জেছ কুইন

কেঞ্চাৰত আক্ৰান্ত হৈ ৯ বছৰ বয়সত সোঁ ভৰিখন কটাই পেলাবলগীয়া হোৱা যুৱতী এগৰাকীৰ ২০১৬ চনৰ প্ৰথমভাগত তোলা এখনি ফটো ইনষ্টাগ্ৰামত 'ভাইৰেল' হৈ পৰিছিল৷ ইনষ্টাগ্ৰাম প্ৰধানকৈ হ'ল কিছুমান নিৰ্দিষ্ট জোখৰ ফটো আপল'ড কৰিব পৰা আৰু আনে আপল'ড কৰা ফটো সুবিধা অনুসৰি চাব পৰা এটি এপ্, যিটো বৰ্তমান বিশ্বৰ সৰ্বাধিক ব্যৱহৃত এপসমূহৰ এটা৷ ইয়াত বৰ্তমান ৬০ ছেকেণ্ডতকৈ কম দৈৰ্ঘ্যৰ ভিডিঅ'ও আপল'ড কৰিব পাৰি; আৰু ফটো বা ভিডিঅ' আপল'ড কৰাৰ পূৰ্বে কিছু সম্পাদনা কৰাৰো কেইটামান সুবিধা আছে৷ একোখন ফটো বা ভিডিঅ'ৰ সৈতে কেপচনৰ দৰে সাধাৰণ তিনি পেৰাগ্ৰাফমান জোখৰ (সৰ্বোচ্চ ২২০০টা চিহ্ন যুক্ত) বক্তব্যও লিখিব পাৰি৷ সেয়েহে এপটো বিভিন্ন ফটো চোৱাৰ, বিজ্ঞাপন দিয়াৰ বা ফটোৰ জৰিয়তে বন্ধু-বান্ধৱ-আত্মীয়ৰ সৈতে সংস্পৰ্শ ৰখাৰ মাধ্যম হোৱাৰ লগতে অসংখ্য মানুহৰ বাবে বিভিন্ন বিষয়বস্তুৰ বাৰ্তা বা কিছু জ্ঞান আহৰণৰো এটি উপায়৷ বিবিধ প্ৰতিষ্ঠান, সংস্থা, চেলিব্ৰিটি আদিকে আৰম্ভ কৰি বহুতে এইদৰে বক্তব্য প্ৰচাৰ কৰা উপৰি বহুতে ইনফ'গ্ৰাফী, বিভিন্ন বক্তব্য বা উদ্ধৃতি আদিৰ পোষ্টাৰো ফটো হিচাপে আপল'ড কৰে৷ সেই যুৱতীগৰাকীয়ে নিজৰ জীৱন কাহিনী তথা তেওঁৰ প্ৰত্যাহ্বানমূলক দৈনন্দিন কৰ্মসূচীৰ কথাৰে আনক উদ্বুদ্ধ কৰিবলৈ এটা ৱেবছাইট নিৰ্মাণ কৰাবলৈ লৈছিল আৰু সেই ৱেবছাইটটোত সন্নিবিষ্ট কৰিবলৈ এজন বিশিষ্ট ফটোগ্ৰাফাৰৰ হতুৱাই কেইখনমান ফটো উঠাইছিল৷ তাৰে এখন ফটো কিছু বক্তব্যৰে সৈতে তেওঁ যেতিয়া নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলটোত আপল'ড কৰিলে, সেই নিৰ্দিষ্ট ফটোখন ইজনৰ পাছত সিজনে দেখি বহুতে নিজৰ নিজৰ প্ৰফাইলত খুৱ উচাহ বা আকুলতা ভৰা মন্তব্যৰে সৈতে আপল'ড কৰিবলৈ ধৰিলে৷ বহুজন চেলিব্ৰিটি, শৰীৰ-চৰ্চা কেন্দ্ৰ, মডেলিঙৰ লগত জড়িত সংস্থা, প্ৰেৰণাদায়ক কথা প্ৰচাৰ কৰা ব্যক্তিত্ব আদিৰ ভালেসংখ্যক বহু-ফ'ল'ৱাৰ যুক্ত ইনষ্টাগ্ৰাম প্ৰফাইলতো ফটোখন প্ৰচাৰ হ'ল৷ তেতিয়ালৈকে যুৱতীগৰাকীৰ প্ৰফাইলটোৰ ফ'ল'ৱাৰ আছিল মাথোঁ কেইহাজাৰমান, যিটো যিকোনো সাধাৰণ মানুহ এজনৰ বাবেও সিমান ডাঙৰ কথা নহয়; কিন্তু তাৰ পাছৰ নমাহমানৰ ভিতৰতে প্ৰফাইলটোৰ ফ'ল'ৱাৰ সংখ্যাই এক লাখ অতিক্ৰম কৰিলে৷ পৰৱৰ্তী সময়ত তেওঁৰ কাহিনী আৰু আন আন ফটোও ইনষ্টাগ্ৰামত প্ৰচাৰ হৈ থাকিল। ইতিমধ্যে Daily Mail, The Huffington Post, People, Fashion Quarterlyকে ধৰি কেইবাখনো কাকত আৰু অনলাইন পত্ৰিকাতো তেওঁৰ সম্পৰ্কে প্ৰকাশ পালে।

