‘পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত’

– মৃণাল কলিতা।

এক

দীৰ্ঘ জীৱন লাভ কৰিবলৈ ৰাতিপুৱাৰ বিছনা এৰি প্ৰাতঃভ্ৰমণ কৰিবলৈ বেচ মনোবল লাগে। যিসকলে এলাহ জয় কৰি অবিৰতভাৱে প্ৰাতঃভ্ৰমণ কৰি গৈছে সেইসকলক ধন্যবাদ। এলাহৰ নিহলি এৰি এসময়ত কেইদিনমান ময়ো প্ৰাতঃভ্ৰমণ কৰিছিলোঁ। সংগী কবি সুকান্ত নাছিল; আছিল এক সাধাৰণ কিশোৰ।

প্ৰতিবেশী কিশোৰজনে মই কোৱামতেই খুব পুৱাতে মোক জগাই দিয়ে। দুয়োটাই আন্ধাৰ-পোহৰৰ মাজেৰে খোজ কাঢ়িবলৈ ধৰোঁ। চৰাইৰ সমবেত শব্দ আৰু তাৰ ফাঁকে ফাঁকে নীৰৱতাৰ মাজেৰে আমি ওচৰেৰে বৈ যোৱা নৈখনৰ পাৰলৈ আগবাঢ়োঁ। (ৰাতিপুৱাৰ মৌন নৈখনক দেখিয়েই এটা কবিতাত লিখিছিলোঁ- ‘পনীৰ দৰে মৌনতাত…’।) কিছুসময় পিছত আকাশখন উজ্জ্বল হৈ আহে; সূৰ্যটো ৰঙা হৈ ওলাই আহে।

এনেকৈ কিছুদিন চলিল। এদিন ল’ৰাজন নাহিল। সেইদিনা আমাৰ প্ৰাতঃভ্ৰমণ নহ’ল। পিছত তাক লগ পাই সোধোঁতে সি জনালে, সি সাৰেই নাপালে। সঁচাই,- ভৱিষ্যতৰ দীৰ্ঘ জীৱনৰ লোভত এতিয়াৰ ৰাতিপুৱাৰ টোপনিৰ লোভ সম্বৰণ কৰা বৰ সহজ নহয়; তাৰ দৰে কিশোৰ এটাৰ বাবে আৰু টান কাম। তাৰ পিছদিনাৰ পৰা আমাৰ প্ৰাতঃভ্ৰমণ পুনৰ চলিল।

হঠাৎ আৰু এদিন ল’ৰাটো নাহিল। মোৰ প্ৰশ্নৰ তাৰ একেই উত্তৰ,- সাৰেই নাপালোঁ। এদিন প্ৰাতঃভ্ৰমণ নকৰি ৰাতিপুৱাৰ টোপনিটো ষোল অনাই পূৰ কৰি লোৱাৰ পিছদিনা প্ৰাতঃভ্ৰমণলৈ যাবলৈ বেছি কষ্ট হয়। গতিকে তাক ক’লোঁ সি যাতে কোনোদিনে নহাকৈ নাথাকে।

মোৰ কথা ৰাখি পিছদিনা সি আগদিনাতকৈ বহুত আগতেই মোক টোপনিৰ পৰা জগাই দিলে। সেইদিনা প্ৰায় আন্ধাৰৰ মাজতেই আমি নৈৰ পাৰলৈ গ’লোঁ। নৈ গৰাত বহি দুয়োটাই চৌপাশৰ পৰিবেশটো উপভোগ কৰিবলৈ ধৰিলোঁ। নৈখন, আকাশখন সকলোৱে যেন আন্ধাৰৰ মাজত টোপনি গৈ আছিল। হঠাৎ এটা অচিন চৰায়ে যেন নৈখনক, আকাশখনক, গছ-বিৰিখবোৰক টোপনিৰ পৰা জগাবলৈ কোৰ্হাল কৰি চিঞৰি উঠে। পিছে বিফল হৈ সিও নীৰৱ হৈ পৰে। বহুত আগতে আন্ধাৰতে নৈৰ পাৰলৈ যোৱা বাবেই যেন সেইদিনা নৈখনে বাগৰ সলোৱা দেখিছিলোঁ, মেঘৰ নিহালি দলিয়াই এঙামুৰি কাঢ়ি শুই উঠা সূৰ্যটোকো ভালকৈ দেখিছিলোঁ। সেই কিশোৰজনৰ কৃপাত সেইদিনা যেন মই প্ৰকৃতিৰ ৰূপসুধা বেছিকৈ পান কৰিছিলোঁ। সেই পানীৰ দৰে মৌনতাত হঠাৎ ল’ৰাজনৰ কথাত মই উচাপ খাই উঠিলোঁ- ‘চা, চা- সূৰ্যটো ৰুটি এখনৰ দৰে লাগিছে!’ তাৰ ফালে ঘুৰি চালোঁ,- কিশেৰজনে উজ্জ্বল চকু মুখেৰে আঙুলিয়াই আছে উদিত ৰঙা সূৰ্যটোলৈ।

