অণুগল্প

(১) বৰষুণ

ফাগুণে আকাশখন যেন গুড়ি কৰি ছাই বৰণীয়া কৰি পেলাইছে। সবৰে মুখত শুনি শুনি কণমান নাতিটোৱেও অভিজ্ঞ মানুহৰ দৰে ক’লে— “বৰষুণজাক আজিও নাহিল। আকাশখনত ইমান ধূলি!” ককাকে উত্তৰ দিলে— “ভালেই হৈছে দে। আকাশে ডাৱৰবোৰ বাৰিষালৈ সাঁচি থৈছে।”

বাৰিষা পথাৰে চিৰাল-ফাট মেলিলে। নাতিটোৱে ক’লে— “ককা, আকাশে বাৰিষাটোতো ডাৱৰবোৰ সাঁচি থ’লে। এইবাৰ শীতত আন দেশবোৰৰ দৰে বৰফ পৰিব দে; বৰ মজা লাগিব।”

অবোধ শিশু! ককাকে হাঁহিবলৈ ধৰিলে। কিন্তু, ক’ৰ পৰা জানো ডাৱৰ এজাক আহি ককাকৰ চকুৰে সৰিবলৈ ধৰিলে। নাতিটোৱে হাতৰ তলুৱাৰে বৰষুণ ধৰি ৰাখিব নোৱাৰিলে, দেখোঁতেই শুকাই গ’ল, যেন সেই বৰষুণ পথাৰৰ ফাটবোৰেদি সৰকি পটকৈ পাতাল পালেগৈ।

(২) নিহালী

বাবুলৰ ঘৈণীয়েকে গাঁৱৰ ইঘৰ-সিঘৰলৈ চাহ-তামোল খাই মাত এষাৰ দিয়াৰ চলেৰে গৈ ফটা কাপোৰ কিছুমান খুজি আনি গিৰিয়েকৰ নিহালীখন দুতৰপ ডাঠ কৰি চিলাই দিলে। মানুহটো বুঢ়া হৈ আহিছে, শেষ নিশা জাৰত কঁপি সোনকালে মৰে বুলিয়েই বুঢ়ী ঘৈণীয়েকৰ সেইকণ হেঁপাহ। যেনে তেনে উমকণ বাঢ়ক বুলিয়েই বছৰি বছৰি ফটা কাপোৰৰ তৰপ লগাওতে লগাওতে বাবুলৰ নিহালীখন ঠৰঙা হৈ হৈ গৈ আছে। শেষ নিশা টোপ টোপ নিয়ৰ সৰিছে, কবিয়ে সৰগৰ মুকুতা মণি মৰতত পৰা বুলি কবিতা লিখিছে, আৰু বাবুল বুঢ়াৰ নিহালীখন অবুজন হৈ উঠিছে। গাটোৰ এফালে চেঁচা পৰি সাৰ পোৱা বাবুলে নিহালীখন গাৰ সেইকাষে ভাঁজে ভাঁজে খাঁজ খুৱাই ল’বলৈ চেষ্টা কৰিলে। লগে লগে আনটো কাষে নিহালীখন দাং খাই, মুকলি গোহালিত সন্ধিয়া গৰু এজাক সোমোৱা দৰে হুৰহুৰাই ঠাণ্ডা সোমাই আহিল। মৰা মানুহে ভৰ দিয়া দৰে নিহালীখনে ওপৰপিনৰ পৰা বাবুলক হেঁচা মাৰি ধৰিছে। গাটোৰ দুয়োপিনে সেইখন খাঁজ খুৱাই ল’বলৈ যুঁজ দি বাবুলৰ হাত দুখন বিষাই গৈছে। বাবুলে ভাবিছে, ঠাণ্ডাও ইমান গধূৰ।

No Comments

Post A Comment