সেই ফটোখনত, যুৱতীগৰাকীয়ে পিন্ধি আছিল বগা আৰু ক'লা কাপোৰেৰে নাইকীয়ে ডিজাইন কৰা দুহাত-দুভৰি উন্মুক্ত এযোৰ পোছাক, বাওঁ ভৰিত আছিল নাইকীৰে এপাত বগা জোতা, আৰু সোঁ-ভৰিখনত লগাই থোৱা আছিল দৌৰোতে বা শৰীৰ-চৰ্চা কৰোঁতে ব্যৱহাৰ কৰা তেওঁৰ কৃত্ৰিম ভৰিখন (এই ধৰণৰ কৃত্ৰিম ভৰিবিলাকক ব্লেড বুলি কোৱা হয়)৷ মুখত পাতল প্ৰসাধন, উজ্জ্বল চেলাউৰি, দুচকুৰ দুয়োকাষত ডাঠ কাজল, মূৰত শৃঙ্খলাকৈ ষ্টাইল লগাই গুঠি থোৱা ক'লা চুলি৷ দুভৰি ফ্ল'ৰত থৈ সোঁহাতৰ কিলাগুটিয়ে আঠুৰ কাষত ভেঁজা দি যুৱতীসুলভ ধুনীয়া ভংগিমা এটাৰে তেওঁ দুটা আঙুলি গালত লগাই বেলকনিৰ গ্লাছৰ তলৰ ডেৰফুটমান ওখ বেৰ এখনত বহি সমুখলৈ চাই আছে৷ আৰু তেওঁৰ দৃষ্টিৰ কিছু বাওঁপিনৰ পৰা ফটোখন তোলা হৈছে৷ ফটোখন দেখিলেই স্পষ্টকৈ সকলোৰে চকুত পৰিব কৃত্ৰিম ভৰিখন, যিখন আনখন ভৰিতকৈ কিছু আগবঢ়াই তেওঁ বহি আছে। অৰ্থাৎ, ফটোখন দেখা লগে লগেই ডাঙৰ সম্বল এটা তেওঁ হেৰুৱাই পেলোৱাৰ কথাই সকলোৰে মনলৈ আহিব যদিও তেওঁ “অভিশাপময় জীৱন কটোৱা” বুলি কোনেও সামান্য ভাবিবলৈয়ো সুযোগ নাপাওঁতেই, মুখমণ্ডলত ফুটি উঠা সম্পূৰ্ণ নিৰুদ্বেগ আৰু আত্মবিশ্বাসী ভাব, দুচকুত ফুটি উঠা একাগ্ৰ মনোযোগ, এক গ্ৰামো যেন ওপৰঞ্চি মেদ নথকাকৈ গঢ়ি তোলা খেলুৱৈসুলভ শাৰীৰিক গঠন, মুহূৰ্তৰ পাছতেই যেন খেলিবলৈ উঠি যাব তেনে সাজপাৰ আৰু ভংগী.... এইসমূহে সকলোৰে মন একোটা উচাহৰ ভাবে ভৰাই পেলাব। কোনোবা এটা প্ৰফাইলত সেই ফটোখন দেখিয়েই মইয়ো তেওঁৰ প্ৰতি কৌতুহলী আৰু অনুৰাগী হৈ পৰিছিলোঁ। কাৰণ, ক্ষত এটাক বা নোহোৱা এটাক শক্তি হিচাপে গ্ৰহণ কৰাৰ মানসিকতা, কিবা এটা নাথাকিল বুলিয়েই নিজক ধুনীয়া কৰি তুলিবলৈ পাহৰি নোযোৱা, আৰু খেলুৱৈৰ দৰে কমনীয়তাপূৰ্ণ শাৰীৰিক গঠন ধৰি ৰাখিবলৈ সদাই যত্ন কৰাৰ কথা ফটোখনত সম্পূৰ্ণ স্পষ্টভাৱে প্ৰকাশ হৈছিল।