নাই, মই কবি সুকান্তৰ সৈতে প্ৰাতঃভ্ৰমণ কৰা নাছিলোঁ। মোৰ সংগীজন আছিল খুব বেছি পাঠ্যপুথিত থকা কবিতাকেইটা পঢ়া এক সাধাৰণ কিশোৰ। কেতিয়াবা হয়তো পাঠ্যপুথিৰ কবিতাকেইটা পঢ়াটোও তাৰ বাবে একধৰণৰ বিলাসিতাৰ দৰে হৈ পৰে।

মাৰ পৰা গম পাইছিলোঁ,- ল’ৰাজনৰ ঘৰৰ চৌকাত মাজে মাজে জুই নজ্বলে। যিকেইদিন ৰাতিপুৱা সি মোক নজগায় তেতিয়া কৈফিয়ৎ দিছিল ‘সাৰেই নাপালোঁ’ বুলি, সেইকেইদিন লঘোণীয়া পেটেৰে কলমলাই সি হয়তো গোটেই ৰাতি উজাগৰেই আছিল। আৰু সেইবাবেই সম্ভৱতঃ সেইদিনা সি মোক আনদিনবোৰতকৈও বেছি সোনকালেই জগাই দিব পাৰিছিল। নৈৰ পাৰত অপৰূপ প্ৰাকৃতিক দৃশ্য দেখি যি সময়ত মোৰ মনত বিভিন্ন উপমাই ভিৰ কৰিছিল সেই সময়ত তাৰ পেটে অবিৰতভাৱে বিদ্ৰোহ কৰি আছিল। যি সময়ত মোৰ বাবে ‘নৈখনে বাগৰ সলাইছিল’(!), ‘সূৰ্যটোৱে মেঘৰ নিহালি দলিয়াই এঙামুৰি কাঢ়ি শুই উঠিছিল’ (!!) সেই সময়তে ৰঙা সূৰ্যটো তাৰ বাবে হৈ পৰিছিল এখন ৰুটি, – প্ৰচণ্ড ক্ষুধাত এজন কিশোৰে খাব পৰাকৈ পৰম কাংক্ষিত এখন ৰুটি।

 

দুই

মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি

আজাৰৰ আন্ধাৰত তয়ে বেচ

 

বাই তোৰ কোন গাঁৱত ঘৰ

 

ঢাপত ৰোৱনে আকণ গছ

পুখুৰীত জীয়াৱনে মাছ

 

মানুহটো বাৰু তোৰ

আহিলনে ঘুৰি

 

মাজৰাতি বেৰৰ জলঙাৰে

সোমায় নে নদী

 

বাই তোৰ আখলৰ লাওৰ খোলাত

সাঁচ দিন

 

উজাগৰ দুচকুৰে জ্বলাৱ

পদুলিৰ কাঞ্চন গছৰ আন্ধাৰ

 

বাই তোৰ কোন গাঁৱত ঘৰ

পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত

– নীলমণি ফুকন

হয়, হয়- আজাৰৰ বজাৰ এখন ময়ো সদায় গধুলি দেখোঁ মই থাকা ঠাইত। টিপ চাকি সন্মুখত লৈ কেইমুঠিমান ঢেঁকীয়া ৰখি বজাৰৰ এচুকত আন্ধাৰৰ মাজত বহি থকা বৃদ্ধ-বৃদ্ধা বা শিশু সদায় দেখা পাওঁ। নিজৰ ঘৰৰ সন্মুখত থকা ঢেঁকীয়া কেতিয়াও তোলা নাই বিষাক্ত সাৰ্প দংশনৰ ভয়ত। ক্ষুধাৰ জুয়ে বিষধৰ সাপকো চিনি নাপায়। মোৰ ঘৰৰ সন্মুখৰ পৰাই সিহঁতে ঢেঁকীয়া তোলে। নিজকে সৰ্প দংশনৰপৰা বচাই দুই-চাৰি টকা খৰচ কৰি তাকে বজাৰৰপৰা কিনি আনোঁ। মাত্ৰ কেইমুঠিমান ঢেঁকীয়া বিক্ৰী কৰি পোৱা টকাৰে হয়নে দুসাঁজ ভাতৰ যোগাৰ?

