কৃত্ৰিম বুদ্ধিমত্তাৰ এজন জনক মাৰভিন মিনস্কিৰ চিন্তাধাৰা

এটা সৰু উদাহৰণ আছে— যদি এদিন হঠাতে আপুনি এটা ষ্ট’ভ স্পৰ্শ কৰাত আপোনাৰ হাতখন পোৰে, তেন্তে পিছত ষ্ট’ভটোৰ ওচৰলৈ গ’লে আপুনি বিবেচনা কৰিব যে সেইটো চোৱা উচিত নে অনুচিত। আপোনাৰ দৰে সেই কামটো এটা যন্ত্ৰই কৰিব নোৱাৰে (বা নোৱাৰিছিল)। এই যে প্ৰথমবাৰ হাতখন পোৰাৰ যিটো অভিজ্ঞতা আপোনাৰ হ’ল তাত বুদ্ধিমত্তাৰ প্ৰয়োজন নাই; কিন্তু সেই অভিজ্ঞতাটো সঞ্চয় কৰি পিছৰবাৰ ষ্ট’ভটোৰ ওচৰলৈ গৈ আপুনি যে ঠিক কৰিলে যে তাক চুব নে নোচোৱে সেইটো হ’ল আপোনাৰ বুদ্ধিমত্তা। এতিয়া, কিয় চুব বা কিয় নুচুব সেইটো ঠিৰাং কৰিবলৈ আপুনি কিছুমান দিশ বিবেচনা কৰি চাইছিল। সেই দিশসমূহৰ যদি এটা গাণিতিক আৰ্হি নিৰ্ণয় কৰিব পৰা যায়, তেন্তে সেই আৰ্হিটো যন্ত্ৰত প্ৰয়োগ কৰিব পৰা যাব। তেতিয়া যন্ত্ৰ এটাইয়ো অভিজ্ঞতাটো অৰ্জন কৰি তাৰ পৰা নিজে শিক্ষাটো লৈ পিছত কামটো নিয়াৰিকৈ কৰিব পাৰিব। যন্ত্ৰৰ ক্ষেত্ৰত, ইয়াকে কোৱা হয় “কৃত্ৰিম বুদ্ধিমত্তা”। মানুহৰ ক্ষেত্ৰত যিটোক কোৱা হয় “বুদ্ধিমত্তা”। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ এতিয়া আমি বহু ক্ষেত্ৰত উপভোগ কৰি আছোঁ। ৱৰ্ড প্ৰচেছৰত (MS word আদিত) লিখি থাকোঁতে স্বয়ংক্ৰীয়ভাৱে অহা শব্দৰ নিৰ্দেশ, গুগলত চাৰ্চ কৰিবলৈ লওঁতে অহা শব্দৰ নিৰ্দেশ, বৰ্তমান পৰীক্ষণীয় স্তৰত থকা মানৱ-চালকবিহীন গাড়ী ইত্যাদি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সম্ভৱ হৈছে।

