কেৰোলিৰ বাওঁহাত আৰু সেই ঐতিহাসিক বিজয়

“এয়া ১৯৩৮ চনৰ কাহিনী৷ কেৰোলি নামৰ এজন মানুহ আছিল৷ হাঙ্গেৰীয় আৰ্মি (Hungarian Army)৷ আৰু তেওঁ সেই দেশৰ সৰ্বশ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ আছিল৷ সেই দেশত যিমানবোৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, তেওঁ ইতিমধ্যে সেইবোৰত বিজয় সাব্যস্ত কৰিছিল৷ আৰু সকলোৱেই প্ৰায় নিশ্চিতই আছিল, ১৯৪০ত হ’বলগীয়া অলিম্পিকত স্বৰ্ণপদক কেৰোলিয়েই জয় কৰিব৷

তেওঁ বছৰ বছৰ ধৰি অনুশীলন চলাই আছিল৷ তেওঁৰ এটাই সপোন আছিল, এটাই ফ’কাছ আছিল – “মোৰ এই হাতখন শ্বুটিঙত বিশ্বশ্ৰেষ্ঠ হাত কৰি তুলিব লাগিব৷ শ্ৰেষ্ঠ হ’ব লাগিব; শ্ৰেষ্ঠ হ’বই লাগিব”৷ আৰু তেওঁ সফল হৈয়েই গৈছিল, শ্বুটিঙৰ বিশ্বশ্ৰেষ্ঠ হাতখন তেওঁ গঢ়িয়েই তুলিছিল, মাথোঁ মাজত দুটা বছৰ বাকী আছিল৷

১৯৩৮ চনত আৰ্মিৰ এটা প্ৰশিক্ষণ কেম্প চলি আছিল৷ তেওঁতো আৰ্মিত আছিল, তাতে এটা দুৰ্ঘটনা ঘটি গ’ল৷ তেওঁৰ সেই হাতখনত, যিখনেৰে তেওঁ স্বৰ্ণপদক জয় কৰিবলগীয়া আছিল, সেই হাতখনতেই এটা হেণ্ড-গ্ৰেনেড ফুটি থাকিল৷ আৰু হাতখন শেষ হৈ গ’ল৷ যিটো তেওঁৰ সপোন আছিল, যিটোত তেওঁৰ ফ’কাছ আছিল, সব খটম৷

তেওঁৰ সমুখত দুটা পথ খোলা আছিল৷ এটা হ’ল, বাকী গোটেই জীৱন তেওঁ কান্দি কান্দি চকুলো বোৱাই কটাই দিব আৰু মানুহৰ আঁৰত কোনোবা চুকত সোমাই নিজকে হেৰাই যাবলৈ দিব৷ নতুবা, তেওঁৰ যি সপোন আছিল, য’ত তেওঁ ফ’কাছ কৰিছিল, তাক পুনৰ বান্ধি ধৰি ৰাখিব৷

যিটো তেওঁৰ হেৰাই গ’ল, যিটো তেওঁৰ নাই, তেওঁ তাত ফ’কাছ নকৰিলে৷ তেওঁ ফ’কাছ কৰিলে সেইটোত, যিটো তেওঁৰ ওচৰত আছে! যিটো তেওঁৰ ওচৰত আছিল! আৰু কি আছিল তেওঁৰ ওচৰত? এখন বাওঁহাত৷ এখন এনেকুৱা হাত (বাওঁহাত), যিখনেৰে তেওঁ আনকি লিখিবও নোৱাৰে৷

এক মাহ ধৰি তেওঁৰ চিকিৎসা চলিল, সোঁ হাতখনৰ বাবে৷ আৰু পুৰা এক মাহৰ পিছতে, বাওঁ হাতখনৰ অনুশীলন তেওঁৰ আৰম্ভ হৈ গ’ল৷

