ভাষা আন্দোলন : ২০৪৫

C++ জনা ডিপিপি হোষ্টেলৰ ল’ৰাবোৰে হাতত দা আৰু হকী-ষ্টিক লৈ কেএনপি হোষ্টেলৰ C++ নজনা, কেৱল C জনা ল’ৰাবোৰক কাটিবলৈ খেদি গ’ল। কেএনপি হোষ্টেলৰ Python জনা একমাত্ৰ ল’ৰাটোৱে সেই মুহূৰ্তত হোষ্টেলৰ সমুখতে ৰৈ আকাশলৈ চাই চাই কেইটামান বাগ কেনেকৈ আঁতৰাব পাৰি তাকে ভাবি আছিল। সংখ্যালঘু বুলি তাক কোনোবা এটাই একে ঘাপে দুটুকুৰা কৰি পেলালে। ছেকেণ্ড ছেমিষ্টাৰৰ আৰম্ভণিৰে পৰা নিজৰ মাজত আলোচনা-বিলোচনা কৰি কৰি প্ৰতিষ্ঠানটোৰ C++ নজনা গোটেই ল’ৰাবোৰ থাৰ্ড ছেমত কেএনপি হোষ্টেললৈ গুচি আহিছিল। ইতিমধ্যে সিহঁতে ভিতৰৰ পৰা বীয়েৰৰ ভগা বটল C++ জনা ল’ৰাবোৰলৈ দলিয়াবলৈ আৰম্ভ কৰিলে। C++ জনা ল’ৰাবোৰে হকী-ষ্টিকেৰে হোষ্টেলটোৰ গ্লাছৰ খিৰিকীবোৰ মৰিয়াই মৰিয়াই ভাঙি পেলালে আৰু দাবোৰেৰে যিমান দূৰলৈ যাকে ঢুকি পাই তাৰে ওপৰত আক্ৰমণ কৰাত লাগিল। এই ৰক্তাক্ত সংঘৰ্ষখনে PHP জনা ল’ৰাবোৰক একগোট কৰিব বুলি চতুৰ ৰাজনৈতিক নেতা মাউছ গোপাল শইকীয়াই তিনিমাহ পূৰ্বতেই অনুমান কৰিছিল। ইফালে তেওঁৰ অনুগত খ্যাতিমান PHP-সাহিত্যিক তথা বুদ্ধিজীৱি গেজেট হকে প্ৰতিষ্ঠানটোৰ সঞ্চালকক এই সংঘৰ্ষখনত হস্তক্ষেপ নকৰিবলৈ পূৰ্বতেই সকীয়াই থৈছিল। গতিকে সঞ্চালকে লগে লগে গম পাইয়ো পুলিছক খবৰ দিয়াৰ কথা চিন্তা নকৰিলে। সংঘৰ্ষ ভয়াবহ হৈ উঠা দেখি হোষ্টেলবোৰৰ ওয়াৰডেনকেইজনে নিজৰ নিজৰ কোৱাৰ্টাৰত সোমাই দুৱাৰ-খিৰিকীবোৰ ভিতৰৰ পৰা বন্ধ কৰি দিলে। সংঘৰ্ষখনত কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই PHP জনা ল’ৰাবোৰ একগোট হৈ প্ৰতিষ্ঠানৰ চৌহদতে শান্তভাবে বহি আছিল। কিন্তু হঠাতে, সিহঁতে টলকীবলৈ নাপাওঁতেই জিএমবি হোষ্টেলৰ Java জনা ছোৱালীবোৰে সিহঁতৰ ওপৰত শিল বৰশীবলৈ আৰম্ভ কৰিলে। ঘটনাই ইমান ভয়াবহ ৰূপ ল’ব বুলি নেতাবোৰেও ভবা নাছিল, তথাপি তেতিয়াও তেওঁলোকে পুলিছক খবৰ নিদিলে। তেনেতে প্ৰতিষ্ঠানটোৰ চৌহদতে ডেটিং মাৰি থকা Perl জনা প্ৰেমিক-প্ৰেমিকা এহালে মানৱীয়তাৰ দোহৰি দি গুগল চাৰ্চ কৰি নম্বৰবোৰ বিচাৰি ওচৰৰ থানাখনলৈ আৰু নিউজ-চেনললৈ ফ’ন কৰি খবৰ দিলে। গুলি-বেগেৰে আহি নিউজ চেনেলৰ মানুহ ঘটনাস্থলীত উপস্থিত হ’ল। পুলিছো অলপ পাছতে পালেহি। পুলিছে প্ৰথমে কন্দুৱা-গেছ, পিছত ক্ৰমে লাঠী-চালনা আৰু লক্ষ্য নিৰ্দিষ্ট কৰি সমুখলৈ তিনি জাই গুলি-চালনা কৰিবলৈ বাধ্য হ’ল। হতাহতৰ পৰিমাণ যথেষ্ঠ বৃদ্ধি পালে। গতিকে ৰাজ্যৰ বাকী প্ৰতিষ্ঠানবোৰত ঘটনা আগ নাবাঢ়িবলৈ ভিতৰি ভিতৰি ছাত্ৰ-নেতাবোৰক জনোৱা হ’ল। ৰাজ্যজুৰি হাই-এলাৰ্ট জাৰি কৰা হ’ল। গধুলীলৈ গোটেই ৰাজ্য শান্ত হৈ থাকিল যদিও সবতে চেপা-উত্তেজনাই বিৰাজ কৰিলে। ফলত প্ৰতিষ্ঠানবোৰৰ বিৰাট বিৰাট ডাঙৰ হেলজেন-লাইটবোৰৰ পোহৰো ঢিমিক-ঢামাক শেঁতা পোহৰ যেন অনুভৱ হ’ল।