সেই তেনে এখন ফটোৰ বাবে প’জ দিয়াটো তেওঁৰ বাবে সদায় সহজ নাছিল। তেওঁ কৈছিল— নিজকে পুনৰ সুন্দৰ অনুভৱ কৰিব পাৰিব বুলি তেওঁ ভবাই নাছিল। আৰু কৈছিল— তেওঁ ইমানো ধৈৰ্যশীল নাছিল যে কৃত্ৰিম ভৰিৰে চলাচল কৰাত একেদিনাই সহজ অনুভৱ কৰিব। নিঘুণীয়া হোৱাতকৈয়ো আত্মবিশ্বাসী হোৱাটোৱেহে যে অধিক সৌন্দৰ্যশালী কৰি তোলে— এই ধাৰণা গ্ৰহণ কৰাটো সম্ভৱ কৰি তুলিছিল যিটো পৰিৱৰ্তন কৰাটো কেতিয়াও সম্ভৱ নহয় তাৰ বাবে উদ্বিগ্ন নহৈ সামৰ্থ্যখিনি পূৰ্ণ ব্যৱহাৰৰ ইতিবাচক দৃষ্টিভংগীয়ে। এতিয়া কেতিয়াবা, তেওঁ আপল’ড কৰা ফটোসমূহত নিৰুদ্বেগ মুখৰ খোলা হাঁহি, যাপন কৰা স্বাচ্ছন্দ্যপূৰ্ণ জীৱন, নামী জিম-ক্লাবত নিয়মীয়া শাৰীৰিক অনুশীলন, দৌৰৰ প্ৰশিক্ষণ, নিয়মীয়া প্ৰফেচনেল ফটোশ্বট . . . এইবিলাক দেখিয়েই হয়তো দুই-একে বিশ্বাস কৰিব নোৱাৰি তেওঁ ফটোশ্বপত ভৰিখন এডিট কৰি কৃত্ৰিম ভৰিৰ নিচিনা কৰি আপল’ড কৰিছে নেকি বুলিও প্ৰশ্ন কৰে।

পঠনীয়:  ‘পঢ়াত চোকা’ হ’বলৈ পঢ়িব লাগিব

    

