মঙলযানক ঠাট্টা কৰা সাহিত্যিক-কাৰ্টুনিষ্টসকল

১৯৫৭ চনত সেই সময়ৰ ছোভিয়েট ৰাছিয়াই বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক মহাকাশলৈ উৎক্ষেপণ কৰোঁতে কোনোবাই ঠাট্টা কৰিছিলনে? ধাৰণা হয়— নিশ্চয় কৰিছিল। এবাৰ ক’ৰবাত পঢ়া মনত পৰে – ৰাইট ভাতৃদ্বয়ে মানবচালিত প্ৰথমখন বিমান নিৰ্মাণ কৰি উৰণৰ পৰীক্ষণ কৰোঁতেও হেনো বহুতে ঠাট্টা কৰিছিল। ইমান দূৰলৈ বা ইমান অতীতলৈ যাবই নালাগে, আমাৰ এই সময়ৰে আব্দুল কালামে প্ৰথম এটা উৎক্ষেপণ কাৰ্যত বিফল হওঁতে বহুতো ব্যক্তি তথা কাৰ্টুনিষ্টে ঠাট্টা কৰিছিল। সফলতাৰ পাছতো বহুতে সমালোচনা কৰিছিল। কিন্তু তেওঁৰ নেতৃত্বত এটা বৃহৎ বিজ্ঞানী-অভিযন্তাৰ দলে কৰা কৰ্মৰ জৰিয়তে যদি দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক উন্নত কৰা নহ’লহেঁতেন, তেন্তে যদি ভাৰতে পুনৰ পৰাধীনতাৰ শিকলি পিন্ধিব লগা হ’লহেঁতেন, তেন্তে সেই ঠাট্টা কৰাসকলে পুনৰ কাক সমালোচনা কৰিলেহেঁতেন? ‘মঙলযান’ বুলি অধিক পৰিচিত মাৰ্ছ অৰ্বিটাৰ মিছন নামৰ যানখনে যোৱা ডিচেম্বৰ মাহৰ পৰা সৌৰজগতত এটা কৃত্ৰিম গ্ৰহৰ দৰে থকাৰ পাছত আজি সফলতাৰে মঙল গ্ৰহৰ এটা কৃত্ৰিম উপগ্ৰহলৈ পৰিণত হ’ল। ছপাশালৰ পৰা আৰম্ভ কৰি wwwকে ধৰি আজিৰ ক্লাউড কম্পিউটিঙৰলৈকে বিশ্বৰ আন দেশে বা আন দেশৰ ব্যক্তিয়ে বিশ্ববাসীলৈ যি অবদান দিছে তাৰ তুলনাত ভাৰতে বিশ্ববাসীলৈ দিয়া অবদান আঙুলিৰ মূৰত হিচাপে কৰিব পৰাই হৈ আছে এতিয়ালৈকে। গতিকে ভাৰতৰ এনে সফলতাৰ লগে লগেই ইয়াৰ শিক্ষিতসকলৰ বৃহৎ সংখ্যকে প্ৰকাশ কৰিছে অত্যন্ত উৎসাহ। কিন্তু আন এক সংখ্যকে আৰম্ভ কৰিছে বিলাপ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মন্তব্যকাৰ বা কাৰ্টুনিষ্ট আদিৰ কথা বাদ দিছোঁ, আমাৰ গুৱাহাটী-মাৰ্কা কিছুমান সাংবাদিক, সাহিত্যিক বা আন বৃত্তিত প্ৰতিষ্ঠিত ব্যক্তিৰ কথা ক’ব বিচাৰিছোঁ। আজি মঙলযানখন মঙলকেন্দ্ৰিক কক্ষপথটোত প্ৰবেশ কৰাৰ বাতৰিটো অহুকাণে-পহুকাণে শুনি তেওঁলোক ইমানেই বিচলিত হৈ পৰিছে যে বিজ্ঞানীসকলকে গালি পাৰিবলৈ আৰম্ভ কৰিছে – “পৃথিৱীখন ভাল কৰা”, “পৃথিৱীখন ভাল কৰা”!!

