লুচি আৰু লুচিক আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ কিছু কাহিনী

মানৱৰ আদিম প্ৰজাতিৰ এতিয়ালৈকে আৱিষ্কৃত আটাইতকৈ পুৰণি কংকালটোৰ নাম হ’ল লুচি। ৩২ লাখ বছৰ পূৰ্বৰ এই কংকালটোৰ প্ৰায় ৪০ শতাংশ পোৱা গৈছিল। আফ্ৰিকাৰ ইথিওপিয়াৰ খুৱ ভিতৰুৱা এটি অঞ্চলত ১৯৭৪ চনৰ ২৪ নবেম্বৰত আৱিষ্কৃত এই স্ত্ৰী কংকালটোৱে আজিৰ মানুহৰ অন্বেষণ-ভাৱনা-কল্পনাত প্ৰৱল প্ৰভাৱ পেলাই আহিছে। দুবাৰ বুকাৰ বঁটা বিজয়ী লেখক জে. এম. কয়েৎজেয়ে সাহিত্যৰ ন’বেল বঁটা লাভ কৰাৰ পিছতে তেওঁলৈ শ্ৰদ্ধা জনাই “গৰীয়সী”ৰ ২০০৩ চনৰ ডিচেম্বৰ সংখ্যাত (আৰু শেষৰ অংশ ২০০৪ৰ জানুৱাৰী সংখ্যাত) ডঃ অৰ্পণা মহন্তই এটা প্ৰবন্ধত লিখিছিল—

“ইতিহাসৰ পৰিহাস নুই কৰিব নোৱাৰি। জাতিগতভাৱে কয়েৎজে নিজেই যদিও ইউৰোপীয় মূলৰ, তেওঁৰ পূৰ্বপুৰুষ দক্ষিণ আফ্ৰিকাতে নিগাজীকৈ থাকিবলৈ লয়। তাতে তেওঁৰ জন্ম আৰু জাতি-বিদ্বেষেৰে জৰ্জৰিত এই দেশতে জীৱনৰ বিষয়ে তেওঁৰ উপলব্ধি গঢ় লৈ উঠিছে। আফ্ৰিকা সমগ্ৰ মানৱ জাতিৰ উৎস স্থান বুলি বৰ্তমানে বিজ্ঞানীসকলে অভিমত দিছে। আফ্ৰিকাৰ আলদুভী গৰ্জ নামৰ ঠাইৰ ইংৰাজ লিকী পৰিয়ালে আৱিষ্কাৰ কৰা মানৱ প্ৰজাতিৰ সবাতোকৈ প্ৰাচীন বুলি অভিহিত জীৱাশ্ম হ’ল এগৰাকী নাৰীৰ জীৱাশ্ম। এই ফচিল নাৰীৰ কংকালৰ নামকৰণ কৰা হৈছিল লুচি। এইটো ভাবিয়েই কয়েৎজেই ডিচগ্ৰেচ নামৰ উপন্যাসখনৰ প্ৰধান নাৰী চৰিত্ৰৰ নাম লুচি ৰাখিছিল নেকি জনা নাযায়। কথাটো কাকতালীয়ও হ’ব পাৰে, পিছে তথাপিও কথাটো তাৎপৰ্যপূৰ্ণ।”

কিন্তু তেওঁ ইয়াত এটা ডাঙৰ ভুল তথ্য লিখিছিল। লুচিক লিকী পৰিয়ালে আৱিষ্কাৰ কৰা নাছিল। লুয়িছ লিকী, তেওঁৰ পত্নী মেৰী লিকী আৰু তেওঁলোকৰ সন্তান ৰিছাৰ্ড লিকী— এই পৰিয়ালটো নৃতত্ত্ববিদ্যা জগতখনত কিংবদন্তীস্বৰূপ। “টাইম” আলোচনীয়ে কুৰি শতিকাৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ যি তালিকা প্ৰস্তুত কৰিছিল, য’ত আইনষ্টাইনক শতিকাটোৰ ব্যক্তি বুলি অভিহিত কৰা হৈছিল, সেই তালিকাত বিভিন্ন শাখাৰ বিজ্ঞানীৰ ২০টা স্থানত লুয়িছ লিকী, মেৰী লিকী আৰু ৰিছাৰ্ড লিকীয়ে যুটীয়াভাৱে এটা স্থান লাভ কৰিছিল। কিন্তু লুচিক অৱিষ্কাৰৰ ক্ষেত্ৰত কথাটো অলপ ওলোটাহে বা আমোদজনক, যিটো অলপ পিছতে আমি গম পাম। অৱশ্যে ডঃ অৰ্পণা মহন্তৰ লেখাটোৰ বিষয়বস্তুৰ পৰিপ্ৰেক্ষিতত সেই তথ্যগত ভুলটো উপেক্ষণীয় তেনেই ক্ষুদ্ৰ ভুল। মোৰ অতিকে প্ৰিয় সেই প্ৰবন্ধটো আলোচনীখনৰ পৰা কাটি প্ৰায় সদায় লগতে ৰখা টোকাবহীত এখনত আঠা লগাই ৰখিছোঁ। “নিঃসঙ্গতাৰ যাত্ৰী : জে. এম. কয়েৎজে” শীৰ্ষক সেই প্ৰবন্ধটোৰ দুটা অংশ আপোনালোকে চাকী চাব পাৰে—

