অসমীয়া মাধ্যমৰ অগ্ৰগতি নে ভৱিষ্যতৰ এখন পংগু সমাজৰ সংকেত?

কোনো কোনো সংবাদ-মাধ্যমে মেট্ৰিকৰ ৰিজাল্টৰ পাছত এনে এটা কথা প্ৰচাৰ কৰে যে "অসমীয়া মাধ্যমৰ অগ্ৰগতি"৷ কিন্তু সেয়া সঁচাকৈ কিবা অগ্ৰগতি নে ভৱিষ্যতৰ এখন পংগু সমাজৰ সংকেতহে? এচামে যিমানেই গালি-গালাজ নাপাৰক কিয় আমি সকলোৱেই আমাৰ অনুজ প্ৰজন্মক ইংৰাজী মাধ্যমতহে পঢ়ুওৱা উচিত৷ আমাৰ মানুহে চিকিৎসা-বিজ্ঞান পঢ়িব লাগে ইংৰাজী মাধ্যমত, কম্পিউটাৰ-বিজ্ঞান পঢ়িব লাগে ইংৰাজী মাধ্যমত; আভিযান্তিক-বিদ্যা, ৰসায়ন-বিজ্ঞান, গণিত, সমাজ-বিজ্ঞান, দৰ্শন আদি সকলো ইংৰাজী মাধ্যমতেই পঢ়িব লাগে৷ স্নাতক ডিগ্ৰী ল'ব লাগে ইংৰাজী মাধ্যমত; এমএ, এমএছচি, এমবিএ, এমটেক, এমচিএ, এমএড, এমডি আদি সকলো স্নাতকোত্তৰ ডিগ্ৰী ল'ব লাগে ইংৰাজী মাধ্যমত; ডক্টৰেট, পোষ্ট ডক্টৰেট... সকলো হয় ইংৰাজী মাধ্যমত৷ কিন্তু বিদ্যালয়ত অসমীয়া মাধ্যম নহ'লে কোনো কোনোৱে গালি পাৰে "ইংৰাজী মাধ্যমৰহে" বুলি!! আমাৰ কেবাখনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ যিমানখিনি অনুজ-অগ্ৰজ-সমনীয়া ছাত্ৰ-ছাত্ৰী লগ পালোঁ সকলোৱে মুখামুখি হোৱা সমস্যাখিনি চাই ক'ব পাৰি— এই "অসমীয়া মাধ্যমৰ" ব্যতিক্ৰমী খুৱ বেছি ৮-১০ শতাংশক বাদ দি বাকী সকলোৱেই হায়াৰ চেকেণ্ডাৰীত টান পায়৷ সেয়েহে বহুতে তাতো অসমীয়া মাধ্যম ল'ব লগা হয়৷ আন এটা কাৰণতো তেওঁলোকে অসমীয়া মাধ্যম ল'বলৈ বাধ্য হয়; সেইটো হ'ল— শিক্ষকসকলে যদি অসমীয়াত অকণমান বুজাব পাৰেও, ইংৰাজীত অকণো বুজাব নোৱাৰে৷ কাৰণ সেই শিক্ষকসকলো এই লেখাটোত আলোচিত গোটেই সমস্যাটোৰ খুৱ বেয়াকৈ ভুক্তভোগী৷ আৰু সেই ছাত্ৰ-ছাত্ৰীসকল তাৰ পাছত যি শাখালৈকে নাযাওক কিয় সকলোৱেই যেতিয়া ইংৰাজী ল'বলৈ বাধ্য হয় তেতিয়া তেওঁলোকে বিষয়-বস্তু একোটা বুজাৰ সলনি ইংৰাজী বাক্যবোৰ মুখষ্ঠ কৰিব লগা হয়৷ ইতিমধ্যে মনত ৰাখি অহা অসমীয়া পদবোৰো পুনৰ নতুনকৈ ইংৰাজীত শিকিব লগা হয়৷ সেইখিনি আয়ত্ব কৰি সহজতেই নিজৰ ভাষাৰে লিখি পেলাব পৰাৰ পৰিবৰ্তে তেওঁলোকে পৰীক্ষাৰ আগত বিষয়টো যেনেতেনে অলপ বুজিবলৈ চেষ্টা কৰাৰ লগতে ইংৰাজী বাক্যবোৰ পাৰেমানে মুখষ্ঠ কৰি কিবাকৈ উত্তৰবহীত লিখি থৈ আহিব লগা হয়৷ আৰু পৰীক্ষা যোৱাৰ ১৫ দিনমানৰ পাছতে তেওঁলোকে সেই বাক্যবোৰ আধা-আধি পাহৰি থাকে৷ কাৰবাৰটো পিছলৈকে এইদৰেই চলাব লগা হয়৷ ফলত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত টিক-মাৰ্ক দিয়া, অবজেক্টিভ প্ৰশ্ন থাকিলে কিছু সংখ্যকে সফলতা অৰ্জন কৰে যদিও, ব্যাখ্যা কৰি লিখিব লগা হোৱা পৰীক্ষাবোৰত সফলতা অৰ্জন কৰাটো একেবাৰেই কঠিন হৈ পৰে৷ এনে ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকভাৱেই সাক্ষাৎকাৰত বেয়া ফল দেখুৱাব লগাত পৰে৷ কিন্তু তেওঁলোকতকৈ কম তীক্ষ্ণতাৰ পৰিচয় দিয়ো যিসকলে ইংৰাজী মাধ্যমৰ পৰা আহে তেওঁলোকে ইংৰাজীৰ সাৱলীলতাৰ বাবে অনায়াসে কম সময়তে সংস্থাপন লাভ কৰিবলৈ সক্ষম হয়৷ আমাৰ নিবনুৱা সংখ্যাৰ বৃদ্ধিতো এই সমস্যাৰ বহু প্ৰভাৱ আছে৷ লুইতৰ পাৰৰে এখন বিশ্ববিদ্যালয়ত দেখিছিলোঁ, বিশ্ববিদ্যালয়খনে স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনা কেইবাটাও কেম্পাছ-ইণ্টাৰভিউত উইপ্ৰ' আদি কোম্পানীয়ে পদবোৰ পুৰা কৰি নিব পৰা নাছিল সৰহভাগ অসমীয়া মাধ্যমৰ পৰা অহা স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী ভাষা-জ্ঞান আৰু সাৱলীলতা নথকা বাবে৷ এইখিনিতে কোনোবাই ক’ব পাৰে— ইংৰাজীৰ আয়ত্ব কৰি কেৱল কৰ্মচাৰীৰূপে চাকৰি এটা কৰাটোৱেই শিক্ষাৰ উদ্দেশ্য নহয়। কিন্তু মৌলিক উচ্চ-অধ্যয়নৰ বাবেও ভাষাৰ সাৱলীলতা থকাটো অতি দৰকাৰ। স্থানীয় কোনো কোনো গণ্যমান্য ব্যক্তিৰ মুখত শৈষৱত কেবাবাৰো শুনিছিলোঁ— গণিত অধ্যয়ন কৰিবলৈ পিছলৈয়ো ইংৰাজীৰ Let, Say আৰু দুই এটা ক্ৰিয়া-বাচক শব্দৰ বাহিৰে বিশেষ একো প্ৰয়োজন নহয়। কিন্তু আন বিষয়তো বাদেই, সংখ্যাৰে পূৰ্ণ বুলি ভবা গণিতৰো বিষয়-বস্তু আয়ত্ব কৰিবলৈ ইংৰাজীৰ ভালকৈয়ে দৰকাৰ। এইখিনিত, অবজেক্টিভ-টাইপ প্ৰশ্নবোৰৰ বাবে আজিকালি ছাত্ৰ-ছাত্ৰীৰ লিখাৰ ক্ষমতাটো নাইকীয়া হৈ যোৱাৰ সম্পৰ্কে উদ্বিগ্নতা প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডৰ ভাৰতীয় এজন দলপতিয়ে কোৱা এষাৰ কথা উদ্ধৃতি দিব বিচাৰোঁ— “ৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ কথা সুকীয়া, তেওঁলোকৰ উত্তৰবহী সম্পূৰ্ণ যুক্তি-যুক্ত ব্যাখ্যাৰে পৰিপূৰ্ণ। তেওঁলোকৰ সমাধান একোটাৰ স্তৰসমূহ খুৱ সুন্দৰ আৰু একদম প্ৰযোজ্য যুক্তিৰে সজ্জিত। অলিম্পিয়াডত উন্নত ফলাফলৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এই লিখাৰ দক্ষতা থাকিব লাগিব।” ইংৰাজী ভাষাটোত যদি সাৱলীলতা অৰ্জন কৰিব নোৱাৰে তেন্তে বিষয়সমূহ যুক্তি-যুক্তভাৱে লিখিবলৈ দক্ষতা আহৰণ কৰাৰ প্ৰাৰম্ভিক স্তৰটোৱেইচোন ঘূণে ধৰা হৈ থাকিব! গতিকে সৰুৰে পৰা শিক্ষা-জীৱনৰ প্ৰাৰম্ভিক ১০টা বছৰ যদি ইংৰাজী মাধ্যমত ছাত্ৰ-ছাত্ৰীক পঢুওৱা হয়; স্কুলীয়া সৰল জীৱন আৰু মস্তিষ্কৰ তীক্ষ্ণতাপূৰ্ণ অৱস্থাটোত যদি সেইখিনি কষ্ট কৰিবলৈ দিয়া হয়, তেন্তে কেইটামান দশকলৈ মেট্ৰিকৰ ৰিজাল্টটো অলপ বেয়া হ'ব পাৰে, কাকত-চেনেলে "অসমীয়া মাধ্যমৰ অগ্ৰগতি" বুলি কোৱাৰ অদৰকাৰী সুবিধাটো নাপাব পাৰে, কিন্তু ভৱিষ্যতে তাৰ ফল বেছি ভাল পোৱা যাব; ব্যক্তিগতভাবেও, সামাজিকভাবেও৷ ইয়াৰ বাবে অসমীয়া ভাষাটো উপেক্ষা কৰিব লাগিব বুলি কোৱা নাই, সাহিত্য-পাঠ হিচাপে ই থাকিবই লাগিব, মাথোঁ বুৰঞ্জী-সমাজবিদ্যা-বিজ্ঞান-গণিত আদিৰ মাধ্যম হিচাপে ইংৰাজীৰ প্ৰসাৰ যিমানেই বাঢ়িব সিমানেই ভাল হ'ব৷ একোটা প্ৰতিভা এটা প্ৰজন্মতে লাভ কৰাটো আমাৰ সমাজত সম্ভৱ যেন কেতিয়াও দেখা নাযায়৷ অতীতৰ আমাৰ যিসকল প্ৰতিভাক লৈ সততে গৌৰৱ কৰা হয়, তেওঁলোকো বিশ্ব প্ৰেক্ষাপট বাদেই ভাৰতৰ প্ৰেক্ষাপটতে আগশাৰীৰ নহয়৷ তাৰোপৰি সেইসকল পদ্য, ধৰ্ম-সংস্কাৰ, যুদ্ধ, গান-বাজানা আদিতহে প্ৰধান৷ যিকোনো বিষয় আয়ত্ব কৰা বা অন্তঃকৰণেৰে অনুধাৱন কৰিব পৰা অপৰ্যাপ্ত মানৱ-সম্পদ যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে কোনো এটা বিষয়ত এটি মাথোঁ প্ৰতিভা গঢ়ি উঠাৰ বাবেও সমাজখনে কি উপাদান দিব পাৰিব বুলি আশা কৰিব পাৰি!! বিশ্বৰ আন দেশবোৰ প্ৰতিভাৰে ভৰি উঠাৰ এটা প্ৰধান কাৰণ তেওঁলোকৰ উচ্চতম জ্ঞান-চৰ্চাৰ মাধ্যমটোৱেই শৈশৱৰো শিক্ষালাভৰ মাধ্যম হোৱাটো নহয় জানো?

পঠনীয়:  ত্ৰি-মেৰু অভিযানৰ অন্তিম দশা

amar-asom-15-06-2016

No Comments

Post A Comment