“মাজুলী” দুখন, দ্বিতীয়খন মাজুলীৰ কথা শুনিছেনে?

মাজুলী যাত্ৰা সম্পৰ্কীয় কিছুমান নষ্টালজিক ধৰণৰ লেখা মাজে মাজে পঢ়িবলৈ পাওঁ। নিজৰ জন্মস্থান বুলিয়েই আনেনো কি লিখিছে বুলি অলপ বেছি আগ্ৰহেৰেই পঢ়িবলৈ লওঁ। কিন্তু কেতিয়াবা আনকি প্ৰিয় লেখক এজনে লিখা এনে প্ৰবন্ধটোৱো পঢ়িবলৈ অতি আগ্ৰহেৰে আৰম্ভ কৰাৰ পাছত শেষৰ আংশবোৰ ওপৰে ওপৰে পঢ়ি বিৰক্তিৰে শেষ কৰি থ’বলগীয়া হয়। কাৰণ তাত “মাজুলী” বুলি যিখিনি ঠাইৰ কথা লিখে তাত আচল মাজুলীৰ মাদকতা অৰ্ধাংশও পোৱা নাযায়। তেওঁলোকৰ ভ্ৰমণবোৰ একো একোটা অভিজাত আয়োজন হৈ থাকে। আন নালাগে, তেওঁলোকৰ লেখনিটোৱো এটা অভিজাত লেখা যেনহে অনুভৱ হ’বলৈ লয়, য’ত অনুভৱতকৈ প্ৰদৰ্শনৰ প্ৰাচুৰ্যহে বিদ্যমান। আভিজাত্য বেয়া পাওঁ— ঠিক এনে নহয়। মাজে মাজে ইয়াক ভালো লাগে, আৰু মাজে মাজে ই প্ৰয়োজনীয়ও। তাহানি এন কে প্ৰডাকশ্বনে কোনো এখন গীতৰ কেছেটত আন এখন কেছেটৰ বিজ্ঞাপন দিওঁতেও গুৰু-গম্ভীৰ কণ্ঠেৰে সুন্দৰকৈ কৈছিল— “এন কে প্ৰডাকশ্বনৰ এক অভিজাত আয়োজন”! কিন্তু আপুনি যদি আভিজাত্যক এৰাই নচলে, পদ-পদবীক পাহৰি একমাত্ৰ নিজ মানুহজনলৈ ৰূপান্তৰিত নহয়, তেন্তে “মাজুলী”ৰ বতাহছাটিয়ে আপোনাক অধিক সতেজ কৰিব নোৱাৰে। তাৰোপৰি, ইয়াৰ পাছতো আপুনি এতিয়ালৈকে শুনি থকা বা এতিয়ালৈকে পঢ়িবলৈ পাই থকা মাজুলীখনৰ পৰিৱৰ্তে যাব লাগিব আন এখন মাজুলীলৈ। এৰা, মাজুলীও যেন দুখন! যি দুই-এখন চিনেমা, তথ্যচিত্ৰ আদি নিৰ্মাণ কৰা হৈছে তাতো মাজুলীৰ সম্পূৰ্ণ ছবিখনি দেখা পোৱা নাযায়। বহুতে সেইখনকে মাজুলী বুলি ভাবে। আচল মাজুলীখন প্ৰকাশ কৰিবলৈ নিশ্চয় (বিশ্বখ্যাত) অতি দক্ষ, মহান প্ৰতিভাৱান পৰিচালকৰ বা মহান লেখকৰ প্ৰয়োজন হ’ব, যাৰ মহানতাৰ লগত জড়িত হৈ থাকে কষ্টেৰে জীৱন যাপন কৰা মানুহৰ কাষলৈ গৈ তেওঁলোকৰ অনুভৱ, চিন্তা-ধাৰা আদিৰ সম্পৰ্কে অধ্যয়ন কৰাৰ ধৈৰ্য্য; দুৰ্গম স্থানত বাস কৰা মানুহৰ কাষলৈ গৈয়ো তেওঁলোকৰ লগতে মিলি যাব পৰাৰ দক্ষতা আৰু প্ৰচুৰ সংবেদনশীলতা। সেই আচল মাজুলীখনলৈ কেতিয়াবা ফেৰী যাবও পাৰে, কিন্তু আপুনি সেই যাত্ৰা বাদ দিব লাগিব। বাৰিষাৰ ভৰা লুইতৰ এটি দীৰ্ঘতম পথো তাৰ বাসিন্দাসকলে হাত-নাৱেৰে অতিক্ৰম কৰাৰ দৰে আপুনিও তেওঁলোকৰ লগতে হাত-নাৱত যাত্ৰা কৰিব লাগিব। হাত নাৱতে আপুনি এখন বাইকো উঠাই নিব পাৰে। তাত দুদিনমান বাইক চলাই ঘূৰি আহি আপুনি যদি পিছৰ সপ্তাহটোতে বাইকখন নিনিয়াকৈ পুনৰ তালৈ যায় তেন্তে দেখিবলৈ পাব পাৰে— সৰু ল’ৰা-ছোৱালীবোৰে কেঁচা জেওৰা-খুটি এডালৰ এটা মূৰ পুৰি ধোঁৱা ওলোৱা কৰি লৈ ভৰিৰ তলেৰে সেইডাল সকৰাই আনটো মূৰত ধৰি দৌৰি দৌৰি “মটৰ-চাইকেল চলোৱা ধেমালী”টো খেলি আছে। আপুনি আগতীয়াকৈ অলপ চাই-চিটি নগ’লে, বাৰিষা সেই স্থানত নিয়মীয়াকৈ অহা চাৰি-পাঁচটা বানৰ এটা বান আপুনি থাকোঁতেই আহি যাব পাৰে। তেতিয়া “অ’ মই বহুত দিন ফছিব লাগিব