মানসিকভাৱে স্বাস্থ্যৱান মানুহৰ পাঁচটা বৈশিষ্ট

শিৱসাগৰৰ ঘটনাটোৰ বাতৰি ওলোৱা পাছত মানসিকভাৱে বেয়া স্বাস্থ্যৰ মানুহ সামাজিক যোগসূত্ৰ মাধ্যমতো দেখা পোৱা গৈছে৷

কালি এটা টক শ্ব’ত মানসিক ৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে মানসিকভাৱে স্বাস্থ্যৱান মানুহ এজনৰ কি কি বৈশিষ্ট থাকে সেই সম্পৰ্কে এটা কথা কৈছিল৷ তেওঁ কৈছিল যে বিশ্ব স্বাস্থ্য সংস্থাই মানসিকভাৱে সুস্থ মানুহৰ বৈশিষ্টসমূহৰ এখন তালিকা দিছে৷ আৰু তাৰে শেষৰ পইণ্টটো হ’ল এজন সুস্থ মানুহে সামাজিকভাৱে কিবা অৱদান আগবঢ়াবলৈ আগ্ৰহ অনুভৱ কৰে৷ (ভালকৈ নুশুনিলোঁ৷)

সেই বৈশিষ্টসমূহৰ সম্পূৰ্ণ তালিকাখন ইণ্টাৰনেটত পাওঁ নেকি বুলি অলপ বিচাৰি চাইছিলোঁ, কিন্তু নাপালোঁ৷ তাৰ পৰিৱৰ্তে বেলেগ এটা প্ৰবন্ধ পালোঁ৷ ভাল প্ৰবন্ধ এটা৷ প্ৰবন্ধটোত মানসিকভাৱে স্বাস্থ্যৱান মানুহৰ পাঁচটা বৈশিষ্ট দিয়া হৈছে৷ সেই পাঁচটাৰ অনুবাদ তলত আগবঢ়ালোঁ:

১)

মানসিকভাৱে স্বাস্থ্যৱান মানুহ এজনে সন্তুষ্টি, পূৰ্ণতাপ্ৰাপ্তি, সুখ, প্ৰশান্তি আৰু উৎফুল্লতা অনুভৱ কৰে৷ তেওঁ স্ব-নিন্দা নকৰে আৰু তেওঁৰ মনত কোনো অন্তৰ্দ্বন্দ নাথাকে৷ তেওঁৰ আত্মসন্মানবোধ থাকে৷ তেওঁ নিজৰ দক্ষতাক অৱমূল্যায়নো নকৰে, অতিমূল্যায়নো নকৰে৷

২)

এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে নিজৰ বাবে চিন্তা কৰিবলৈ আৰু নিজৰ সিদ্ধান্ত ল’বলৈ সক্ষম৷ তেওঁ নিজৰ দায়িত্বসমূহ এৰাই নচলে আৰু জীৱনৰ দাবিসমূহ পূৰণ কৰিবলৈ তেওঁ সক্ষম৷

৩)

তেওঁৰ দৃঢ় সংকল্প আৰু আত্ম-নিয়ন্ত্ৰণ থাকে৷ তেওঁ সমস্যাৰ মুখামুখি হয় আৰু সেইবোৰ বুদ্ধিমত্তাৰে সমাধান কৰাৰ চেষ্টা কৰে৷ তেওঁ আতংক, ক্ৰোধ বা আক্ৰোশ, প্ৰণয়-বাসনা, ঈৰ্ষা, চাপ আৰু উদ্বেগৰ দ্বাৰা বশীভূত নহয়৷

৪)

এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে আন মানুহৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ, আন্তৰিক আৰু দীৰ্ঘস্থায়ী বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম, আৰু তেওঁ জন-বিচ্ছিন্ন যেন অনুভৱ নকৰে৷ তেওঁ আনৰ সমস্যাবোৰ আৰু আনৰ আৱেগিক প্ৰয়োজনীয়তাবোৰ উপলব্ধি কৰে আৰু আনৰ সৈতে আচৰণত সহানুভূতিশীল আৰু বিনয়ী হ’বলৈ চেষ্টা কৰে৷ তেওঁ আনৰ সমালোচনা গ্ৰহণ কৰে আৰু পটকৈ বিৰক্ত বা বিচলিত নহয় আৰু আবেগক অতিক্ৰম কৰাৰ চেষ্টা কৰে৷

৫)

এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে পৰিৱৰ্তিত পৰিস্থিতিত নিজকে কাৰ্যকৰীভাৱে খাপ খুৱাই লয় আৰু কিবা গণ্ডগোল হ’লে মৰ্মাহত হৈ নপৰে৷ য’তনেকি কিছুমান মানুহে ৰুঢ় প্ৰতিক্ৰিয়া দেখুৱায়, সামান্যতম ধৈৰ্য্যও হেৰুৱাই পেলায়, উচ্চস্বৰে কথা ক’বলৈ ধৰে, আৰু আশপাশৰ সকলোৰে বাবে পৰিৱেশটো অস্বস্তিকৰ কৰি তোলে৷

No Comments

Post A Comment