সিদিনা দহ বছৰো পূৰ নোহোৱা ল’ৰা এজনৰপৰা ভেণ্ডি কিনিলোঁ। পাল্লাখনো দাঙিব নোৱাৰে ভালকৈ, -আধা কেজিত কিমান ভেণ্ডি উঠিব তাৰো নাই সামান্য অনুমান; এটা দুটাকৈ বহুপৰ ধৰি পাল্লাত তুলি আছে ভেণ্ডি- ভাণ্ডিতকৈও কোমল তাৰ আঙুলিৰে। কাষতে বহা বৃদ্ধ পোহাৰীজনে তাক হুটা মাতেৰে কৈ উঠিল- ‘কিমান পৰ লাগে অ’ আধা কেজি ভেণ্ডি জোখোতে?’ দাৰিদ্ৰৰ কাঠিন্যত মৰমৰ ঠুনুকা মাতবোৰো এনেকৈয়ে চূৰ্ণ হৈ যায়। বৃদ্ধই শিকাই দিছে কেনেকৈ পাল্লা ধৰিব লাগে। দাৰিদ্ৰই বজাৰৰ এচুকত থিয় কৰোৱা ল’ৰাটোৱে অভিজ্ঞ দৰিদ্ৰ বৃদ্ধজনৰ পৰাই হয়তো দাৰিদ্ৰৰ মাজতে তিল-তিলকৈ শিকিব জীৱনৰ পাঠ। আৰু আমি দৰ দাম কৰি পাঁচ টকা দহ টকাৰে কেজি কেজিকৈ মোনা ভৰাই কিনি আনিম তাৰ ৰঙা জিঞাৰ পাছে পাছে দৌৰি ফুৰা সোণালী শৈশৱ।

 

তিনি

নাই, – একো কৰা নাই প্ৰাতঃভ্ৰমণৰ সংগীজনৰ বাবে, ঢেঁকীয়া বেচা বৃদ্ধাজনীৰ বাবে, ভেণ্ডি বেচা শিশুটোৰ বাবে বা সামগ্ৰিকভাৱে দাৰিদ্ৰই ৰাজহাড় বেঁকা কৰাসকলৰ বাবে। সেই কিশোৰ, বৃদ্ধা বা শিশুটোৰ স্থায়ী দুখৰ শিলভাৰে আমাৰ নিস্তৰংগ গতানুগতিক জগতত ক্ষণিকৰ বাবে বৈচিত্ৰৰ কঁপনি তোলে,- সৰু সৰু শিলগুটিয়ে বন্ধ পুখুৰীত তোলা সৰু সৰু ঢৌৰ দৰে। খুব বেছি সাহিত্যৰ বজাৰত গল্প-প্ৰবন্ধৰ পেকিঙেৰে সিহঁতৰ দুখবোৰ, বিক্ৰী কৰি সাহিত্যিক হ’বলৈ চেষ্টা কৰিম।

তাৰ পিছত? নিজ বাটে নক্ষত্ৰ ঘূৰিব, বতাহ বলিব জুৰ। দীৰ্ঘ জীৱন লাভৰ আশাত নিষ্ঠুৰভাৱে কিশোৰজনৰ সৈতে প্ৰাতঃভ্ৰমণ কৰিম; মুঠি এটকাকৈ ঢেঁকীয়া বেচা বৃদ্ধাজনীৰপৰা দুটকাত তিনিমুঠি ঢেঁকীয়া কিনিবলৈ চেষ্টা কৰিম; ভেণ্ডিবোৰ বুঢ়া বুলি ল’ৰাটোক দাম কমকৈ ল’বলৈ ক’ম….।

————— সমাপ্ত —————

 

*** এই প্ৰবন্ধটো হোমেন বৰগোহাঞিৰ সম্পাদিত ‘সাতসৰী’ত প্ৰকাশ হোৱাৰ পাছত এটা সংখ্যাৰ ‘সাতসৰী’ৰ ‘সম্পাদকৰ চিঠি’ৰ বিষয়-বস্তু এই প্ৰবন্ধটোৱেই আছিল। সেই ‘সম্পাদকৰ চিঠি’ত হোমেন বৰগোহাঞিয়ে লিখা কথাখিনিৰ কেইটিমান অংশ:—