বৰ্তমান ২৪ বছৰীয়া যুৱতীগৰাকীৰ নাম জেছ কুইন। নিউজিলেণ্ডৰ বাসিন্দা। এদিন বায়েকৰ লগত খেলি থকা অৱস্থাত অকস্মাতে তেওঁৰ সোঁ ভৰিৰ উৰ্বস্থিডাল (আঠুৰ পৰা ককাললৈ সংযোজিত হৈ থকা হাড়ডাল) ভাগি গৈছিল। চিকিৎসাৰ ছমাহৰ পাছতো যেতিয়া অসহ্য বিষৰ অন্ত নপৰিল চিকিৎসকে অধিক পৰীক্ষা কৰি তেওঁৰ হাড়ৰ কেঞ্চাৰ ধৰা পেলালে। কেম’থেৰাপিয়ে কোনো ফল নধৰাত অৱশেষত ভৰিখন কাটি পেলোৱা হ’ল। ইতিমধ্যেই যিহেতু তেওঁৰ হাড়ডাল ভাগি গৈছিল, গতিকে শৰীৰৰ আন অংশলৈয়ো কেঞ্চাৰ বিয়পি যোৱাৰ সম্ভাৱনা প্ৰবল আছিল। চিকিৎসকে তেওঁৰ যিটো অপাৰেচন কৰিবলগা হৈছিল সেইটো আছিল নিউজিলেণ্ডত সেইধৰণৰ প্ৰথমটো সফল অপাৰেচন। বেণী গোঠা সোণালী শৈষৱৰ সেই সময়খিনিত তেওঁৰ মূৰ টকলা হৈ পৰিছিল,  নাকেৰে পাৰ কৰা পাইপৰ সহায়েৰে আহাৰ গ্ৰহণ কৰিব লগা হৈছিল, স্কুল খতি হৈছিল ১৮ মাহ, . . .। তাৰ পাছৰ সময়খিনিত আহিছিল দুঃসহ নতুন প্ৰত্যাহ্বান। তেওঁ সদায় দুভৰি ঢাক খাই থকা পোছাকহে পিন্ধিব বিচাৰিছিল, আৰু তাৰ বাবে সদায় হীনমন্যতাত ভুগিছিল। চিকিৎসকক লগ কৰিবলৈ যোৱাক বাদ দি আন কেতিয়াও বাহিৰত চুটি পোছাক নিপিন্ধিছিল। যদিও দৈনন্দিন ব্যৱহাৰ কৰা কৃত্ৰিম ভৰিখন দেখাত প্ৰায় আনখন ভৰিৰ দৰেই, তথাপি গৰম দিনৰ পাৰ্টিবোৰতো তেওঁ বান্ধৱীবিলাকৰ আগত কিবা বুদ্ধি পাঙি দীঘল পোছাকেই পৰিধান কৰিছিল। এবাৰ কেইজনীমান অন্তৰংগ বান্ধৱীৰ সৈতে তেনেকৈয়ে থাকোঁতে খুৱ জোৰ কৰিয়েই তেওঁলোকে বুজাই ক’লে— ইমান গৰম দিন, আৰু এয়া কেৱল আমিহে আছোঁ; যোৱা, একো নভবাকৈ চৰ্টছ পিন্ধাগৈ! সেইদিনা তেওঁ বান্ধৱীকেইজনীৰ ওচৰলৈ চৰ্টছ পিন্ধি ওলাল, আৰু এক বিৰাট স্বাচ্ছন্দ্যৰ অনুভূতি লাভ কৰিলে। তাৰ পাছৰ পৰা তেওঁ আন মানুহৰ সমুখতো কৃত্ৰিম ভৰিখন নুলুকোৱাকৈ ফুৰিব পৰা হ’ল। ক্ৰমে ক্ৰমে মনত অধিক আত্মবিশ্বাস গঢ় লৈ উঠিল।