 

নিশা আহিল। লগে লগে চেটেলাইট চেনেলবোৰৰ মজিয়া গণ্যমান্য বুদ্ধিজীৱি তথা নেতাৰে গিজগিজাই উঠিল। টক-শ্ব’বোৰৰ বিজ্ঞাপন-দাতাৰ পৰা সেইদিনাৰ শ্ব’কেইটাৰ বাবে পূৰ্বৰ তুলনাত দুগুণ ধন আদায়ৰ চুক্তি কৰা হ’ল। শ্ব’বোৰ আৰম্ভ হোৱাৰ পূৰ্বেই সন্ধিয়াতে কেইজনমান হ’ষ্টে কেইটামান দাৰি-কমাহীন বাক্য দুই-তিনিবাৰ আওঁৰাই ল’লে আৰু ইউ-টিউৱত তাহানিৰ ভিডিঅ’ কিছুমান চাই কাউৰীৰ গাত ম’ৰাৰ পাখী লগাবলৈ অৰ্ণৱ গোস্বামীৰ বডি-লেংগুৱেজো অলপ অনুশীলন কৰি ল’লে। আৰু ৮ বজাৰ লগে লগে শ্ব’বোৰ ৰাজ্যৰ ঘৰে ঘৰে ড্ৰয়িং ৰুমে ৰুমে গমগমাই উঠিল।

 

এটা শ্ব’লৈ নিমন্ত্ৰিত চিন্তাশীল বুদ্ধিজীৱি এড’বি বৰুৱাই এটা খুৱ বাস্তৱ-সন্মত উপায় দিব বিচাৰিছিল আৰু সেইবাবেই তেওঁক গোটেই শ্ব’টোত কেৱল ৩৮ ছেকেণ্ডহে কথা ক’বলৈ দিয়া হ’ল। তেওঁ ক’ব বিচাৰিছিল যে কাজিয়া কৰিবলৈ মানুহবোৰক যদি আন কেইটামান উপায় উলিয়াই দিয়া হয় য’ত হত্যাকাণ্ড সংঘটিত নহয়, তেন্তে তেওঁলোকে হেঁপাহ পলুৱাই কাজিয়াও কৰি থাকিব পাৰিব আৰু ৰাজ্যখনত ৰক্তাক্ত পৰিস্থিতিও নোহোৱাকৈ থাকিব। তাৰ বাবে মানুহখিনিয়ে কি কি ক্ষেত্ৰত কাজিয়া কৰিবলৈ চৰকাৰে সুবিধা কৰি দিব পাৰে সেইখিনি তেওঁ ক’ব বিচাৰিছিল। কিন্তু সেইখিনি কাজিয়াই কেৱল মানুহৰ উৎকৰ্ষহে সাধন কৰিব, ভোট উৎপন্ন নকৰে বুলি অনুমান কৰিব পৰা বাবে হ’ষ্টজনে তেওঁৰ কথাবোৰ প্ৰকাশ কৰিব নিবিচাৰিলে। “নিশ্চিতভাৱে ক’ব লাগিব”ৰ পৰিমাণো হ’ষ্টজনৰ হাতত বহুত আছিল বাবেই বাকীসকলকো তেওঁ বেছি সময় দিব নোৱাৰিলে।