হয়তো তেওঁলোকৰ উপায়ো নাই! এই তিনিদিন ঘোলাপানীৰ কৃত্ৰিম বানত খোজ পেলাই পেলাই তেওঁলোক নিশ্চয় অতিষ্ঠ হৈ পৰিছে, আৰু পৃথিৱীখনৰ প্ৰতি বেজাৰ অনুভৱ কৰিছে। কিন্তু খাল-ডোংবোৰ সকলো পুতি পুতি য’তে ত’তে ঘৰ বান্ধি বান্ধি নিজে সৃষ্টি কৰা এই অশান্তি দূৰ হ’ব কেনেকৈ? প্ৰাপ্য নাপালে মানুহে পথৰ ওপৰলৈ ওলাই আহে, প্ৰতিবাদ কৰে, বা আজিকালি ফেচবুকত আপডেট দিয়ে। বৰষুণৰ পানীয়েও একেটাই কৰিছে। মহানগৰীত প্ৰাপ্য স্থান বিচাৰি নাপাই বৰষুণৰ পানীয়েও পথৰ ওপৰত নতুবা মানুহৰ ঘৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে।

সাহিত্যিক, কাৰ্টুনিষ্ট আদিয়েও যে সমাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰে এইবোৰ এটা এটা উদাহৰণ। কাৰ্টুনিষ্টৰ মূঢ়তাক লৈয়ো সেয়েহে মাজে মাজে কাৰ্টুন অঁকা অতি প্ৰয়োজন।

এইখিনিতে উল্লেখযোগ্য যে মঙলযানৰ সৈতে কেৱল মঙল গ্ৰহৰ বৈজ্ঞানিক গৱেষণাই জড়িত হৈ থকা নাই। ইয়াৰ লগত আমাৰ দেশৰ অতি ‘চালুকীয়া প্ৰযুক্তি-কৌশলৰ পায়োগিকতা’ও জড়িত হৈ আছে। ‘এই যানখনৰ লগত জড়িত প্ৰযুক্তিও আনবোৰ যানৰ প্ৰযুক্তিতকৈ বহু সুকীয়া’। ই ভৱিষ্যতে মানুহৰ মঙ্গলৰ বাবে কোন দীগন্তৰ সূচনা কৰে তাক এতিয়া নিশ্চয় কল্পনা কৰাও কঠিন।

সেই ঠাট্টা কৰা ব্যক্তিসকলক যদি আমি কওঁ – আপুনি আজিৰ পৰা আৰু কোনোদিন ম’বাইলটো ব্যৱহাৰ নকৰিব! তেওঁলোকে নিশ্চয় তেতিয়া আটাহ পাৰি উঠিব। কিন্তু তেওঁলোক যদি ১৯৫৭ চনত বা ভাৰতে মহাকাশলৈ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ প্ৰ্ৰেৰণ কৰা ১৯৭৫ চনৰ সময়ত সমালোচনা কৰিব পৰাৰ উপযুক্ত বয়সৰ মানুহ হ’লহেঁতেন, তেন্তে তেতিয়াও তেওঁলোকে সেইবোৰ কাৰ্যক নিশ্চয় সমালোচনা কৰিলেহেঁতেন! বা সাহিত্য একাডেমীৰ কোনো এখন মিটিঙলৈ বা সাংবাদিকৰ কিবা এখন কৰ্মশালালৈ সেইসকল ব্যক্তিক নিমন্ত্ৰণ জনাই বিমানৰ টিকট একোটা কাটি দিয়াৰ সলনি যদি ৰেলগাড়ীৰ টিকট একোটা কাটি দিয়া হয় তেন্তে তেওঁলোকে সাহিত্য একাডেমী বা সেই কৰ্মশালাৰ কৰ্মকৰ্তাসকলক নিশ্চয় সমালোচনাৰে থকাসৰকা কৰিব। কিন্তু তেওঁলোক যদি ৰাইট ভাতৃদ্বয়ৰ সময়ৰ মানুহ হ’লহেঁতেন তেন্তে নিশ্চয় সেই পৰীক্ষণকো ঠাট্টা কৰিলেহেঁতেন!

