বিষণ্ণতা, হতাশা, মানসিক চাপ আৰু মানসিক শক্তি

“প্ৰচীন গ্ৰীকসকলে মনটো আৰু শৰীৰটোৰ মাজৰ পূৰ্ণ সংযোগ উপলব্ধি কৰিছিল, কিন্তু এই ধাৰণা তুলি ধৰিবলৈ পশ্চিমীয়া চিকিৎসাক এটা বহু দীঘলীয়া সময় লাগিল। এতিয়াও বিজ্ঞানে ধাৰাবাহিকভাৱে পুনঃ পুনঃ দেখুৱাই আহিছে যে আমাৰ শাৰীৰিক স্বাস্থ্য আৰু আমাৰ মানসিক স্বাস্থ্যৰ মাজত এক প্ৰগাঢ় সংযোগ আছে।

যদি আপুনি হীনমন্যতা অনুভৱ কৰি আছে আৰু আপুনি নাজানে যে কিয় তেনে ভাৱ আহিছে নতুবা যদি আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ বাবে উদ্বিগ্ন হৈছে, তেন্তে “ইতিবাচক চিন্তা” ইয়াৰ সমাধান নহ’বও পাৰে। কেতিয়াবা, ইয়াৰ উপযুক্ততম চিকিৎসাটো জড়িত থাকে আপুনি শৰীৰিকভাৱে কৰা কিছুমান পৃথক কাৰ্যৰ লগত, কেৱলমাথোঁ মনটোৰ লগতে নহয়।”

— এয়া আছিল চাইক’লজী টুডে (Psychology Today) নামৰ বিশ্ববিখ্যাত আলোচনীখনৰ শেহতীয়া এটা প্ৰবন্ধৰ আৰম্ভণি অংশ। লেখাটোত, মানসিক শক্তি গঢ়ি তোলাৰ বাবে পাঁচটা দিশত আলোকপাত কৰিছে। সেইকেইটা হ’ল—

* বিষণ্ণতা দূৰ কৰিবৰ বাবে খোজ কঢ়া

* শাৰীৰিক পীড়া কমোৱাৰ উদ্দেশ্যে হঁহা

* মনোযোগ বৃদ্ধিৰ বাবে গভীৰ উশাহ লোৱা

* মানসিক চাপ আৰু PTSD(Posttraumatic Stress Disorder)ৰ উপসৰ্গ কমোৱাৰ বাবে যোগাসন কৰা

* দুঃচিন্তা, উৎকণ্ঠাক বাধা দিয়াৰ বাবে ভাৰ উত্তোলণ কৰা।

সেই প্ৰবন্ধটোত লেখকগৰাকীয়ে এই প্ৰতিটো প্ৰসংগত নতুন গৱেষণাৰ তথ্যৰে সৈতে ব্যাখ্যা আগবঢ়াইছে। এই প্ৰবন্ধটোত মই সেইসমূহ উল্লেখ কৰাৰ পৰিৱৰ্তে তাৰে তিনিটা প্ৰসংগত পূৰ্বতে বেলেগ বেলেগ সময়ত পঢ়া আৰু নিজে উপকৃত হোৱা কেইটামান কথা উপস্থাপন কৰিম। ভাৰ উত্তোলণ মই নিজে কৰি পোৱা নাই আৰু যোগাসনৰ উপকাৰিতাৰ কথা নজনা ভাৰতীয় হয়তো নাই। ভাৰতীয় সভ্যতাই বিশ্বক দিয়া এইটো এটা বিৰাট অৱদান। পাঠকে বিভিন্ন “আসন” সম্পৰ্কীয় কোনো কিতাপৰ পৰা নিজৰ বাবে উপকাৰী বুলি ভবা কেইটামান বাছি ল’ব পাৰে। কঠিন আসনসমূহ কৰাটো সকলোৰে বাবে সম্ভৱ নহ’ব পাৰে, কিন্তু সহজ কিছুসংখ্যক আসনেই শৰীৰ, মগজু তথা ইন্দ্ৰিয়সমূহৰ বহু উপকাৰ কৰে। এতিয়া ক’ব বিচৰা সেই তিনিটা প্ৰসংগলৈ যোৱাৰ পূৰ্বে আমি আন কেইটামান কথাও চাই লওঁ—

