১০৫ খন কিতাপৰ সম্পৰ্কীয় অলপ তথ্য

[কিতাপ আৰু আলোচনী সম্পৰ্কীয় এটা ৱেবছাইটৰ বাবে কেইবছৰমান পূৰ্বে কিছু কথা যুগুতাইছিলোঁ। তাৰে ১০৫ খন কিতাপৰ কিছু তথ্য হাততে থকা বাবে সেইখিনি ইয়াতে সংগ্ৰহ কৰি ৰাখিলোঁ]

 

জাগা হে ভাৰত জাগা

প্ৰকাশক- আহ্বায়ক, বিবেকানন্দ কেন্দ্ৰ অসমীয়া প্ৰকাশন বিভাগ, উজান বজাৰ।

অনুবাদ- হিৰণ্ময়ী দেৱী।

প্ৰথম প্ৰকাশ- জুন, ২০১১।

বৰঙণি- ৪০.০০ টকা।

‘জাগা হে ভাৰত জাগা’ হ’ল স্বামী বিবেকানন্দই আমেৰিকা আৰু ইউৰোপ ভ্ৰমণ কালত তেওঁৰ প্ৰিয় শিষ্য আলাছিংগা পেৰুমললৈ লিখা কিছুসংখ্যক চিঠিৰ সংকলন “O India! Wake up!”- ৰ অসমীয়া অনুবাদ। স্বামী বিবেকানন্দৰ প্ৰচণ্ড শক্তিশালী ব্যক্তিত্ব, প্ৰবল দেশপ্ৰেম, দেশখন গঢ়াৰ দিশে তেখেতৰ স্বচ্চ স্বপ্ন, অত্যন্ত প্ৰেৰণাদায়ক কৰ্মোদ্যমৰ নমুনা এই চিঠিসমূহতো স্পষ্ট হৈ আছে।

চিঠিসমূহত তেখেতে শিষ্যগৰাকীলৈ জনোৱা আহ্বান সমগ্ৰ ভাৰতবাসীলৈ জনোৱা আহ্বানৰ দৰে প্ৰকাশিত হৈছে। এইসমূহে নিজক নতুনকৈ প্ৰাণৱন্ত কৰাৰ লগতে আদৰণীয় ব্যক্তিত্ব গঢ়া আদি বিভিন্ন আকাংক্ষা মনলৈ সঞ্চাৰ কৰে। গ্ৰন্থখনত চিঠিসমূহৰ উপৰিও এম. আৰ. সম্পদ কুমাৰণৰ ‘স্বামীজী আৰু স্কুল শিক্ষকজন’ আৰু এম জি শ্ৰীনিবাসৰ ‘আলাছিংগা পেৰুমল : এক স্মৃতিচাৰণ’ শীৰ্ষক প্ৰবন্ধ দুটাও আছে।

 

বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা

লেখক- ডঃ দীনেশ চন্দ্ৰ গোস্বামী

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ১৯৯৯

দাম- ২৮.০০ টকা

“বৰ্তমান কালত মানুহৰ ওপৰত বিজ্ঞানৰ অকল্পনীয় প্ৰভাৱ পৰিছে। কথাই কথাই সকলোতে সকলোতে মানুহে বৈজ্ঞানিক পদ্ধতিৰ কথা কয়, বিজ্ঞান মানসিকতাৰ কথা কয়। সেয়া লাগিলে অৰ্থনীতিয়েই হওক, ৰাজনীতিয়েই হওক, কিম্বা ইতিহাসেই হওক। আনকি আমি আজিকালি এনেদৰে কওঁ, সাম্পদায়িক সংঘৰ্ষবোৰৰ এটা নিৰ্মোহ আৰু বিজ্ঞানসন্মত বিশ্লেষণ হোৱা উচিত।

… …

কি এক মানসিক তাড়ণাৰ বশবৰ্তী হৈ বিজ্ঞানীসকল অন্বেষণত ব্ৰতী হয় সেই খবৰ সকলোৱে নাজানে বা নাপায়। ফলত মানুহে বিজ্ঞানৰ বাহ্যিক ৰূপটোৰে নিজৰ জীৱন ধন্য কৰে। কিন্ত সেই অন্বেষণৰ মানসিকতা গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়। …” –ৰাণা হাজৰিকা (উৎস- বিজ্ঞান জেউতি, ডিছেম্বৰ-জানুৱাৰি, ১৯৯৯-২০০০।)

বৰ্তমানো বিজ্ঞান মানসিকতা সম্পৰ্কে অসমীয়া ভাষাত কিতাপ বা লেখা-মেলাৰ সংখ্যা তেনেই সীমিত। যিকেইগৰাকী লেখকে এই সম্পৰ্কে সততে লেখা-মেলা কৰি থাকে সেইকেইগৰাকীৰ ভিতৰত স্বনামধন্য ব্যক্তি ডঃ দীনেশ চন্দ্ৰ গোস্বামী অন্যতম। তেখেতৰ “বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা” নামৰ কিতাপখনত মুঠ ১৪টা প্ৰবন্ধ সন্নিবিষ্ট হৈছে। ইয়াৰে কেইটামান প্ৰবন্ধ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত আৰু আনসমূহ বিভিন্ন আলোচনীৰ যোগে প্ৰকাশিত হৈছিল। এই প্ৰবন্ধসমূহত বৈজ্ঞানিক দৃষ্টভংগীৰ প্ৰয়োজনীয়তা; ইয়াক কিদৰে বিকাশ কৰিব পাৰি; বিজ্ঞান-মূল্যবোধ গঢ়ি তোলাত শিক্ষক, বিজ্ঞান-সমিতি, ছাত্ৰ-সংগঠন আদিৰ ভূমিকা; সাধাৰণ আহিলাৰে বিজ্ঞান-শিক্ষা দিব পৰা; ইউনেস্ক’ই গ্ৰহণ কৰা ‘সকলোৰে বাবে বিজ্ঞান’ আঁচনি; অন্ধবিশ্বাস, হস্তৰেখা আদিৰ অন্তঃসাৰশূণ্যতা আদি বিভিন্ন অন্তৰ্ভূক্ত হৈ আছে।

 

বিশ্ববিখ্যাত চলচ্চিত্ৰৰ গল্প

লেখক- গৌৰী বৰ্মন

প্ৰকাশক- জাৰ্ণাল এম্প’ৰিয়াম

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ১৯৯৯

দাম- ৬০.০০ টকা।

প্ৰখ্যাত চিত্ৰশিল্পী আৰু স্থপতিবিদ গৌৰী বৰ্মন শিল্পকলা, চলচ্চিত্ৰ আৰু আমাৰ সমাজ সম্পৰ্কীয় বিভিন্ন চিন্তা গধুৰ প্ৰবন্ধৰ লেখকো। তেখেত ‘অসমৰ প্ৰথম চিত্ৰ প্ৰদৰ্শনী পাতা, প্ৰথম ডকুমেণ্টৰী নিৰ্মাণৰ বাটকটীয়া’। তেখেত এগৰাকী চলচ্চিত্ৰ আৰু নাট পৰিচালকো।

গৌৰী বৰ্মনৰ এই গ্ৰন্থখনৰ ‘মোৰ দুআষাৰ’ত ড° ভূপেন হাজৰিকাই লিখিছে—

“এই আটাইকেইখনৰ প্ৰত্যেক ছবিয়েই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ছবিকেইখনৰ ইতিহাসৰ মাইলৰ খুটি স্বৰূপ। এই ছবিবোৰ চোৱাৰ সৌভাগ্য সকলোৰে নহয়। আন্তৰ্জাতিক উৎসৱ আদিত চোৱাৰ বাহিৰে।

শ্ৰীবৰ্মনে এই কাহিনী কেইটিক প্ৰকাশ কৰিছে- নিজস্ব ভঙ্গিমাৰে। পঢ়ি যাওঁতে পাঠকে ছবিখন চাই যোৱাৰ দৰে লাগিব। বিশ্লেষণ কৰিব পাৰিব। সাহিত্যিকে সমল পাব বিষয় বস্তুৰ। বোলছবি কৰ্ম্মীয়ে পাব নতুন দৃষ্টি ভঙ্গী। আমাৰ অসমীয়া পঢ়ুৱৈয়ে পাব বিশ্বৰ সাহিত্য আৰু ছবি জগতৰ মাণিক-মুকুতা। গৌৰীলৈ মোৰ আন্তৰিক অভিনন্দন। অসমৰ বোলছবি জগতখনো ৰমক জমক হৈ উঠাৰ সময়ত এই কিতাপখন নিশ্চয় প্ৰেৰণাদায়ক হ’ব।”

আইলেণ্ড, দি ষ্টাৰ, ৰ’চোম’ন, গ’ল্ডফিছ, দি ওৱাল, নানুক অব দি নৰ্থ, বাদেন ব্ৰুকছ্, ইলিয়াদ, দি অ’ল্ড মেন অণ্ড দি ছি, ড° ফাউষ্ট, এ ফেয়াৰ ওৱেল টু আৰ্মছ, বেনহুৰ আদি ত্ৰিশখন ‘চলচ্চিত্ৰৰ গল্প’ ইয়াত সন্নিবিষ্ট হৈছে। গ্ৰন্থখনৰ লেখাবোৰত চলচ্চিত্ৰকেইখনৰ বিভিন্ন কাৰিকৰী দিশৰ লগতে বহুতো তথ্যও সন্নিবিষ্ট হৈছে।

 

° হীৰেন গোহাঁই   –   জীৱন আৰু কৰ্মৰ সমালোচনাত্মক মূল্যায়ন

উপদেষ্টামণ্ডলী: নলিনীধৰ ভট্টাচাৰ্য, নীলমণি ফুকন, ইন্দিবৰ দেউৰী।

সম্পাদক: অখিল গগৈ।

সম্পাদনা সহযোগী: স্বপন বৰ্মন, অতুল নেওগ, গৌতম বৰা, অৰিন্দম বৰকটকী।

প্ৰথম প্ৰকাশ: এপ্ৰিল, ২০০০।

দ্বিতীয় প্ৰকাশ: জুন, ২০০০।

পৰিবেশক: বনলতা।

দাম: ১০০ টকা।

গ্ৰন্থখনৰে বেটুপাতত থকা মন্তব্যসমূহৰ দুষাৰ মন্তব্য এনেধৰণৰ-

“সাম্প্ৰতিক কালত আমাৰ ইয়াত ড° হীৰেন গোহাঁইৰ তুল্য অসাধাৰণ ব্যক্তিত্ব, পাণ্ডিত্য – পাণ্ডিত্যৰ ব্যাপ্তি আৰু গভীৰতা-মৌলিকতা – তাৰ সামাজিক-মানৱিক গুৰুত্ব আৰু প্ৰাসংগিকতা তেনেকৈ চকুত নপৰে।” – নীলমণি ফুকন।

“অসমৰ বৌদ্ধিক জগতখনৰ বিশাল এটা অংশক তেওঁ এনেদৰে প্ৰভাৱিত কৰি ৰাখিছে যে কিবা এটা সংকট উপস্থিত হ’লেই ড° হীৰেন গোহাঁইৰ অৱস্থিতি কি, তেওঁ কি কৈছে আদি কথাবোৰ অত্যন্ত প্ৰাসংগিক হৈ পৰে, চাৰিওফালে হুলস্থুল লাগি যায়।” – অজিত কুমাৰ ভূঞা।

চল্লিশজনতকৈয়ো অধিক ব্যক্তিৰ লেখাৰ লগতে আন তথ্যৰেও গন্থখন সমৃদ্ধ হৈছে। আমাৰ সময়ৰ এজন মনিষী ড° হীৰেন গোহাঁইৰ ব্যক্তিত্ব আৰু কৰ্ম তথা কৰ্ম-প্ৰণালীৰ বিষয়ে জানি উঠিবলৈ প্ৰতিজন ব্যক্তিয়ে নিঃসন্দেহে গ্ৰন্থখন পঢ়া উচিত।

 

অসমীয়া শিশু-সাহিত্য সমীক্ষা

লেখক- শান্তনু তামূলী।

প্ৰকাশক- মৌচাক প্ৰকাশন।

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০১০।

দাম- ৮০.০০ টকা।

বিশিষ্ট লেখক তথা শিশু সাহিত্যিক, ‘মৌচাক’ আৰু ‘নতুন আৱিস্কাৰ’ৰ সম্পাদক শান্তনু তামূলীদেৱৰ শিশু-সাহিত্য সম্পৰ্কীয় সমালোচনাত্মৰ বিভিন্ন লেখাৰ একত্ৰিত সংকলন “অসমীয়া শিশু-সাহিত্য সমীক্ষা”ত অসমীয়া শিশু-সাহিত্যৰ গতি-বৈশিষ্ট, অসমীয়া শিশু আলোচনী, শিশু উপন্যাস, অসমীয়া আলোচনীকেন্দ্ৰিক শিশু-সাহিত্যৰ বিকাশৰ ধাৰা, অসমীয়া শিশু-সাহিত্যত বিজ্ঞান-চৰ্চা, শিশু-সাহিত্য প্ৰণয়ন আৰু প্ৰকাশন, শিশু-সাহিত্য আৰু চিত্ৰায়ন আদি বিষয় প্ৰকাশিত হৈছে। শিশুসকলৰ মাজত “শান্তনু মামা” বুলি পৰিচিত লেখকগৰাকীৰ এই গ্ৰন্থখন এখন অৱশ্যে পঠনীয় আৰু সংগ্ৰহযোগ্য গ্ৰন্থ। গ্ৰন্থখনত ‘মৌচাক’ আলোচনীৰ বিষয়ে শাংকব কৌশিক বৰুৱাৰ এটি লেখাও আছে।

