ম'নে, মেনে, বুগ'ৰ'

১৯০০ চনত ডেগাছ আৰু ম'নে নামৰ সেই সময়ৰ তথা সৰ্বকালৰ দুজন বিখ্যাত চিত্ৰশিল্পীক সোধা হৈছিল যে তেওঁলোকৰ মতে সেইসময়ৰ কোনজন চিত্ৰশিল্পী ঊনৈছ শতিকাৰ সৰ্বশেষ্ঠ ফৰাচী চিত্ৰশিল্পীজন বুলি ২০০০ চনত বিবেচিত হ’বগৈ পাৰে? কিছু আলোচনা আৰু তৰ্কৰ অন্তত তেওঁলোক দুয়ো একমত হৈছিল যে সেইজন— উইলিয়াম বুগ'ৰ' (William Bouguereau)।

Impression, Sunrise

কেতিয়াবা এটা খেলিমেলি হয় যে ম'নে আৰু মেনে দুজন চিত্ৰশিল্পী নে একেজনেই। আচলতে, এজন ক্লড ম'নে (Claude Monet), আনজন এডওৱাৰ্ড মেনে (Edouard Manet)। দুয়োজনেই ইমপ্ৰেছনিষ্ট ধাৰাৰ প্ৰতিভূ।

ক্লড ম'নেয়ে “Impression, Sunrise” (ফৰাচীত “Impression, soleil levant”) নাম দি তেওঁৰ গৃহ চহৰৰ জাহাজ-ঘাটটোত সূৰ্যোদয়ৰ দৃশ্যৰ এখন ছবি আঁকিছিল। সেইখন দেখি পেৰিছৰ কলা-সমালোচকসকলে তেওঁক বিদ্ৰূপেৰে ভৰাই তুলিছিল, সেইখন কিবা দৰকাৰী ছবি বুলি ভবা নাছিল। কিন্তু সেই ছবিখনেই এটা নতুন ধাৰা আৰম্ভ কৰিলে আৰু আজিৰ বিখ্যাত সেই ধাৰাটো “ইমপ্ৰেছনিষ্ট” বুলি পৰিচিত হৈ পৰিল।

এডওৱাৰ্ড মেনেৰ এজন বন্ধু আছিল লেখক এমিল জ'লা। মেনেক কৰা উচ্চ প্ৰশংসাৰ বাবে তেওঁ কাকতৰ চাকৰি এৰিব লগা হৈছিল। মেনেৰ সম্পৰ্কে এমিল জ'লাই কোৱা এষাৰ কথা জয়ন্তী চুতীয়াৰ “শিল্পীৰ দৃষ্টিত জীৱন আৰু জগত” গ্ৰন্থখনত পঢ়িছিলোঁ—

এডওৱাৰ্ড মেনেয়ে অংকণ কৰা এমিল জ'লাৰ এখন ছবি

“মেনেই যেতিয়া অনুভৱ কৰিলে যে মহান চিত্ৰকৰসকলৰ ছবি নকল কৰি তেওঁ চিত্ৰকলাৰ ক্ষেত্ৰত বিশেষ উন্নতি লাভ কৰিব পৰা নাই, অথবা আনৰ সৃষ্টিৰে প্ৰকৃতিক চাইয়ো তেওঁ প্ৰকৃতিক মৌলিকভাৱে চিত্ৰিত কৰিব পৰা নাই, তেতিয়া এদিন তেওঁ ঠিক কৰিলে যে প্ৰকৃতিক চোৱাৰ একমাত্ৰ উপায় হ’ল প্ৰকৃতি ঠিক যেনেকুৱা তেনেকৈয়ে তাক চাবলৈ চেষ্টা কৰা। তাৰ পিছৰ পৰাই তেওঁ আনৰ ছবি চাই বা আনৰ মতামতক গুৰুত্ব দি ছবি অঁকাৰ প্ৰয়াস সমূলি পৰিহাৰ কৰিলে। তেওঁ কেনভাছত প্ৰকৃতিক চিত্ৰিত কৰিবলৈ ধৰিলে সম্পূৰ্ণভাৱে নিজৰ দৃষ্টিভংগী আৰু বোধশক্তিৰ লগত সংগতি ৰাখি।”