আমি প্ৰায়ে নিজৰ শাৰীৰটোৰ বেয়া হ’ব ধৰা অৱস্থা একোটা লক্ষ্য কৰি ডাঙৰ বেমাৰ নহ’বলৈ আগতীয়াকৈ সাৱধান হৈ পৰোঁ, বা অৱস্থাটো বেছি বেয়া হৈ যাব বুলি অনুমান কৰি খুৱ সোনকালে চিকিৎসকৰ কাষ চাপো। ধৰক, আপোনাৰ পেটটো অলপ ওফন্দি কঠিন হৈ পৰিছে আৰু বুকুৰ তলতে বিষ হ’ব হ’ব যেন লাগিছে; তেতিয়া আপোনাৰ পেটত গেছ জমা হৈছে বুলি অনুমান কৰি আপুনি দুদিনমান খোৱা-বোৱাত সাৱধান হয় নতুবা অলপ বেছি হ’লে সঠিক ৰোগটো আৰু তাৰ পৰা বচাৰ উপায় নাজানি চিকিৎসকৰ ওচৰলৈ যায়। এনেকুৱা উদাহৰণ বহুত আছে। ঠিক একেদৰেই যদি মনটোক কিছুমান বিকৃত আৱেগে গ্ৰাস কৰিবলৈ ধৰে, সুস্থ আৱেগিক জীৱন এটাত বৰ্তী থকা যেন অনুভৱ নহয়, তেন্তে মানসিক শক্তি পৰীক্ষা কৰি চাব পৰা বিভিন্ন প্ৰশ্নসমূহৰ জৰিয়তে নিজে নিজক পৰীক্ষা কৰি অভ্যাসবোৰ সলনি কৰা বা মানসিক চিকিৎসকৰ কাষ চাপি উপযুক্ত বিধান তথা ঔষধ গ্ৰহণ কৰাটো কোনো লাজৰ কথা নহয়। আনহাতে, মনৰ বহুতো বিৰূপ অৱস্থাৰ প্ৰকৃত উৎসটো কিন্তু শৰীৰত হোৱা কিছুমান বিৰূপ অৱস্থাহে বুলি চিকিৎসকে কয়। বিষণ্ণতাও বহু সময়ত একোটা শাৰীৰিক ৰোগৰ লক্ষণহে হ’ব পাৰে।

কেলী মেকগনিগেল

এইখিনিতে আন এটা কথাও মনত ৰখা দৰকাৰ যে আমাক ইতিবাচক চিন্তাও সদায় প্ৰধানকৈ লাগিব, আৰু কিবা এটা কথা বা ঘটনাক আমি কেনে দৃষ্টিভংগীৰে গ্ৰহণ কৰিম সেইটোও গুৰুত্বপূৰ্ণ। উইলিয়াম জেমছ নামৰ দাৰ্শনিক তথা মনস্তত্ববিদজনে কৈছিল যে— “মোৰ প্ৰজন্মৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হ’ল এই যে মানুহে নিজৰ মনোভাব তথা জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি তেওঁলোকৰ গোটেই জীৱনটোকেই সলনি কৰি দিব পাৰে।” কেলী মেকগনিগেল নামৰ বৰ্তমান সময়ৰ এগৰাকী বিখ্যাত মনস্তত্ববিদে কৈছিল— ত্ৰিছ হাজাৰ লোকক লৈ কেইবা বছৰ ধৰি চলোৱা গৱেষণাৰ পৰা পোৱা গৈছিল যে যিসকল মানুহ খুৱ মানসিক চাপত পৰিছে তেওঁলোকৰ মাজৰ যিসকলে মানসিক চাপ স্বাস্থ্যৰ বাবে খুৱ অনিষ্টকাৰক বুলি বিশ্বাস কৰে তেওঁলোকৰ অকালতে মৃত্যুৰ হাৰ ৪৩ শতাংশ বেছি। আৰু যিসকলে খুৱ মানসিক চাপত পৰিও তাৰ পৰা স্বাস্থ্যৰ অপকাৰ হ’ব বুলি বিশ্বাস নকৰে তেওঁলোকৰ মৃ্ত্যুৰ হাৰ আনকি মানসিক চাপত নপৰা মানুহতকৈয়ো কম। অৰ্থাৎ, মানসিক চাপৰ ফলত যিমান মানুহৰ মৃত্যু হয়, মানসিক চাপে বেয়া প্ৰভাৱ পেলাব বুলি ভাবি থকা মানুহ তাতকৈ বেছি মৃত্যু হয়। মানসিক চাপৰ প্ৰতি আপোনাৰ মনোভাৱ সলনি কৰি আপোনাৰ শৰীৰটোত সেই চাপে পেলোৱা প্ৰভাৱকো আপুনি সলনি কৰি পেলাব পাৰে।