 

আমেৰিকান মিছনেৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম

ডঃ হেৰম্বকান্ত বৰপূজাৰী।

প্ৰকাশক- অসম সাহিত্য সভা।

প্ৰথম প্ৰকাশ- জানুৱাৰী, ১৯৮৩

দ্বিতীয় প্ৰকাশ- মে’, ১৯৯৪।

দাম- ২৫.০০ টকা।

গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম-শতবাৰ্ষিকী উপলক্ষে ১৯৮১ চনত অসম সাহিত্য সভাই আয়োজন কৰা স্মাৰক-বক্তৃতালানিৰ বক্তা ইতিহাসবিদ ডঃ হেৰম্বকান্ত বৰপূজাৰীয়ে প্ৰদান কৰা বক্তৃতামালা সংকলিত কৰা হৈছে। ডঃ হেৰম্বকান্ত বৰপূজাৰীয়ে মূলতঃ ইংৰাজীত প্ৰস্তুত কৰা সেই বক্তৃতামালা অসমীয়ালৈ অনুবাদ কৰি ইয়াত সন্নিবিষ্ট কৰা হৈছে।

মিছনেৰীসকলৰ আগমন আৰু ধৰ্মপ্ৰচাৰ, স্কুল স্থাপন আৰু স্ত্ৰী শিক্ষা, পাঠ্যপুথি প্ৰণয়ন, লিপি আৰু ভাষা-সমস্যা, ৰোমান আৰু অসমীয়া লিপি, অসমীয়া বনাম বঙলা ভাষা, অসমীয়া খ্ৰীষ্টীয় সাহিত্য, খ্ৰীষ্টীয় বুৰঞ্জী সাহিত্য আদি বহুতো বিষয়ত অনেক তথ্য-পাতিৰ সন্ধান দিব পৰা এই গ্ৰন্থখনত প্ৰতিজন শিক্ষিত অসমীয়াই জানিবলগীয়া বহুতো কথা আছে।

 

শিল্পীৰ দৃষ্টিত জীৱন আৰু জগত

লেখক- জয়ন্তী চুতীয়া

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০০

দাম- ৫০.০০ টকা

ISBN 81-7665-067-6

‘অসমৰ নাৰীসকলৰ মাজৰ পৰা যিসকল বিজ্ঞানী ওলাই আহি অসমীয়া মহিলাৰ লগতে সমগ্ৰ অসমীয়া জাতিকে গৌৰৱাম্বিত কৰিছে তেওঁলোকৰ এগৰাকী অপেক্ষাকৃত নৱীন উত্তৰসূৰী হ’ল ড° জয়ন্তী চুতীয়া। ইতিমধ্যে অসমৰ অনুন্নত পৰিবেশতে প্লাজমা ফিজিক্সৰ দৰে জটিল বিষয়ৰ ওপৰত গৱেষণা কৰি তেওঁ কিচু মৌলিক অৱদান দিব পাৰিছে।’ – ড° হীৰেণ গোহাঁই।

এইগৰাকী বিজ্ঞানীয়েই অসমীয়া পাঠকক উপহাৰ দিছে কেইবাখনো মনোৰম ভ্ৰমণ কাহিনী, ‘মেডাম কুৰী’ৰ দৰে জীৱনী, ‘কুৰি শতিকাৰ পদাৰ্থ বিজ্ঞান’ৰ দৰে সহজবোধ্য অথচ উৎকৃষ্ট মানদণ্ডৰ বিজ্ঞান বিষয়ক গ্ৰন্থ, জাপানী হাইকু কবিতাৰ জনক বাছ’ৰ ‘হাইকু ভ্ৰমণ’ৰ অসমীয়া অনুবাদ, মহৎ চিত্ৰশিল্প, ভাষ্কৰ্য্য, বহুকেইজন মহান চিত্ৰশিল্পী আদিৰ সম্পৰ্কীয় বহুতো প্ৰবন্ধ।

‘শিল্পীৰ দৃষ্টিত জীৱন আৰু জগত’ গ্ৰন্থখনত তেখেতৰ তেনে সাতটা প্ৰবন্ধ সন্নিবিষ্ট হৈছে। গ্ৰন্থখনত কেইবাখনো মহৎ ছবি আৰু ভাষ্কৰ্য্যৰ প্ৰতিলিপিও সংযোগ কৰা আছে। গ্ৰন্থখনৰ বেটুপাতত আমি পাওঁ পল গঁগাৰ মহৎ ছবি ‘আমি ক’ৰ পৰা আহিছোঁ? আমি কি? আমি ক’লৈ গৈ আছো?’

 

মেডাম কুৰী

লেখক- জয়ন্তী চুতীয়া

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- গ্ৰন্থমেলা, ডিচেম্বৰ, ১৯৮৭

দ্বিতীয় প্ৰকাশ- চেপ্তেম্বৰ, ১৯৯৫

দাম- ২৮.০০ টকা

ISBN 81-86494-09-X

‘অসমৰ নাৰীসকলৰ মাজৰ পৰা যিসকল বিজ্ঞানী ওলাই আহি অসমীয়া মহিলাৰ লগতে সমগ্ৰ অসমীয়া জাতিকে গৌৰৱাম্বিত কৰিছে তেওঁলোকৰ এগৰাকী অপেক্ষাকৃত নৱীন উত্তৰসূৰী হ’ল ড° জয়ন্তী চুতীয়া। ইতিমধ্যে অসমৰ অনুন্নত পৰিবেশতে প্লাজমা ফিজিক্সৰ দৰে জটিল বিষয়ৰ ওপৰত গৱেষণা কৰি তেওঁ কিচু মৌলিক অৱদান দিব পাৰিছে।’ – ড° হীৰেণ গোহাঁই।

অসমীয়া ভাষাত জীৱনী সাহিত্যৰ অভাৱ নিশ্চিতভাৱে চিৰ দিন থাকি যাব। ইয়াৰ মাজতেই অৱশ্যে কেইজনমান বিজ্ঞানীৰ জীৱনী অসমীয়া ভাষাতো পঢ়িবলৈ পোৱা গৈছে। তাৰ ভিতৰত ১৯৮৭ চনত প্ৰকাশ হোৱা ‘মেডাম কুৰী’ও এখন। ১১২ পৃষ্ঠাৰ এই জীৱনীখনে নবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা আৰু দুবাৰকৈ নবেল বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি মেৰী কুৰীৰ অসাধাৰণ কষ্টকৰ অৱস্থা অতিক্ৰম কৰি নিজৰ জিজ্ঞাসাক কামত খটুৱাই কঠিন শ্ৰমেৰে মানৱ জাতিলৈ আগবঢ়াই যোৱা অৱদানৰ কথা জীৱন্তৰূপত পাঠক তথা ছাত্ৰ-ছাত্ৰীৰ সমুখত দাঙি ধৰিছে।

 

লুচি মই আহিছোঁ

(বিজ্ঞানী চাৰ্লছ ডাৰউইনৰ জীৱনভিত্তিক উপন্যাস)

মূল- ড° দেবব্ৰত দাসগুপ্ত

অনুবাদ- ড° প্ৰফুল্ল কটকী

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ফেব্ৰুৱাৰী, ২০০১

দাম- ৫৫.০০ টকা

ISBN 81-7665-079-X

অতিশয় মনোৰম, জ্ঞানদায়ক আৰু প্ৰেৰণাদায়ক, সাৱলীল ভাষাৰে লিখিত উপন্যাসখনে প্ৰতিজন পাঠককে যোগায় উদ্যম আৰু অন্বেষণৰ স্পৃহা।

 

আইনষ্টাইন আৰু পদাৰ্থজগত

লেখক- শিৱনাথ বৰ্মন

প্ৰকাশক- অসম প্ৰকাশন পৰিষদ

প্ৰথম প্ৰকাশ- মে’, ১৯৭৬

সংশোধিত দ্বিতীয় সংস্কৰণ- আগষ্ট, ১৯৯০

দাম- ১৬.০০ টকা

আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম তত্ত্বৰ বিষয়ে সামান্যও নজনা শিক্ষিত ব্যক্তিসকলে আইনষ্টাইন সম্পৰ্কীয় বিভিন্ন কিম্বদন্তী, তেখেতৰ বিভিন্ন দাৰ্শনিক বক্তব্য আৰু তেখেতৰ ব্যক্তিত্বৰ বিষয়ে বহুতো কথা জানে। তেনে ব্যক্তিসকলৰ সৰহভাগেই তেখেতৰ বৈজ্ঞানিক অধ্যয়ন বা আৱিস্কাৰৰ লগত জড়িত কথা-বতৰাবোৰৰ সামান্য অংশও পঢ়ি চাবলৈ নাপায়। অতিশয় কঠিন, সেইধৰণৰ তাত্ত্বিক কথাবোৰৰ বিষয়ে সৰল ভাষাত পঢ়িবলৈ পোৱাটো আৰু তাকো মাতৃভাষাত পঢ়িবলৈ পোৱাটো সৌভাগ্যৰে কথা। আৰু তেনে কিছু সৌভাগ্য অসমীয়া ব্যক্তিসকলৰ সমুখত ধৰা দিছে এই কিতপখনৰ জড়িয়তে। ‘বিশেষ আপেক্ষিকতাবাদ’, ‘কোৱাণ্টাম পদাৰ্থবিজ্ঞানত এভূমুকি’, ‘সাধাৰণ আপেক্ষিকতাবাদ’, ‘আপেক্ষিকতাবাদ আৰু বিশ্বতত্ত্ব’, ‘মানুহজন আৰু তেওঁৰ মতবাদ’ – এই অধ্যায়কেইটাৰে ২৩২ পৃষ্ঠাৰ গ্ৰন্থখনত লেখকগৰাকীয়ে তাত্ত্বিক কথাবোৰ অত্যন্ত সৰল ভাষাৰে দাঙি ধৰিছে।

‘অসম প্ৰকাশন পৰিষদ’ পুনৰোজ্জীৱিত হোৱাৰ সময়ত পৰিষদে ইতিমধ্যে প্ৰকাশ কৰা এইধৰণৰ গ্ৰন্থবোৰ পুনৰ প্ৰকাশ কৰাৰ দিহা কৰিলে অসমীয়া পাঠকসকলৰ উদ্দেশ্যে অতিশয় গুৰুত্বপূৰ্ণ কাম কৰা হ’ব।

 

সোণালী সংখ্যা

লেখক- বিপুলজ্যোতি শইকীয়া।

প্ৰকাশক- ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্, গুৱাহাটী।

ইয়াত গণিত বিষয়ক মুঠ এঘাৰটা ৰসাল প্ৰবন্ধ আছে। এই প্ৰবন্ধসমূহ প্ৰান্তিক, গণিত বিকাশ, সাদিন, প্ৰত্যয়, দি চিণ্টিনেল, দি টেলিগ্ৰাফ আদিত প্ৰকাশ পাইছিল। কবি হিচাপে পৰিচিত বিপুলজ্যোতি শইকীয়া এগৰাকী প্লাজমা বিজ্ঞানী। গণিতৰ প্ৰতি তেখেতৰ ধাউটি বহুত। এই গ্ৰন্থখনৰ ভাষা ইমানেই ৰসাল যে সকলো পাঠকেই গ্ৰন্থখন পঢ়ি আনন্দ লাভ কৰিব আৰু কিছু কথা শিকাৰ উপৰিও নিজেও গণিত চৰ্চাৰ প্ৰতি আগ্ৰহী হ’বলৈ প্ৰেৰণা পাব। গণিত বিষয়ক অসমীয়া ভাষাত কেৱল দুই-তিনিখনহে প্ৰবন্ধ সংকলন থকা হেতুকে এনেকুৱা ধৰণৰ এখন গ্ৰন্থ লিখা বা প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত এই গ্ৰন্থখন প্ৰেৰণাৰ উৎস হ’ব পাৰে।

 

সৰস্বতী : বাইদেউ নিৰ্মলপ্ৰভা

সংকলন আৰু সম্পাদনা- ৰক্তাভ জ্যোতি বৰা

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ২০০৪

দাম- ৬০.০০ টকা

ISBN 81-7665-223-7

গ্ৰন্থখনৰ মুখবন্ধ হিচাপে সম্পাদক ৰক্তাভ জ্যোতি বৰাই ‘জুইত পুৰি পুৰি উজ্জল হোৱা এটা চৰিত্ৰ’ শিৰোনামাৰে লিখা লেখাটোত কৈছে-

“জীৱনৰ জুইত পুৰি পুৰি জ্ঞান, বুদ্ধিমত্তা আৰু সাধনাৰে অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনত দীৰ্ঘকালৰ কাৰণে উজ্জলি উঠা এটা চৰিত্ৰ- ড° নিৰ্মলপ্ৰভা বৰদলৈ। পৰম্পৰা মানি চলা ব্ৰহ্মণৰ ঘৰৰ ছোৱালী হোৱা বাবে এঘাৰ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হ’বলগা হৈছিল তেওঁ। দৰাৰ স’তে বয়সৰ ব্যৱধান আছিল ১৯ বছৰ। ক্লাছ ছেভেনত পঢ়ি থাকোঁতে তেৰ বছৰ বয়সতে এটি কন্যা-সন্তানৰ তেওঁ মাতৃ হ’ল। বাল্যবিবাহ মনা হৈছিল যদিও মেট্ৰিক পৰীক্ষা পাছ কৰাইহে ছোৱালী উলিয়াই দিয়াৰ সিদ্ধান্ত আছিল। কিন্তু সেই সময়তে দৰাঘৰে নিৰ্মলপ্ৰভাৰ পঢ়াৰ পৰিসমাপ্তি ঘটাব খুজিলে। সেই কথাত আপত্তি হোৱাত কইনা-দৰা দুয়োঘৰৰ মাজত মনোমালিন্য তীব্ৰতৰ হ’ল, পিতৃয়ে জেদত ছোৱালী নপথাওঁ বুলি ক’লে, সিঘৰেও জেদত অনতিপলমে অন্য ছোৱালী সংসাৰ কৰিবলৈ আনিলে। নিৰ্মলপ্ৰভাৰ জীৱনৰ এটা অধ্যায়ৰ ইমানতে সামৰণি পৰিল আৰু আমি দেখা পোৱা ড° নিৰ্মলপ্ৰভা বৰদলৈ- সেই বিশাল ব্যক্তিত্বৰ সাধনাৰ আন এটা অধ্যায়ৰ আৰম্ব হ’ল তেতিয়াৰ পৰাই।