‘সিদিনা দহ বছৰো পূৰ নোহোৱা ল’ৰা এজনৰপৰা ভেণ্ডি কিনিলোঁ। পাল্লাখনো দাঙিব নোৱাৰে ভালকৈ; আধা কেজিত কিমান ভেণ্ডি উঠিব তাৰো নাই সামান্য অনুমান। এটা-দুটাকৈ বহুপৰ ধৰি পাল্লাত তুলি আছে ভেণ্ডি- ভাণ্ডিতকৈ কোমল তাৰ আঙুলিৰে।’

ভাণ্ডিতকৈও কোমল তাৰ আঙুলিৰে!

যিবোৰ লেখাই মোৰ মগজত চিন্তাৰ ঢৌ তোলে বা হৃদয়ত আৱেগৰ কঁপনি তোলে, বা কেতিয়াবা দুয়োটা কাম একেলগে কৰে, সেইবোৰ লেখা মই দুবাৰ পঢ়োঁ। সময় পালে তাতকৈ বেছিবাৰো পঢ়োঁ। মোৰ কাৰণে সেইবোৰেই ভাল লেখা- যিবোৰ লেখা একাধিকবাৰ পঢ়িবলৈ মোৰ মন যায়। ওপৰৰ বাক্যকেইটা ষষ্ঠ সংখ্যা ‘সাতসৰী’ত প্ৰকাশিত মৃণাল কলিতাৰ ‘পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত’ শীৰ্ষক প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে। অৱশ্যে লেখাটোক প্ৰবন্ধ বুলি কোৱাতকৈ কবিতা বুলি ক’লেহে বেছি ভাল হ’ব। লেখকৰ হৃদয়ৰ পৰা নিগৰি নিগৰি ওলোৱা কৰুণা-ধাৰাই শব্দবোৰক সিক্ত কৰি গোটেই লেখাটোকে এটা কবিতাৰ ৰূপ দিছে। মৃণাল কলিতাৰ এই লেখাটো মই এতিয়ালৈকে তিনিবাৰ পঢ়িছোঁ।

[…]

‘সাতসৰী’ত প্ৰকাশ হোৱা মৃণাল কলিতাৰ লেখাটো মই তিনিবাৰ কিয় পঢ়িছিলোঁ। প্ৰথম কাৰণটো হ’ল লেখাটোৰ সাহিত্যিক গুণ। এজন লেখকে সদায় পাঠকৰ হৃদয়লৈ আৰু মগজলৈ এটা বাৰ্তা সঞ্চাৰিত কৰিব খোজে। তাৰ কাৰণে প্ৰয়োজন হয় যথোপযুক্ত ভাষাৰ। কোনো ধৰণৰ বাহুল্য নকৰি, বাগ-বিস্তাৰ নকৰি, মৃণাল কলিতাই খুব কম শব্দৰ সহায়েৰেই পাঠকৰ মনলৈ বিপুল আৱেগ সঞ্চাৰিত কৰিব পাৰিছে। অন্ততঃ মোৰ মনলৈ পাৰিছে। লেখকৰ অভিজ্ঞতাযে বাস্তৱ আৰু আৱেগ অকৃত্ৰিম সেই সম্পৰ্কে তেওঁ পাঠকৰ মনত সন্দেহৰ কোনো আৱকাশ ৰখা নাই।

দ্বিতীয় কাৰণটো আৰু বেছি গুৰুত্বপূৰ্ণ। […]

 

*** ইয়াৰ পাছত ফণীন্দ্ৰ কুমাৰ দেৱ চোধুৰীয়েও এই প্ৰবন্ধটো আৰু লেখকজনৰ সম্পৰ্কত এটা প্ৰবন্ধ লিখিছিল ‘স্বাগতম এগৰাকী ‘হেৰা-পোৱা’ লেখকলৈ’ শিৰোনামাৰে। তেখেতৰ প্ৰবন্ধটোৰ কেইটামান অংশ:—

কি আশ্চৰ্যকৰ আৰু কাকতালীয়!