পঠনীয়:  ত্ৰি-মেৰু অভিযানৰ অন্তিম দশা

দুখনমান অসমীয়া অভিধানত হতাশা(frustration) আৰু বিষণ্ণতা(depression)ক সমাৰ্থক শব্দৰ দৰে ৰখা দেখিছোঁ। কিন্তু এই দুয়োটাৰ মাজত বিস্তৰ পাৰ্থক্য আছে। যিকোনো এটা কঠিন কাৰ্য কৰিবলৈ লোৱা সময়ত সাধাৰণতেই আমাৰ মনলৈ “কিয় নো এই অপ্ৰয়োজনীয় কণ্টকময় পথ ল’ব লগা হৈছে” ধৰণৰ ভাৱ একোটা আহিবলৈ ধৰে। নিজৰ দক্ষতা থকা ক্ষেত্ৰখনতে কিবা এটা তৈয়াৰ কৰা বা বিকাশ কৰা সময়ত, সেইটো সম্পূৰ্ণ কৰি তুলিবলৈ লওঁতে— “তেনে কাম সম্পূৰ্ণ কৰাৰ সামৰ্থ্য মোৰ নাই”, “কল্পনা কৰাৰ দৰে ভাল কৰি তুলিবলৈ মোৰ যোগ্যতা নাই”, “কৰি নো কি হ’ব” “পিছত কৰিম, এতিয়া যোগ্য হোৱা নাই” ইত্যাদি ধৰণৰ ভাৱ আহে। কামটো নকৰাকৈ এৰি দিলে এই হতাশাবোৰ নোহোৱা হৈ আৰাম অনুভৱ হয় আৰু ফলত সৰহভাগ লোকৰে একো কৰা নহয়গৈ। এনে ক্ষেত্ৰত লেখক এলিজাবেথ গিলবাৰ্টে কৈছে— “হতাশা কাৰ্যক্ৰমোন্নতিত এটা বাধা নহয়, হতাশায়েই হ’ল কাৰ্যক্ৰমোন্নতি, হতাশা কামটোৰ প্ৰক্ৰিয়াহে।” জেমছ ক্লিয়েৰ নামৰ বিখ্যাত ব্লগাৰজনে (যাৰ ব্লগৰ ইমেইল চাবস্ক্ৰাইবাৰৰ সংখ্যাই চাৰি লাখৰ অধিক) কৈছে— “যিটোক প্ৰতিকুলতাৰ যাতনা আৰু হতাশা যেন লাগে সেইটো আচলতে প্ৰায়েই দক্ষতা-বিকাশ আৰু পৰিপুষ্টিহে।” কিন্তু হতাশাতে আবদ্ধ থকাৰ কথা ইয়াত কোৱা হোৱা নাই। সেইটো অকণো শুভ লক্ষণ নহয়। তাৰ বাবে কেতিয়াবা চিকিৎসাও দৰকাৰ হৈ পৰে। কোৱা হৈছে যে, কঠিন কামটো এৰি হতাশাৰ পৰা মুক্ত হোৱাতকৈ তাক অতিক্ৰমৰ ইচ্ছাই নিজে কল্পনা কৰা সামৰ্থ্যৰ সীমাতকৈয়ো বহু বেছি উচ্চতালৈ কেতিয়াবা লৈ গুচি যায়। আৰু কিছুমান জটিলতা, অন্তৰায় থাকিলে কৰ্মদক্ষতাৰ অধিক উৎকৰ্ষ সাধনহে হয়। এলফ্ৰেড এডলাৰ নামৰ মনস্তত্ববিদজনৰ মতে— “হীনমন্যতা অবিহনে মানুহ হোৱা অসম্ভৱ। হীনমন্যতাই হীনমন্যতা জয় কৰিবলৈ মানুহক অহৰহ তাগিদা দি থাকে। জীৱনৰ জয়লাভৰ সহস্ৰ পথ থাকে। প্ৰত্যেকটো পথেই ইটোৰ পৰা সিটো বেলেগ। ঠিক সেইদৰে উৎকৰ্ষৰ লক্ষ্যত উপনীত হ’বলৈকো বহুতো বেলেগ বেলেগ পথ থাকিব পাৰে। প্ৰত্যেক মানুহে নিজৰ চিন্তা অনুযায়ী নিজৰ পথ বাছি লয়। মানুহৰ হীনমন্যতা যিমানেই বেছি হয়, ঠিক সিমানেই বেছি দৃঢ় হয় তাক জয় কৰাৰ সংকল্প। লগতে বেছি হয় মনৰ ভিতৰত চলি থকা আৱেগিক আন্দোলন।”