ড° বৰদলৈয়ে তেওঁৰ শৈষৱ, কৈশোৰ যিখন সমাজত কটাবলগা হৈছিল তাত নাৰী শিক্ষাৰ প্ৰচলন আছিল তেনেই দুৰ্বল। এই প্ৰতিবন্ধকতা থতা সত্ত্বেও, গাভৰু বয়সতে স্বামীৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈয়ো তেওঁ সুখ্যাতিৰে উচ্চশিক্ষাৰ সৰ্বোচ্চ মহলা বগাবলৈ সক্ষম হৈছিল আৰু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী হোৱাৰ গৌৰৱো অৰ্জন কৰিছিল। ভাষা সাহিত্যৰ গৱেষণাৰ বাবে তেওঁ পি.এইচ.ডি. উপাধি লাভ কৰিলে।

অসমৰ পঢ়ুৱৈ সমাজক তেওঁ দি গ’ল প্ৰায় এশখন গ্ৰন্থ, কেইবাটাও প্ৰজন্মৰ আপোন হ’ব পৰাকৈ দিলে অসংখ্য গীত। অসমৰ লোক-সংস্কৃতি, বিশেষকৈ লোকাচাৰ সম্পৰ্কীয় চৰ্চাত তেওঁৰ আছিল গভীৰ পাণ্ডিত্য।………..

চলিত বছৰৰ (২০০৪) জুন মাহত অসীম প্ৰতিভাধৰ ব্যক্তিত্ত্বৰ অধিকাৰী ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জীৱনাবসান ঘটে। তেওঁক বহুতে বহু ধৰণে বৰ্ণাইছে। অসমৰ বহু কাকত-আলোচনীয়ে তেওঁক লৈ বহু চৰ্চা অব্যাহত ৰাখিছে। এনে প্ৰকাশিত প্ৰবন্ধবোৰৰ বেছি ভাগতেই বদলৈৰ জীৱন-সাধনা-সিদ্ধি তথা মানৱীয় ভাবাদৰ্শ লেখকসকলৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত উপস্থাপন হৈছে। আমি তেনে প্ৰবন্ধসমূহৰেই কেইটামান এই সংকলনটোৰ বাবে বাছি লৈছোঁ।…………”

গ্ৰন্থখনৰ লেখা তথা সংগ্ৰহখিনি সাতটা ভাগত ভাগ কৰা হৈছে- ‘নিৰ্মলপ্ৰভাৰ সংক্ষিপ্ত আত্মজীৱনী’, ‘স্মৃতি সান্নিধ্যৰ সোঁৱৰণ’, ‘নিৰ্মলপ্ৰভাৰ গীত, কবিতা আৰু উপন্যাস’, ‘সম্পাদকীয় স্তম্ভ’, ‘বিবিধ প্ৰসংগ’, ‘বিষণ্ণ মুহূৰ্তৰ অনুভৱ’ ‘পৰিশিষ্ট’।

বিদুষী ব্যক্তিগৰাকীৰ সম্পৰ্কে অসমৰ পছিশজন বিশিষ্ট ব্যক্তিৰ লিখনী আৰু আঠখন দৈনিক কাকতৰ সম্পাদকীয় লেখনীৰে গ্ৰন্থখন সমৃদ্ধ। তাৰোপৰি তেখেতৰ জীৱন-পঞ্জী আদিকে ধৰি বহুতো তথ্যবস্তুও গ্ৰন্থখনত সন্নিবিষ্ট হৈছে।

“নিৰ্মলপ্ৰভাৰ কেইটামান কবিতা পঢ়িলে আমি অনুভৱ কৰোঁ যে এই কবিতাবোৰ তেওঁৰ হৃদয়ৰ গভীৰৰ পৰা ওলাই আহিছে মেঘৰ বুকুৰ পৰা সৰি পৰা জিৰজিৰ কোমল বৰষুণৰ দৰে, অথবা চকু উপচি পৰা চকুপানীৰ দৰে। আমি সাধাৰণ মানুহে এজন কবিৰ পৰা ইয়াতকৈ বেছি কি আশা কৰোঁ?” – হোমেন বৰগোহাঞি।

 

বাৰ্ট্ৰাণ্ড ৰাচেলৰ আত্মজীৱনী

অনুবাদ: ড° যোগেন্দ্ৰ নাথ

প্ৰকাশক: বাণী মন্দিৰ

ISBN- 81-7206-135-2

প্ৰথম প্ৰকাশ: ২০০৩

মূল্য: ১৬৫.০০ টকা

এই গ্ৰন্থখন তিনিটা খণ্ডত লিখি উলিওৱা ৰাচেলৰ আত্মজীৱনীৰ প্ৰথম খণ্ডৰ আনুবাদ। অনুবাদ গ্ৰন্থখনৰ পাতনিকাৰ ড° গোবিন্দ প্ৰসাদ শৰ্মা ভাষাত- “অসমীয়া পাঠকৰ সৌভাগ্য, ইংৰাজীৰ অধ্যাপক ড° যোগেন্দ্ৰ নাথৰ অধ্যাৱসায়ৰ গুণত অসমীয়া ভাষাতো সেই অসাধাৰণ গ্ৰন্থ পঢ়াৰ সুযোগ ওলাল। ড° নাথৰ অনুবাদৰ অসমীয়া ৰাচেলৰ গদ্যৰ দৰে সৰল হৈয়ো সাৱলীল।”

 

দিনবোৰ সলনি নহ

(স্বনিৰ্বাচিত কবিতা সংকলন)

নলিনীধৰ ভট্টাচাৰ্য্য

প্ৰকাশক:- অন্বেষা

প্ৰচ্ছদ: বেণু মিশ্ৰ

ISBN:- 81-89003-03-8

প্ৰথম প্ৰকাশ: অক্টোবৰ, ২০০৩

মূল্য: ৫৫.০০

হীৰেন্দ্ৰনাথ দত্তৰ ভাষাৰে- “উদ্যম আৰু আশাবাদৰ তেওঁ এজন সাধক। তেনে অৰ্থতে তেওঁৰ সাহিত্য-সাধনাৰ মূল লক্ষ্য হ’ল সৃষ্টিশীলতা, শান্তি-সম্প্ৰীতি আৰু প্ৰগতি।…”

কবিগৰাকীৰ পূৰ্বে প্ৰকাশিত ‘এই কুঁৱলীতে’, ‘চেৰাশালিৰ মালিতা’, ‘আহত সপোন’, ‘ননী আছেনে ঘৰত’ আৰু ‘বিদায় ফুলৰ দিন’ কাব্য-সংকলন কেইখনৰ পৰা নিৰ্বাচিত কিছুমান কবিতাৰে এই সংকলনখন যুগুতাই উলিওৱা হৈছে।

 

ৰাইজৰ মুখৰ মাত

চৈয়দ আব্দুল মালিক

প্ৰথম সংস্কৰণ: ১৯৮৮

দ্বিতীয় সংস্কৰণ: ১৯৯২

মূল্য: ১৮.০০ টকা

প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

“একোটা বিষয়ৰ ওপৰত অসমীয়া ৰাইজে বেলেগ বেলেগ উপলক্ষত বিভিন্ন পৰিবেশ আৰু পৰিস্থিতিত বেলেগ বেলেগ মন্তব্য আৰু অভিমত প্ৰকাশ কৰিছিল।তাৰ ভিতৰত আমাৰ জনাৰ ভিতৰত মনত পেলাব পৰাখিনি বিষয়-বস্তু অনুসৰি ইয়াত দিয়া হৈছে।” -চৈয়দ আব্দুল মালিক

 

সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ

লেখক:- জুল ভাৰ্ন।

অনুবাদ:- ড° দীনেশ চন্দ্ৰ গোস্বামী।

প্ৰথম প্ৰকাশ:- ডিছেম্বৰ ১৯৮৮

চতুৰ্থ প্ৰকাশ:- নৱেম্বৰ ২০০৫

দাম:- ৬০.০০ টকা

প্ৰকাশক:- শৰাইঘাট প্ৰকাশন।

ISBN : 81-87611-22-7

(টোকা- এক ফৰাছী লিগ প্ৰায় চাৰে তিনি কিল’মিটাৰৰ সমান।)

“এই পুথিত বৰ্ণিত কাহিনীটো বিজ্ঞানভিত্তিক কল্পকাহিনীবোৰৰ ভিতৰত এটা প্ৰাচীনতম আৰু অতি দূৰদৰ্শী কাহিনী।….”

“এই কাহিনী বাস্তৱতকৈও অধিক আবেদনভৰা আৰু কল্পনাতকৈয়ো বেছি মনোৰম।”

ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সম্পাদনাত ‘কালজয়ী সাহিত্য’ নামেৰে এটি ছিৰিজত বহুকেইখন বিখ্যাত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে অসমৰ একোজন বিশিষ্ট সাহিত্যিকে। এই পুথিখনো সেই ছিৰিজৰে এখন পুথি।

 

চীনা কবিতা

অনুবাদক- নীলমণি ফুকন।

প্ৰথম প্ৰকাশ- ২০০৯।

প্ৰকাশক- জাগৰণ সাহিত্য প্ৰকাশন, নগাঁও।

দাম- ১২০.০০ টকা।

ISBN: 81-202-8773-8

978-81-202-8773-0

“বিভিন্নজনে কৰা ইংৰাজী ভাঙনীৰ অৱলম্বনত কবিতাখিনিৰ অসমীয়া কৰা হৈছে। আমাৰ সীমাবদ্ধতা বহুত; চীনলৈ যোৱা নাই, চীনা ভাষা নেজানো, চীনা সঙ্গীতৰ জ্ঞান নাই, এতিয়ালৈকে চীনা মানুহ কেইজনমানহে লগ পাইছোঁ। চীনৰ জলবায়ু, ভৌগলিক অৱস্থান, প্ৰকৃতি ইতিহাস, সমাজ সাহিত্য, আচাৰ অনুষ্ঠান আমাতকৈ বেলেগ। কিন্তু য’ত আমাৰ মিল- সেই মানৱ প্ৰকৃতি আৰু হৃদয়ৰ লগত আমাৰেই নহয়, পৃথিৱীৰ সকলো মানুহৰ মিল; ইজন সিজনৰ পৰা ভিন্ন হৈও অভিন্ন, চিৰকালৰ সহোদৰ প্ৰাণৰ সুহৃদ।”

“কিতাপখনত থকা কবিতাখিনি আমাৰ সুবিধাৰ কাৰণে ঐতিহাসিক ক্ৰমত সঁজোৱা হৈছে।”

“যিসকল অনুবাদকৰ ইংৰাজী অৱলম্বন কৰি কবিতাখিনি অসমীয়া কৰা হৈছে, তেওঁলোক হ’ল: হে’লে’ন ৱাডেন, ৱিটাৰ বাইনাৰ, গ্লেন ডব্লিও বেক্সটাৰ, আৰ্থাৰ কুকাৰ, জুলিয়া. ছি লিং, জন. এ টাৰ্নাৰ, পিটাৰ মেয়াৰ, ৰিচাৰ্ড এফ. এছ য়ং, চাৰ্লছ. আৰ মেটছুগাৰ, কেনেথ ৰেক্সৰথ, চিৰিল বাৰ্চ, ছি. জে জং, মাইকেল বুলক, চি. এইচ্ছ কৱক, এ. চি গ্ৰেয়াম, ৰবাৰ্ট ক’টৱেল, নৰ্ম. এল স্মিথ, ৰিৱি. এলি, হেনৰি. এ হাৰ্ট, লেনৰ মেয়েউ, ৱিলিয়াম মেকলটন্ আৰু ৱিলিয়াম হুং।”

“আমাৰ অনুৰোধ অনুসৰি ড° শিৱনাথ বৰ্মনে ‘চৈনিক দৰ্শন’ৰ বিষয়ে সুন্দৰ প্ৰৱন্ধ এটা লিখি দিলে। সম্ভৱতঃ অসমীয়া ভাষাত চীনা দৰ্শনৰ বিষয়ে এইখনেই প্ৰথম ৰচনা। অনুভৱ তুলসীয়ে চীনা কবিৰ নাম আৰু চীনা শব্দবোৰৰ লিপ্যন্তৰ কৰি দিছে।” (উৎস- ‘অনুবাদকৰ কখা’।)

 

মোৰ সাংবাদিক জীৱন

লেখক- হোমেন বৰগোহাঞি

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- গুৱাহাটী গ্ৰন্থমেলা, ১৯৮৯

চতুৰ্থ নতুন সংস্কৰণ- মাৰ্চ, ২০০৮

ISBN 81-85905-45-2

দাম- ৭৫.০০ টকা।

“এই গ্ৰন্থত এহাতে যেনেকৈ আছে যোৱা কুৰি বছৰৰ অসমৰ ৰাজনৈতিক নাটকৰ প্ৰধান চৰিত্ৰবোৰৰ জীৱন্ত আৰু অন্তৰঙ্গ ৰেখাচিত্ৰ, আনহাতে ঠিক তেনেকৈ আছে সাংবাদিক বৰগোহাঞিৰ গভীৰ আত্মবিশ্লেষণ।”