বুগ'ৰ'ৱে জীৱনত ৮০০ৰো অধিক ছবি আঁকিছিল। কামবোৰ তেওঁ পটকৈ কৰে নে বুলি এবাৰ সাংবাদিকে বুগ'ৰ'ক সুধিছিল। তেতিয়া বুগ'ৰ'ৱে কৈছিল—

“সেইটো নিৰ্ভৰ কৰে। মই অনেক সংখ্যক সৃষ্টি কৰিছো, কাৰণ মই কোনো বিৰতি নোলোৱাকৈ গোটেই দিন ধৰি কাম কৰোঁ। ভাল কাম সাধন কৰাৰ দৰাচলতে এইটোৱেই একমাত্ৰ পথ। মোৰ মানৱমূৰ্তিসমূহৰ বাবে মই বাঞ্ছা কৰা দেহভংগীবোৰ মই সততে পটকৈ পাই যাওঁ; এই ক্ষেত্ৰত মোৰ পেইণ্টিংখন খুৱ সোনকালে সম্পূৰ্ণ হৈ যায়। আনহাতে, যদি কথাবোৰ মই বিচৰা ধৰণে গতি নকৰে, মই কেনভাচখন এদিন বা দুদিন ধৰি একাষৰীয়াকৈ থৈ দিওঁ, আৰু যথোপযুক্ত অনুভৱ নকৰালৈকে অপেক্ষা কৰোঁ। মই কেতিয়াও মাথোঁ এখন ছবিৰে কাম কৰি নাথাকোঁ, মোৰ ষ্টুডিঅ’ত মই তিনিখন বা চাৰিখন পেইণ্টিং অগ্ৰগতিত ৰাখোঁ। এইদৰে, যদি কোনোবা এদিনা এগৰাকী মডেল মোৰ মনত প্ৰকাশিত হৈ নুঠে, মই জেপত হাত ভৰাই বহি থাকিবলগা নহয়, মই আনসমূহৰ কাম কৰিব পাৰোঁ।”

পঠনীয়:  ১৩ টা প্ৰিয় প্ৰবন্ধ

আন আন সময়ত বুগ'ৰ'ৱে আৰু কৈছিল—

“প্ৰতি পুৱা মই কাটা সাত বজাত উঠোঁ, আৰু পুৱাৰ আহাৰ খাওঁ। তাৰ পিছত মই মোৰ ষ্টুডিঅ’লৈ যাওঁ, য’ৰ পৰা মই গোটেই দিনটো আঁতৰি নাযাওঁ। প্ৰায় তিনি বজাত, এটি পাতল আহাৰ অনা হয়; মই মোৰ কাম ত্যাগ কৰিব লগা নহয়। কাচিৎহে মোৰ অতিথিসকল থাকে; কাৰণ মই আমনি ল’বলৈ খুৱ অপচন্দ কৰোঁ। মোৰ বন্ধুবোৰক অৱশ্যে সদায় স্বাগতম। তেওঁলোকে মোক বিৰক্ত নকৰে, মই হুলষ্ঠুলতো কাম কৰিব পাৰোঁ বা যেতিয়া তেওঁলোকে আদ্দা মাৰি থাকে তেতিয়াও। যেতিয়া মই অংকণ কৰি থাকোঁ, মই অন্য একোলৈকে মনোযোগ নিদিওঁ।”

“প্ৰত্যেক দিনাই মই মোৰ ষ্টুডিঅ’লৈ যাওঁ আনন্দমুখৰ হৈ; গধুলি এন্ধাৰৰ বাবে যেতিয়া কাম বন্ধ কৰিবলৈ বাধ্য হওঁ মই আকুলতাৰে কেৱলমাথোঁ ৰাতিপুৱাটো অহালৈ অপেক্ষা কৰিব পাৰোঁ... মোৰ কৰ্ম কেৱলমাথোঁ সুখানুভূতি নহয়, ই এটি অপৰিহাৰ্য্যতাত পৰিণত হৈছে। মোৰ জীৱনত অন্য কিমান বস্তু থাকক বা নাথাকক কিয়, যদিহে মই মোৰ অতিকে আপোন অংকণত নিজকে সপি দিব নোৱাৰোঁ মই দৈন্য।”

তলত বুগ'ৰ'ৱে অংকণ কৰা কেইখনমান ছবি—

   

   

   

 

 

No Comments

Post A Comment