‘সাতসৰী’ৰ ষষ্ঠ সংখ্যাত মৃণাল কলিতাৰ, ফুকন ছাৰৰ চিনাকি কবিতাৰ চিনাকি স্তৱকৰ শিৰোনামাৰে লেখাটো দেখি প্ৰথমে ভাৱ হৈছিল শিৰোনামা, আংগিক আৰু অৱয়বৰ ফালৰপৰা এই লেখাটো যেন ‘সাতসৰী’ৰ এই পৃষ্ঠাটোত খাপ খোৱা নাই। বিশেষ কোনো আকৰ্ষণ নকৰাকৈয়ে লেখাটো পঢ়ি গৈছিলোঁ; আৰু প্ৰথম পৃষ্ঠাটো শেষ কৰি যেতিয়া দ্বিতীয় পৃষ্ঠাটোত লিপিট খাই পৰিলোঁ, মই অনুভৱ কৰিছিলোঁ বুকুৰ ভিতৰত এক অদ্ভুত জোকাৰণি আৰু অস্বস্তিৰ অনুভৱ আৰম্ভ হৈ গৈছে। শেষৰ পেৰাগ্ৰাফ দুটা পঢ়াৰ পিছত বুকুখন যেন কোনোবাই মুচৰি দিছিল। এক যন্ত্ৰণা আৰু এক আনন্দ। যন্ত্ৰণা, লেখাটোৰ বাবে, আৰু আনন্দ, লেখাটোৰ লেখকজনক আৱিষ্কাৰৰ বাবে। বৰগোহাঞিয়ে তিনিবাৰ পঢ়িলে। মই একেলেথাৰিয়ে দুবাৰ পঢ়াৰ পিছতো যেতিয়াই বঢ়া কোঠালিত বহিছোঁ ওচৰতে থাক্ থাককৈ থকা আলোচনীবোৰৰ মাজৰপৰা ‘সাতসৰী’খন উলিয়াই আনি লেখাটো পঢ়ি চাওঁ।

[…]

কিছুমান ব্যক্তিৰ এনে কিছু বৈশিষ্ট্য, প্ৰতিভা থাকে যিয়ে তেওঁক কেতিয়াও হেৰাই যাবলৈ নিদিয়ে। নিৰুদ্দেশ হ’ব বিচাৰিলেও চিৰকালৰ বাবে এনে ব্যক্তি নিৰুদ্দেশ হ’ব নোৱাৰে। সেই কথাষাৰকে মৃণাল কলিতাই পুনৰ প্ৰমাণ কৰিলে। হৃদয়ৰ আৱেগৰ সৈতে কোনো সম্পৰ্ক নথকাকৈ দাৰিদ্ৰৰ ওপৰত, শোষণ-বঞ্চনাৰ ওপৰত বহুতো কুম্ভীৰাশ্ৰু সদৃশ গল্প লিখি থকা হৈছে, গল্পকাৰ হিচাপে স্বীকৃতি লাভৰ পথ মসৃণ কৰাত বাহিৰে, এনে লেখাই অসমৰ সাহিত্য জগতত বিশেষ একো সমৃদ্ধ কৰা নাই; গোট অথবা গোষ্ঠী বন্ধুৰদ্বাৰা স্বীকৃত হ’লেও এনে লেখাই পঢ়ুৱৈৰ হৃদয় স্পৰ্শ কৰিব পৰা নাই, মনক আলোড়িত কৰিব পৰা নাই। মানুহৰ অপ্ৰকাশিত দুখ, দাৰিদ্ৰৰ হাঁহাঁকাৰৰ অনুচ্চাৰিত সংকেত হৃদয়াংগম কৰিবৰ বাবে যি সংবেদনশীলতা আৰু তাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশৰ বাবে যি অমলিন হৃদয়ৰ প্ৰয়োজন তাক অন্তৰেৰে একাত্ম অনুভৱ নকৰা কোনো কিতাপত লিখা আদৰ্শ পাঠে দিব নোৱাৰে : দিব পাৰে নিৰ্মম অভিজ্ঞতা আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত নিয়ন্ত্ৰণ কৰা এক বিৰল মূল্যবোধ আৰু অমলিন আৱেগে।

অসমৰ গল্প আৰু অন্য বহু লেখাক কৃতিমতাৰ পৰা ৰক্ষা কৰাৰ সম্ভাৱনা লৈ অহা মৃণাল কলিতালৈ স্বাগতম।

2 Comments
  • মাজনী ৰায়
    Posted at 22:16h, 29 September Reply

    অতুলনীয় আপুনি আন আন লেখা ও প্রকাশ কৰক অনুগ্রহ কৰি।

Post A Comment