“গ্ৰন্থখনিৰ আন এটা প্ৰধান আকৰ্ষণ হ’ল অসমৰ ৰাজনীতি আৰু সংস্কৃতি জগতৰ নেতৃস্থানীয় ব্যক্তিসকলৰে যোৱা কুৰি বছৰত হোমেন বৰগোহাঞিলৈ লেখা বহুতো চিঠি- যিবোৰ চিঠি অসমৰ সমসাময়িক ইতিহাসৰ প্ৰামাণ্য দলিল।” (উদ্ধৃতি:- গ্ৰন্থখনৰ বেটুপাতত দিয়া পৰিচয়ৰ অংশবিশেষ।)

 

হোমেন বৰগোহাঞি মুৰ্দাবাদ

লেখক- ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী।

প্ৰকাশক- জাৰ্ণাল এম্প’ৰিয়াম।

প্ৰথম সংস্কৰণ- ডিচেম্বৰ, ১৯৯৪।

দ্বিতীয় সংস্কৰণ- ডিচেম্বৰ, ২০১০।

দাম- ১০০.০০ টকা (সাধাৰণ সংস্কৰণ), ২০০.০০ টকা (পুথিভঁৰাল সংস্কৰণ)

“ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী অতি সংবেদনশীল আৰু চিন্তাশীল মানুহ। তেওঁ জীৱনত প্ৰতিটো মুহূৰ্ত যাপন কৰে অতি সচেতনভাৱে। জীৱনৰ প্ৰতিটো অভিজ্ঞতাই- এইমাত্ৰ পঢ়ি শেষ কৰা এখন কিতাপ, বাতৰিকাকতৰ এটা বিশেষ খবৰ, কিবা এটা বিষয়ে বন্ধু-বান্ধৱৰ লগত হোৱা তৰ্ক-বিতৰ্ক, দূৰ অতীতৰ পৰা ভাঁহি অহা এটা ধূসৰ স্মৃতি, নিজৰ লগত কথোপকথন- এই সকলোবোৰেই তেওঁৰ মনৰ মাজত বিচিত্ৰ ভাৱৰ খলকনি তোলে আৰু আনকো সেই ভাৱৰ ভাগ দিবলৈ তেওঁ ব্যগ্ৰ হৈ পৰে। এই উদ্দেশ্যে তেওঁৰ এটা নিজস্ব মাধ্যম উদ্ভাৱন কৰি লৈছে। সেইটো হৈছে এবিধ নতুন ধৰণৰ গদ্য-ৰচনা – যাৰ কিছু নমুনা এই কিতাপখনত সন্নিবিষ্ট হৈছে।”

“সংবেদনশীলতা, মননশীলতা আৰু অধ্যয়নশীলতা- এই তিনিটাৰ সমন্বয়ত গঢ় লৈ উঠা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ নাতিদীৰ্ঘ গদ্য ৰচনাবোৰ অসমীয়া সাহিত্যৰ এটা নতুন মূল্যবান সম্পদ।” – হোমেন বৰগোহাঞি।

‘অনুৰাধা দেশ’ৰ জনপ্ৰিয় ঔপন্যাসিক গৰাকীৰ ‘হোমেন বৰগোহাঞি মুৰ্দাবাদ’ গ্ৰন্থখনত মুঠ ২৫ টা প্ৰবন্ধ আছে। প্ৰবন্ধসমূহ তিনিটা ভাগত ভগোৱা হৈছে- ইয়াৰে ‘সাহিত্য আৰু বিবিধা’ত ১৯ টা, ‘বিতৰ্ক’ত ৩ টা আৰু ‘ব্যক্তিগত’ত ৩ টা প্ৰবন্ধ অন্তৰ্ভূক্ত হৈছে।

 

শব্দ (WORDS)

(জা পল ছাৰ্ত্ৰেৰ আত্মজীৱনী)

লেখক- জা পল ছাৰ্ত্ৰে

অনুবাদ- হেমন্ত কুমাৰ ভৰালী

প্ৰকাশক- বনলতা

প্ৰথম প্ৰকাশ- এপ্ৰিল, ২০০৪

দ্বিতীয় প্ৰকাশ- অক্টোবৰ, ২০০৪

দাম- ৫৫.০০ টকা

“জা-জেকুইচ ৰুছোৰ ‘কনফেচ’ অৰ্থাৎ স্বীকাৰোক্তিৰ পাছত জা পল ছাৰ্ত্ৰেৰ ‘ৱৰ্ডছ’ বা ‘শব্দ’ই বোধহয় আধুনিক ফৰাচী সাহিত্যৰ সবাতোকৈ চৰ্চিত আত্মজীৱনী। আত্মজীৱনী বুলিলে প্ৰকৃত অৰ্থত যি বুজায়, সেয়াই হ’ল শব্দ; যিখন গ্ৰন্থক ছাৰ্ত্ৰেৰ আধুনিক ফৰাচী সাহিত্য কৃতিৰ উজ্জ্বলতম নিদৰ্শন বুলি বিদ্বৎ সমাজে স্বীকাৰ কৰি গৈছে। অৱশ্যে ‘শব্দ’ত ছাৰ্ত্ৰেৰ সমগ্ৰ জীৱনৰ ঘটনাৱলীৰ ব্যাখ্যা নাই; আছে শৈষৱ আৰু কৈশোৰৰ কেইটামান অমূল্য বছৰৰ ঘটনা, স্বপ্ন আৰু দুঃস্বপ্ন, আশা-আকাংক্ষা আৰু আনন্দ-বেদনাৰে জীপাল হৈ পৰা পৃষ্ঠা। শৈশৱতে পিতৃহীন হোৱাৰ পাছত মাক আৰু ককাকৰ স্নেহ-সান্নিধ্য আৰু শাসনত যি প্ৰখ্যাত উদাৰপন্থী বুৰ্জোৱা পৰিয়ালত তেওঁ ডাঙৰ-দীঘল হয়- সেই সংস্কাৰ, সংস্কৃতি আৰু উদাৰতা তেওঁৰ সিৰাই সিৰাই সঞ্চাৰিত হয় আৰু পাছৰ কালত ছাৰ্ত্ৰেৰ জীৱনৰ সেইবোৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। প্ৰচণ্ড সাহস, অতুলনীয় বুদ্ধিদীপ্ততা আৰু কৰ্মস্পৃহাৰে সৰ্বকালৰ শ্ৰেষ্ঠ এইজনা দাৰ্শনিক-সাহিত্যক-বুদ্ধিজীৱীয়ে কিদৰে নিজকে, শৈশৱতে নিজৰ চিন্তা-ভাৱনাবোৰক তিল তিলকৈ গঢ়ি তুলি এক সমৃদ্ধ জীৱন যাপন কৰিব বিচাৰিছিল তাৰেই কাহিনী এই- ‘শব্দ’। ফৰাচী ভাষাত- লেচ ম’টচ। ছাৰ্ত্ৰেয়ে কাহনিও ভদ্ৰতাৰ মুখা পিন্ধা নাই। তেওঁ যি চিন্তা অথবা বিশ্বাস কৰে, তাকে কৈ যায় নিৰ্দ্বিধাই। অপ্ৰিয় সত্য আৰু অশ্লীলতাকো তেওঁ কৰি তোলে সাহিত্যৰ অঙ্গ। নিৰ্মমভাৱে বিশ্লেষণ কৰে মানুহৰ… নিজৰ চৰিত্ৰ। হয়, হয় সঁচা অৰ্থত যাক আত্মজীৱনী বোলা হয়, তাৰ সম্পূৰ্ণখিনিয়েই দেখা যায় লেচ ম’টচ বা ৱৰ্ডচ বা ‘শব্দ’ৰ প্ৰতিটো পৃষ্ঠাত।” – (বেটুপাতৰ পৰা।)

“এইখন গ্ৰন্থ অনুবাদ, প্ৰকৃত অৰ্থত ভাবানুবাদ কৰা হৈছে পেঙ্গুইন বুকচে প্ৰকাশ কৰা আৰু আইৰিণ ক্লেফেনে ইংৰাজীলৈ অনুবাদ কৰা ‘ৱৰ্ডছ’ৰ পৰা। গ্ৰন্থখনক জা পল ছাৰ্ত্ৰেয়ে মুলতঃ দুটা খণ্ডত বিভক্ত কৰিছে- পঢ়া আৰু লেখা। গ্ৰন্থখনত কোনো অধ্যায় নাই। কিন্তু ৰসোত্তীৰ্ণ কৰিবৰ বাবে অনুবাদ কৰোতে গ্ৰন্থখনক বহুকেইটা অধ্যায়ত ভগ কৰা হৈছে আৰু অধ্যায়বোৰৰ নিজাববীয়াকৈ নামাকৰণো কৰা হৈছে। তদুপৰি এয়া গ্ৰন্থখনৰ আক্ষৰিক অনুবাদ নহয়, কিন্তু জা পল ছাৰ্ত্ৰেয়ে যি কথা ক’ব বিচাৰিছে, তাৰ ভাব যথাযথ ৰখাৰ বিষয়টোত গভীৰভাৱে গুৰুত্ব দিয়া হৈছে, যাতে পঢ়ুৱৈ সমাজে ছাৰ্ত্ৰেৰ চিন্তা-চেতনা আৰু উপলব্ধিৰ অন্তৰ্নিহিত তাৎপৰ্য অনুধাৱন কৰিব পাৰে।” – হেমন্ত কুমাৰ ভৰালী।

অনুবাদ গ্ৰন্থখনৰ আৰম্ভণিতে ‘জা পল ছাৰ্ত্ৰেৰ জীৱন আৰু অন্বেষণ’ শীৰ্ষৰে অনুবাদকৰ এটি সুদীৰ্ঘ আৰু গুৰুত্বপূ্ৰ্ণ লেখা সন্নিবিষ্ট হৈছে।

 

সন্ধান

(কল্প বিজ্ঞান উপন্যাস)

লেখক- বন্দিতা ফুকন

প্ৰকাশক- বনলতা

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ২০১১

দাম- ৬০.০০ টকা

“বৰ্তমান প্ৰদূষিত হৈ পৰা জনপূৰ্ণ পৃথিৱী ভৱিষ্যতত বাসোপযোগী হৈ নাথাকিব, ‘নাছা’-ৰ প্ৰসিদ্ধ জ্যোতিৰ্বিজ্ঞানী ড° ৰবাৰ্ট এডৱাৰ্ডে এটি পৃথিৱীৰ অনুকূল গ্ৰহ মহাকাশত আৱিষ্কাৰ কৰে। কিন্তু সাত পোহৰ বছৰ নিলগত থকা নতুন গ্ৰহলৈ যাবৰ বাবে মানুহে বিভিন্ন দিশত প্ৰস্তুতি চলাব লাগিব। দীৰ্ঘ বছৰৰ বাবে খাদ্য, ইন্ধন, অক্সিজেন কঢ়িয়াই নিবৰ বাবে নানা ধৰণৰ প্ৰযুক্তিৰ সহায় লাগিব, তদুপৰি সুদীৰ্ঘ বছৰ জুৰি এখন সৰু মহাকাশ যানত আবদ্ধ হৈ থকা মহাকাশচাৰীকেইজনৰ শৰীৰত জিনৰ পৰিবৰ্তন নঘটিবনে? তেওঁলোকৰ মানসিক অৱস্থা পৃথিৱীত থকাৰ সময়ৰ দৰেই থাকিব। মানুহে এতিয়াও বাস নকৰা, সেই নতুন গ্ৰহটোত হিংস্ৰ প্ৰাণী, দুৰাৰোগ্য ৰোগৰ কাৰক বিভিন্ন বিপদজনক অণুজীৱ, ভাইৰাছো থকাটো সম্ভৱ। সেয়ে সেই নতুন গ্ৰহটোলৈ প্ৰথমবাৰৰ কাৰণে পৃথিৱীৰ পৰা কেনে ধৰণৰ চৰিত্ৰৰ লোক পঠিওৱা হ’ব- যিসকলে নেকি নতুন গ্ৰহৰ বাসিন্দা হ’বলৈ কাহানিও আপত্তি নকৰিব?