“ঈশ্বৰ থাকিলেও ইমান হত্যা, লুণ্ঠন, নিষ্ঠুৰতা, ক্ৰূৰতা সম্ভৱ হ’লহেঁতেননে?”

“তেওঁৰ মূল বিষয় হ’ল, ঈশ্বৰবিহীন পৃথিৱীত মানুহৰ প্ৰকৃত অৱস্থা। মানুহে সদায়েই মূল্যবান বুলি শিকি অহা বস্তুবোৰ, যেনে সমাজ, মান, ধন-ঐশ্বৰ্য নিশ্চয়তা হেৰাই গ’লে অৱশিষ্ট যি মানুহ ৰৈ যায়— এই মানুহক লৈ তেওঁ ব্যস্ত। কয়েৎজেৰ উপন্যাস পঢ়িলে শ্যেক্সপীয়েৰৰ কিং লিয়েৰলৈ মনত পৰে। বুঢ়া কিং লিয়েৰ, অকৃতজ্ঞ জীয়েকে সকলো মান-মৰ্যাদা কাঢ়ি লোৱাৰ পিছত, যেতিয়া গৃহহীন লিয়েৰ মুকলি আকাশৰ তলত কেৱল বহুৱাটোক লগ হিচাপে লৈ বিচৰণ কৰে, তেতিয়াহে লিয়েৰে অনুভৱ কৰে— প্ৰকৃততে মানুহৰ অস্তিত্বৰ প্ৰশ্ন আহে যেতিয়া মানুহে সকলো সম্ভ্ৰম, মৰ্যাদা হেৰুৱাই পেলায়, তেতিয়া কেৱল থাকে এটা নঙঠা দুঠেঙীয়া জন্তু। এই বুনিয়াদী মানুহৰ কিনো আছে, যিয়ে ইয়াক জন্তুৰ পৰা পৃথক কৰে— এই বিষয়েই কয়েৎজে অনুসন্ধিৎসু। এই প্ৰশ্নটোকেই তেওঁ প্ৰতিখন উপন্যাসত উপস্থাপন কৰিছে।”

পঠনীয়:  ডেনটন কুউলিৰ এষাৰ কথা

* * *

লুচিক অৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হ’ল ড’নাল্ড জোহেনছন। সেইদিনা তেওঁৰ লগত আছিল তেওঁৰ দুজনমান ছাত্ৰ। জোহেনছন তেতিয়া আছিল নিজৰ উচ্চ কেৰিয়াৰ নিৰ্মাণৰ গভীৰ প্ৰচেষ্টাত থকা এজন গৱেষক তথা সহযোগী অধ্যাপক। ইথিওপিয়াৰ সেই অঞ্চলত পূৰ্বতে তেওঁৰ দলে বিভিন্ন ধৰণৰ জন্তু— হাতী, গড়, বান্দৰ আদিৰ ফচিল বিচাৰি পাইছিল। কিছুমান লক্ষণৰ পৰা ১৯৭৩ চনতে তেওঁ ধাৰণা কৰিছিল যে ঠাইটুকুৰাত মানৱ আৰ্হিৰ ফচিলো পোৱাৰ প্ৰৱল সম্ভাৱনা আছে। কিন্তু বৃত্তি বিচাৰি তেওঁ খুৱ অসুবিধাত পৰিছিল। তেওঁৰ জন্ম চিকাগোত; তাৰ পৰা অন্বেষণৰ বাবে ইথিওপিয়ালৈ যাবলৈ তেওঁক প্ৰতিষ্ঠানিক বৃত্তিৰ প্ৰয়োজন আছিল। ইফালে, তেতিয়া তেওঁৰ ডক্টৰেট ডিগ্ৰীয়েই হোৱা নাছিল। তাৰোপৰি তেওঁৰ নাছিল পৰ্যাপ্ত বুলি দেখুৱাব পৰা ক্ষেত্ৰ-অধ্যয়নৰ অভিজ্ঞতা। তালৈ যাবলৈ সুবিধা পালে তেওঁ সাংঘাটিক আৱিষ্কাৰ কৰিব পাৰিব বুলি দিয়া কথাকে গৱেষণা-বৃত্তি প্ৰদানকাৰী উচ্চ প্ৰতিষ্ঠানে কেনেকৈ বিশ্বাস কৰে!