এতিয়া” বুলি আপুনি ভীষণ উদ্বিগ্ন হ’ব। কিন্তু দেখিব— তাৰ ডেকা-আদহীয়া-বয়সীয়ালসকলে স্বাভাৱিক তৎপৰতাৰেই নিজৰ কাম কৰি আছে, আৰু কিশোৰ-কিশোৰীসকলে “পানী আহিল” বুলি আনন্দত মতলীয়া হৈ পৰিছে। অৱশ্যে, গৰু-গাই আদিৰ কাৰণে ডাঙৰবোৰে “পানীটো” সোনকালে গ’লে ভাল পায়, কিন্তু পানীৰ লগত খেলিবলৈ কিশোৰ-কিশোৰীবোৰে ই সোনকালে নোযোৱাটোকে কামনা কৰি থাকে। আপুনি যদি খৰালি যায়, তেন্তে কোনোবা অচিনাকী বা প্ৰথম চিনাকীজনেও ভাল ভাৱেৰেই আপোনাক চিগাৰেট নাখাবলৈ সকীয়াই দিব পাৰে। কাৰণ, কেতিয়াবা এনেকৈ যোৱা আলহিয়েই পথে-পথে ঘূৰি চিগাৰেট খাই খাই পেলাই যোৱা ছাইখিনিৰ পৰাই শুকান ঘাঁহ উমি উমি জ্বলি মানুহৰ ঘৰ পৰ্যন্ত জ্বলি যায়। বালি-মাটি, আৰু পানী শুকাই তলী পায়গৈ বাবে গাওঁ অঞ্চলত খৰালি সকলো গছ-বন শুকাই খৰখৰীয়া হৈ পৰে। ইমান শুকান পৰিৱেশ আন স্থানত হয়তো আগতে অন্ততঃ আপুনি দেখা নাপাবও পাৰে। বহু সাৱধানে থকা হয় বাবে এনে ঘটনা সহজে ঘটিবলৈ নাপায় বাৰু। কিন্তু এঠাইত জ্বলিলে কিমান দূৰ দূৰ পৰ্যন্ত জ্বলি যাব তাক নুমোৱাটো সহজসাধ্য নহয়। অগ্নিনিৰ্বাপক বাহিনী বাদেই দিয়ক, তালৈ ডাকৰ চিঠি এখনো কোনো দিন গৈ নাপায়। বননিত জুই লাগিলেও যাতে ঘৰ চুবহি নোৱাৰে তাৰ বাবে মানুহবোৰে নিজৰ ঘৰৰ চাৰিওকাষ কোৰি শুকান বননিৰ পৰা বিচ্ছিন্ন কৰি থয়। ইফালে বালি-মাটিত ডাঙৰ গছ নহয় বাবে বৰদৈচিলাই ঘৰ-দুৱাৰ ভাঙিবলৈ সুবিধা পায়, সেয়েহে মানুহবোৰে ঘৰবোৰ যথেষ্ঠ চাপৰ কৰি সাজে, যাৰ বাবে বাৰান্দাৰ মাউলিবোৰত গাঁৱৰ অলপ ওখ ওখ মানুহবোৰে সততে খুন্দা খাই থাকে। আনহাতে পানী আহিলে ঘৰৰ ভেটিটো সোনকালে ডুব যায় বাবে গোহালীৰ ভেটিটো ওখ আৰু বহলকৈ সজা হয়, যাতে পানী অহাৰ লগে লাগে গৰুকেইটা একাষৰীয়া কৰি থৈ সেইটোতে মানুহো থাকিব পাৰে। এই পৰিৱেশটো আপুনি কল্পনা কৰিবলৈ সক্ষম নহ’বও পাৰে, কাৰণ মাজুলীলৈ ফুৰিবলৈ যোৱা বুলি লেখা-মেলা কৰাসকলে বা আন “শিল্পী”সকলে পানীত ভৰি নলগা স্থানলৈহে যেন যাত্ৰা কৰিবলৈ পৰিকল্পনা কৰে। আন নালাগে, প্ৰায় পোন্ধৰ বছৰ আগতে সেই স্থানৰ পৰা উঠি অহাৰ পাছত অসংখ্যবাৰ মনলৈ আহি থকাৰ পাছতো এবাৰৰ বাবেও মোৰ তালৈ যোৱা হোৱা নাই। আনহাতে “সেই স্থান” বুলি ক’লে এখন গাওঁ বা এটা অঞ্চল বুজোৱা এটুকুৰা স্থায়ী মাটিক বুজা নাযায়। এই স্থানৰ এটা অঞ্চল যেতিয়া খহি ব্ৰহ্মপুত্ৰত যাহ যাবলৈ আৰম্ভ কৰে তেতিয়া স্থানীয় বিদ্যালয়খন গৰাৰ পৰা কেই কিলোমিটাৰমান দূৰত্বৰ এটা স্থানলৈ উঠাই নিয়া হয়। আৰু তাৰ পাছত সেই বিদ্যালয়খনকে অৱলম্বন কৰি অঞ্চলটোৰ গাওঁকেইখনৰ মানুহে সেই স্থানত নতুনকৈ ঘৰ বান্ধেগৈ। বাকী জীৱনধাৰা প্ৰায় একেই থাকে। গতিকে এইসমূহক একোখন ভাসমান গাওঁ বুলি অভিহিত কৰিব পাৰি। বাৰিষা সেই গাওঁবোৰৰ পৰা ৰিণিকি ৰিণিকি দেখাকৈয়ো মুখ্যমন্ত্ৰীৰ হেলিকপ্তাৰখন পাৰ হৈ হয়তো ভৱিষ্যতেও কোনো দিন নাযায়।