‘সন্ধান’ নামৰ কল্প বিজ্ঞান উপন্যাসখনত এনেবোৰ সমস্যাৰ উপৰিও প্ৰেম, বন্ধুত্ব, শত্ৰুতাৰো পৰিৱেশ আছে।………………” – বন্দিতা ফুকন।

 

নীলাচলৰ পাতত এটা যুগৰ ছবি

লেখক- হোমেন বৰগোহাঞি

প্ৰকাশক- বনলতা

বনলতা সংস্কৰণ- ডিচেম্বৰ, ২০০৬

পুনৰ মুদ্ৰণ- আগষ্ট, ২০০৯

দাম- ৫০.০০ টকা

ISBN 81-7339-473-3

“১৯৬৮ চনৰ পৰা ১৯৭৭ চনলৈকে মুঠতে নটা বছৰ মই নীলাচলৰ সম্পাদক হৈ আছিলোঁ। এই নটা বছৰেই আছিল অসম তথা ভাৰতৰ ইতিহাসত এটা ঘটনামুখৰ যুগ। ১৯৬৯ চনত কংগ্ৰেছৰ বিভাজন হৈছিল; ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ৰক্তাক্ত সংঘৰ্ষৰ অন্তত স্বাধীন বাংলাদেশৰ জন্ম হৈছিল; ১৯৭৫ চনত জৰুৰী অৱস্থাৰ ঘোষণাই ভাৰতীয় গণতন্ত্ৰক এক অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন কৰাই দিছিল। এই তিনিওটা যুগান্তকাৰী ঘটনাই সমসাময়িক অসমীয়া বুদ্ধিজীৱী আৰু সাধাৰণ নাগৰিকৰ মনত উদ্বেগ কৰা চিন্তা, জিজ্ঞাসা আৰু বিতৰ্কৰ বিৱৰণ লিপিবদ্ধ হৈ আছে নীলাচলৰ পাতে পাতে। আন কোনো এখন অসমীয়া বাতৰি কাকত বা আলোচনীয়ে এনে এটা দাবী কৰিব নোৱাৰে।

এই কিতাপখনত মোৰ কেইটামান বছা বছা সম্পাদকীয় প্ৰবন্ধহে সন্নিবিষ্ট কৰা হৈছে।……….” – হোমেন বৰগোহাঞি

 

পদ্যৰ পাছৰ কাব্য

লেখক- অজিৎ বৰুৱা

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ১৯৯৪

দাম- ৩৮.০০ টকা

ISBN 81-85905-94-0

কবি অজিৎ বৰুৱাৰ নিজৰে কেইটিমান কবিতাৰ বিশ্লেষণমূলক প্ৰবন্ধ এই সংকলনখনত সন্নিবিষ্ট হৈছে। লিখনীসমূহৰ সম্পৰ্কে ‘সহৃদয় পাঠকৰ উদ্দেশ্যে’ আগবঢ়ৱা কথাখিনিৰ শেষত কবিগৰাকীয়ে লিখিছে-

“…………………….. এই সকলোবিলাকৰ পৰিপ্ৰেক্ষিতত মহৎ কবি সমালোচক টি. এছ. এলিয়টে তেওঁৰ ‘To Criticize the Critic’ বোলা অতিশয় সূক্ষ্মদৰ্শী ৰচনাখনত ব্যক্ত কৰা কিছুমান মন্তব্য উদ্ধৃতিযোগ্য।

“শিল্পীয়ে যেতিয়া নিজে নিজৰ শিল্পকৰ্মৰ বিষয়ে লেখে তেতিয়াহে আমি বিশুদ্ধ সাহিত্য-সমালোচনাৰ আটাইতকৈ ওচৰ চাপো। আৰু এই কাৰণেই মই জনচন, ৱাৰ্ডছৱাৰ্থ্ আৰু কোলৰিজ্জৰ ফাললৈ চকু ঘুৰাও (প’ল ভ্যালেৰিৰ কথা অলপ বিশেষ ধৰণৰ) । অন্য ধৰণৰ সমালোচনাত ইতিহাস লেখক, দৰ্শন শাস্ত্ৰী, নীতিশিক্ষাদাতা, সমাজবিজ্ঞানী বা ব্যাকৰণবিদে এটা ডাঙৰ অংশ ল’ব পাৰে; কিন্তু যিমানখিনিলৈকে সমালোচনা বিশুদ্ধভাৱে সাহিত্য-সমালোচনা মোৰ বিশ্বাস যে সিমানলৈকে শিল্পীসকলে নিজৰ শিল্প-কৰ্ম সম্পৰ্কে নিজে লেখা সমালোচনা বেছি প্ৰগাঢ় আৰু বেছি কৰ্তৃত্বশীল যদিও শিল্পীজনৰ যোগ্যতাৰ পৰিসৰ ঠেক হ’ব পাৰে।”

এই শতকৰ ইংৰাজী সাহিত্যৰ অন্যতম কবিসকলৰ আৰু সৰ্বশ্ৰেষ্ঠ সাহিত্য-সমালোচকসকলৰ এজনৰ এইখিনি কথাই এই কিতাপখন প্ৰকাশ কৰাৰ ন্যায্যতা প্ৰতিপন্ন কৰিছে বুলি আশা কৰো।

কিতাপখনৰ ৰচনাবিলাক মূল পদ্যবিলাকৰ ৰচনাকালৰ ক্ৰম অনুযায়ী সজোৱা হৈছে যাতে সহৃদয় পাঠকে মোৰ পদ্য ৰচনাৰীতিৰ বিৱৰ্তনৰ ধাৰাটো অনুমান কৰিব পাৰে।

এই ৰচনাবিলাকৰ কেইখনমান ‘সূত্ৰধাৰ’ আলোচনীত আৰু দুখন ‘গৰিয়সী’ আলোচনীত প্ৰকাশ হৈছিল। সেই আলোচনী দুখনৰ সম্পাদকসকললৈ মোৰ ধন্যবাদ।”

 

আনে কি ভাবে তোমাক কিয় লাগে ?

লেখক- ৰিচাৰ্ড পি ফাইনমেন।

অনুবাদ- বিনয় মোহন শইকীয়া

প্ৰকাশক- বান্ধৱ, পাণবজাৰ

প্ৰথম প্ৰকাশ- অক্টোৱৰ, ২০০৮

দাম- ৫০.০০ টকা

“ৰিচাৰ্ড পি ফাইনমেনৰ বিচিত্ৰ জীৱন-কথা তেওঁৰ দুখন আত্মজীৱনীমূলক গ্ৰন্থত বৰ্ণিত হৈছে। ‘Surely You Are Joking Mr. Feynman’ আৰু ‘What Do You Care Other People Think’ নামৰ এই দুখন গ্ৰন্থ প্ৰথম পুৰুষত লিখা হ’লেও ফাইনমেনে নিজে কিন্তু গ্ৰন্থ দুখন লিখা নাই। তেওঁৰ সৈতে একেলগে সাত বছৰ ড্ৰাম বজোৱা সংগী তথা বন্ধু ৰালফ লেইটনেহে তেওঁৰপৰা মাজে-সময়ে সংগ্ৰহ কৰা তেওঁৰ জীৱন-কথা গ্ৰন্থ দুখনত সন্নিৱিষ্ট কৰিছে।

অত্যন্ত জনপ্ৰিয় এই দুখন গ্ৰন্থৰ পৰা কেইখনমান ৰচনা বাছনি কৰি, তাৰে অসমীয়া অনুবাদ পাঠকসমাজলৈ আগবঢ়োৱা হ’ল।…………..” – বিনয় মোহন শইকীয়া।

 

শতাব্দীৰ সূৰ্য : অলবাৰ্ট আইনষ্টাইন

মূল বাংলা- দেৱব্ৰত দাসগুপ্ত

অনুবাদ- ড° প্ৰফুল্ল কটকী

প্ৰকাশক- জ্যোতি প্ৰকাশন

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০১

দাম- ৮০.০০ টকা

“‘শতাব্দীৰ সূৰ্য : অলবাৰ্ট আইনষ্টাইন’ এক অনুপম সৃষ্টি। বিজ্ঞানীগৰাকীৰ জীৱন আৰু ব্যক্তিত্বৰ বিভিন্ন দিশ- তেখেতৰ স্বভাৱৰ অন্তৰ্মুখিতা, সৰলতা, অনাড়ম্বতা, প্ৰকৃতি প্ৰীতি, গভীৰ মানবতাবোধ, প্ৰেম, নিষ্ঠা, সততা আৰু সাধনাৰ এক চমৎকাৰ উপস্থাপন ইয়াত কৰা হৈছে। জীৱনীখন পঢ়ি যাওঁতে উপন্যাস পঢ়া যেনহে লাগে। লিখকৰ হাতত আইনষ্টাইনৰ চৰিত্ৰটো ধীৰে ধীৰে প্ৰায় এক মহাকাব্যিক চৰিত্ৰৰ পৰ্যায়লৈ উঠিছে। জীৱনীখনৰ ‘নেৰেটিভ’ বিন্যাসটোও নিজ বৈশিষ্ট্যৰে সমুজ্জ্বল। এনে এখন তথ্য আৰু মনন সমৃদ্ধ জীৱনী আমাৰ ভাষাত এতিয়ালৈকে আমি জনাত নাই। এই কথাটো মনত ৰাখিয়েই জীৱনীখনৰ অসমীয়া অনুবাদ কৰা হ’ল।……” – ড° প্ৰফুল্ল কটকী।

 

বিজ্ঞান, অন্ধবিশ্বাস আৰু সমাজ

(ICSSR ৰ সহযোগত আয়োজিত চেমিনাৰত পঠিত নিবন্ধৰ সংকলন)

সম্পাদনা সমিতি- যোগেশ চন্দ্ৰ ডেকা, অতনু কুমাৰ চৌধুৰী, জগন্নাথ পাটগিৰি।

সম্পাদক- পৰমানন্দ মজুমদাৰ।

প্ৰকাশক- জ্ঞানমালিনী, টীয়ক

প্ৰথম প্ৰকাশ- জানুৱাৰী, ১৯৯৩

দ্বিতীয় প্ৰকাশ- আগষ্ট, ১৯৯৩

দাম- ৩৫.০০ টকা

“প্ৰাগজ্যোতিষ মহাবিদ্যালয় বিজ্ঞান সমিতিয়ে ১১ এপ্ৰিল ১৯৯২ তাৰিখে অনুষ্ঠুত কৰা ‘বিজ্ঞান, অন্ধবিশ্বাস আৰু সমাজ’ শীৰ্ষক আলোচনাচক্ৰখনিত আলোচিত প্ৰবন্ধৰাজি প্ৰকাশ কৰি প্ৰশংসনীয় কাম এটা কৰিলে।” – ড° নিৰ্মল কুমাৰ চৌধুৰী।

“… প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ বিজ্ঞান সমিতিৰ এই উদ্যোগ অতি প্ৰশংসনীয়।” – ড° হীৰেণ গোহাঁই।

“এই পুথিখনক আমাৰ সমাজৰ ক-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে এক বলীষ্ঠ পদক্ষেপ বুলি ক’ব পাৰি আৰু এই পুথিৰ বহল প্ৰচাৰে সমাজ বিকাশত সহায় কৰিব।” – কনকসেন ডেকা।

ড° চন্দ্ৰমোহন শৰ্মা, ড° কুলেন্দু পাঠক, প্ৰসেনজিৎ চৌধুৰী, ড° শিৱনাথ বৰ্মন, নলিনীধৰ ভট্টাচাৰ্য, ড° পৰমানন্দ মহন্ত, ড° পদ্মপাণি, ড° দীপালি দত্ত, ড° কিশোৰ ভট্টাচাৰ্যৰ নিবন্ধৰ উপৰি গ্ৰন্ধখনত আন বহুকেইটা গুৰুত্বপূৰ্ণ লেখা, টোকা আদি সন্নিবিষ্ট হৈছে।

 

ইবছেনৰ নাট্য প্ৰতিভা

লেখক- তাৰিণীকান্ত ভট্টাচাৰ্য

প্ৰকাশক- অসম প্ৰকাশন পৰিষদ

প্ৰথম প্ৰকাশ- আগষ্ট, ১৯৭৮।

দ্বিতীয় সংস্কৰণ- এপ্ৰিল, ১৯৯১।

দাম- ৪০.০০ টকা

পৃষ্ঠাৰ সংখ্যা- ২৩৬+১৬

“হেনৰিক ইবছেন (১৮২৮-১৯০৬ খ্ৰী.) আধুনিক শ্ৰেষ্ঠ নাট্যকাৰসকলৰ ভিতৰত অন্যতম। নৰৱেৰ এই নাট্যকাৰগৰাকীয়ে ঊনবিংশ শতিকাৰ য়ুৰোপৰ নাট্যমঞ্চলৈ আধুনিক বাস্তৱধৰ্মী নাট-ৰচনাৰে এক যুগান্তকাৰী পৰিবৰ্তন আনে।

ঊনবিংশ শতিকাৰ ৰোমান্তিক কল্পনালোকৰ পৰা নাটকক নমাই আনি ইবছেনে তাত অপৰিসীম সাহসেৰে উপস্থাপন কৰিলে ব্যক্তি-জীৱন আৰু সমাজ-জীৱনৰ ভিন্ন দ্বন্দ্ব আৰু সমস্যা। কেৱল উপস্থাপন নহয়, সেইবোৰ সমিধানতো তেওঁ দেখুৱালে মৌলিক আৰু মুক্ত চিন্তাধাৰাৰ পৰিচয়।…………….

