জাহ্নৱী : অসমীয়া ৱৰ্ড প্ৰচেছৰ

জাহ্নৱী : অসমীয়া ৱৰ্ড প্ৰচেছৰ

লেখকজাহ্নৱী কৰ্মদল

jahnabi-logoসময়ৰ লগে লগে লিখিত ভাষা প্ৰকাশৰ মাধ্যমো সলনি হৈ আহিছে। শিলালিপি, তাম্ৰলিপি, সাঁচিপাত, কাগজ আদি বহু যুগ যুগ ধৰি ভাষা প্ৰকাশৰ মাধ্যম হৈ অহাৰ পাছত আহিল আন এক মাধ্যম— কম্পিউটাৰ তথা ইলেকট্ৰনিক মাধ্যম। কম্পিউটাৰ বিজ্ঞানীসকলে ইলেকট্ৰনিক মাধ্যমত আখৰ দেখাৰ বহুধৰণৰ পদ্ধতি উদ্ভাৱন কৰিলে, কিন্তু এই পদ্ধতিসমূহেৰে কোনো এক সৰঞ্জামত দেখা পোৱা আখৰ আন এক সৰঞ্জামত দেখা পোৱাত সমস্যাৰ সৃষ্টি হ’ল। এই সমস্যাটো আঁতৰাবলৈ বিজ্ঞানীসকলে এনে এটা পদ্ধতি উদ্ভাৱন কৰিলে যিটোৰ সহায়ত প্ৰায় সকলো ভাষাৰ লিপি যিকোনো ইলেকট্ৰনিক সামগ্ৰী তথা অপাৰেটিং ছীষ্টেমত দেখা বা ব্যৱহাৰ কৰিব পৰা যায়। ১৯৯১ চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই পদ্ধতিটোৰ নাম হ’ল “ইউনিক’ড” (Unicode)। এই ব্যৱস্থাত প্ৰতিটো লিপি বা চিহ্নক একোটা নিৰ্দিষ্ট মানেৰে নিৰূপণ কৰা হয়। উদাহৰণস্বৰূপে, “a” আখৰটোৰ বাবে নিৰ্ধাৰিত মানটো হ’ল U+0061, “A” ৰ বাবে U+0041, “ক” ৰ বাবে u+0995 ইত্যাদি। তেনেদৰে বৰ্তমানলৈকে ১.১ লাখৰো অধিক চিহ্নৰ মান নিৰ্ধাৰণ কৰি লোৱা হৈছে। একোটা নিৰ্দিষ্ট মান নিৰ্ধাৰণ কৰি লোৱা বাবে বৰ্তমান সময়ত ব্যৱহৃত বা অদূৰ ভৱিষ্যতে নিৰ্মাণ হ’বলগীয়া সকলো ইলেকট্ৰনিক সামগ্ৰীত প্ৰায় সকলো ভাষা ব্যৱহাৰ কৰাটো সম্ভৱপৰ হৈ উঠিল। এই পদ্ধতি বিশ্বৰ সকলো দেশে গ্ৰহণ কৰিছে আৰু Microsoft, IBM, Apple, Google, Adobe systems, Yahoo আদি প্ৰযুক্তি-প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ শেহতীয়া আহিলা আৰু ব্যৱস্থাবোৰত ইউনিক’ড ব্যৱহাৰ কৰিবলৈ ল’লে। ইয়াৰ লগে লগে পুৰণি পদ্ধতিসমূহৰ প্ৰচলন কমি আহিবলৈ ধৰিছে।