যি কি নহওক, আপুনি তালৈ গ’লে গৰাৰ কাষৰ লুহীয়াৰ সোৱাদ ল’বলৈ নাপাহৰিব, লুহীয়াবোৰৰ সোৱাদ কুঁহিয়াৰৰ দৰে। এইবোৰ খোৱাৰ বাবেই হেনো গৰুৰ গাখীৰ তাত বহুত ডাঠ হয়। পনীয়া ঠিকাদাৰৰ ঘোলা পানী আৰু পাউদাৰ মিহলী গাখীৰ খাই খাই, তাৰ গাখীৰৰ সোৱাদ পালে আধা-গিলাছমান বেছিকৈ খালেও অলপ পাছত আপোনাৰ পেট পকাই ধৰিব পাৰে। মাছৰ সোৱাদ কি বস্তু তালৈ গ’লে ভালকৈ বুজিব পোৱাৰ সুযোগ পাব পাৰে। যদি আপুনি ভণ্ড হয়, তেন্তে নিজকে বেজ বুলি কৈ মঙ্গল চাই মাননি হিচাপে মাহ-আলু-কুঁহিয়াৰ-মৰাপাট আদি যথেষ্ট পৰিমাণে সৰকাই লৈ আনিবও পাৰে। আৰু যদি আপুনি সচেতন হয়, তেন্তে বুকুত এটা চেপা যন্ত্ৰণা অনুভৱো কৰিব পাৰে। নৱম শ্ৰেণীটো টান বুলি ওলোৱা ধৰণা এটাৰ বাবে যেনেতেনে অষ্টম শ্ৰেণীটো উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চহীটো থকা “অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱা বুলি চাৰ্টিফিকেট এখন” আজিৰ পৰা মাথোঁ দহ বছৰমান আগলৈকে বহু ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ বাবে সপোন আছিল। কিন্তু তাৰ পৰা বাহিৰলৈ ওলাই যোৱা এনে ছাত্ৰইয়ো সদৌ অসম ভিত্তিক তৰ্ক-প্ৰতিযোগীতাতো শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা আদি ধৰণৰ কামো কৰিব পাৰিছিল। অসংখ্য কথা আছে, সবিস্তাৰে প্ৰকাশ কৰিব পৰা। কিছুমান বহুত ভাল কথা, কিছুমান অতি বেয়া কথা। কথা হ’ল— আপুনি যদি মাজুলীলৈ যাম বুলি ভাবি আছে তেন্তে সেইখন মাজুলীলৈহে যাওক এবাৰ। মাজুলীক বাহিৰৰ মানুহে কলিয়াপানী বুলি কয়। কিন্তু বাহিৰৰ মানুহ মাজুলীৰ যি স্থানত ফুৰিবলৈ সততে যায়, আনকি সেই স্থানবোৰৰ মানুহৰ মনতো মাজুলীৰ এইবোৰ স্থান কলিয়াপানীৰ দৰে…। এনে স্থানতে আপুনি এমাহমান থাকি অহাকৈ যাওক, তাৰ পাছত উভটি যেতিয়া আপুনি উত্তৰ বা দক্ষীণ পাৰলৈ যাব, তেতিয়া সৰল মানুহৰ দৰে কিছুসময় আপুনি ঠিয়দঙা দি থাকিলে আপোনাকো সবেই সেই বিখ্যাত উক্তি “মাজুলীয়াল ঘঁৰিয়াল” বুলি উচ্চাৰণ কৰি হাঁহিবলৈ আৰম্ভ কৰি দিব পাৰে…।

ফটো উৎস

No Comments

Post A Comment