একেধাৰে কবি, নাট্যকাৰ, চিন্তানায়ক ইবছেনৰ নাট্য-সম্ভাৰৰ তথা নাট্য-প্ৰতিভাৰ চমু অথচ পূৰ্ণাঙ্গ আলোচনা তাৰিণীকান্ত ভট্টাচাৰ্যদেৱে অতি সুন্দৰভাৱে অসমীয়া পাঠকলৈ আগবঢ়াইছে।”

 

অৰুণিমাৰ স্বদেশ

লেখক- অৰূপা পটঙ্গীয়া কলিতা।

প্ৰকাশক- বনলতা

প্ৰথম প্ৰকাশ- ২০০১ চন।

দ্বিতীয় প্ৰকাশ- ডিচেম্বৰ, ২০০৩।

দাম- ৫৫.০০ টকা

ISBN 81-7339-319-2

“তিনিখন উপন্যাসিকাৰ সংকলন অৰুণিমাৰ স্বদেশৰ প্ৰতিখনিৰে মূল চৰিত্ৰ একোগৰাকী নাৰী। যদি ‘মৃগনাভি’ৰ কৰুণ মধুৰতাই পাঠকৰ মন চুই যায়, ‘মোৱাধৰা পথাৰৰ মাণিকী-মধুৰী’ৰ সামাজিক মনস্তাত্বিক জটিলতাই সৃষ্টি কৰে এক অসহনীয় যন্ত্ৰণাৰ, আকৌ ‘অৰুণিমাৰ স্বদেশে’ পাঠকক মুখামুখি কৰাই এক জলন্ত প্ৰশ্নৰ : অৰুণিমাৰ স্বদেশ আমাৰে স্বদেশ নহয় নে? নাৰিকেন্দ্ৰিক এই উপন্যাসিকা কেইখনি স্বাভাৱিকতেই গভীৰ সামাজিক তাৎপৰ্যৰ ভূমিত প্ৰোথিত।”

 

বিজ্ঞানৰ বিতোপন জগত

লেখক- ড° দীনেশ চন্দ্ৰ গোস্বামী

প্ৰকাশক- সাৰস্বত, গুৱাহাটী-২৪ আৰু মাজুলী-০৬

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০৬

দাম- ৭৫.০০ টকা

অসমৰ বিশিষ্ট আৰু জনপ্ৰিয় বিজ্ঞান লেখকসকলৰ মাজৰ অন্যতম এজন লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীদেৱৰ এই গ্ৰন্থখনত তেখেতৰ ৫৩টা প্ৰবন্ধ সন্নিবিষ্ট হৈছে। ‘দেহ-মন’, ‘ৰোগ-স্বাস্থ্য’, ‘কু-সংস্কাৰ’, ‘খেতি-বাতি’, ‘কীট-পতংগ’, ‘পৃথিৱী-আকাশ-ব্ৰহ্মাণ্ড’ আদিৰ উপৰিও আন বহুতো বিষয়-বস্তুৰ সম্পৰ্কীয় প্ৰবন্ধসমূহত সাধাৰণ জীৱন-যাপনৰ বাহিৰেও আন বহুতো ক্ষেত্ৰৰ প্ৰয়োজনত জানিবলগীয়া অলেখ কথা ভৰপূৰ হৈ আছে।

 

পানিপথ

ঔপন্যাসিক- শৰৎচন্দ্ৰ গোস্বামী (১৮৮৭-১৯৪৪)।

(সম্পাদনা- যতীন্দ্ৰ নাথ গোস্বামী)

প্ৰকাশক- অসম সাহিত্য সভা।

প্ৰথম সংস্কৰণ- আগষ্ট, ১৯৩০

দ্বিতীয় সংস্কৰণ- নৱেম্বৰ, ১৯৮৯

দাম- ২০.০০ টকা।

পানিপথ শৰৎচন্দ্ৰ গোস্বামীৰ একমাত্ৰ উপন্যাস। উপন্যাসখন লক্ষ্মীনাথ বেজবৰুৱা সম্পদিত দ্বিতীয়-তৃতীয় বছৰৰ ‘বাঁহীত’ (১৯১০, ১৯১১) ছোৱা-ছোৱাকৈ প্ৰকাশ হৈছিল।

“লেখকে পুথিখন “ঐতিহাসিক উপন্যাস বুলি নধৰিব”লৈ ক’লেও পানিপথৰ প্ৰথম যুদ্ধক কেন্দ্ৰ কৰি আখ্যান ভাগ ৰচিত হৈছে।” – যতীন্দ্ৰ নাথ গোস্বামী।

 

যাযাবৰ

লেখক- খলিল জিব্ৰান।

অনুবাদ-গোলোক চন্দ্ৰ দত্ত।

প্ৰথম সংস্কৰণ- জানুৱাৰী, ২০০৮

প্ৰকাশক- জ্যোতি প্ৰকাশন।

দাম- ২০.০০ টকা।

“‘The Prophet’-ৰ পিছত এখন সৰু সৰু সাধুকথাৰ দৰে লিখা পুথি ‘The Wanderer’ নামৰ এখন পুথি অসমীয়ালৈ অনূদিত হৈছে। এই পুথিখন ‘যাযাবৰ’ নাম দি অসমীয়ালৈ অনুবাদ কৰিছে গোলোক চন্দ্ৰ দত্তই। একাৱন্নটা নিচেই সৰু সৰু সাধুকথাৰ চৰিত্ৰৰ এই লেখাসমূহৰ মাজত একো একোটি শিক্ষণীয় বাণী সোমাই আছে।” -ড° নগেন শইকীয়া।

 

কবিতাৰ জুতি বিচাৰ

লেখক- ড° কবীন ফুকন।

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল।

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ১৯৯৬

দাম- ৭০.০০ টকা

ISBN 81-85921-48-2

“প্ৰতিটো কবিতাৰ জুতি বেলেগ বেলেগ; একেইজন কবিৰ কবিতাতে ভিন ভিন জুতিৰ সমাৱেশ হয়। পৈণত পঢ়ুৱৈৰ কাৰণে কবিতাৰ বিবিধ জুতিৰ বিষয়ে কিছু সজ্ঞান হোৱাটো লাগতিয়াল কথা। সাম্প্ৰতিক অসমীয়া কবিতাৰ আগ্ৰহী আৰু অনুসন্ধিৎসু পঢ়ুৱৈৰ কাৰণে এই বিবিধ জুতি-সজ্ঞানতাৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি এই সংকলনখন যুগুতাইছোঁ।” – লেখক, (“আগকথা”)।

লেখকৰ ১৮টা প্ৰবন্ধ গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে।

 

পঞ্চতন্ত্ৰ

অনুবাদ- প্ৰভাতচন্দ্ৰ শৰ্মা।

সম্পাদনা- শ্ৰীবিশ্বনাৰায়ণ শাস্ত্ৰী।

প্ৰকাশক- অসম প্ৰকাশন পৰিষদ।

প্ৰথম প্ৰকাশ- ১৯৬৬

দ্বিতীয় প্ৰকাশ- ১৯৮৩

দাম- ২৫.০০ টকা

“পঞ্চতন্ত্ৰৰ অনুবাদ ভাৰতৰ অন্যান্য ৰাজ্যিক ভাষালৈ হৈছে। অসমীয়াত পঞ্চতন্ত্ৰৰ পূৰ্ণাঙ্গ অনুবাদ এয়ে প্ৰথম। ইয়াৰ আগতে পঞ্চতন্ত্ৰৰ আৰু হিতোপদেশৰ সাধুবোৰ কেৱল সাধুৰূপে দুই-এজনে অসমীয়া ভাষাত প্ৰকাশ কৰিছে; কিন্তু তাৰ পৰা পঞ্চতন্ত্ৰৰ স্বৰূপ, ৰচনা কৌশল আৰু গভীৰতাৰ আভাস পাব নোৱাৰি। বৰ্তমান অনুবাদত মূল গ্ৰন্থৰ অবিকল অসমীয়া ভাঙনি দাঙি ধৰিবৰ চেষ্টা কৰা হৈছে।” – শ্ৰীবিশ্বনাৰায়ণ শাস্ত্ৰী।

 

সেই সময়

মূল- সুনীল গংগোপাধ্যায়।

অনুবাদ- দীপিকা চক্ৰৱৰ্তী।

প্ৰকাশক- সাহিত্য অকাদেমি।

প্ৰথম প্ৰকাশ- ২০১১ চন।

দাম- (প্ৰথম আৰু দ্বিতীয় খণ্ড একত্ৰে) ৪৫০.০০ টকা।

ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা সত্তৰ দশকৰ কালচোৱাৰ বংগদেশৰ কাহিনীৰ ভিত্তিত বিশিষ্ট ঔপন্যাসিক সুনীল গংগোপাধ্যায়ে লিখি উলিওৱা, সাহিত্য অকাডেমি বঁটা বিজয়ী “সেই সময়” নামৰ উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছে বিশিষ্ট অনুবাদক দীপিকা চক্ৰৱৰ্তীয়ে।

 

স্বাধীনতা সংগ্ৰামৰ গীত

সংকলন- জীৱকান্ত গগৈ

প্ৰথম প্ৰকাশ- ১৯৯৯ চন।

দাম- ৩০.০০ টকা

‘ৰাষ্ট্ৰীয় সঙ্গীত’, ‘জাতীয় পতাকাৰ গীত’, ‘মুক্তি সংগ্ৰামৰ গীত’, ‘যুৱ শক্তিৰ প্ৰতি আহ্বান’, ‘মহাত্মা গান্ধীৰ প্ৰভাৱ’, ‘স্বদেশী বস্ত্ৰ অভিযান’, ‘মাদক দব্য বৰ্জন অভিযান’, ‘মুষ্টি ভিক্ষা অভিযান’, ‘ভলণ্টিয়াৰ বা স্বেচ্ছাসেৱী বাহিনী’, ‘শ্বহীদ কনকলতাৰ গীত’, ‘বৰহমপুৰৰ হত্যাকাণ্ড’, ‘বীৰ লাচিতৰ গীত’, ‘শ্বহীদ কুশল কোঁৱৰৰ গীত’, ‘জ্যোতিপ্ৰসাদৰ বিপ্লৱী গীত’, ‘বিপ্লৱী বীৰ শঙ্কৰ বৰুৱা গীত’, ‘অম্বিকাগিৰিৰ বিপ্লৱী গীত’, ‘হিন্দু-মছলমান ঐক্যৰ আহ্বান’, ‘অগ্ৰণী সকলৰ গীত’, ‘আজাদ হিন্দ ফৌজৰ গীত’, ‘মুক্তি যুদ্ধৰ সময়ত গোৱা হিন্দী গীত’- এই ভাগসমূহেৰে গ্ৰন্থখনত ১৮৫ টা গীত সন্নিৱিষ্ট হৈছে।

 

ক্ৰমবিকাশত অসমীয়া শিশু-সাহিত্য আৰু শিশু-সাহিত্যৰ গ্ৰন্থপঞ্জী

ৰচনা, পৰিকল্পনা, সম্পাদনা- প্ৰতাপজ্যোতি বৰা।

প্ৰকাশক- সসুৰভী পাবলিচিং হাউছ, যোৰহাট।

প্ৰথম প্ৰকাশ- মে’, ২০১১।

দাম- ২৫০.০০ টকা (সাধাৰণ সংস্কৰণ), ৩০০.০০ টকা (পুথিভঁৰাল সংস্কৰণ)

গ্ৰন্থখনত শিশু-সাহিত্যৰ ঐতিহাসিক ক্ৰমবিকাশকে ধৰি শিশু-সাহিত্যৰ বিভিন্ন দিশৰ সম্পৰ্কত আলোচনাৰ লগতে বৰ্তামানলৈকে প্ৰকাশিত শিশু-সাহিত্যৰ পৰিচয়মূলক বৰ্ণানুক্ৰমিক গ্ৰন্থপঞ্জী সংযোগ কৰা হৈছে।

 

উত্তৰাকাণ্ড (উপন্যাস)

লেখক- ত্ৰৈলোক্য ভট্টাচাৰ্য

প্ৰকাশক- সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংছ।

প্ৰথম প্ৰকাশ- মাৰ্চ, ১৯৮৭।

দাম- ২০.০০ টকা

“আজন্ম দুখিনী সীতাৰ জীৱন-কাহিনী অধুনিক উপন্যাস এখনৰ কাহিনীৰ দৰেই বিচিত্ৰ আৰু মনোৰম যেন এদিন বোধ হ’ল।………”

 

কুৰি শতিকাৰ নবেল বঁটাপ্ৰাপ্ত সাহিত্যিক : জীৱন আৰু সাহিত্য

লেখক- ইছমাইল হোছেইন।

প্ৰকাশক- বনলতা

প্ৰথম প্ৰকাশ- ১ জানুৱাৰী, ২০০১ চন।

দাম- ৫০.০০ টকা

ISBN 81-7339-307-9

১৯০১ খ্ৰী.ৰ পৰা ২০০০ খ্ৰী.লৈ মুঠ ৯৭ গৰাকী সাহিত্যিকে সাহিত্যৰ নবেল বঁটা লাভ কৰিছে। সেই ৯৭ গৰাকী সাহিত্যিকৰ জীৱন আৰু সাহিত্যৰ সম্পৰ্কে লেখকৰ এটিকৈ প্ৰবন্ধ এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে।

 

মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ

লেখক- লক্ষ্মীনাথ ফুকন।

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল।

প্ৰথম প্ৰকাশ- ১৯৬২ (ডিচেম্বৰ)

দ্বিতীয় প্ৰকাশ- ১৯৯১ (ফেব্ৰুৱাৰী)

চতুৰ্থ প্ৰকাশ- ২০০৩ (অক্টোৱৰ)

দাম- ৬৫.০০ টকা

ISBN 81-7331-045-9

“মহাত্মা গান্ধী আৰু পণ্ডিত নেহেৰুৰ লগতে পোন্ধৰজন অসমীয়ালৈ শ্ৰদ্ধা নিবেদন কৰি আত্মজীৱনীমূলক ভংগীৰে এই প্ৰবন্ধকেইটা লিখা….”