সেই ২৪ নবেম্বৰৰ দিনা ঠিক দুপৰীয়া হোৱা নাই; অন্বেষণ-ক্ষেত্ৰৰ পৰা কেম্পলৈ বুলি উভটিবলৈ লওঁতেই এটুকুৰা বিশেষ হাড়ে জোহেনছনৰ দৃষ্টি কাঢ়ি নিলে। ঠিক মানুহৰ হাতৰ ভাঁজটোৰ নিচিনা এটুকুৰা হাড়। হাড় টুকুৰা যথেষ্ট সৰু; লুচিৰ উচ্চতাই মাথোঁ ৩ ফুট ৭ ইঞ্চিহে। কিন্তু লগে লগে তেওঁ অনুমান কৰিলে যে সেয়া অধ্যয়ন কৰিবলগীয়া এটুকুৰা খুৱ গুৰুত্বপূৰ্ণ বস্তু। ভালকৈ বিচৰাৰ লগে লগে তেওঁলোকে প্ৰায় কংকালটো আৱিষ্কাৰ কৰিবলৈ ধৰিলে। কেম্পত সকলোৱে গোটেই হাড়সমূহ দেখি উস্বাসেৰে উথলি উঠিল। জোহেনছনহঁতে আচলতে কিমান পূৰণি কংকাল এটা আৱিষ্কাৰ কৰিছে, টুকুৰাবোৰ একেটা কংকালৰে অংশ হয় নে নহয়, বা সেইটোৱে ইমান প্ৰভাৱ পেলাবগৈ নে নাই সেয়া তেতিয়া কেম্পত থকা কোনেও অনুমান কৰিব পৰা নাছিল। মানুহৰ দৰে উলম্ব হৈ দুভৰিৰে খোজ কঢ়াৰ সঠিক প্ৰমাণো লগে লগে হোৱা নাছিল। কাৰণ সেইবোৰ বহু পৰীক্ষা-নিৰীক্ষাৰ পিছতহে নিৰ্ণয় হ’বগৈ। কিন্তু, যদিও তাত জোহেনছনৰ কেইজনমান ছাত্ৰও আছিল, যিসকলৰ কাকোৱেই নৃতত্ত্ববিদ বুলিব পৰা হোৱাগৈয়ে নাছিল, তথাপি প্ৰত্যেকেই, সেইটো যে এটা যথেষ্ঠ ডাঙৰ আৱিষ্কাৰ তাক বুজাত সময় লগা নাছিল।

জোহেনছন আছিল বিটলছৰ সাংঘাটিক অনুৰাগী। তেতিয়াও, এতিয়াও। আৰু সেইদিনা ফূৰ্তিত, কেম্পত ডাঙৰ ডাঙৰকৈ বিটলছৰ গান বজাই সবেই শুনি আছিল। বাৰে বাৰে ডাঙৰকৈ বাজি আছিল— Lucy in the Sky with Diamonds গানটো। কংকালটোৱে পাবলগীয়া জটিল আৰু দীঘল বৈজ্ঞানিক নামৰ উপৰি এটা সৰল নাম দিয়াৰ কথা ভবা হৈছিল। ইফালে, প্ৰাথমিক পৰ্যবেক্ষণৰ পৰাই ধাৰণা কৰিব পৰা গৈছিল, সেইটো স্ত্ৰী কংকাল। জোহেনছনে কৌতুকেৰে এবাৰ ক’লে – আমি এওঁক লুচি বুলি নকওঁনো কিয়? পিছদিনাৰ পৰা ইজনে-সিজনে প্ৰয়োজন মতে তেনেই স্বাভাৱিক ধৰণে “আমি আজি লুচিৰ ঠাইলৈ কোন সময়ত যাওঁ?” “লুচিৰ বাকী অংশবিলাক বাৰু পামনে আমি?” আদি ধৰণে কোৱা আৰম্ভ কৰিলে। এনেদৰে কংকালটোৰ নামটো সঁচাকৈ লুচিয়েই হৈ পৰিল।

