মহাত্মা গান্ধী

মহাত্মা গান্ধী মানে “এখন গালত কোনোবাই এটা থাপৰ মাৰিলে, আনখন গালো পাতি দিয়া” পৃথিৱীৰ একমাত্ৰ মানুহজন নেকি? ৰসিকতাখিনি বাদ দি কোনোবাই যদি সঁচাকৈয়ে কথাটো তেনেকৈয়ে লয় তেন্তে ভাবো তেওঁ শুদ্ধ নহয়। ইয়াৰ পৰিবৰ্তে ই প্ৰকাশ কৰে যে— একোটা পৰিৱৰ্তন অনাৰ পথত অহিংস ধাৰাৰে আগবাঢ়িলে নিজস্ব এক ব্যক্তিসত্তা জাগ্ৰত হৈ উঠে, যি যাত্ৰাটোলৈ এক সম্ভ্ৰম আৰু প্ৰবল এক নৈতিক শক্তি প্ৰদান কৰি তাক মহিমান্দিত কৰি তোলে। সেই কথাষাৰৰ জৰিয়তে মোহনদাস কৰমচান্দ গান্ধীয়ে যিয়েই যিটোকে কয় তাতেই লেতু-সেতু হৈ সেও মানিব লাগিব ধৰণৰ বক্তব্য প্ৰকাশ কৰিব নিশ্চয় বিচৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নিজেই আছিল প্ৰচণ্ড দৃঢ়তাৰ এক প্ৰতীকহে। সৰুতেই সকলোৱে পঢ়িছে, গান্ধী লাজকুৰীয়া আছিল। তেওঁ ইনট্ৰভাৰ্ট আছিল; তেওঁৰ কথা-বতৰা সদায় শান্ত আছিল। তেন্তে ইমান এটা আন্দোলনৰ নেতৃ্ত্ব ল’বলৈ তেওঁ আগবাঢ়িব পাৰিছিল কেনেকৈ? যাৰ নেতৃত্বৰ আদৰ্শৰে আজি বিভিন্ন ক্ষেত্ৰৰ বিশ্বৰ নেতাসকলক প্ৰশিক্ষণো দিয়া হয়!

গান্ধী দক্ষিণ আফ্ৰিকালৈ গৈছিল উকীল হিচাপে নিজৰ কেৰিয়াৰটো গঢ়ি দুপইছামান অৰ্জন কৰিবলৈ— “দক্ষিণ আফ্ৰিকাত ভাগ্য পৰীক্ষা কৰা যাওক” বুলি। কিন্তু তাতেই এক ঘটনা ঘটিছিল, যিয়েই হেনো মোহনদাস কৰমচান্দ গান্ধীক মহাত্মা গান্ধীলৈ পৰিৱৰ্তনৰ পথ মুকলি কৰি পেলাইছিল। ১৯৮২ চনত নিৰ্মিত ৮টা অস্কাৰ বিজয়ী “গান্ধী” ছবিখনত গান্ধীৰ যিখন জীৱনী-গ্ৰন্থৰ প্ৰভাৱ আছে তাৰ লেখক লুই ফিছাৰে আগবঢ়োৱা তাৰ ব্যাখ্যা চমুকৈ এনেধৰণৰ—