ইয়াত কেইবাজনো ব্যক্তিৰ আলোকচিত্ৰও সন্নিৱিষ্ট কৰা হৈছে।

 

ৰংচৰা

লেখক- কৌস্তুভমণি শইকীয়া।

প্ৰথম প্ৰকাশ- ২০০৮

প্ৰকাশক- ৰূপজ্যোতি দেৱনাথ, জাগৰণ সাহিত্য প্ৰকাশন।

ISBN: 81-202-8779-7

978-81-202-8779-2

দাম- ১২০.০০ টকা।

“ৰংচ’ৰা- আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জনপ্ৰিয় অনুষ্ঠান ‘ৰংচ’ৰা’লৈ কৌস্তুভমণি শইকীয়াই আগবঢ়োৱা এলানি নাট্যধৰ্মী ব্যংগ সাহিত্যৰ সংকলন।”

 

সঞ্জীৱন

মূল- লিঅ টলষ্টয়।

অনুবাদ- অনু বৰুৱা।

প্ৰকাশক- সাহিত্য অকাডেমি।

প্ৰথম প্ৰকাশ- ২০০২।

দাম- ২০২.০০ টকা

ISBN 81-260-1279-X

টলষ্টয়ৰ ৰিজাৰেকচন (Resurrection) নামৰ মহৎ উপন্যাসখনৰ অনুবাদ। অনুবাদ গ্ৰন্থখনত ড° কবীন ফুকনৰ এটি বিশেষ ইংৰাজী প্ৰবন্ধৰ অসমীয়া অনুবাদো সন্নিৱিষ্ট হৈছে।

 

সাহিত্য-বিচাৰৰ মূলকথা

লেখক- ড° হেম বৰা।

প্ৰকাশক- চন্দ্ৰ প্ৰকাশ

প্ৰথম প্ৰকাশ- ১৯৯৫

দাম- ৪০.০০ টকা

“এই পুথিত ড° বৰাই বিষয়বস্তুক প্ৰণালীবদ্ধভাবে আলোচনা কৰাত শিক্ষাৰ্থীৰ বাবেও অতি উপযোগী হৈছে।”

 

মৌন ওঁঠ মুখৰ হৃদয়

লেখক- য়েছে দৰজে ঠংচি।

ISBN: 81-7339-310-9

প্ৰকাশক- বনলতা।

প্ৰথম সংস্কৰণ- অসম সাহিত্য সভা অধিবেশন, ২০০১।

সপ্তম সংস্কৰণ- এপ্ৰিল, ২০১০।

দাম- ৮০.০০ টকা।

২০০৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত আৰু ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰ প্ৰাপ্ত।

 

প্ৰতিভাৰ পুৰস্কাৰ

লেখক- ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

প্ৰকাশক- নম্ৰতা প্ৰকাশন

প্ৰথম প্ৰকাশ- নবেম্বৰ, ২০০২

দাম- ৩৫.০০ টকা

গ্ৰন্থখনত লেখকৰ মুঠ চৈধ্যটা প্ৰবন্ধ সন্নবিষ্ট হৈছে। এই প্ৰবন্ধসমূহ ছটা ভাগত ভগোৱা হৈছে- প্ৰতিভা, প্ৰকাশক, নাটক আৰু কবিতা, বৌদ্ধিক জগৎ, দেশ আৰু হৃদয়, অতীত আৰু বৰ্ত্তমান।

 

শৃংখল

গল্পকাৰ- ভবেন্দ্ৰ নাথ শইকীয়া।

প্ৰকাশক- জ্যোতি প্ৰকাশন

প্ৰথম (জ্যোতি প্ৰকাশন) সংস্কৰণ- নবেম্বৰ, ২০০৩

দাম- ৬০.০০ টকা।

লেখকৰ চৈধ্যটা গল্পৰ সংকলনখনে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল।

 

উপকন্ঠ

গল্পকাৰ- ভবেন্দ্ৰ নাথ শইকীয়া।

প্ৰকাশক- বনলতা

প্ৰথম প্ৰকাশ- জানুৱাৰী, ১৯৯২

দ্বিতীয় প্ৰকাশ- নৱেম্বৰ, ২০০৬

দাম- ৫০.০০ টকা

ISBN 81-7339-477-6

সংকলনখনত লেখকৰ নটা গল্প সন্নিবিষ্ট কৰা হৈছে।

 

আন এজন

কবি- হৰেকৃষ্ণ ডেকা

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল

পৰিবৰ্ধিত সংস্কৰণ- ২০০০

(প্ৰথম সংস্কৰণ- ১৯৮৬)

দাম- ৩০.০০ টকা

১৯৮৭ চনত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত।

 

 

সাৰথি

লেখক- ৺ সত্যনাথ বৰা।

প্ৰথম বনলতা সংস্কৰণ- ২০০০ খ্ৰীষ্টাব্দ

দ্বিতীয় বনলতা সংস্কৰণ- ২০০৬ খ্ৰীষ্টাব্দ

তৃতীয় বনলতা সংস্কৰণ- ২০১১ খ্ৰীষ্টাব্দ।

দাম- ৩০.০০ টকা।

ISBN-81-7339-229-3

 

পুৰণি অসমৰ কাৰিকৰী শিল্প

লেখক- প্ৰদীপ চলিহা।

প্ৰকাশক- অসম বিজ্ঞান সমিতি

দাম- ৬০.০০ টকা।

 

সময়ৰ সোঁতত অসমীয়া সংস্কৃতি

লেখক- ভূৱনমোহন দাস।

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০৫

দাম- ৬০.০০ টকা

ISBN 81-7331-112-9

 

ভূমিপুত্ৰৰ মৰ্মবেদনা

লেখক- গৌৰীশঙ্কৰ ভট্টাচাৰ্য্য।

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ১৯৮৫।

দ্বিতীয় প্ৰকাশ- এপ্ৰিল, ১৯৯৯।

দাম- ৫০.০০ টকা

ISBN 81-7331-002-5

 

ইয়াৰুইঙ্গম

লেখক- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল

প্ৰথম প্ৰকাশ- অক্টোবৰ, ১৯৬০

ষষ্ঠ প্ৰকাশ- মাৰ্চ, ১৯৯৮

দাম- ৭০.০০ টকা

 

অন্তৰীপ

লেখক- ভবেন্দ্ৰ নাথ শইকীয়া।

প্ৰথম প্ৰকাশ- ১৯৯৬

প্ৰথম (জ্যোতি প্ৰকাশন) সংস্কৰণ- ডিচেম্বৰ, ২০০৩

তৃতীয় সংস্কৰণ- জানুৱাৰী, ২০১০

দাম-১৩০.০০ টকা।

 

ছন মাটি

মূল- দ্য ৱেইষ্ট ল্যাণ্ড (The Waste Land)

কবি- টি. এচ. এলিয়ট

অনুবাদ, পাতনি, টীকা- অজিৎ বৰুৱা।

প্ৰকাশক- জাৰ্ণাল এম্প’ৰিয়াম

প্ৰথম প্ৰকাশ- অক্টোবৰ, ১৯৯৮

দাম- ৩০.০০ টকা

 

আনা কাৰেনিনা

মূল- লিও টলষ্টয়।

অনুবাদ- কৃপানাথ বৈশ্য।

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্।

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ১৯৯৭।

নতুন (ষ্টুডেণ্টচ্ ষ্ট’ৰচ্) সংস্কৰণ- নৱেম্বৰ, ২০০৯।

দাম- ১০০.০০ টকা।

 

অ জনপ্ৰিয় প্ৰবন্ধ

(বাৰ্ট্ৰাণ্ড ৰাছেল ৰ Unpopular Essays ৰ অসমীয়া অনুবাদ।)

অনুবাদ- ড° প্ৰফুল্ল কটকী।

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্।

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০৯।

দাম- ৬০.০০ টকা।

 

এজন গণিতজ্ঞৰ কৈফিয়ৎ

মূল ৰচনা- জি. এইছ. হাৰ্ডি

অনুবাদ- ডঃ প্ৰদীপ কুমাৰ গগৈ

প্ৰকাশক- অসম বিজ্ঞান সমিতি

দাম- ৩৫.০০ টকা।

 

মনোৰোগ পৰিচিতি

লেখক- ডাঃ পংকজলোচন শৰ্মা

প্ৰকাশক- অসম বিজ্ঞান সমিতি

দাম- ৭০.০০ টকা

 

শিশুৰ যতন

লেখক- ডাঃ জ্ঞানেন্দ্ৰ নাথ শৰ্মা

প্ৰকাশক- অসম বিজ্ঞান সমিতি

দাম-৫০.০০ টকা

 

লস্ত্ লাগিজ্

লেখক- ড° হীৰেণ গোহাঁই।

ISBN – 81-86827-98-6

প্ৰথম প্ৰকাশ- ১৯৯৬

দ্বিতীয় (জ্যোতি প্ৰকাশন) সংস্কৰণ- জানুৱাৰী, ২০০১

দাম- ৪০.০০ টকা।

 

টাইম মেচিন

লেখক- এইছ. জি. ওৱেলছ

অনুবাদ- সমীক ভৰদ্বাজ

প্ৰকাশক- মৌচাক প্ৰকাশন, যোৰহাট।

প্ৰথম প্ৰকাশ- ১ ডিচেম্বৰ, ১৯৯৯

দাম- ২৫.০০ টকা

 

সাগৰ দেখিছা

কবি- দেৱকান্ত বৰুৱা

তৃতীয় প্ৰকাশ (গ্ৰন্থকাৰ)- অক্টোবৰ, ১৯৬৬

ষষ্ঠ প্ৰকাশ- ফেব্ৰুৱাৰী, ১৯৯৮

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

দাম- ২৫.০০ টকা

ISBN 81-85905-33-9

 

জিজ্ঞাসা

লেখক- হোমেন বৰগোহাঞি

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

চতুৰ্থ নতুন সংস্কৰণ- নৱেম্বৰ, ২০০৬

দাম- ৩৫.০০ টকা

ISBN 81-7665-271-7

 

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি

লেখক- হোমেন বৰগোহাঞি

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০০

দ্বিতীয় প্ৰকাশ- জুন, ২০০১

দাম- ৪০.০০ টকা

ISBN 81-7665-069-2

 

সৃষ্টি আৰু প্ৰেৰণা

লেখক- মহিম বৰা।

পৰিকল্পনা, সংকলন আৰু সম্পাদনা- ৰক্তাভ জ্যোতি বৰা, ত্ৰিদিৱ গোস্বামী

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- জুন, ২০০৪

দাম- ৪০.০০ টকা

ISBN 81-7665-209-1

 

পাঠকৰ টোকাবহী

লেখক- হোমেন বৰগোহাঞি

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- জানুৱাৰী, ১৯৯৩

তৃতীয় প্ৰকাশ- অক্টোবৰ,২০০২

দাম- ৬০.০০ টকা

ISBN 81-85905-15-0

 

উচ্চাকাংক্ষা

লেখক- হোমেন বৰগোহাঞি

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ১৯৯৯

পঞ্চম প্ৰকাশ- অক্টোবৰ, ২০০২

দাম- ৩০.০০ টকা

ISBN 81-7665-027-7

 

ওপৰ মহল

লেখক- লুম্বেৰ দাই

প্ৰকাশক- বাণী মন্দিৰ

প্ৰথম প্ৰকাশ- ২০০৩

দাম- ৭৫.০০ টকা

ISBN 81-7206-140-3

 

নিৰ্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা

অনুবাদ- অজিৎ বৰুৱা

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ফেব্ৰুৱাৰী, ২০০২

দাম- ৩৫.০০ টকা

ISBN 81-7665-120-6

 

আৰু কিছুমান পদ্য আৰু গান

কবি- অজিৎ বৰুৱা

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- জানুৱাৰী, ২০০১

দাম- ৪০.০০ টকা

ISBN 81-81-7665-076-5

 

অক্সফৰ্ডৰ সোঁৱৰণি আৰু দেশান্তৰৰ দস্তাৱেজ

লেখক- মীনাক্ষী বৰকটকী

অনুবাদ- ড° প্ৰফুল্ল কটকী

প্ৰকাশক- বনলতা

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ২০০৪

দাম- ৫০.০০ টকা

 

অসমৰ গোষ্ঠীদন্দ্ব আৰু সামাজিক বিৱৰ্তনৰ ধাৰা

লেখক- কনকসেন ডেকা

প্ৰকাশক- নিৰোদ ভৰালী, গুৱাহাটী

পৰিৱেশক- চন্দ্ৰ প্ৰকাশ

প্ৰথম প্ৰকাশ- জানুৱাৰী, ১৯৯৩

দাম- ৩০.০০ টকা

 

মানুহ হোৱাৰ গৌৰৱ

লেখক- হোমেন বৰগোহাঞি

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- জানুৱাৰী, ১৯৯৪

দাম- ৬.৩০ টকা

ISBN 81-85905-65-7

 

ছয় দশকৰ গল্প (১৯৪০-২০০০)

লেখক- সৌৰভ কুমাৰ চলিহা

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ফেব্ৰুৱাৰী, ২০০১

দাম- ১২৫.০০ টকা

ISBN 81-7665-077-3

 

 

 

ডিকটন

লেখক- ড° দীপক কুমাৰ বৰকটকী

প্ৰকাশক- সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংছ

প্ৰথম প্ৰকাশ- মে’, ১৯৯৮ চন।

দাম- ৬০.০০ টকা

 

হৃদয়ৰ নিৰ্জনতা

লেখক- জয়ন্তী চুতীয়া

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ২০০৪

দাম- ৪০.০০ টকা

ISBN 81-7665-213-X

 

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য প্ৰতিভা

লেখক- ড° বিশ্বনাৰায়ণ শাস্ত্ৰী।

প্ৰকাশক- শৰাইঘাট প্ৰকাশন

প্ৰথম প্ৰকাশ- মে’, ১৯৭০

দ্বিতীয় প্ৰকাশ- অক্টোৱৰ, ১৯৯৮

দাম- ৭০.০০ টকা

 

মুনীন বৰকটকীৰ প্ৰসংগ : সমালোচনা

(সমালোচনামূলক প্ৰবন্ধ সংকলন)

সম্পাদক- নলিনীধৰ ভট্টাচাৰ্য্য।

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ১৯৯৬

দাম- ৫০.০০ টকা

ISBN 81-86494-38-3

 

ইতিহাস-ৰত্ন বেণুধৰ শৰ্মা

সম্পাদনা- কনকচন্দ্ৰ ডেকা, ৰঞ্জিত কুমাৰ শৰ্মা।

প্ৰকাশক- সুৰভি সাহিত্য সমাজ, গুৱাহাটী

প্ৰথম প্ৰকাশ- জুলাই, ১৯৯৬

দাম- ৪০.০০ টকা

 