প্ৰশিক্ষণৰ এক বছৰৰ পিছত, অৰ্থাৎ ১৯৩৯ত, তেওঁ পুনৰ উভটি আহিল খেলপথাৰলৈ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা চলি আছিল৷ আৰু বহুতো পিষ্টল শ্বুটাৰ আছিল তাত৷ তেওঁ গৈ সকলোকে অভিবাদন জনালে৷ সকলোৱে ক’লে, “এয়াহে উচ্ছ্বাস! এয়াই প্ৰকৃত খেলুৱৈৰ উদ্যম৷ ইমানখিনি হৈ যোৱাৰ পিছতো তুমি ইয়ালৈ আহিছা আমাক দেখা কৰিবলৈ, আমাৰ মনোবল বঢ়াবলৈ৷”

কোনেও কিন্তু গম পোৱা নাছিল যে তেওঁ এক বছৰ ধৰি বাওঁ হাতখনেৰে অনুশীলন চলাই আছিল৷ তেওঁ উত্তৰ দিলে, “মই ইয়ালৈ তোমালোকৰ মনোবল বঢ়াবলৈ অহা নাই, মই তোমালোকৰ লগত প্ৰতিদ্বন্দিতা কৰিবলৈ আহিছোঁ৷ তোমালোকৰ সৈতে যুঁজিবলৈ আহিছোঁ৷ সাজু হোৱা!!”

প্ৰতিযোগিতা চলিল৷ বাকী সব, তাত যিমানবোৰ প্ৰতিযোগী আছিল, সবেই প্ৰতিদ্বন্দিতা কৰিছিল নিজৰ আটাইতকৈ শ্ৰেষ্ঠ হাতখনেৰে৷ এওঁ প্ৰতিদ্বন্দিতা কৰিছিল নিজৰ একমাত্ৰ হাতখনেৰে৷ একমাত্ৰ হাতখনেৰে!! কোন জিকিল?? এখন মাথোঁ হাত থকা মানুহজন৷ কেৰোলি৷ জিকি গ’ল!

কিন্তু তেওঁ ইয়াত নৰ’ল৷ তেওঁৰ লক্ষ্য স্পষ্ট আছিল, যে মোৰ এই হাতখনক এই দেশত নহয়, গোটেই পৃথিৱীত পিষ্টল শ্বুটিঙত শ্ৰেষ্ঠ হাত কৰি তুলিব লাগিব৷ তেওঁ সম্পূৰ্ণ ফ’কাছ নিক্ষেপ কৰিলে ১৯৪০লৈ৷ যেতিয়ানেকি অলিম্পিক হ’বলগীয়া আছিল৷ কিন্তু ১৯৪০ৰ অলিম্পিক বাতিল কৰা হ’ল৷ মহাসমৰৰ বাবে৷

ইয়াৰ পিছত তেওঁ সম্পূৰ্ণ ফ’কাছ ক’লৈ নিক্ষেপ কৰিলে?? ১৯৪৪ত যি অলিম্পিক হ’বলগীয়া আছিল তালৈ নিক্ষেপ কৰিলে৷ আৰু ১৯৪৪ত যি অলিম্পিক হ’বলগীয়া আছিল সেয়াও বাতিল হ’ল৷ মহাসমৰৰ বাবে পুনৰ বাতিল হৈ গ’ল৷ তেওঁ সম্পূৰ্ণ ফ’কাছ নিক্ষেপ কৰিলে ১৯৪৮ৰ অলিম্পিকলৈ৷ ১৯৩৮ত তেওঁৰ বয়স আছিল ২৮ বছৰ৷ ১৯৪৮ত তেওঁৰ বয়স হ’লহি ৩৮ বছৰ৷ আৰু যিসকল ডেকা খেলুৱৈ নতুনকৈ আহে, তেওঁলোকৰ সৈতে প্ৰতিদ্বন্দিতা কৰাটো অত্যন্ত কঠিন হৈ উঠে৷ কিন্তু কঠিন বোলা শব্দ এটা তেওঁৰ অভিধানতে নাছিল৷ তেওঁ গ’ল৷ গোটেই পৃথিৱীৰ শ্ৰেষ্ঠ শ্বুটাৰসকল আহিছিল, যি নিজৰ শ্ৰেষ্ঠ হাতখনেৰে যুঁজিছিল, আৰু এওঁ যুঁজিছিল নিজৰ একমাত্ৰ হাতখনেৰে৷ আৰু কোন জিকিল?? এখন মাথোঁ হাত থকা মানুহজন!

