“জেং”, “কামোৰ” আৰু “ৰে”ৰ সপক্ষে একাষাৰ

আগতে “জেং”, “কামোৰ” আদি শব্দবোৰ ব্যৱহাৰ কৰা নাছিলোঁ। এতিয়া প্ৰায় দুবছৰ মানৰ পৰা “কামোৰ”, “ৰে” আৰু “বে” এই শব্দ তিনিটা মাজে মাজে ব্যৱহাৰ কৰা হয়। মাথোঁ ৫০-৬০ বছৰীয়া, নিজকে অনেকদিনীয়া পুৰণি বুলি ভবা, অথচ বহু ক্ষেত্ৰত আধুনিক, কোনো কোনো বিশিষ্ট ব্যক্তিয়ে এইকেইটা শব্দ ব্যৱহাৰ কৰাসকলক “আমাৰ দিনৰ নহয়, আজিকালিৰ বিজতৰীয়া শব্দ ব্যৱহাৰ কৰা মানুহ” বুলি মাজে মাজে কুকুৰে কাঁইট নোখোৱা ধৰণৰ গালি পৰি থকা দেখোঁ। আজিৰ পৰা ১৫ বছৰ মানৰ আগতেই এই শব্দকেইটা প্ৰথম শুনিছিলোঁ, তেতিয়া তেওঁলোকৰ বয়স ৩৫-৪৫ বছৰ। মই কিন্তু প্ৰথম শুনাৰে পৰা এই শব্দকেইটাত খাটি অসমীয়া মাটি তথা গাঁৱৰ গোন্ধ থকা যেন পাওঁ (যদিও নিজে কৈ পোৱা নাছিলোঁ), সেইকাৰণে তিনিটা কথা আপোনালোককো জনাব বিচাৰিলোঁ…।

১) জেং— একেবাৰে সৰুতে ঘৰৰ পৰা আঁতৰি থাকিলে ঘৰত কৰিবলৈ নিদিয়া কাম— যেনে, কোৰ মৰা, কুঠাৰে খৰি ফলা আদি কামবোৰ চল পাই কৰিবলৈ লৈছিলোঁ; তেতিয়া ডাঙৰে দেখা পালে কাম কৰি ভাল পাওঁ বুলি ভাবি সেইবোৰ কামৰ পৰা আঁতৰাই বাঁহৰ আগৰ শুকান জেংবোৰ দাৰে কাটিবলৈ লগাই দিছিল, লগনী-খৰি কৰিবলৈ। এই কামটো কৰি সবেই অশান্তি পাইছিল। মই কিন্তু সেইটো কাম কৰিও অশান্তি পোৱা নাছিলোঁ, কিন্তু কোৰ মৰা বা কুঠাৰ মৰাৰ পৰা আঁতৰাইহে সেইটো কৰিবলৈ দিয়া কাৰণে বৰ বিৰক্ত হৈছিলোঁ। অথালি-পথালি বাঁহৰ জেংবোৰ দাৰে কাটি এডাল এডাল কৰি খৰিৰ জোখত ৰখাটো সঁচাই বিৰক্তিদায়ক, তাতে গাঁৱত থাণ্ডা দিনত জুই পুৱাবলৈ সেইবোৰ খৰি বেছিকৈ গোটোৱা হয়, গতিকে পিন্ধি থকা উলৰ কাপোৰ, এৰীয়া চাদৰ আদি লৈ থাকোঁতে গাত আগবোৰ লাগি কম অশান্তি দিয়েনে!! গতিকে আগতীয়াকৈ কাটি খৰিৰ দৰে জুকিয়াই ল’বলৈ পালে সবেই সুবিধা পায়, কিন্তু সেইটো কৰাটোৱেই প্ৰায় সবৰে বাবে বিৰক্তিকৰ কাম। সেইদৰেই যিবিলাক কথাই বা ঘটনাই এনেধৰণে বিৰক্তি দিয়ে সেইবোৰৰ ক্ষেত্ৰতে জেং শব্দটো ব্যৱহাৰ কৰা হয়। গতিকে ই এটা অতি পুৰণি খাটি অসমীয়া শব্দহে। শব্দটো প্ৰথম শুনোতে সেই সৰুতে গাত জেং লাগি পোৱা অশান্তিবোৰলৈ আৰু আনৰ গাত লাগোতে আনে অশান্তি পোৱা দেখা মুহূৰ্তবোৰলৈ মনত পৰি গৈছিল….।