এই শতিকাটো আৰম্ভণিৰ সময়ত ৰে’ কুৰ্জৱেল নামৰ বিশ্ববিখ্যাত কম্পিউটাৰ বিজ্ঞানী তথা কৃত্ৰিম বুদ্ধিমত্তাৰ পথিকৃৎজনে কৈছিল যে— “মানুহে ধৰি লয় যে আহি থকা ৫০ বছৰত আমি আজিৰ অগ্ৰগতিৰ হাৰত ৫০টা বছৰৰ অগ্ৰগতি দেখা পাম। ....... (কিন্তু সেইটো নহয়)। একবিংশ শতিকাটো এটা এশ বছৰীয়া অগ্ৰগতি নহ’ব। অগ্ৰগতিৰ আজিৰ হাৰৰ তুলনাত এই শতিকাটোত ২০,০০০ বছৰীয়া অগ্ৰগতি হ’ব।” ইমানেই ত্বৰাণ্বিত গতিত আগবাঢ়ি খুৱ কম দিনৰ ভিতৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত যন্ত্ৰই মানুহতকৈ অধিক বুদ্ধিমান হৈ পৰিব নেকি তাক লৈ বিশ্বৰ বিজ্ঞানী-চিন্তাবিদে চৰ্চা অব্যাহত ৰাখিছে। কেৱল চৰ্চাই নহয়, এইয়া অমানৱীয় হৈ নুঠিবলৈ কাৰ্যব্যৱস্থা হাতত ল’বলৈ অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে। অতি সুক্ষ্ম সঁজুলি মানুহৰ শৰীৰত স্থাপন কৰি কৃত্ৰিম বুদ্ধিমত্তা বঢ়াই মানুহৰো স্বাভাৱিক ক্ষমতা বৃদ্ধি কৰিব পৰা যাব নেকি তাৰো অধ্যয়ন চলি আছে। এই গোটেইবোৰৰ দ্বাৰা আজিৰ দৃষ্টিত অসাধাৰণ কামবোৰ এদিন কৰিব পৰা যাব। কিন্তু, আন কিছুমান কথাও আছে। আজিৰ পৃথিৱীত নিবনুৱা বহুত আছে; যিসকলে কাম কৰিব পাৰে, কিন্তু কৰিবলৈ কাম নাই। কিন্তু, আৰু কেইটামান দশকৰ পিছতেই এনে হ’ব নেকি যে কাম আছে, কিন্তু সেইবোৰ কৰাৰ যোগ্যতা থকা মানুহ নাই। সেইবোৰ ইমান বুদ্ধিমন্ত মানুহ বা যন্ত্ৰইহে কৰিব পাৰে যে বৃহৎ সংখ্যক মানুহ একো কৰাৰে যোগ্যতা নথকাকৈ পৰি থাকিব লাগিব। আজিৰ পৃথিৱীতেই কম্পিউটাৰ ব্যৱহৃত জগতখনত কাম কৰিব পৰা মানুহ গোটেই জনসংখ্যাৰ তুলনাত তেনেই সীমিত। এনে পৰিস্থিতিত যদি জগতখনৰ নিয়ন্ত্ৰণ মানুহৰ পৰিৱৰ্তে (বুদ্ধিমত্তাসম্পন্ন) কম্পিউটাৰৰ হাতলৈ এবাৰ গুচি যায় তেন্তে পুনৰ মানুহে নিয়ন্ত্ৰণ ঘূৰাই পোৱা হয়তো সম্ভৱ নহ’ব। কম্পিউটাৰে দয়া কৰি মানুহক হয়তো পোহনীয়া প্ৰাণী (pets) ৰূপে ৰাখিব পাৰে, বা নাৰাখিবও পাৰে। কম্পিউটাৰ-বিজ্ঞানী, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ আদিৰ মহলত এনেধৰণৰ চিন্তা-চৰ্চাও হৈছে। এইবোৰ অলীক কল্পনাপ্ৰসূত কথা নহয়, বাস্তৱৰ নিৰিখতে এইবোৰ চিন্তা-চৰ্চা চলি আছে।

পঠনীয়:  গণিতৰ মোৎজাৰ্ট : টেৰেন্স টাও

কৃত্ৰিম বুদ্ধিমত্তাৰ জনকসকলৰ এজন হ’ল মাৰভিন মিনস্কি। তেওঁৰ জন্ম ১৯২৭ চনৰ ৯ আগষ্টত নিউয়ৰ্ক চহৰত। তেওঁৰ দেউতাক আছিল এজন চিকিৎসক। দেউতাকৰ ব্যক্তিগত পুথিভৰালটোত তেওঁ অজস্ৰ বিজ্ঞান কিতাপ পঢ়িবলৈ পালে, আৰু খুৱ সৰুতেই ফ্ৰয়েডৰ কিতাপসমূহ অধ্যয়ন কৰি শেষ কৰি পেলালে। মাৰভিনে হাইস্কুল যিখন বিদ্যালয়ত পঢ়িছিল, বিশ্বৰ গোটেই হাইস্কুলবিলাকৰ ভিতৰত সেইখনৰেই আটাইতকৈ অধিক সংখ্যক ন’বেল বঁটা বিজয়ী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছে বুলি কোৱা হয়। ২য় বিশ্বযুদ্ধৰ বাবে তেওঁ সৈন্যবাহিনীতো যোগ দিছিল। পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ প্ৰাক-স্নাতকোত্তৰ ডিগ্ৰী লয়, আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা গণিতত ডক্টৰেট ডিগ্ৰী লয়।