তাত বগা চাহাবসকলে ভাৰতীয়সকল কুলী বুলি মাতিছিল— কুলী শিক্ষক, কুলী বেৰিষ্টাৰ,.... ইত্যাদি। তাৰ পৰা বাচিবলৈ কিছুমানে নিজকে পাৰস্যৰ, কিছুমানে আৰবৰ বুলি পৰিচয় দিছিল। গান্ধীয়ে সেইটো কৰা নাছিল। ক’ৰ্টত তেওঁক পাগুৰি খুলিবলৈয়ো বাধ্য কৰা হৈছিল। এটা মোকৰ্দমাৰ বাবে গান্ধীয়ে এবাৰ ডাৰবানৰ পৰা প্ৰিটোৰিয়ালৈ ৰেলেৰে যাত্ৰা কৰিছিল; ৰেলেৰে নিশাটোৰ পথ। তেওঁ হাতত আছিল এটা প্ৰথম শ্ৰেণীৰ টিকট। পথৰ প্ৰায় এক তৃতীয়াংশ যাত্ৰাৰ পাছত নাটালৰ মৰিটজবাৰ্গ ষ্টেচনত তেওঁৰ ডবাটোত এজন বগা চাহাব উঠিল আৰু গান্ধীক দেখি তাৰ পৰা ওলাই গুচি গ’ল। অলপ পাছত তেওঁ দুজন ৰেলৱে’ অফিচাৰ লগত লৈ ডবাটোলৈ পুনৰ আহিল। অফিচাৰ দুজনে গান্ধীক তাৰ পৰা ওলাই তৃতীয় শ্ৰেণীৰ ডবালৈ যাবলৈ নিৰ্দেশ দিলে। গান্ধীয়ে প্ৰতিবাদ কৰিলে— তেওঁৰ হাতত প্ৰথম শ্ৰেণীৰ টিকট আছে। অফিচাৰ কেইজনে নামানিলে আৰু গান্ধীয়েও ডবাটো এৰি যাবলৈ নিবিচাৰিলে। ফলত পুলিচৰ হতুৱাই গান্ধীক ডবাটোৰ পৰা টানি বাহিৰ কৰি দিয়া হ’ল। সেইদিনা গোটেই নিশা গান্ধীয়ে ষ্টেচনতে কটাই দিলে। তেওঁ তৃতীয় শ্ৰেণীৰ ডবালৈ গৈ যাত্ৰাটো সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন; কিন্তু তেওঁ সেইটো নকৰিলে। তেতিয়া ভীষণ শীত পৰিছিল। গান্ধীৰ অভাৰ কোটটো মালপত্ৰৰ লগত আছিল আৰু মালপত্ৰবোৰ ৰেল কৰ্মচাৰীৰ হাতত আছিল। পুনৰ অপমানিত হোৱাৰ ভয়ত গান্ধীয়ে সেইবোৰ তেতিয়া বিচাৰি নগ’ল। গোটেই নিশাটো তেওঁ ভাবি ভাবি কঁপি কঁপি পাৰ কৰিলে। পিছত যেতিয়া তেওঁ আন ভাৰতীয়সকলক প্ৰতিবাদ কৰাৰ সম্পৰ্কে সুধিছিল তেওঁলোকে ক’লে— তুমি তোমাৰ মূৰটো এটা শিলৰ বেৰত খুন্দিয়াব নোৱাৰা। কিন্তু গান্ধীয়ে সেইটোকে কৰাৰ সিদ্ধান্ত ল’লে। তেওঁক তাৰ ভাৰতীয়সকলে হাঁহিছিল যে— এইখন দেশ তোমাৰ দৰে মানুহৰ বাবে নহয়; ধন ঘটিবলৈ আমি অপমানিত হ’বলৈয়ো কুণ্ঠাবোধ নকৰোঁ...। কিন্তু গান্ধীয়ে বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজ দিবলৈ বদ্ধপৰিকৰ হ’ল। বহু বছৰৰ পাছত গান্ধীক এবাৰ সোধা হৈছিল— আপোনাৰ জীৱনৰ সৃজনাত্মক অভিজ্ঞতা কোনটো? গান্ধীয়ে উত্তৰ দিছিল— সেই নিশা মেৰিটজবাৰ্গ ষ্টেচনত ঘটা সেই ঘটনাটোৱেই আছিল তেওঁৰ জীৱনৰ সৃজনাত্মক অভিজ্ঞতা!

পঠনীয়:  “জেং”, “কামোৰ” আৰু “ৰে”ৰ সপক্ষে একাষাৰ

[Image Source : Unknown]

No Comments

Post A Comment