যদি আপোনাৰ আপোন এজন অকালতে অকস্মাতে ঢুকাই যায়, কিবা দুৰ্ঘটনাত যদি আপোনাৰ হাতখন ছিগি যায়, ভৰি দুখন হেৰাই যায়, বা দুৰাৰোগ্য ৰোগত “স্বাভাৱিক” জীৱন সলনি হৈ যায়, তেনে অৱস্থাত আপোনাক বা আপোনাৰ আপোনজনক পুতৌ কৰা বা বিৰূপ মন্তব্য কৰা এচাম মানুহ ওলায়। আমাৰ নোহোৱা হৈ যোৱা কিবা এটাৰ লগত জড়িত ঘটনাটোৱে বাকী থকাবিলাক ধ্বংস কৰি নেপেলাই; থকাবিলাক আমি ধ্বংস কৰি পেলাও নিজে নিজেহে বা সেই ঘটনাটোৰ প্ৰতি লোৱা ভুল মনোভংগীৰেহে। ইতিমধ্যে হেৰাই যোৱাটোতেই সমস্ত সুখ নিহিত আছিল বুলি ধৰি ল’লে সকলোৰে শেষৰ পিনেই যাত্ৰা কৰা যেন হৈ পৰে। এনে কথাত সামাজিক উপাদান কিছুমানেও কেতিয়াবা নিজক বচোৱাত সহায় কৰে বা কেতিয়াবা জটিলতা বৃদ্ধি কৰি তোলে। জেছ কুইনক সহায় কৰিছিল পৰিয়াল তথা তেওঁৰ চাৰিওপিনেৰ পৰিৱেশে— কৃত্ৰিম ভৰি যোগাৰ কৰাৰ পৰা ধৰি, ভাৰসাম্যপূৰ্ণ তথা আত্মবিশ্বাসী মনটো গঢ়ি তোলালৈকে।

