মেধাৱী শিক্ষক

মই পঢ়া এমঃইঃ স্কুলখন বিভিন্ন কাৰণত একদম বেয়া আছিল৷ যোৱা বছৰ সৰু ল’ৰা এজনক লগ পালোঁ৷ ল’ৰাজনক ইটো-সিটো সুধি আছিলোঁ – এতিয়া ক’ত পঢ়ি আছা, কি বিষয় পঢ়িছা, হাইস্কুল ক’ত পঢ়িছিলা, এমঃইঃ-এলঃপিঃ ক’ত পঢ়িছিলা ইত্যাদি৷ তেওঁ এমঃইঃ স্কুলখনৰ নামটো কোৱাত সুধিলোঁ – “স্কুলখন কেনেকুৱা? ভাল নে?” তেওঁ ক’লে – “আজিকালি ভাল হ’ল৷ দুজন টেট শিক্ষক আহিল৷ ভাল ভাল৷ অংক আৰু বিজ্ঞানৰ৷ এতিয়া বহুত ভাল হ’ল৷” মই ক’লো, মইয়ো তাতহে পঢ়িছিলোঁ৷ নিজে পঢ়া স্কুলখন ভাল হোৱা বুলি শুনি মনটো ভাল লাগি গ’ল৷ পিছত এইধৰণৰ আৰু কিছুমান খবৰ পালোঁ৷

তাৰ অলপ দিন পাছত সেইখন স্কুলৰে পুৰণা শিক্ষক এজন লগ পাই সুধিলোঁ – “ছাৰ আজিকালি স্কুলখন কেনেকুৱা হৈ আছে? আজিকালি বহুত ভাল হৈছে বুলি শুনিছোঁ৷” তেওঁ লগে লগে ক’লে, “ভাল হ’ল, বহুত ভাল হ’ল৷ দুজন টেট শিক্ষক আহিল নহয়৷ দুয়োটা সৰু সৰু, চোকা চোকা ল’ৰা৷ অংক আৰু বিজ্ঞানৰ৷”

দুজন বেলেগ বেলেগ মানুহৰ পৰা বেলেগ বেলেগ সময়ত অহা একেটা উত্তৰ – “দুজন টেট শিক্ষক আহিল; চোকা চোকা ল’ৰা৷” ইয়াত এটা ভাল কথা সোমাই আছে৷

টেট পৰীক্ষাৰ এটা বিৰাট ঢৌ উঠিছিল প্ৰথমতে৷ বহুতো চোকা চোকা ল’ৰা-ছোৱালী পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল৷ টেট উত্তীৰ্ণ হৈ চাকৰি কৰা হয়তো ৮০ শতাংশয়েই বেলেগ চাকৰি সামান্য কষ্ট কৰিয়েই পালেহেঁতেন, বা তেওঁলোকে এতিয়াও পাব পাৰে৷ কিন্তু তেওঁলোকে শিক্ষকতাৰ পথ বাছি লোৱাত শিক্ষা ব্যৱস্থাত বহুতো দীৰ্ঘম্যাদী সুপ্ৰভাৱ পৰিছে আৰু পৰিব৷ (এতিয়াও ফাকি দিয়া কিছুমান আছে, ভিতৰুৱা গাঁৱত সচেতন মানুহ নাথাকিলে স্কুললৈ দুপৰীয়া গৈ ক্লাছ-শ্লাছ নকৰাকৈ দৰমহা লুটি থকা এচাম টেট শিক্ষকো আছে বুলি শুনা যায়৷ সেইবোৰ বাদ৷)

একো একোজন চোকা ছাত্ৰ-ছাত্ৰী, যিসকলে কলেজতো চাকৰি কৰিব পাৰিলেহেঁতেন, প্ৰশাসনিক বিষয়া হ’ব পাৰিলেহেঁতেন – তেওঁলোকে স্কুলত পঢ়ুৱাই আছে৷ ইয়াৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ লগতে তেওঁলোকে কিছুমান সৰু সৰু অতি দৰকাৰী কনচেপ্ট আয়ত্ব কৰাত সুপ্ৰভাৱ পৰিব৷ কাৰণ এই শিক্ষকসকলৰ সেই সম্পৰ্কীয় বহুত জ্ঞান থাকে, ওপৰৰ শ্ৰেণীত তেওঁলোকে সেইবোৰ আয়ত্ব কৰি থৈছে৷

