আওমৰণে মৰা শ্বহীদজনৰ হাড়

বাৰিষা তিনি-চাৰিটা বানে জুৰুলা কৰা গাওঁখনত থাকিলে পঢ়া নহ’ব বুলি সম্পৰ্কীয়ৰ এখন গাঁৱলৈ পঢ়িবলৈ পঠালে; কাৰণ প্ৰতিবাৰে কেৱল বানেই অহা নাছিল, লগতে খহনীয়াও কাষ চাপি আহি আছিল। মানে, ক্ষণভংগুৰ মাটিৰ এঠাইৰ পৰা পঠোৱা হৈছিল স্থায়ী মাটিৰ আন এঠাইলৈ। ভংগুৰ মাটিৰ মানুহবোৰৰ মনত স্থায়ী মাটিৰ মানুহৰ প্ৰতি বিশেষ বিশেষ কিছুমান ভাব আছিল। জন্ম হৈয়েই স্থায়ী মাটি পোৱা মানুহবোৰক ভংগুৰ মাটিৰ কিছুমান মানুহেতো অতি সৌভাগ্যৱান বা পুণ্যৱান বুলিয়ো ভাবিছিল। আৰু দেখিবলৈ পালোঁ স্থায়ী মাটিৰ মানুহবোৰে ভংগুৰ মাটিৰ মানুহবোৰক পাৰ্যমানে অৱজ্ঞা, নিন্দা, মস্কৰা, বিদ্ৰূপ কৰিছিল। এনেদৰেই শৈষৱত দেখা পোৱা স্থায়ী মাটিৰ মানুহবোৰৰ প্ৰতি তেতিয়া তীব্ৰ কৌতূহল গঢ়ি উঠিছিল। তেওঁলোক কি, তেওঁলোক কোন, কি ভাগ্যই তেওঁলোকক আলতীয়া মাটিৰ পৰিয়ালত জন্ম দিলে? একে স্থানৰ সমনীয়া সৰুবোৰক তেওঁলোকে নোজোকায়, কিন্তু ভংগুৰ মাটিৰ ঠাইৰবোৰৰ সকলকে কিয় ইমান জোকায়? কেৱল সৰুবোৰকেই নহয়, ডাঙৰবোৰকো তেওঁলোকে কিয় জোকায়? (চিনাকী ডাঙৰক কোনোবাই জোকালে সৰুবোৰৰ এনেয়ো বহুত বেয়া লাগে।) সৰুবোৰক জোকালেও বা ডাঙৰবোৰক জোকালেও একেবোৰ কথাকে কিয় কয়? মনৰ সেই কৌতূহলবোৰ পূৰ কৰাৰ উপায় আহিছিল স্থায়ী মাটিৰে ককা-আইতাবিলাকৰ মুখত শুনা কথাবোৰৰ জৰিয়তে। ভংগুৰ মাটিৰ ঠাইবোৰত প্ৰায়বোৰ খেতি নহয়, ডাঙৰ ডাঙৰ গছবোৰ বাঢ়ি উঠিব নোৱাৰে তাত, আৰু তাত বাস কৰা মানুহবোৰে খাজানা দিব নালাগে। সেইবাবেই সেই স্থানবোৰৰ কোনো মূল্য নাই আৰু তাৰবাবেই সেই স্থানৰ মানুহবোৰকো স্থায়ী মাটিৰ মানুহে অৱজ্ঞাৰে চায়। তাত দুঘৰৰ সীমাৰ কাজিয়া নালাগে। সেইবাবেই স্থায়ী মাটিৰ মানুহৰ মাজৰ সীমা-কাজিয়াও তেনে স্থানৰ মানুহৰ বাবে আছিল যেন এক বিদ্ৰূপ। “তহঁতৰ মাটিবোৰনো কোনে বিচাৰি যাব? কাজিয়া কৰাটো দূৰৰ কথা” ইত্যাদি। দুঘৰৰ সীমাৰ এই কাজিয়াবোৰৰ কথাৰ পাছতে আহিছিল দুখন গাঁৱৰ মাজৰ কাজিয়া, দুটা গোষ্ঠীৰ মাজৰ কাজিয়া… ইত্যাদিৰ কথা। মানে, শেষত যুদ্ধৰ কথা আহিছিল। যুদ্ধ বোলাৰ লগে লগেই আহিল শ্বহীদৰ কাহিনী।