 

শ্ব’ৰ পৰা ওলাই বৰুৱাই ঘৰলৈ বুলি খোজ দিলে। ৰাজ্যখনৰ পৰিস্থিতিৰ কথা ভাবি তেওঁৰ সঁচাকৈ খুৱ দুখ লাগিল। শ্ব’ত কথাখিনি ক’বলৈ নাপাই প্ৰবন্ধ এটাকে লিখাৰ কথা তেওঁৰ মনলৈ আহিল। লগে লগে জেপত থকা গ্লাছযোৰ উলিয়াই তেওঁ কাণত গুজি লৈ টেবটো অন কৰি দিলে; আৰু তেওঁ ভবি যোৱা কথাখিনি বিক্ষিপ্তভাৱে টেবটোত নিজে নিজে টাইপ হৈ গৈ থাকিবলৈ ধৰিলে। তেওঁ ভাবিলে, “কথা ক’বলৈ আজিতো পৃথিৱীত কেৱল পোন্ধৰটা ভাষাহে জীয়াই আছে। সেইবাবেই কোৱা ভাষাক লৈ যুদ্ধ কৰিবলৈ নাপায় মানুহবোৰে প্ৰগ্ৰেমিঙৰ ভাষাক লৈয়ে কাজিয়া কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ দেউতাহঁতে মাটিৰ ফলিত মাটিৰ পেঞ্চিলেৰে আখৰ লিখিবলৈ শিকিছিল; আমি শিকিছিলোঁ কলমেৰে কাগজত লিখি; আমাৰ পাছৰ এটা প্ৰজন্মই শিকিছিল পোনে পোনে কম্পিউটাৰত টাইপ কৰি; আৰু আজি ল’ৰা-ছোৱালীয়ে দুই-এটা চিহ্ন যেনে-তেনে আঁকিবলৈ শিকিলেও বা নিশিকিলেও হৈ যায়, কোৱাৰ লগে লগে নিজে নিজেই টাইপ হৈ যায়; চহী কৰাৰ পদ্ধতিবোৰো আজি যে কিমান সলনি হ’ল!! ফলত মানুহবোৰে ভাষা-আন্দোলন কৰি থকাতে থাকিল, এইবোৰ কাৰিকৰী প্ৰয়োজনৰ বাবে নিজৰ যোগ্যতা আহৰণ কৰিবলৈ নিৰক্ষৰ যেনেই হৈ থাকিল আৰু ভাষাটোক এইবোৰত ব্যৱহাৰ কৰিবও নোৱাৰিলে। ফলত চালুকীয়া গোটেই ভাষাবোৰ মৰিবলৈ বাধ্য হ’ল, পৃথিৱীজুৰি বাকী থাকিল মাথোঁ পোন্ধৰটা। মানুহবোৰে নিজৰ চালুকীয়া ভাষাবোৰ বচাবলৈ চেষ্টা নকৰাকৈয়ো নাছিল; তাৰ বাবে তেওঁলোকে তেওঁলোকৰ ভাষাটো নজনা আনবোৰক দাবি-ধমকিৰে শিকিবলৈ বাধ্য কৰাব বিচাৰিছিল, কিন্তু সেই দাবি-ধমকিবোৰো আনকি নিজে হ’লে নিজৰ ভাষাত দিয়া নাছিল। তাৰোপৰি তেওঁলোক দুজন মানুহ লগ হ’লে কেতিয়াও নিজৰ ভাষাটো ব্যৱহাৰ নকৰিছিল; আৰু যিসকলে কৰিছিল তেওঁলোক নিৰক্ষৰ আছিল, বাকী একো নাজানিছিল। গতিকে নিজৰ ভাষা ব্যৱহাৰ নকৰাটো তেওঁলোকৰ এটা আভিজাত্যৰ প্ৰতীকো