***

খোজ কঢ়া:

খোজ কঢ়াৰ সম্পৰ্কত বাৰ্ট্ৰাণ্ড ৰাছেলৰ এটা বহু উদ্ধৃত উক্তি আছে— “যিসকল ধনী ব্যৱসায়ীয়ে জীৱনৰ সুখ-শান্তি হেৰুৱাই পেলাইছে, তেওঁলোকে হেৰুওৱা সুখ-শান্তি ঘূৰাই পাবলৈ নিজৰ জীৱন-দৰ্শন সলনি কৰাতকৈ দিনে ছমাইল খোজ কাঢ়িলে বেছি উপকাৰ পাব বুলি মই ভাবোঁ।” এই কথাষাৰ প্ৰথম (খুৱসম্ভৱ) পাইছিলোঁ হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা”ৰ “খোজ কঢ়াৰ বিষয়ে” শীৰ্ষক প্ৰবন্ধটোত। খোজ কঢ়াৰ বিষয়ে তেওঁ আন লেখাটো বহু কথা লিখিছে।

নতুন গৱেষণাসমূহে খোজ কঢ়াৰ বিভিন্ন উপকাৰৰ কথা আৱিষ্কাৰ বা পুনৰাৱিষ্কাৰ কৰিছে। খোজ কঢ়া কাৰ্যটোৱে মগজুলৈ এক বিশেষ মাত্ৰাৰ তেজ চলাচল সক্ৰিয় কৰে আৰু স্নায়ুকোষৰ সংকেত বিনিময়ত সহায় কৰে। ১৫-১৬ মিনিটৰ বাবে যেতিয়া খোজ কাঢ়ে তেতিয়া সৃষ্টিশীল কল্পনা মনলৈ আহে। যদি নিজৰ মনৰ পৰা আহিবলগীয়া কিবা প্ৰশ্নোত্তৰৰ আপুনি অন্বেষণ কৰি আছে তেন্তে তেনে সময়ত সেয়া মগজুত প্ৰতিভাত হৈ উঠাৰ বহু সম্ভাৱনা থাকে। স্মৃতিশক্তি, স্বজ্ঞা— স্বতঃলব্ধ জ্ঞান (intuition), শৃংখলাবদ্ধ চিন্তা, আৱেগিক সক্ৰিয়তা আদিত খোজ কঢ়া কাৰ্যই সুপ্ৰভাৱ পেলায়। প্ৰাকৃতিক নিৰিবিলি পৰিৱেশত মনে মিলা সংগীৰ লগত বহু দূৰ খোজ কাঢ়িবলৈ ওলায় যোৱাটোৱে কেৱল যে বাৰ্তালাপতে অমিয়া ঢালি দিয়ে এনে নহয়, তেনে পৰিৱেশত খোজ কঢ়াটো অন্তৰ্দৃষ্টি আৰু  বিশ্লেষণ কৰাৰ ক্ষমতা বঢ়াই তোলাৰো এটি আহিলা।