তাৰে আইতা এগৰাকীয়ে এদিন ক’বলৈ আৰম্ভ কৰিছিল আমাৰ বিদ্যালয়খনৰ পুথিভঁৰালটোৰ কাষতে থকা শ্বহীদ-বেদীটো যাৰ বাবে সজা আছিল সেই ল’ৰাটোৰ কাহিনী। “যুদ্ধ”খনত, সেইদিনাও আনকেইদিনৰ দৰে ওচৰৰ আটাইকেইখন গাঁৱৰ কিছুমান মানুহ ওলাই গ’ল— শত্ৰু-গাঁৱৰ ঘৰবোৰ জুই লগাই দিবলৈ। ল’ৰাটোক পথাৰত কাম কৰিবলৈ লগাই থোৱা আছিল। পথাৰৰ পৰা আহি পাই ভাত-মুঠিত হাত দি সি “দদাইদেওহঁত নাই নেকি” বুলি মাকক সোধোঁতেই গম পালে দাদাইদেওকহঁত সেইদিনাও “যুদ্ধ”লৈ ওলাই গৈছে। (তেজ চাগে উঠলি উঠিল তাৰ।) সি খোৱা ভাত আধাতে এৰি “মা ময়ো আজি যুদ্ধলৈ যাম” বুলি যাবলৈ ওলাল। মাকে বহুবাৰ হাক দি ৰাখিব নোৱাৰিলে। আধা খোৱাকৈয়ে সি দা-যোৰ লৈ ওলাই গ’ল। দৌৰি গৈ গৈ সি শত্ৰু-গাওঁ পালেগৈ, আৰু নিজৰ গাঁৱৰ মানুহবোৰকো দেখিলেগৈ। কোনোবাই ঘৰবোৰত জুই লগাইছে, কোনোবাই ঘৰৰ খুটাবোৰ কাটি দিছে, কোনোবাই যোৰ লৈ মানুহবোৰক খেদিছে…। সি গৈ তাতেই যোগ দিলে। যুদ্ধ! … জ্বলি উঠা ঘৰবোৰৰ ধোঁৱাই এসময়ত একো মনিব নোৱৰাকৈ গোটেইখন ধোঁৱা-কোঁৱা কৰি পেলালে। নিজক বচাই ঘৰৰবোৰৰ পৰা পলাই যোৱা “শত্ৰু”বোৰে সেই ধোঁৱাৰ সুযোগতে এই যোদ্ধাসকলক আক্ৰমণ কৰিবলৈ ঘূৰি আহিল। যোদ্ধাসকলে প্ৰত্যেকেই নিজক বচাই দৌৰি পলাবলৈ আৰম্ভ কৰিলে, কিন্তু সেই ল’ৰাটোৱে উৱাদিহ নাপাই ধোঁৱাৰ মাজতে ঘূৰি ফুৰিল, ওলোৱাৰ বাট সি বিচাৰি নাপালে। শত্ৰুৱে পাই তাক কাটি দুচেও কৰিলে; জীৱন্তে জ্বলাই দিলে; নে সি নিজে নিজেই তাতেই জ্বলি মৰি থাকিল কোনেও খবৰ উলিয়াব নোৱাৰিলে। “যুদ্ধ”খনত বহুত কটা-মৰা হ’ল। “শত্ৰু”-পক্ষয়ো একেই কামবোৰ কৰিছিল; অৱশ্যে সেই গাওঁকেইখন পোৱাহি নাছিল। সেইখন গাঁৱৰ সেই ল’ৰাটোৰহে মৃত্যু হ’ল। গাওঁবাসীৰ বাবে সি শ্বহীদ বিবেচিত হ’ল। সকলো শাম কটাৰ পাছতে ৰাইজে বিদ্যালয়খনৰ চৌহদত সমুখতে তাৰ নামত শ্বহীদ-বেদী এটা সাজি দিলে। সেই যুদ্ধ-কাহিনীটো তেনেকৈয়ে জানি বা শুনি শুনি কাৰ মনলৈ কি কথা আহিছিল নাজনো, কিন্তু মোৰ মনলৈ অহা প্ৰশ্নটোৰ ভাবটো আছিল এইধৰণৰ— আমি জানিবলৈ পাইছিলোঁ দেশৰ কাৰণে যুঁজি যাৰ মৃত্যু হয়, যাৰ মৃত্যুত দেশৰ প্ৰতি এক অৱদান থাকে; এক বিশ্বাস বা এক পৰিসৰৰ বাবে যুঁজ কৰা যাৰ তেজত্বৰ কাহিনীয়ে অলেখ মানুহক উদ্বুদ্ধ কৰি তুলিব পাৰে, সেইজন শ্বহীদ; কিন্তু সেই ল’ৰাজন শ্বহীদ হ’ল কেনেকৈ? সেইটোতো আওমৰণে মৰা বুলিহে কয়, তালৈ মানুহৰ বেজাৰহে লাগে, পুতৌহে লাগে! আইতাই কি উত্তৰ দিছিল মনত নাই, কিন্তু তেওঁৰ উত্তৰে সন্তুষ্টি দিয়া নাছিল। দায়-দোষ নাই— কাৰণ, সেয়া আছিল এটা কিশোৰৰ কৌতূহল। কিন্তু এতিয়া দায় লাগিলেও ভাব হয়— নামত এনে বহু শ্বহীদ আছে, যিবোৰ আচলতে আওমৰণে মৰি থকা মানুহহে। কথাটো শুনি কোনোবাই কোনোবাই আটাহ পাৰি দেখুৱাব পাৰে বুলি অনুমান হয়, কিন্তু তেওঁলোকৰ নিভৃতে প্ৰকাশ্য আচৰণ আৰু নিজক ধৰি ৰখা ভাববোৰত কিন্তু সেই একে চিন্তাই প্ৰকাশ হৈ থাকে। আৰু সেই শ্বহীদ বেদীটো কি হ’ল? সময়ৰ লগে লগে বৰষুণৰ এচিড-খাৰ আৰু ৰ’দ পৰি পৰি সেইটো খহি গৈ থাকিল। ৰাইজ আছিল, ঠাইকণো মুকলিয়েই আছিল, কিন্তু তাক মেৰামতি কৰাৰ কথা ভবা নহ’ল। বছৰ ধৰি সি পৰি থাকিল, আৰু খহি খহি গৈ থাকিল। ল’ৰাটোৰ কথানো কোনে মনত পেলাব? মনত পেলালে কিডাল পাব? নে কি? ভগা-ছিগা ইটা, খহি পৰা শিলগুটিবোৰ আৰু ভিতৰৰ মাটিৰ দ’মবোৰেৰে ঠাইকণ দেখিবলৈ বৰ বেয়া হৈ থকা বাবে দুজনমান লাগি সেইকণ সমান কৰি শিল-ইটাবোৰ বেলেগ কামত লগাই পেলালে। সেই গাওঁখনলৈ মাজে মাজে গ’লে ঠাইকণ চাওঁ— এতিয়া কেইবছৰমান ধৰি সেই বেদীটো থকা ঠাইকণতো ধুনীয়াকৈ বন গজি বাকী অংশখিনিৰ সৈতে সমান হৈ আছে।