যিসকল উচ্চশিক্ষিত মানুহ, ভাল ভাল চাকৰি কৰি থকা মানুহ, যেনে প্ৰশাসনিক বিষয়াসকল, অধ্যাপকসকল, প্ৰশিক্ষকসকল, বিশ্ববিদ্যালয়ত ভাল ভাল ৰিজাল্ট কৰাসকল; বিজ্ঞান, কলা, অভিযান্ত্ৰিকী, চিকিৎসা, বানিজ্য – যিকোনো বিষয়ৰে সেই ব্যক্তিসকলে সুযোগ উলিয়াই স্কুল পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাজে মাজে কাম কৰিব লাগে৷ স্কুলত ক্লাছ ল’ব নোৱাৰিলেও, অন্ততঃ কিছুমান নোট প্ৰস্তুত কৰা, বিষয় এটা বহলাই আলোচনা কৰা, বিষয় একোটা সম্পৰ্কীয় বক্তৃতা-ভিডিঅ’ নিৰ্মাণ কৰা আদি কাম নিশ্চয় কৰিব পাৰে৷ অলপদিনৰ আগতে প্ৰাক্তন DGP মুকেশ সাহায় স্কুলত ক্লাছ ল’বলৈ যোৱাৰ খবৰ নিশ্চয় সকলোৱে পাইছিল৷

পঠনীয়:  প্ৰচলিত অৰ্থত সফল নহ'লেও আপোনাৰ কামৰ মূল্য থাকিব পাৰে

এই সম্পৰ্কীয় এটা বহুত ডাঙৰ উদাহৰণ হ’ল Khan Academy (https://www.khanacademy.org)৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ কামত আহিব পৰা ২৫ টাৰো অধিক টোকা ধৰ্মী দীঘল দীঘল প্ৰবন্ধ প্ৰস্তুত কৰিছিলোঁ৷ তাৰে কেইটামান “অংক নহয় আতংক” নামৰ কিতাপখনত সন্নিবিষ্ট কৰা হৈছে৷ তাৰ বাবে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গণিতৰ কিতাপসমূহো চাইছিলোঁ, আজিকালি তাত কি কি আছে জানিবলৈ৷ আৰু তেতিয়া দেখিলোঁ, তাত থাকিবলগীয়া কিছুমান সৰু সৰু দৰকাৰী কথা নাই; যিবোৰ থকাটো উচিত আছিল৷ বেছি কথা নহয়, হয়তো কোনোবা এটা স্থানত কেৱল এটা বাক্য৷ কিন্তু তাত নথকা সেই এটা বাক্যই অতি গুৰুত্বপূৰ্ণ আছিল৷ এয়া মাথোঁ মই চাই কোৱা কথাহে; গণিতৰ একোজন তীক্ষ্ণধী অধ্যাপকে যদি সেইবোৰ চাই, তেন্তে তেওঁ আৰু অধিক তেনেকুৱা পাব পাৰে৷ তেনেকুৱা সমস্যা দেখিলে কেতিয়াবা Khan Academyৰ ভিডিঅ’-বিলাক চাওঁ৷ তেতিয়া তাত দেখোঁ, একদম মনে বিচৰা ধৰণে বিষয়বোৰ আলোচনা কৰিছে৷ তাৰ পৰা নিজকে পৰীক্ষা কৰি চাব পাৰি৷ তেওঁলোকৰ পৰা নিখুঁতভাৱে কথাবোৰ শিকিব পাৰি৷

তেওঁলোকৰ দ্বাৰা এইটো কেনেকৈ সম্ভৱ হৈছে বাৰু?