২) কামোৰ— এইটো শব্দ এনেদৰে ব্যৱহাৰ কৰা হয়— “মোক কামোৰ নিদিবি দেই”, “সি মোক কামোৰ দি আছে”, “আপুনি মোক কামোৰ নিদিব কিন্তু”, “তেতিয়া কামোৰ দিব চাগে আপুনি” ইত্যাদি। বিভিন্ন জীৱ-জন্তু বা পাৰ, ভাটৌ আদি পোহোঁতে দেখা যায় যে সিহঁত গিৰিহঁতৰ গাত প্ৰায়ে লাগি থাকে। এবাৰ এঠাইত দেখিছিলোঁ— এগৰাকী আইতাই জাৰৰ দিনৰ দুপৰীয়া আগবেলাটোৰ ভাগৰ মাৰিবলৈ বাৰাণ্ডাতে ৰ’দত পীৰাকেইখনমান জোৰা দি কাটি হৈ অকণমান শুই লৈছিল। কেতিয়াবা যেতিয়া পাৰকেইটাক খুদ-চাউল কেইটামান দি ল’বলৈ পাহৰি তেখেত শুই পৰে তেতিয়া সিহঁতে ঠোঁটেৰে গাত টুক টুকাই দিয়ে, লগে লগে তেখেতে সাৰ পাই মনত পৰিলত চাউলকেইটামান দি আকৌ শুই পৰে। পাৰকেইটাই নোখোঁটে (নাকামোৰে) বুলি তেখেতে গম পায়, কিন্তু সেই অৱস্থাটোত তেখেত বৰ বিৰক্ত হয়, আৰু কেতিয়াবা তেখেত বিৰক্ত নহ’লে সিহঁতে তেখেতক জোকোৱা যেন অনুভৱ কৰি এক দৈৱিক সুখ পায়। এইধৰণৰ ঢেৰ উদাহৰণ আছে। গতিকে, মানুহক কেতিয়াবা বিৰক্তি দিয়া আৰু কেতিয়াবা জোকোৱা ক্ষেত্ৰত “কামোৰ” শব্দটো ব্যৱহাৰ কৰিলে নিভাজ গঞা-জীৱনৰ পৰা অহা শব্দ এটা ব্যৱহাৰ কৰা যেন অনুভৱ কৰিব পাৰি।

৩) ৰে— কিবা এটা কথা বা পৰিস্থিতিৰ সম্পৰ্কে আনক বুজাই থকা অৱস্থাত বাৰে বাৰে বুজাই থাকিলেও বুজি নাপালে, যদি মানুহজনক গালি পাৰিব পৰা মানুহো নহয় আৰু অলপ টানকৈ ক’লেও বৰ এটা বেয়া নহয় বা টানকৈ নক’লেও অলপ বিৰক্তি প্ৰকাশ কৰি দেখুৱাব পাৰি— এনেকুৱা ক্ষেত্ৰত এই ধৰণেৰে কোৱা হয়— “আৰ্ৰে!!”, “আৰৰেএএএএএ!!”……ইত্যাদি। কিছু কৌতুকপূৰ্ণ আশ্চৰ্য প্ৰকাশৰ ক্ষেত্ৰতো কোৱা হয়— “আৰ্ৰে!!”, “আৰৰেএএএএএ!!”….. ইয়াত “ৰে”টোক জোৰ দি কোৱা হয় কাৰণে, ইয়াৰ পৰা বিকশিত হৈ “ৰে” শব্দটো উৎপত্তি হৈছে। গতিকে ই এটা সম্পূৰ্ণৰূপে খাটি অসমীয়া পুৰণিৰ পৰস থকা গুৰুত্বপূৰ্ণ শব্দ।

গতিকে এই শব্দ তিনিটা অসমীয়া ভাষাৰ শব্দ হিচাপে ব্যৱহাৰ কৰাত আপত্তি থাকিব নালাগে।

(অৱশ্যে এনেধৰণৰ বাকী শব্দবোৰৰ কথা এতিয়া এই আলোচনাত অন্তৰ্ভুক্ত কৰা নাই।)

ফটো উৎস

1 Comment

Post A Comment