Lucy in the Sky with Diamonds গানটো লিখিবলৈ জন লেননে আৰম্ভ কৰিছিল তেওঁৰ কণমানি পুতেকে অঁকা এখন ছবি দেখি। লেনন আৰু তেওঁৰ পুতেক দুয়ো একেলগে বহি প্ৰায়ে ছবি আঁকিছিল, একেলগে ধেমালী-ধুমুলা কৰিছিল। আৰু পুতেকে কিবা এটা কৰিলেই দেউতাকক দেখুৱাইছিল। পুতেকে নিজৰ স্কুলৰ লুচি নামৰ মৰমলগা সহপাঠী এগৰাকীৰ সম্পৰ্কে ছবি এখন আঁকি নাম দিছিল— “Lucy - in the Sky with Diamonds”। পুতেকে ছবিখন লেননক দেখুৱালে। লগে লগে লেননৰ মনত গীতটোৰ অংকুৰণ ঘটিল আৰু তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। এয়াই হ’ল মানৱকূলৰ মাতৃ বুলি অভিহিত সেই কংকালটোৰ লুচি নামটোৰ উৎস।

পঠনীয়:  বতৰৰ আগলি-বতৰা সম্পূৰ্ণ সঠিক নোহোৱাৰ কিছু কাৰণ আৰু হোৱাৰ সম্ভাৱনা

১৯৭৮ চনলৈ জোহেনছনে কেইবাজনো বিজ্ঞানীৰ সহযোগত বহু অধ্যয়নৰ অন্তত উপলব্ধি কৰিলে যে সেই কংকালটো তেতিয়ালৈকে আৱিষ্কাৰ নোহোৱা এটা প্ৰজাতিৰ অন্তৰ্ভুক্ত, যিটোৱে মানৱ প্ৰজন্মৰ এটা প্ৰাৰম্ভিক স্তৰ নিৰ্দেশ কৰিব। তাৰ গঠন, মগজুৰ আকৃতি ইত্যাদি পূৰ্বৰ আৱিষ্কৃত প্ৰজাতিসমূহতকৈ সম্পূৰ্ণ পৃথক। মানুহৰ উৎসৰ সন্ধানৰ ই এটা বৈপ্লৱিক আৱিষ্কাৰ। নৱ-আৱিষ্কৃত প্ৰজাতিটোৰ এটা নতুন নাম দিয়াৰো প্ৰয়োজন আহিল। এই সিদ্ধান্তখিনি আছিল বহু প্ৰত্যাহ্বানজনক, কাৰণ তেতিয়ালৈকে যি আৱিষ্কাৰ হৈছে, আৰু বছৰ বছৰ সেই ধৰণেৰে চৰ্চিত হৈ আহিছে, তাত এতিয়া বিৰাট এটা নতুন অধ্যায় যোগ হৈ পৰিব।

তেনে সময়তে জোহেনছনলৈ এটা সুযোগ আহিল। ন’বেল কমিটীয়ে বছৰি আয়োজন কৰা এখন সন্মিলনীত ভাগ ল’বলৈ তেওঁক ছুইডেনলৈ নিমন্ত্ৰণ কৰা হ’ল। নক’লেও হ’ব যে ইয়ালৈ নিমন্ত্ৰীত হয় বিবিধ ক্ষেত্ৰৰ বিশ্বশ্ৰেষ্ঠ ব্যক্তিসকলো। জোহেনছনৰ মাক-দেউতাক ছুইডেনৰ পৰা চিকাগোলৈ প্ৰব্ৰজন কৰিছিল। দেউতাকৰ পৰিয়ালৰ মানুহ তেতিয়াও ছুইডেনতে আছিল। সেয়েহে তেওঁৰ বাবে তাত আৱেগিক টান এটাও আছিল। গতিকে, নতুন প্ৰজাতিটোৰ কথা ঘোষণা কৰিবলৈ ইয়াতকৈ আৰু ভাল স্থান কি আছে!