গণশিল্পী মঘাই ওজা

সম্পাদনা সমিতি- নলিনীধৰ ভট্টাচাৰ্য্য, পৰমানন্দ মজুমদাৰ, লীলাধৰ হাজৰিকা।

সম্পাদনা সংকলন- পৰমানন্দ মজুমদাৰ।

প্ৰকাশক-সমন্বয় গ্ৰন্থালয়, নলবাৰী।

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ১৯৮৮

দাম- ১৫.০০ টকা

 

বিভিন্ন প্ৰবন্ধ

লেখক- অজিৎ বৰুৱা

প্ৰকাশক- শৰাইঘাট প্ৰকাশন

প্ৰথম প্ৰকাশ- ফেব্ৰুৱাৰী, ১৯৯৯

দাম- ৫০.০০ টকা

 

এদিন তোমাৰ ঘৰলৈ যাম, তোমাৰ যত জন্ম হৈছিল সেই দুখৰ ঘৰটো চাই আহিম কোনে কাক কৈছিল

লেখক- নীলিম কুমাৰ।

প্ৰকাশক- বনলতা

প্ৰথম সংস্কৰণ- ডিচেম্বৰ, ২০০৭ চন।

দাম- ২৫.০০ টকা

ISBN 978-81-7339-414-0

 

সেউজী পাতৰ কাহিনী

লেখক- ৰাস্না বৰুৱা

প্ৰকাশক- জাৰ্ণাল এম্প’ৰিয়াম

প্ৰথম সংস্কৰণ- ফেব্ৰুৱাৰী, ১৯৬৯

পঞ্চম সংস্কৰণ- ডিচেম্বৰ, ২০০২

দাম- ৬৫.০০ টকা

 

সাহিত্য আৰু প্ৰেম

লেখক- ড° বাণীকান্ত কাকতি

প্ৰকাশক- অসম প্ৰকাশন পৰিষদ

দ্বিতীয় সংস্কৰণ- এপ্ৰিল, ১৯৯৩

দাম- ১৫.০০ টকা

 

গদ্যৰ সাধনা

সংকলন আৰু সম্পাদনা- হোমেন বৰগোহাঞি

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- আগষ্ট, ১৯৯৫

দাম- ৪৫.০০ টকা

ISBN 81-86494-01-4

 

ফাউষ্ট (প্ৰথম খণ্ড)

মূল- য়হান ৱলফগাং গে’টে

অনুবাদ- নৱকান্ত বৰুৱা।

প্ৰকাশক- আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম

প্ৰথম প্ৰকাশ- ১৯৯৩

দাম- ১২৫.০০ টকা

 

ফাউষ্ট (দ্বিতীয় খণ্ড)

মূল- য়হান ৱলফগাং গে’টে

অনুবাদ- নৱকান্ত বৰুৱা।

প্ৰকাশক- আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম

প্ৰথম প্ৰকাশ- ১৯৯৮

দাম- ১৫০.০০ টকা (শোভন সংস্কৰণ)

১০০.০০ টকা (বিদ্যাৰ্থী সংস্কৰণ)

 

অসমীয়া নাটক আৰু পাশ্চাত্য প্ৰসংগ

লেখক- ড° দয়ানন্দ পাঠক।

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল

প্ৰথম প্ৰকাশ- ১৯৯৬

দাম- ৪০.০০ টকা

 

চিন্তা-প্ৰবাহ

সংকলন আৰু সম্পাদনা- নাহেন্দ্ৰ পাদুন।

প্ৰকাশক- শিৱসাগৰ কলেজ সোণালী জয়ন্তী উদযাপন সমিতিৰ হৈ শ্ৰীৰাধানাথ বৰুৱা, সাধাৰণ সম্পাদক।

প্ৰকাশ- ১৯৯৬-৯৭

 

অনাতাঁৰ নাট্যাৱলী (২য় খণ্ড)

লেখক- অৰুণ শৰ্মা

প্ৰকাশক- অসম প্ৰকাশন পৰিষদ

প্ৰথম প্ৰকাশ- আগষ্ট, ১৯৮৪

দাম- ৪০.০০ টকা

 

কল্পলোকৰ কাহিনী

লেখক- ভবেন্দ্ৰনাথ শইকীয়া

প্ৰকাশক- লয়াৰ্ছ বুক ষ্টল

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ১৯৯৮

দাম- ৫০.০০ টকা

 

পাতি-সোণাৰুৰ ফুল

লেখক- নীলমণি ফুকন

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০৬

দাম- ৬০.০০ টকা

ISBN 81-7665-300-4

 

বাদ আৰু ব্যাখ্যা

লেখক- ধনী বৰা

প্ৰকাশক- ৱাৰী পাব্লিকেশ্যনছ, গুৱাহাটী

প্ৰথম প্ৰকাশ- জানুৱাৰী, ২০০৭

দাম- ৬০.০০ টকা

 

দ্য ৰিভিনিউ ষ্টাম্প

লেখক- অমৃতা প্ৰীতম। (আত্মজীৱনী)

অনুবাদ- ড° মামণি গগৈ বৰগোহাঁই

প্ৰকাশক- কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়।

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ২০০৮

দাম- ৫৫.০০ টকা

 

মৃত্যুদণ্ড

লেখক- হৰেকৃষ্ণ ডেকা।

প্ৰকাশক- অন্বেষা

প্ৰথম প্ৰকাশ- জানুৱাৰী, ২০০৬

দাম- ৯০.০০ টকা

 

হোমেন বৰগোহাঞিৰ জীৱন আৰু সাহিত্য

সম্পাদনা- অমিয় কুমাৰ সন্দিকৈ।

প্ৰকাশক- জ্যোতি প্ৰকাশন।

প্ৰথম প্ৰকাশ- ৩১ ডিচেম্বৰ, ২০০০

দাম- ৬০.০০ টকা

 

চিন্তাৰ স্বাক্ষৰ

লেখক- ড° লীলা গগৈ

প্ৰকাশক- কে. এম. প্ৰকাশন, গুৱাহাটী

প্ৰথম প্ৰকাশ- ১৯৯২

দাম- ৫০.০০ টকা

 

সূৰ্য উঠা দেশ

লেখক- ড° মহেন্দ্ৰ নাথ বৰা।

প্ৰকাশক- ৰুণুমী বৰা, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ।

প্ৰথম প্ৰকাশ- নৱেম্বৰ, ১৯৯৬ চন।

দাম- ৩৫.০০ টকা

 

যোগেন্দ্ৰনাৰায়ণ ভূঞা : নীৰৱতাৰ শব্দ

সম্পাদনা- আলপনা সৰকাৰ ডেকা, অদিতি বৰুৱা

প্ৰকাশক- মহেশ্বৰী প্ৰিয় প্ৰকাশন, কলিয়াবৰ।

প্ৰথম প্ৰকাশ- ডিচেম্বৰ, ২০০৭ চন।

দাম- ১০০.০০ টকা

 

বিংশ শতাব্দীৰ অসমীয়া বিজ্ঞান সাহিত্য

লেখক- ড° পৰমানন্দ মহন্ত।

প্ৰকাশক- অসম সাহিত্য সভা

দাম- ৫০.০০ টকা

 

কৃষ্টিৰ পথাৰে পথাৰে

লেখক- ড° ভূপেন হাজৰিকা।

সম্পাদনা- ৰতিমোহন নাথ।

প্ৰকাশক- বাণী মন্দিৰ

প্ৰথম প্ৰকাশ- ১৯৯৩

দাম- ৫০.০০ টকা

 

মানুহ বিচাৰি

লেখক- লক্ষ্যধৰ চৌধুৰী

প্ৰকাশক- অসম প্ৰকাশন পৰিষদ

প্ৰথম প্ৰকাশ- জুন, ১৯৮৭

দ্বিতীয় প্ৰকাশ- ডিচেম্বৰ, ১৯৯২

দাম- ৩৫.০০ টকা

 

অঘৰী আত্মাৰ কাহিনী

লেখক- চৈয়দ আব্দুল মালিক

প্ৰকাশক- ষ্টুডেণ্টচ্ ষ্ট’ৰচ্

নতুন প্ৰকাশ- ছেপ্তেম্বৰ, ১৯৯৫, ২০০৬

পুনৰ্মুদ্ৰণ- ছেপ্তেম্বৰ, ২০০১

দাম- ৬০.০০ টকা

ISBN 81-85905-81-9

 

 

 

অনুক্ৰম (Anukram)

১৯৮৬ চনৰ ১৮ জুলাইত প্ৰতিষ্ঠা হোৱা অসম গণিত শিক্ষায়তনে (Assam Academy of Mathematics) ২০১১ চনৰ ১৭ জুলাইত ২৫ বছৰ সম্পূৰ্ণ কৰে। সেইদিনা ৰূপালী জয়ন্তী বৰ্ষ উৎযাপনৰ সামৰণি অনুষ্ঠানত এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। ‘কেইজনমান অত্যুৎসাহী গণিত-সেৱকৰ প্ৰচেষ্টাত’ জন্ম হোৱা এই অনুষ্ঠানটোৰ হৈ একাদিক্ৰমে বহুকেইজন উদ্যমী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে নিষ্ঠাৰে কাম কৰি আহিছে। সেইসকলৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ মহৎ অৱদানৰ কথা সুঁৱৰি লিখা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ স্মৃতিগ্ৰন্থখনত আছে, লগতে শিক্ষায়তনৰ কাম-কাজ আৰু শিক্ষায়তনে ১৯৮৭ চনৰ জুলাই মাহৰ পৰা প্ৰকাশ কৰি থকা দ্বিভাষীক ছমহীয়া আলোচনী ‘গণিত বিকাশ’ৰ সম্পৰ্কে কিছু কথা থকাৰ উপৰিও গণিতৰ কেইটামান বিষয় তথা কেইজনমান গণিতজ্ঞৰ ওপৰতো ৰসাল প্ৰবন্ধ, সাক্ষাৎকাৰ আদিও আছে। স্মৃতিগ্ৰন্থখনৰ সম্পাদক ড° দিলীপ শৰ্মা।

 

গণিত বিকাশ (Ganit Bikash)

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) প্ৰতিষ্ঠা হয়। শিক্ষায়তনে ১৯৮৭ চনৰ জুলাইৰ পৰা ‘গণিত বিকাশ’ নামৰ দ্বিভাষীক ছমহীয়া এই আলোচনীখন প্ৰকাশ কৰি আহিছে। ইয়াৰ প্ৰথম সম্পাদক আছিল অসমৰ গণিত জগতৰ এগৰাকী সন্মানীয় আৰু আদৰৰ ব্যক্তি ড° অমলা বেজবৰুৱা (অমলা বাইদেউ)। এই আলোচনীখন শিক্ষায়তনৰ ছশৰো অধিক আজীৱন সদস্যলৈ বিনামূলীয়াকৈ প্ৰেৰণ কৰা হয় আৰু শিক্ষায়তনৰ কাৰ্য্যালয় আৰু শাখা কাৰ্য্যালয়সমূহৰ পৰা আলোচনীখন ক্ৰয়ো কৰিব পাৰি। ছাত্ৰ-ছাত্ৰী, আনকি শিক্ষকসকলকো বৌদ্ধিক খোৰাক যোগোৱাত এই আলোচনীখনৰ অৰিহণা অসীম।

12 Comments
  • ভাস্কৰ জ্যোতি বৰুৱা
    Posted at 13:46h, 07 November Reply

    খুউব ভাল হৈছে । আপোনাৰ শলাগ ললো ।

  • পাপু দাস
    Posted at 20:07h, 22 December Reply

    105 খন কিতাপৰ যি তত্বগধুৰ আলোচনা তথা প্ৰয়োজনীয় সবিৱেশ তথ্য আপুনি আগবঢ়াইছে আমাৰ দৰে পঢ়ুৱৈ সদায় আপোনাৰ উচৰত কৃতজ্ঞ হৈ ৰ’ম ।

  • suresh devnath
    Posted at 14:01h, 10 April Reply

    ধন্যবাদ

  • Pallab Borah
    Posted at 07:51h, 28 May Reply

    আপোনাৰ মন্তব্য আগবঢ়াওক…উপকৃত হলো….

  • Najmal Hussain
    Posted at 15:58h, 24 November Reply

    মই কেইটামান কবিতা লিখিছো. কবিতাবোৰ কিতাপ আকাৰে কেনেকৈ প্ৰকাশ কৰিব পাৰিম… plz জনাব

    • পংকজ জ্যোতি মহন্ত
      Posted at 00:44h, 27 November Reply

      আপুনি কোনো গ্ৰন্থ-প্ৰকাশন প্ৰতিষ্ঠানলৈ গৈ তেওঁলোকৰ সৈতে আলোচনা কৰিলে তেওঁলোকে সবিশেষ জনাব পাৰিব।

  • চম ৰায়
    Posted at 10:17h, 08 September Reply

    মোৰ ফালৰ পৰাও আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

  • Sujit Bharali
    Posted at 19:29h, 03 June Reply

    বৰ ভাল কাম এটা কৰি আছে আপুনি৷ শুভেচ্ছা জনাইছোঁ৷

  • ৰাজেন দাস
    Posted at 17:40h, 14 October Reply

    সুন্দৰ, বহু উপকৃত হৈছোঁ
    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • মৃণ্ময় লহকৰ
    Posted at 23:08h, 24 November Reply

    জীৱকান্ত গগৈৰ স্বাধীনতা সংগ্ৰামৰ গীত কিতাপ খনৰ প্ৰকাশক কোন আৰু কত পোৱা যায় জনাব নেকি

Post A Comment