কিন্তু তেওঁ তাৰ পিছতো নৰ’ল৷

১৯৫২ চন৷ অলিম্পিক৷ দ্বিতীয়বাৰ প্ৰতিদ্বন্দীতা কৰিলে তেওঁ৷ আৰু এইবাৰ স্বৰ্ণপদক কোনে পালে? কেৰোলি! চাৰি বছৰৰ পিছত, দ্বিতীয়বাৰৰ বাবে! আৰু অলিম্পিকৰ গোটেই ইতিহাস সলনি কৰি পেলালে৷ তেওঁৰ পূৰ্বে, এই প্ৰতিযোগীতাৰ কোনো খেলুৱৈয়েই, লগত লগত দুবাৰ স্বৰ্ণপদক জয় কৰিব পৰা নাছিল৷

কোনোবা পৰাজিতৰ কাষলৈ যাওক, তেওঁৰ ওচৰত অজুহাতৰ এখন দীঘল তালিকা থাকিব৷ যে মই এইটো কাৰণে জীৱনত বিফল হ’লোঁ, এইটোৰ বাবে একো কৰিব নোৱাৰিলোঁ, …. বহুত দীঘল তালিকা৷

আনফালে, এজন বিজয়ীৰ কাষলৈ যাওক৷ কৰিব বিচৰা কামটো নকৰিবৰ বাবে যাৰ ওচৰত হাজাৰটা কাৰণ থাকিব; কিন্তু তেওঁ কৰিব বিচৰা কামটো কৰিবৰ বাবে এটা কাৰণ থাকিব যিটোৰ বাবে তেওঁ কামটো কৰি পেলাব৷”

এয়া হ’ল সন্দীপ মহেশ্বৰীৰ হিন্দীৰ বক্তৃতা ভিডিঅ’ এটাৰ অনুবাদ৷ কোটি কোটি মানুহে দৰ্শন কৰা, লাখ লাখ মানুহক অনুপ্ৰাণিত কৰা মাথোঁ সাত মিনিটৰ ভিডিঅ’টো ইউটিউবত এই লিংকটোত চাব পাৰিব: https://youtu.be/Sd-YsMs3OzA

এই ধৰণৰ ভিডিঅ’বিলাক জনপ্ৰিয় হোৱাৰ বহুতো কাৰণ থাকে৷ এই ভিডিঅ’ চালেই দেখিব: কথাৰ লগত মিলাকৈ ভিডিঅ’ দৃশ্যবোৰৰ বঢ়িয়া এডিটিং, পুৰা সংক্ষিপ্ত আৰু পোনপটীয়া বৰ্ণনা, কথাবোৰ কোৱাৰ সুৰ আৰু কথাবোৰত দিয়া জোৰবোৰ, ব’ডি লেংগুৱেজ, …. এইবোৰ সব মিলি এটা ধুনীয়া ভিডিঅ’৷ সংক্ষিপ্ত, সৰল আৰু পোনপটীয়া বৰ্ণনা কেৱল ভিডিঅ’ৰ ক্ষেত্ৰতে নহয়, প্ৰবন্ধ আদিতো এই কথাটো অতিকে প্ৰয়োজন৷ ইয়াৰ দ্বাৰা পাঠকক আপ্লুত কৰিব পাৰি, সহজে মানুহৰ মাজত জ্ঞান তথা বিবিধ চিন্তাধাৰাৰ প্ৰচাৰ কৰিব পাৰি৷ সেয়েহে, এই বক্তৃতাটো অনুবাদ কৰাৰ উদ্দেশ্য দুটা৷ ১) কেৰোলিৰ কাহিনীৰে কিছুসংখ্যক মানুহক অনুপ্ৰাণিত কৰা৷ ২) সেই সাৱলীল বৰ্ণনাখিনি অসমীয়া শব্দত তথা অসমীয়া বাক্যত কেনেকুৱা হয় তাক পৰীক্ষা কৰি চোৱা৷

No Comments

Post A Comment