জোহেনছনৰ বক্তৃতাৰ দিনা সভাখনত বহি আছিল মানৱ বিবৰ্তন অধ্যয়ন কৰা বিশ্বশ্ৰষ্ঠ বিজ্ঞানীয়েই পোন্ধৰজনমান। লগতে বহি আছিল স্বয়ং মেৰী লিকী আৰু ৰিছাৰ্ড লিকীও। জোহেনছনে তেওঁৰ গৱেষণা-পত্ৰ পাঠ, ব্যাখ্যা আৰম্ভ কৰিলে। ৩৫ বছৰীয়া অখ্যাত ডেকা-গৱেষকজনে ক’বলৈ ধৰিলে নতুনকৈ আৱিষ্কৃত প্ৰজাতিটোৰ কথা, যিটোৱে পূৰ্বতে বিজ্ঞানীসকলে নিৰ্ণয় কৰা মানৱৰ প্ৰজন্মৰ জীৱনবৃক্ষডালকে সলনি কৰি নতুন জীৱনবৃক্ষ প্ৰদান কৰিব।

সভাত জোহেনছনৰ গৱেষণা-পত্ৰ পাঠ শেষ হ’ল। বক্তৃতাৰ শেষত কিছু সময় প্ৰশ্নোত্তৰ শিতানৰ বাবে নিৰ্দিষ্টকৈ ৰখা হৈছিল। জোহেনছনে ভাবিছিল এটা দীঘলীয়া আলোচনা চলিব। কিন্তু তেওঁৰ কথাবোৰ ইমানেই অবান্তৰ যেন বিবেচিত হ’ল যে কোনেও একো প্ৰশ্নই নুসুধিলে। তেনেকৈয়ে সভা সামৰি সকলো চাহ খাবলৈ গুচি গ’ল। পিছত জোহেনছনে তেওঁৰ প্ৰস্তাৱটো কি হ’ব বুলি নিজে ইজন-সিজনক সুধিলতো তেওঁলোকে তেওঁৰ কথা উপেক্ষা কৰি চলিবলৈ ধৰিলে।

মানুহে নিজৰ বদ্ধমূল ধাৰণাৰ পৰা মুক্ত হৈ নতুন শুদ্ধটো গ্ৰহণ কৰিবলৈ কেনে আতংকিত হ’ব পাৰে ই তাৰো এক উদাহৰণ। বহুতে নিজে ভুল প্ৰমাণিত হোৱাৰো ভয় খাইছিল, আৰু বহুতো ঈৰ্ষিত হৈছিল। সেই ঘোষণাৰ পিছত, জোহেনছনৰ পূৰ্বৰ বহুতো অন্তৰংগ বন্ধুৱেও কৰা এনে ঈৰ্ষা আৰু উপেক্ষাৰ বাবেই তেওঁলোকৰ  সৈতে তেওঁৰ সম্পৰ্কে ছেদ হৈ গৈছিল। এক খুৱ কঠিন পৰিস্থিতিৰ মুখামুখি হ’ল তেওঁ। নিন্দা, পিছপিনে কৰা বুবু-বাবাৰ অন্ত নাছিল। গৱেষণা-কেন্দ্ৰৰ ফচিল পৰীক্ষা কৰিবলৈয়ো তেওঁক অনুমতি দিয়া হোৱা নাছিল। বৈজ্ঞানিক বিতৰ্ক আৰু তৰ্ক আছিল প্ৰায় এক দশকজোৰা। আৰু শেষত তেওঁ চেলিব্ৰিটিলৈ ৰূপান্তৰ হ’ল। তেওঁৰ আৱাস, পৰীক্ষাগাৰ, শ্ৰেণীকোঠা — সকলোতে কেমেৰাৰ মুখামুখি হ’বলৈ ধৰিলে।

এতিয়া লুচিক ইথিওপিয়াৰ এটি যাদুগৃহত সংৰক্ষণ কৰি ৰখা হৈছে। বিশ্বৰ আন কেইবাটাও বিখ্যাত যাদুগৃহই কংকালটোৰ আৰ্হি নিৰ্মাণ কৰি প্ৰদৰ্শনৰ বাবে ৰখিছে।

No Comments

Post A Comment