এটা সময়ত মানুহৰ মগজুৰ ক্ৰিয়া-কলাপবিলাক কেৱল দাৰ্শনিক দৃষ্টিভংগীৰেহে ব্যাখ্যা কৰিব পৰা গৈছিল। পিছলৈ মানুহৰ কোষৰ অধ্যয়নৰ কথা আহিল, স্নায়ুৰ অধ্যয়নৰ কথা আহিল, আৰু এনেদৰে বিজ্ঞান আগবাঢ়ি গৈ গৈ মগজুৰ ক্ৰিয়া সম্পৰ্কীয় অধ্যয়নত গাণিতিক আৰ্হিও প্ৰয়োগ হ’বলৈ ধৰিলে। মাৰভিন মিনস্কিয়ে মানুহৰ চিন্তা-পদ্ধতিৰ গাণিতিক আৰ্হি প্ৰস্তুত কৰাক লৈ গৱেষণা আৰম্ভ কৰিছিল। তেতিয়া তেওঁ এটা অনুমান কৰিলে যে মানুহৰ যিসমূহ চিন্তা-প্ৰক্ৰিয়া গাণিতিক আৰ্হিৰে প্ৰকাশ কৰিব পৰা গৈছে সেই আৰ্হিসমূহ যন্ত্ৰতো প্ৰয়োগ কৰিব পৰা যাব আৰু তাৰ জৰিয়তে যন্ত্ৰৰ দ্বাৰা মানুহৰ দৰে কাম কৰাব পৰা যাব। তেওঁৰ এই কাম আছিল কৃত্ৰিম বুদ্ধিমত্তাৰ এক দুৱাৰ মুকলিমূলক। ১৯৫৬ চনত তেওঁ আৰু আন কেইজনমান কম্পিউটাৰ বিজ্ঞানৰ গৱেষকে ভাগ লোৱা এখন কনফাৰেন্সৰ পিছতে “কৃত্ৰিম বুদ্ধিমত্তা” বিদ্যায়তনিক অধ্যয়নৰ এটা নতুন বিষয় ৰূপে প্ৰতিষ্ঠা লাভ কৰিলে। ১৯৫৮ চনত তেওঁ এমআইটিত নিযুক্ত হ’ল আৰু এজন অধ্যাপকৰ সৈতে মিলি MIT Computer Science and Artificial Intelligence Laboratory প্ৰতিষ্ঠা কৰিলে। ৰে’ কুৰ্জৱেলো ইয়াতেই মাৰভিন মিনস্কিৰ এজন ছাত্ৰ আছিল।

সাধাৰণতে বহুতে ভবাৰ দৰে, কৃত্ৰিম বুদ্ধিমত্তা কেৱল যন্ত্ৰপাতিৰ অধ্যয়ন জড়িত থকা বিষয় নহয়; মানুহৰ মনঃস্তত্ব, ভাষাতত্ব, দৰ্শন, স্নায়ুবিজ্ঞান, কিবা এটা কাৰ্যত মানুহে লিপ্ত হৈ থকাৰ সময়ত মগজুটোৱে কেনে পৰ্যায়ৰ কাম কৰে সেইসমূহৰ অধ্যয়ন তথা সেইসমূহৰ গাণিতিক আৰ্হি নিৰ্মাণ, যন্ত্ৰ তথা কম্পিউটাৰত সেই আৰ্হি প্ৰয়োগৰ বাবে উপযুক্ত সঁজুলি (চফ্টৱেৰ, হাৰ্ডৱেৰ) নিৰ্মাণ ইত্যাদি বিবিধ বিষয় “কৃত্ৰিম বুদ্ধিমত্তা” বিষয়টোৰ অধ্যয়নত জড়িত। যোৱা শতিকাৰ মাজভাগতে এই সমুদায় বিষয় সামৰি “বোধ বিজ্ঞান” (Cognitive science) নামৰ এটা নতুন বিষয়ো সৃষ্টি হয়।