সেই যুদ্ধক্ষেত্ৰখন কি হ’ল? এটা ফৈদৰ প্ৰায়ভাগে অস্পৃশ্যতা এতিয়াও বৰ্তাই ৰাখিছে যদিও এতিয়া দুয়ো ফৈদ পৃথকে পৃথকেই শান্তিপূৰ্ণভাবে থাকি সেই গোটেইখিনি এটা শান্তিপূৰ্ণ ঠাই। আৰু সেই আওমৰণে মৰা ল’ৰাজন পৃথিৱীৰ কিবা কামত আহিলনে? তেওঁৰ হাড়ৰ যি অৱশেষ অংশ মাটিত মিলি গ’ল সেইখিনিয়ে আজি পৃথিৱীৰ সেই স্থানকণ অকণমান সাৰুৱা কৰিলে, তেতিয়াৰ “শত্ৰু”ৰ সেই মাটিখিনিকে। তাৰ বাহিৰে, মৃতৰূপে পৃথিৱীলৈ অহা সন্তানৰ দৰেই সি হেৰাই গ’ল। কেউপিনে উত্তেজনা, প্ৰৰোচনা, উচটনি বা কেৱল কেপকেপাই থকা অলেখ মানুহৰ ভীৰৰ মাজত উত্তপ্ত পৰিস্থিতিত যদি যুদ্ধবোৰ আহে তেন্তে শ্বহীদ হ’বলৈ যাওঁতে আপুনিও দহবাৰ বিবেচনা কৰি ল’ব। নাই, লেখাটো পঢ়াসকল কোনো শ্বহীদ হ’বলৈ নাযাবই বুলি বিশ্বাস, এওঁলোকৰ উন্মাদজনকো শ্বহীদৰূপে পোৱা যাব বুলি বিশ্বাস নহয়। শ্বহীদ হ’লেও এইধৰণৰ “শ্বহীদ” হ’ব ঠেৰুছিগাসকলৰ কোনোবা আওমৰণে মৰিহে। আৰু আওমৰণে মৰি নামেৰে “শ্বহীদ” হোৱাৰ সংখ্যা অগণন হৈ উঠা বাবেই প্ৰকৃত শ্বহীদৰ প্ৰতি আদৰো সমাজত হেৰাই যোৱা পৰিলক্ষিত হয়। ঘৰ তথা গাঁৱৰ পৰা নিঃসংগ হৈ গৈ দিন-ৰাতি দেশৰ সেৱা কৰি যুদ্ধত মৃত্যু হোৱা শ্বহীদৰ আদৰো সেইবিলাক “শ্বহীদ”ৰ ভীৰৰ বাবেই মনুহৰ মনত নোহোৱা হৈ পৰিছে বুলি ভাব হয়।

No Comments

Post A Comment