কেইমাহমানৰ আগতে চিনাকি ল’ৰা এটা আহি এনেই অদৰকাৰী কথা এসোপা ফেটফেটাই থকাত লাগিল। এপাকত সি ক’লে – ইমান পঢ়িনো কি হ’ব মই ভাবি নাপাওঁ, আমিনো MSc কৰি কি শিকিলো? কাৰ নো কি লাভ হৈছে তাৰ পৰা? বজাৰ-সমাৰ কৰিবলৈ এল.পি. স্কুলৰ গণিতখিনি হ’লেই হৈ যায় দেখোন, তাতকৈ আমাকনো কি লাগে?

ম’বাইলৰ পৰা আৰম্ভ কৰি তেওঁৰ কাণলৈ সোমাই থকা সংগীতৰ প্ৰাবল্য, মেগাপিক্সেল কেমেৰা, এ.টি.এম. কাৰ্ড আদি তেওঁ দৈনন্দিন ব্যৱহাৰ কৰি থকা বস্তুবোৰত জড়িত থকা গণিতৰ সম্পৰ্কে অলপ হ’লেও ক’বলৈ চেষ্টা কৰিবলৈ মন গৈছিল, কিন্তু বেছি দীঘলীয়া নকৰি ক’লোঁ— আচলতে এনেকুৱা কথা আমাৰ মুখত নুশোৱায়। এই ফেনখন কিয় ঘূৰি আছে তুমি নিশ্চয় জানা? সেই কথা তুমি নাজানিলাহেঁতেন যদিহে তুমি হায়াৰ ছেকেণ্ডাৰীৰ ছেকেণ্ড ইয়েৰত পদাৰ্থবিজ্ঞান নপঢ়িলাহেঁতেন। বিজ্ঞান-শাখা লৈ পদাৰ্থবিজ্ঞান পঢ়ি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ বাবেই এই চিলিং ফেনখন কি সূত্ৰৰ সহায়ত ঘূৰি আছে তুমি জানা, বেলেগে নাজানে। আগতে সেই সূত্ৰটো হায়াৰ ছেকেণ্ডাৰী পৰ্যয়ত নাছিল, এতিয়া আছে। বহু বছৰৰ আগতে সেইটো গৱেষণা পৰ্যায়তেই আছিল বা কেৱল চোকা চোকা বিজ্ঞানীসকলেহে তাৰ মৰ্ম জানিছিল। ফলটো কিন্তু আমি পাই আছোঁ। সূত্ৰটো এতিয়া তোমাক ব্যক্তিগতভাৱে নালাগে, কিন্তু তুমি তোমাৰ ল’ৰা-ছোৱালীক আনতকৈ ভালকৈ শিকাব পাৰিবা। এনেদৰেই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান বিয়পি যায়, এটা ঢাপ খৰটকীয়াকৈ অতি সোনকালে পাৰ হৈ যায়। ইয়েই বিকাশ কৰে। যিটো তুমি গম নোপোৱাকৈয়ো কৰি থাকিব পাৰা।

তেওঁ মনে মনে ৰ’ল…।

যি কি নহওক, সেইধৰণৰ ঠাট্টা কৰি থকা আমাৰ সাহিত্যিক, সাংবাদিক, কাৰ্টুনিষ্ট বা আন বৃত্তিত প্ৰতিষ্ঠিতসকলৰ এনে ভাৱবোৰ দূৰ কৰিবলৈ বিভিন্ন NGO বোৰে কৰ্মশালা আদি আয়োজন কৰি পাঠদানৰ ব্যৱস্থা কৰিব লাগে। ইয়ো বৰ্তমান আমাৰ সমাজৰ বাবে এটা অতি প্ৰয়োজনীয় কাম হৈ পৰিছে।

No Comments

Post A Comment