আছিল। নিজে ব্যৱহাৰ নকৰি আনক বাধ্য কৰিয়েই বা এশখনমান গল্প-কবিতা-উপন্যাস গ্ৰন্থ লৈয়েই ভাষা এটা জীয়াই ৰাখিব পৰাৰ দিন নোহোৱা হৈ আহিছিল বুলি তেওঁলোকে অনুমান কৰিব নোৱাৰিছিল। সময়ৰ লগে লগে প্ৰয়োজনীয় জ্ঞান-বিজ্ঞানৰ সমলবোৰ নিজে নিজেই পাৰ্যমানে নিজৰ ভাষালৈ অনাৰ চেষ্টা নকৰি অকল চাৰিওকাষৰ বেলেগ মানুহৰ ওপৰত প্ৰায়বোৰেই অভিযোগ কৰি থাকিল, কাৰণ এইটো কৰাত সমায়িকভাৱে খুৱ আমেজ আহিছিল।” – এড’বি বৰুৱাই ভাবি ভাবিয়েই গৈ থাকিল – “যিহ’লেও মানুহবোৰেচোন আগৰ দৰেই যুদ্ধ-কাজিয়া কৰিয়ে আছে; গতিকে পৃথিৱীখনৰ উন্নতি হৈছে বুলিব পাৰি জানো?? হয় পাৰি। পৃথিৱীখনৰ উন্নতি হৈছে। যিবোৰে কাজিয়া কৰি আছে তেওঁলোকে নিজৰ অস্তিত্বহে বৰ্তাই ৰাখিছে, তেওঁলোকৰ দ্বাৰা একো উন্নতি বা অৱনতি একো হোৱা নাই, তেওঁলোক নিজে নিজেহে হেৰাই গৈছে। আৰু এতিয়াও কাজিয়া কৰা মানুহবোৰে কাজিয়া কৰিছে সেই তাহানিৰ C++, PHP, Python এইবোৰক লৈহে। আজিৰ যিবোৰ বহুল প্ৰয়োগ হোৱা বিচক্ষণ কম্পিউটাৰ-লেংগুৱেজ ওলাইছে, যেনে Everest, Antarctica, PaciFic এইবোৰ তেওঁলোকে অকণো শিকিব পৰা নাই। আৰু……” কথাবোৰ ভাবি(/লিখি) থাকোঁতেই বৰুৱাৰ ফ’নটো বাজি উঠিল। নিউজ-চেনেল এটাৰ মুখ্য-সম্পাদক বাফেল’ দত্তই ফ’ন কৰিছে। তেওঁ জনালে, এইমাত্ৰ আন এটি প্ৰতিষ্ঠানৰ PHP জনা ল’ৰা দুটাই JavaScript জনা লগৰে ল’ৰা এটাক চুৰীৰে আঘাট কৰি হত্যা কৰিছে। ঘটনাস্থলীত পুলিছ পাইছেগৈ যদিও ৰাতিৰ ভিতৰত ক’ত কি হয় ঠিক নাই। গতিকে এই বিষয়ত টক-শ্ব’ অহা কেইবাদিন ধৰি হয়তো আয়োজন কৰিব লাগিব। গতিকে কাইলৈ তেওঁৰ শ্ব’টোৰ বাবে এড’বি বুৰৱাক আজিয়েই জনাই থ’লে। এড’বি বৰুৱাইয়ো “ঠিক আছে” বুলি আশ্বাস দি ফ’নটো কাটি দিলে, আৰু টেবটো বন্ধ কৰি তেওঁ মনতে ভাবি ভাবি গৈ থাকিল— “কাইলৈ বা মোক কেই ছেকেণ্ড মাত মাতিবলৈ দিয়ে??”

No Comments

Post A Comment