমাণ কৰিলে যে সাগৰৰ পানী নীলা দেখাৰ কাৰণ তাত পৰা আকাশৰ প্ৰতিবিম্ব নহয়৷ কাৰণটো বেলেগ৷ একেদৰে আকাশখন আমি কিয় নীলা দেখোঁ, সূৰ্যাস্তৰ আকাশ কিয় হেঙুলীয়া দেখোঁ, এইবোৰৰ ব্যাখ্যাও ৰমন পৰিঘটনাৰ দ্বাৰাই শুদ্ধকৈ দিব পৰা গ’ল৷

ৰমনৰ সেই আৱিষ্কাৰৰ দিনটোক সুঁৱৰি প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখটো আমাৰ দেশত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৰূপে পালন কৰা হয়৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰসাৰ আৰু জনপ্ৰিয়কৰণেই এই দিৱসৰ উদ্দেশ্যে৷ কিন্তু, বিজ্ঞান-প্ৰযুক্তিবিদ্যা জনপ্ৰিয় হোৱা মানে কেৱল এইটো নহয় যে কোনোবাই বিজ্ঞান পঢ়িছে আৰু অধ্যাপক-অভিযন্তা-চিকিৎসক হৈছে; ভাল প্ৰতিষ্ঠানত, ভাল কোম্পানীত চাকৰি পাইছে; কেৱল সেইটো নহয়৷ ইয়াৰ মূল উদ্দেশ্যে হ’ল – মানুহৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি উঠা আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ গুৰুত্বক জনসাধাৰণৰ সকলো শ্ৰেণী মানুহে বুজি উঠা৷ ঠিক সেই ৰমন পৰিঘটনাটোৱে দিয়া প্ৰভাৱৰ দৰেই৷ তাৰ আগতে বা এতিয়াও কিমান মানুহে সেই ভুল কথাটোকে হয় বুলি ভাবিছিল!!

পঠনীয়:  অশ্ৰুসিক্ত এন্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহূৰ্তটো
No Comments

Post A Comment