আমি মগজুৰ অৱস্থা আৰু কাৰ্যবোৰ বুজাবলৈ consciousness, স্বজ্ঞা (intuition), মৰম, খং, সংগীত আদি যিবোৰ শব্দ সাধাৰণতে ব্যৱহাৰ কৰোঁ, বিমূৰ্ত বা কায়িক যিয়েই নহওক, সেই শব্দবোৰ হাজাৰ যুগৰ পৰাই চলি আহিছে। এতিয়া বিষয়বিলাক বহু বহল হোৱাৰ পিছতো বহু সংখ্যক পৃথক পৃথক বস্তু, কথা, বা অনুভূতিকো মাথোঁ একেটা শব্দৰে সামৰি থৈ দিয়া হয়। কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষকসকলে এইসমূহৰ সম্পূৰ্ণ নিখুঁত অৱস্থাটো কেনেকৈ বুজাব পাৰি তাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। সেই কাৰ্যত তেওঁলোকে মনঃস্তাত্বিক শব্দবোৰকো নতুন সঠিক ব্যাখ্যা দিবলৈ চেষ্টা কৰে। মাৰভিন মিনস্কিয়ে তেওঁৰ The Society of Mind, The Emotion Machine আদি গ্ৰন্থত এনেবোৰ কথা লিখিছে বুলি জানিবলৈ পাইছোঁ। বিজ্ঞানীজনে স্বজ্ঞাৰ সম্পৰ্কত কোৱা কিছু কথা ইয়াত আগবঢ়ালোঁ—

পঠনীয়:  হিউ হাৰ্ৰে নিজেই সাজি লোৱা নিজৰ ভৰি দুখন

মানুহে Reasoningসমূহ কেনেকৈ দিয়ে সেই সম্পৰ্কে তেওঁলোকৰ নাওঁমানো ধাৰণা নাই, আৰু স্বজ্ঞা (স্বতঃলব্ধ জ্ঞান) হ’ল আন্দাজৰ এটা বিনীত সমাৰ্থক মাথোঁ। আৰু কিছুমান মানুহে ভাৱে যে কিছু বিশেষ ধৰণৰ স্বতঃলব্ধ জ্ঞান আছে যিবোৰে এটা যাদুকৰী ধৰণে আপোনাক সঠিক উত্তৰটো দি দিয়ে। আপুনি আপোনাৰ আশপাশৰ তেনেধৰণৰ এজন মানুহক অনুসৰণ কৰক, আৰু আপুনি দেখিব— মোৰ এজন বন্ধুৱে এদিন এটা কেৰ্কেটুৱাৰ গতিবিধি গোটেই দিন ধৰি অনুসৰণ কৰি আছিল, যিটো বহুত কঠিন কাম, আৰু তেওঁ খুৱ আগ্ৰহী আছিল— কেনেকৈ কেৰ্কেটুৱাটোৱে এটা ডালৰ পৰা আনটো ডাললৈ জাপ মাৰাৰ দৰে ইমান চমৎকাৰ কামবোৰ কৰিব পাৰে। আচ্ছা, তেওঁ শেষত আৱিষ্কাৰ কৰিছিল যে, সিহঁতে জাপ দিওঁতে অনেকবাৰ খহি খহি পৰে।

সেই মোহনীয় কেৰ্কেটুৱাটো তেওঁ লক্ষ্য কৰি আছিল, কেনেকৈ সি এটা ডাললৈ যাব পৰা নাই আৰু সি কোনোমতে চাপৰ ডাল এটা থপিয়াই ধৰিবলৈ সক্ষম হৈছে, আৰু ডালটো খুৱ তলৰ বুলি সি সিমান বিৰক্ত হোৱা নাই, আৰু তাৰ পিছত আবেলিলৈ সি সকলোপিনৰ পৰা কেৱল তললৈ সৰি পৰিছিল আৰু ৩০ ফুট তলত পতিত হৈছিল। এইটোৱেও তাক অলপো বিচলিত কৰা নাছিল। আৰু সেয়েহে, যদি আপুনি এটা চমৎকাৰ বিচাৰি থাকে, আপুনি কোনোপিনে উপনীত হ’বগৈ নোৱাৰে। কিন্তু যদি আপুনি স্বজ্ঞাৰ সন্ধান কৰি থাকে, যিটো নেকি শত ধৰণে অনুমান কৰাৰ নামন্তৰ মাথোঁ, আৰু আপুনি বাস্তৱবুদ্ধিসম্পন্ন হয়, যেনে ধৰক— আচলতে কোনো প্ৰকৃত স্বজ্ঞা নাই বুলি বুজে, তেতিয়া আপুনি অৰ্ধশতটা যথেষ্ঠ ভাল পথ পাব।

 

No Comments

Post A Comment