পঠনীয়:  এণ্টাৰ্কটিকাৰ সমীপত আৰ্নেষ্ট শ্বেকল্টনৰ অন্তিম নিশাকেইটা

হঁহা:

এটা সাধাৰণ শিশুৱে দিনে ৪০০ বাৰ পৰ্যন্ত হাঁহি মৰাৰ বিপৰীতে বহু প্ৰাপ্তবয়স্ক মানুহে দিনে ২০ বাৰ বা ৫ বাৰো হাঁহি নামাৰে। শিশুৰ মুখৰ হাঁহিয়ে তেওঁলোকৰ মানসিক বিকাশত সহায় কৰাৰ লগতে, মাক-দেউতাক বা ডাঙৰৰ সৈতে পৰস্পৰৰ হাঁহিৰ বিনিময়েৰে পৰস্পৰৰ মাজত মনৰ যি এক অব্যক্ত সংযোগ স্থাপন হয় সিও তেওঁলোকৰ মানসিক বিকাশত সহায় কৰে। সেই সংযোগ ডাঙৰৰ বাবেও মগজু তথা শৰীৰটোক প্ৰাণৱন্ত কৰি তোলা এটা শক্তি। খুৱ চাপত থকা সময়ত হাঁহিয়ে হৃদস্পন্দন স্বাভাৱিক কৰি তোলে, ব্যৱহাৰ হৈ থকা পেশীসমূহক বহু পৰিমাণে মুক্ত কৰি তোলে। মানুহে খুৱ কম হাঁহি মৰাৰ কাৰণ বহু সময়ত দুখ, দুৰ্দশা, গভীৰ চিন্তা-চৰ্চাত ব্যস্ততা, পৰিশ্ৰম, আতংক আদি একোৱেই নহয়; বৰং সামান্য সচেতনতাৰ অভাৱহে বহুতৰ বাবে ইয়াৰ প্ৰকৃত কাৰণ।