কেইমাহমানৰ আগতে সৰু ল’ৰা এটাই চাইকেল চলাই থাকোঁতে পৰি সৰু গাঁঠিৰ ওপৰতে ভৰি এখন ভাগি ঠিয় হ’ব নোৱৰাকৈ তলৰ অংশ একেবাৰে ওলমি গ’ল। অলপ দুখীয়া পৰিয়ালটোৱে দূৰ-দূৰণিৰ সম্পৰ্কীয় ইজন-সিজনৰ সহায়েৰে চিকিৎসা কৰিব পাৰিলে। আশা কৰা মতে কেইমাহমানৰ পাছতে তেওঁ ধুনীয়াকৈ চলা-ফুৰা কৰিব পৰা হ’ব, মাথোঁ ভৰিখনত বেচি জোৰ পৰা কাম ভৱিষ্যতে কৰিবগৈ হয়তো নোৱাৰিব। ঘটনাটোৰ দুমাহমানৰ পাছত সকাম এটাত ল’ৰাজনৰ মাক আন চাৰিগৰাকী মানুহৰ সৈতে বহি কথা পাতি আছে। চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘূৰাই নিয়াৰ পাছৰে পৰা তেওঁ যে ল’ৰাটোক সদায় ঠিকছে গালি-গালাজ কৰি আছে, ঘৰখনলৈ সি কিখন বিপদ চপাই আনিছে, কি কৰিব সি এতিয়া ইত্যাদি কথা মানুহগৰাকীয়ে বাকীকেইগৰাকীক কৈ আছে। আৰু বাকী কেইগৰাকীয়েও তেওঁৰ দুৰ্দশা দেখি মন-প্ৰাণ পেলাই দিয়াৰ বাহিৰে একো উপায় নাই যেন ভাবেৰে তেওঁৰ পিনে চাই শুনি আছে। সেইখিনিত গৈ পাই, কথাখিনি আৰু পৰিৱেশটোলৈ চাই সুধিলোঁ— “আপুনি কি কৈ আছে?” তেওঁ একেদৰেই আকৌ কথাখিনি মোক ক’বলৈ ধৰিলে। লগে লগে ক’লোঁ— “আপুনি তেনেকৈ তাক গালি পাৰি থাকিব নালাগে। সিতো ধুনীয়াকৈ চলা-ফুৰা কৰিব পৰা হ’বই। আমিতো টান কাম কৰিবলগীয়া একোৱেই নাই। আপোনাৰ বা মোৰ যে ভৰি দুখন আছে আমি কিবা বিশেষ ব্যৱহাৰ কৰিছোঁ জানোঁ? আপুনি বছৰত দুই এবাৰ ক’ৰবালৈ এনেকৈ ওলাই যায়, তাৰ বাহিৰে ভৰি দুখনতো ইমান শক্তিশালী নহ’লেও আমাৰ চলি যায়। তাৰ ভালহে হ’ব এতিয়া, সি চেষ্টা কৰিলেই বেছি সোনকালেহে আগবাঢ়ি যাব পাৰিব। দৌৰা-ফুৰা কৰিব নোৱাৰি বহি থকা সময়খিনিত তাক ভালকৈ পঢ়িবলৈ কওক, ভাল ভালকে কথা কওক, গালি পাৰিব নালাগে। পঢ়ি-শুনি মানুহে বহি থকা চাকৰিয়েই কৰিব সাধাৰণতে, তাৰ ভৰিখনৰ একো বেয়া প্ৰভাৱেই নপৰিব। ভালকৈ পঢ়াত মন দিবলৈ বেছিকৈ সময় পাই তাৰ এতিয়া সোনকালেহে চাকৰি হ’ব। আপোনালোকৰ সোনকালেই বহুত ভাল দিন আহিব। মই এতিয়াই ম’বাইলতে আপোনাক ভৰি-হাত একেবাৰে হেৰুৱাই পেলোৱা কেইবাজনো মানুহ দেখুৱাব পাৰিম, যিসকলে নিজৰ জোৰত আমাতকৈ বহুত বেছি কামহে কৰিব পাৰিছে....।” ইতিমধ্যে তিনিগৰাকী মানুহ তাৰ পৰা আঁতৰি গৈছিল। মাকগৰাকীৰ মুখখন হাঁহিৰে সৈতে উজলি উঠিছিল। বহি থকা আনগৰাকী মানুহে মিচিকিয়া হাঁহি মাৰি এবাৰ মোৰ মুখলৈ আৰু এবাৰ তললৈ চাই আছিল...। মাকগৰাকীয়ে উজ্জ্বল হৈ উঠা মুখেৰে ক’লে— “হয় কথাটো . . .”। মই আকৌ ক’লোঁ— “আৰু গালি পাৰি নাথাকিব। ভাল ভালকৈ কথা কওক। ভৰিখন তাৰহে ভাগিছে, তাৰোতো বেয়া লাগিছে, নিজৰ ভৰিখন ভাগি গৈছে! কিন্তু তাৰ কি বেয়া লাগিছে কোনেওতো জনা নাই। গতিকে, তেনেকৈ ভাবি নাথাকিব। বহুত ভাল হৈ যাব পিছত . . .”

পঠনীয়:  বছৰটোৰ বিশেষ ১০জনৰ ৪জন

কথাখিনি শুনাৰ পাছত মাকগৰাকীৰ মনৰ বা কথাৰ যি পৰিৱৰ্তন ঘটিছিল, তাৰ পৰা ধাৰণা হয়— তেওঁ নিজেও হয়তো মুখেৰে কোৱাৰ দৰে অন্তৰেৰে বিশ্বাস কৰিব পৰা নাছিল যে বহুত কিবা শেষ হৈ গৈছে। কিন্তু তেনেদৰে কথাবতৰা কোৱাটোৱেই কৰ্তব্য যেন পৰিৱেশ এটা চাৰিওপিনৰ সমাজত বৰ্তি থাকে, যিটোৰ পৰা মুক্ত হোৱাৰ প্ৰায়ভাগৰে উপায় নাথাকে।

    