খান একাডেমীৰ ভিডিঅ’ প্ৰস্তুত কৰাসকল বিশ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়বোৰৰ ডিগ্ৰীধাৰী৷ অক্সফ’র্ড, হাৰ্ভাৰ্ড, ষ্টেনফ’ৰ্ড, ….৷ যিবোৰত নামভৰ্তি কৰাটোৱেই সাধনাৰ কাম৷ কিন্তু তেওঁলোকে ভিডিঅ’-পাঠ প্ৰস্তুত কৰিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে৷ হায়াৰ ছেকেণ্ডাৰী দ্বিতীয় বৰ্ষৰ পৰ্যায়লৈকে৷ সেয়েহে সেই বিষয়বোৰ তেওঁলোকে বহল দৃষ্টিভংগীৰে নিখুঁতভাৱে বুজাবলৈ সক্ষম হৈছে৷ খান একাডেমীৰ প্ৰতিস্থাপক চালমান খান নিজেও বিশ্বশ্ৰেষ্ঠ শিক্ষা প্ৰতিষ্ঠান MITৰ তিনিটা ডিগ্ৰীধাৰী, আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এমবিএ ডিগ্ৰীধাৰী৷ তেওঁৰ অনুষ্ঠানটো আৰম্ভ হৈছিল ভনীয়েকক অংক শিকাবলৈ লৈ৷ তেওঁ এমআইটিত পঢ়ি থকা সময়ত ভনীয়েকে ঘৰত স্কুলত পঢ়ি আছিল৷ পাঠ্যপুথিৰ পৰা অংকবোৰ ভালকৈ শিকিব নোৱাৰি ভনীয়েকে ককায়েকক সুধিছিল৷ আৰু ককায়েকে দূৰৈৰ পৰাই ভিডিঅ’ কৰি কৰি ভনীয়েকক বুজাই দিছিল৷ ককায়েকৰ ভিডিঅ’বোৰৰ পৰা ভনীয়েক আৰু তাইৰ লগৰবোৰেও ভালকৈ কথাবোৰ বুজি পাইছিল৷ তেনেকৈয়ে চালমান খানে গম পাইছিল ছাত্ৰ-ছাত্ৰীৰ কি কি সমস্যা হয়৷ সকলো ছাত্ৰ-ছাত্ৰীৰ কামত অহাকৈ তেওঁ ভিডিঅ’ প্ৰস্তুত কৰিবলৈ ধৰিলে আৰু খান একাডেমী প্ৰতিষ্ঠা কৰিলে৷ খান একাডেমীক স্প’নচ’ৰ কৰে গুগলৰ দৰে প্ৰতিষ্ঠানে৷ এতিয়া খান একাডেমীত গণিতৰ লগতে পদাৰ্থ বিজ্ঞান, ৰসায়ণ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, অৰ্থনীতি, জীৱবিদ্যা, বুৰঞ্জী, ব্যাকৰণ আদিৰো ভিডিঅ’-পাঠ সন্নিবিষ্ট কৰা হৈছে৷ কেইবাটাও বেলেগ বেলেগ ভাষাতো ভিডিঅ’-পাঠ আৰম্ভ হৈছে৷

উচ্চ শিক্ষিত বা উচ্চ পদৱীৰ মানুহ এজনে সৰু ল’ৰা-ছোৱালীৰ বাবে কাম কৰিবলৈ মানসিক দৃঢ়তা আৰু মানসিক চাপ’ৰ্টৰো দৰকাৰ হয়৷ মুকেশ সাহায় দৰে মানুহৰ সেইখিনি নিশ্চয় আছে৷ এমআইটিৰ দুটা স্নাতক ডিগ্ৰী, এটা স্নাতকোত্তৰ ডিগ্ৰী আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এমবিএ ডিগ্ৰী থকা চালমান খানৰ চাকৰি কেনে পৰ্যায়ৰ হ’লগৈহেঁতেন, সকলোৱে অনুমান কৰিব পাৰিব৷ বা খান একাডেমীৰ লগত জড়িত বাকীসকলৰো৷ বিল গেটছে চালমান খানৰ পত্নীক ধন্যবাদ জনাইছিল – চালমান খানে খান একাডেমী প্ৰতিষ্ঠাৰ বাবে চাকৰিটো এৰি দিয়াত তেওঁ বাধা নিদিয়া বাবে৷

No Comments

Post A Comment