কাব্য-চৰ্চা :)

(১)

সৰিবলৈ ওন্দোলি থকা দুখৰ লোতকবোৰ গোট মাৰি বৰফ হ’ল

বৰফ গাঢ় হৈ হৈ একেবাৰে “বসু-আইনষ্টাইন ঘণীভূত অৱস্থা” পালেগৈ

পৃথিৱীত এনেকুৱা আৰু কোনো সুতীক্ষ্ণ অনুভূতি নাই

যি সেইবোৰ উষ্ণ কৰি পুনৰ চকুলো হৈ বোৱাব

এতিয়া কেৱল সুখেই সুখ।

(২) বিদায় ধুমুহা

বিদায় ধুমুহা

আৰু কিছুদিনলৈকে তুমি হয়তো নাহা

তুমি নহালৈকে মই অলপ কাম কৰি লওঁ

কাৰণ, তুমি আহিলে

মই কেৱল তোমাৰ লগতে ব্যস্ত হ'ব লাগিব...

(৩) হৃদয়-2013 ত 500GB খালি হৈ আছে

মোৰ 600 GB ৰ হৃদয়খনৰ 50 GB ৰ ড্ৰাইভ এটা

তোমাৰ ফটোৰে ভৰপুৰ কৰিম বুলি

খালি কৰি ৰাখিছোঁ৷

আৰু 450 GB ও খালি হৈ আছে

তুমি ই-বুক, মাল্টিমিডিয়া আদিও সাঁচি ৰাখিব পাৰিবা৷

ৰেম কিন্তু 4 GB হে

আৰু গ্ৰাফিক্স কাৰ্ড নাই

গেম খেলিব নোৱাৰিবা তুমি৷

তুমি কেনেকৈ চলোৱা তাৰ ওপৰতে নিৰ্ভৰ কৰিব

সি কিমান দিন ভালে চলে

Temp ফাইলবোৰ নিয়মীয়াকৈ

ময়েই ডিলিট কৰি থাকিম

তুমি মাথোঁ Refresh মাৰি থাকিলেই হ'ল৷

আত্মবিশ্বাসৰ এণ্টিভাইৰাছ এটাও ইনষ্টল কৰা আছে

নিন্দা বা মিছা অপবাদৰ ভাইৰাছে অকণো আমনি কৰিব নোৱাৰে৷

সেইবুলি তুমি বেলেগৰ পেন-ড্ৰাইভ নভৰাবা

ভাইৰাছবোৰ ডিলিট মাৰি থাকোঁতে

তোমাৰেই অশান্তি হ'ব৷

(৪) এটা সপোনৰ মৃতদেহৰ কাষত

এটা সপোনৰ মৃতদেহ চাই বহি আছোঁ মই

কি পৰিহাস! সি জন্মতেই মৃত হৈ আহিছিল

মাথোঁ প্ৰসৱ বেদনাহে আছিল সত্য

তাৰ বাহিৰে সকলো অবাস্তৱ। সি মৃত!

জন্মতেই মৰি আহিছিল সি। সি এটা মৰা সপোন।

সেই মৰা সপোনক কাষত লৈ বহি আছোঁ মই অত দিন!

কেই বছৰ হৈ গ’ল?

মইতো তাক খৰি দিয়া দূৰৰে কথা, তাক মই কবৰো দিব নোৱাৰো

ইমান উজ্জ্বল হৈ আহিছে সি সময়ৰ লগে লগে

দিন যোৱাৰ লগে লগে তাৰ শৰীৰৰ পৰা ওলাইছে সুগন্ধ। আৰু

তাৰ পঁয়া লগা লেহুকা কেঁচা-কোমল হাড়

দিন যোৱাৰ লগে লগে মোক শক্তি-সাহস যোগাৱা কঠিন ধাতুলৈহে পৰিণত হৈছে।

মইতো তাক কবৰো দিব নোৱাৰো, খৰি দিয়াটো দূৰৰে কথা।

কিন্তু সি যে এটা মৃত সপোন। জন্মতেই মৃত!

(“এনেদৰেই সমুখত আমাৰ জ্বিলিকি থাকে জীয়া সপোনবোৰৰ মৃতদেহ”, সহপাঠী ধ্ৰুৱজ্যোতি ওজাৰ উক্তি।)

(৫) ঢলপুৱাৰ হত্যাকাণ্ডটো

আঘোণৰ শুকাই যোৱা গোটেই পুখুৰিটোক কুঁৱলীডৰাই সাবটি ধৰিছে।

আৰু যেন আঁতৰি নাযাওক পানীখিনি৷

কিন্তু আঘোণৰে মাথোঁ শেষলৈকেও পুখুৰিটো থাকিব জানো অন্ততঃ জীপাল হৈ?

কুঁৱলীজাকৰ বেদনা কেৱল সিমানেই জানো?

পুৱাৰ ৰ'দছাটিয়েইটো হত্যা কৰি নেপেলাবনে সিহঁতক?