এমি কাডী

একোজন খুৱ আত্মবিশ্বাসী মানুহ, দুঃসাধ্য সাধন কৰা মানুহ বা দুঃসাধ্য সাধন কৰিবলৈ কৰ্মোদ্যমী হৈ উঠা মানুহ, বিশেষ কৰ্মত আনক নেতৃত্ব দিয়া মানুহ, কষ্টসাধ্য কাম কৰি সুখী হোৱা এজন মানুহ —এনে মানুহবোৰৰ দেহভংগিত, শাৰীৰিক অভিব্যক্তিত, চাল-চলনত এক প্ৰাণৱন্ত ৰূপ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ শাৰীৰিক আচৰণৰ পৰা একোটা শক্তি প্ৰকাশ হৈ থাকে। ইয়াৰ ওলোটাটো শুদ্ধ হয় নে নহয়? এমি কাডী নামৰ এগৰাকী বিখ্যাত মনস্তাত্বিকে এই প্ৰশ্নৰ উত্তৰ বিচাৰি গৱেষণা কৰি পাইছিল যে এই ওলোটাটোও শুদ্ধ। আমাৰ শাৰীৰিক ভংগিয়ে আমাৰ চিন্তাধাৰাত প্ৰভাৱ বিস্তাৰ কৰে। এজন মেহেঙা, চুচুক চামাক কৰি থকা মানুহক, নিজকে হীন যেন ভাবি একেবাৰে নিৰ্জু ৰূপ লৈ থকা এজন মানুহক যদি কিছু সময়ৰ বাবে এটা শক্তিমন্ত যেন শাৰীৰিক ভংগি লৈ থাকিবলৈ দিয়া হয় তেন্তে তেওঁ আত্মবিশ্বাস অৰ্জন কৰে, প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস কৰিব পাৰে, নিজৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰি তেওঁ স্বাচ্ছন্দ্যৰে কাম কৰিবলৈ আগ্ৰহী হ’ব পাৰে। এমি কাডীয়ে পৰীক্ষাগাৰত দেখিছিল যে মাথোঁ দুই মিনিটৰ এনে ভংগিয়ে মানুহলৈ বহু পৰিৱৰ্তন আনিব পাৰে। নিজকে অক্ষম বুলি বিবেচনা কৰি থকা মানুহে নিজকে সামৰ্থ্যৱান বুলি আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। তেওঁৰ সেই গৱেষণা-ফল ২০১০ চনৰ শ্ৰেষ্ঠ দহটা মনস্তাত্বিক আৱিষ্কাৰ বুলিও কোৱা হৈছিল। “Power pose” বোলা এই ধাৰণাটো বৰ্তমান খুৱ জনপ্ৰিয় আৰু ফলপ্ৰসূ। দুহাত প্ৰসাৰিত কৰি এজন বিজয়ী মানুহৰ দৰে কৰা, দুভৰি ওপৰলৈ তুলি বুকু ফিন্দাই এজন ক্ষমতাশালী মানুহৰ দৰে কৰা —এনে ভংগিবিলাক অকলে থকা অৱস্থাত বা সুবিধা মতে আন স্থানত দি পৰৱৰ্তী সময়ত আপুনিও সুফল পাব। এমি কাডীয়ে এবাৰ উল্লেখ কৰিছিল যে— যেতিয়া আমি সুখী হওঁ আমি হাঁহি মাৰোঁ; তাৰ বিপৰীত ক্ৰমে আমি এনেই জোৰ কৰি হাঁহিলেও সুখী অনুভৱ কৰোঁ। যদি এজন মানুহৰ দুপাৰি দাঁতৰ মাজত এটা কলম ভৰাই হাঁহিবলৈ জোৰ কৰি বাধ্য কৰোৱা হয় তেতিয়াও তেওঁ সুখী অনুভৱ কৰিবলৈ সক্ষম হয়।

গভীৰ উশাহ:

যদিও মৃত্যু পৰ্যন্ত উশাহ-নিশাহ নিজেই চলি থকা এটা প্ৰক্ৰিয়া বুলি ভাব হয়, আমি কিন্তু সঠিক পৰিমাণৰ উশাহ-নিশাহ ল’বলৈ প্ৰায়ে পাহৰি যাওঁ, যিটোৰ প্ৰভাৱ শৰীৰ আৰু মন-মগজু দুয়ো ক্ষেত্ৰতে পৰে। শাৰীৰিক শ্ৰমৰ অভাৱেও উশাহ-নিশাহৰ পৰিমাণ কমাই দিয়ে। পৰ্যাপ্ত অক্সিজেন আমাৰ গ্ৰহণ কৰা নহয়। অস্বাভাৱিক মুহূৰ্তত বা আমি সংকোচ কৰা মুহূৰ্তত সচেতনতাৰে গভীৰ উশাহ ল’লে সঠিক সিদ্ধান্ত লোৱাত, কাৰ্যদক্ষতা দেখুওৱাত সহায় হয়। নিয়মীয়াকৈ গভীৰ উশাহ ল’লে অপৰিমিত চিন্তা মনৰ পৰা আঁতৰাই একনিষ্ট চিন্তা কৰাত সহায় হয়।

No Comments

Post A Comment