এনেকুৱা উদাহৰণ বহুত আছে। এই প্ৰবন্ধটো লিখি থকাৰ মাজতে কালি এঠাইলৈ গৈ উভটি আহোঁতে ক্ৰুইজাৰ এখনত মোৰ সমুখৰ ছীটত এগৰাকী মানুহ পালোঁ; পিছত তেওঁ কৈ থকা কথা শুনি আৰু দেখি গম পালোঁ— তেওঁৰ এখন হাত কুঁহিয়াৰ-শালত সোমোৱাত প্ৰায় গুৰিতে কটাই পেলাব লগা হৈছিল। এজন মানুহৰ কথাত তেওঁ গৰ্বেৰে উত্তৰ দিবলৈ আৰম্ভ কৰিছিল— “নাই নাই, একো অসুবিধা নাই। এনেকৈয়ে তিনিটা ল’ৰা-ছোৱালী নিজৰ বাহুত ডাঙৰ কৰিলোঁ। অ’, অলপতো অসুবিধা থাকিবই, কিন্তু সেইখিনি চলি যায়, অসুবিধানো কাৰ নাথাকে! এনেকৈয়ে ছোৱালীও বিয়া দিলোঁ, ছোৱালীয়ে অমুক চাকৰি কৰি আছে, জোঁৱাইৰো অমুক চাকৰি। ল’ৰাইয়ো অমুক কৰে। . . .” মানুহজনে ইতিমধ্যে নিৰৱে ৰৈছিল, আৰু সেইবাবে মানুহগৰাকীয়েও অধিক কোৱা বন্ধ কৰিছিল। কথাখিনি কৈ উঠোঁতে মানুহগৰাকীৰ মুখত ফুটি উঠিছিল জীৱনৰ প্ৰতি সন্তুষ্টি। কাৰোবাৰ পুতৌৰ দৃষ্টি বা পুতৌসূচক কথা হজম কৰি সেয়া নাশ কৰাৰ শক্তি তেওঁ নিশ্চয় কেতিয়াবাই অৰ্জন কৰিছিল।

মানুহৰ মনত অশান্তি জন্মোৱা বা অসহায়বোধ জন্মোৱা সমাজৰ উপাদানবিলাক দূৰ কৰাৰ আৰু মানুহে নিজৰ সম্ভাৱনীয়তাক বিচাৰি পোৱাত সহায় কৰাৰ বাবে জেছ কুইনে নিজৰ জীৱনটো অভিযান হিচাপে লৈছে। ফেচন ডিজাইনৰ স্নাতক ডিগ্ৰী লৈ তেওঁ Auckland University of Technologyত প্ৰডাক্ট ডিজাইনৰ স্নাতকোত্তৰ শ্ৰেণীত ভৰ্তি হয়। নিয়মীয়াকৈ প্ৰশিক্ষণ লৈ তেওঁ এতিয়া প্ৰায় এক কি.মি. দৌৰিবলৈ সক্ষম হৈছে, আৰু ভৱিষ্যতে তেওঁ ১০ কি.মি. দৌৰাৰ লক্ষ্য ৰাখিছে। বৰ্তমান প্ৰডাক্ট ডিজাইনাৰ হিচাপে কৰ্মৰত জেছে মডেলিং তথা বিজ্ঞাপনৰ জগতখনতো কেৰিয়াৰ আৰম্ভ কৰিছে। নাইকীৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে জড়িত জেছে ভৱিষ্যতে আন ডাঙৰ কোম্পানী, বিখ্যাত এজেঞ্চী, ডাঙৰ ব্ৰেণ্ডৰ সৈতেও কাম কৰা আশা পুহি ৰাখিছে। তেওঁ ক’ব বিচাৰে— ধৰক, এটা এয়াৰলাইন কোম্পানীয়ে ভ্ৰমণৰ বাবে মানুহক আকৰ্ষিত কৰিবলৈ বিজ্ঞাপন দিব বিচাৰিছে; যদি তাত তেওঁলোকে তেওঁৰ দৰে কৃত্ৰিম ভৰি থাকিও প্ৰৱল আত্মবিশ্বাসেৰে পৰিপূৰ্ণ এগৰাকীক লয়, যিকোনো মানুহেই নিজৰ অজুহাত পাহৰি তাৰ বাবে আকৰ্ষিত নহ’বনে!

 

No Comments

Post A Comment