এই পুৱতীনিশা কুঁৱলীজাকে উচুপি উঠিছে

ক্ষন্তেক পাছতে হ'বলগা সিহঁতৰ হত্যাকাণ্ডটোৰ কথা ভাবি৷

পাতৰ আগেৰে সৰি থকা তেজৰ সমান উষ্ণ সিহঁতৰ টোপাল টোপাল চকুলোৱে পৃথিৱী কঁপাই তুলিছে৷

পঠনীয়:  প্ৰতিবাদৰ ব্যৱসায়

ক্ষন্তেক পাছতে হ’বলগা নিজৰেই হত্যাকাণ্ডলৈ সিহঁতে অপেক্ষা কৰিছে।

(৬)

কেতিয়াবা খুৱ মধুৰ জীৱন এটা পাব মন যায়৷ এই ধৰক-

বাঘৰ আগতেল খাব মন যায়, নতুবা

সাপৰ জিভাত চুমা খাব মন যায়৷

ইমান সুন্দৰ সাপ বিলাক,

ইমান উজ্জ্বল আৰু তিৰবিৰ সিহঁতৰ ৰং,

আৰু প্ৰতিটো মুহূৰ্ততে ইমান সাহসী

আৰু ইমান নান্দনিক সিহঁতৰ চলন-ফুৰণ৷

ইমান তীব্ৰবেগী কাঁড় এপাতৰ দৰে বায়ু ফালি সিহঁত গুচি যাব পাৰে লক্ষ্যস্থানলৈ সুতীক্ষ্ণভাৱে৷

কিমান মধুৰ সিহঁতৰ জীৱন৷

তাতেই বিলীন হৈ ৰ'ব পৰা হ'লে!

ভৰ দুপৰীয়াখন সিহঁতে মোৰ খিৰিকিৰ কাষৰ ফুল জোপাত ডালে ডালে বিচৰণ কৰোঁতে, নতুবা ভূমিয়েদি আগুৱাই আহোঁতে যেতিয়া মোৰ খোজৰ কম্পন অনুভৱ কৰি থমকি ৰৈ দিয়ে, তেতিয়া সিহঁতক মোৰ কাষলৈ আহ্বান জনাই আলিংগন কৰিবলৈ মন যায় কেতিয়াবা মোৰ৷ আৰু সিহঁতৰ বিষাক্ত জিভাত চুমাৰে ওপচাই তাত অমৃত বৰষিবলৈ মন যায় কেতিয়াবা মোৰ৷ নতুবা সিহঁতৰ জিভাৰ চুম্বনৰত-সোৱাদ লৈ নিজেই তেজাল হৈ উঠিবলৈ মন যায় কেতিয়াবা মোৰ৷

(৭) মৰুভূমিৰ গান

মৰুভূমিত মৰীচিকা খেদি ফুৰোঁতে বালি-ধেমালি খেলিবলৈ সময়েই নহ'ল৷ গন্তব্যস্থলো ক'ৰবাত নিৰুদিষ্ট হৈ গ'ল৷ তপত বালিৰ উত্তাপত জীৱনটোও প্ৰায় বৰবাদ হৈ গ'ল৷

কিন্তু, মই আৰম্ভ কৰিব পাৰোঁ নতুনকৈ৷ মই পুনৰ যাত্ৰা কৰিব পাৰোঁ জীপাল ভূমিৰ সীমনালৈ৷ আৰু মোকেই উপহাস কৰি শুই পৰা দৌৰবিদ বীৰ একিলিছক অতিক্ৰম কৰি মই পুনৰ গুচি যাব পাৰোঁ মোৰ লক্ষ্যস্থানলৈ৷ নতুবা ইয়াকেই মই পৰিণত কৰিব পাৰোঁ এখন আটকধুনীয়া মৰুদ্যানলৈ৷

(৮) ৰাসলীলা

ৰাধাক উদ্দেশ্য কৰিয়েই কানাইয়ে প্ৰতিনিশা বজায় বাঁহী।

কিন্তু ইমান বেসুৰা তাৰ বাঁহীৰ সুৰ!

ৰাধাই ভাল পোৱাতো বাদেই

সমুখৰ হোষ্টেলবোৰৰ ল’ৰা-ছোৱালীবোৰেই গালি পাৰি থাকে—

“ইয়াক কোনোবাদিনা লগ পালেই কাটিম,

সদায় কি ফাল্টু বজাই বজাই আমনি কৰি থাকে”!

(৯) স্বপ্নৰ মৰিশালিত দিৱা-ৰাত্ৰী

চাব বিচাৰোঁ আকাশৰ অযুত নক্ষত্ৰৰ তিৰবিৰণি

কিন্তু, প্ৰতিদিনে বন্দী হৈ যাওঁ হতাশাৰ বন্ধ খুপৰিত

চালত হেঁপাহৰ পখীবোৰে মৃত্যুৰ আৰ্তনাদ কৰি থুপুৰ থুপুৰকৈ সৰে,

ওৰে দিন, ওৰে ৰাতি

বেৰৰ সিপাৰে মোৰ মৃত সপোনৰ দুৰ্গন্ধ

(১০)

 

No Comments

Post A Comment