কম্পিউটাৰ, ম’বাইল, বিভিন্ন অপাৰেটিং ছীষ্টেম আৰু ছফ্টৱেৰ আদি নিৰ্মাণ কৰা প্ৰায় সকলো মুখ্য প্ৰযুক্তি-প্ৰতিষ্ঠানে ইউনিক’ড ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত একোটা ভাষা কম্পিউটাৰ, টেবলেট, ম’বাইল আদিত ইউনিক’ডত লিখিবলৈ সহজসাধ্য হোৱাকৈ সঁজুলি নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিল। কম্পিউটাৰসমূহৰ কী-ব’ৰ্ডখন ইংৰাজী ভাষাত থাকে আৰু সেই বৰ্ণসমূহৰ সহায়তেই আন এটা ভাষাৰ বৰ্ণসমূহো লিখিব লগা হয়। অসমীয়া ভাষাৰ ক্ষেত্ৰত, মুঠ ৫২ টা বৰ্ণ কম্পিউটাৰৰ কী-ব’ৰ্ডখনত থকা ২৬ টা ইংৰাজী বৰ্ণ আৰু আন চিহ্নসমূহৰ সহায়ত লিখিব লগা হয়। তাৰোপৰি অসমীয়া ভাষাত বহুকেইটা যুক্তাক্ষৰো আছে। গতিকে, কিছুমান প্ৰযুক্তিগত নিয়ম প্ৰস্তুত কৰি আন ভাষাৰ বৰ্ণ তথা শব্দসমূহ লিখিব পৰাকৈ একোটা সঁজুলি (ছফ্টৱেৰ) নিৰ্মাণ কৰা হয়, যিটো সঁজুলি এটা কম্পিউটাৰত ইনষ্টল কৰা থাকিলে নিৰ্দিষ্ট নিয়মেৰে সেই ভাষাৰ বৰ্ণ বা শব্দ আদি লিখিব পৰা যায়। ইউনিক’ডত অসমীয়া ভাষা লিখিব পৰাকৈ এনে কেইবাটাও সঁজুলি ইতিমধ্যে নিৰ্মাণ কৰা হৈছে যদিও, এইসমূহে কেৱল একোটা ইনপুট ডিভাইচ (Input Devise) হিচাপে কী-ব’ৰ্ডৰ কামহে কৰিব পাৰে। অৰ্থাৎ, অসমীয়া ভাষাৰ বাবে এটা পূৰ্ণাংগ ৱৰ্ড প্ৰচেছৰ নিৰ্মাণ কৰা হোৱা নাছিল।

ৱৰ্ড প্ৰচেছৰ হ’ল এনে এটা সঁজুলি য’ত শব্দ, বাক্য আদি লিখা বা সম্পাদনা কৰিব পৰাৰ উপৰি সঁজুলিটোৰ ভিতৰতে এক শব্দ-ভাণ্ডাৰ থাকে আৰু ইয়াত লিখিব বিচৰা শব্দৰ স্বয়ংক্ৰিয় নিৰ্দেশনা, বৰ্ণাশুদ্ধিৰ ইংগিত, লিখি লোৱা অশুদ্ধ শব্দৰ বাবে সাম্ভাব্য শুদ্ধ শব্দৰ তালিকা ইত্যাদি পোৱা যায়। এই সমূহ ব্যৱস্থাৰ সহায়ত ভাষা এটা দ্ৰুতভাবে লিখা আৰু সম্পাদনা কৰা সহজ হৈ পৰে। কেইটামান ৱৰ্ড প্ৰচেছৰ হ’ল— MS Word, AbiWord, Pages, KWord, LyX ইত্যাদি। এইসমূহৰ সহায়েৰে ইণ্টাৰনেট সংযোগ নথকাকৈ কম্পিউটাৰত লিখিব পৰাৰ বিপৰীতে অনলাইন ব্যৱহাৰ কৰিব পৰা এটা জনপ্ৰিয় ৱৰ্ড প্ৰচেছৰ হ’ল— Google Docs.

এইসমূহ ৱৰ্ড প্ৰচেছৰটো অসমীয়া ভাষা লিখিব পৰি যদিও অসমীয়া শব্দৰ বাবে স্বয়ংক্ৰিয় নিৰ্দেশনা, বৰ্ণাশুদ্ধিৰ ইংগিত আদি পোৱা নাযায়। অসমীয়া ভাষাৰ ক্ষেত্ৰত ৱৰ্ড প্ৰচেছৰৰ বহুদিনীয়া অভাৱ পূৰণৰ উদ্দেশ্যে ২০১৩ চনৰ মাজভাগত “জাহ্নৱী- প্ৰৱাহিত শব্দৰ অলকানন্দা” নামৰ এটি স্বেচ্ছামূলক সেৱাৰ প্ৰকল্প আৰম্ভ কৰা হয়। এই প্ৰকল্পৰ অধীনত প্ৰায় ২০ জন সদস্যৰ চাৰিমাহযোৰা প্ৰচেষ্টাৰ অন্তত “জাহ্নৱী” নামৰ ৱৰ্ড প্ৰচেছৰটিৰ প্ৰথম সংস্কৰণ (version 1.0) যোৱা ২৫ নৱেম্বৰ তাৰিখে ব্লগ, ছ’চিয়েল নেটৱৰ্কিং ছাইট আদিৰ মাধ্যমেৰে মুকলি কৰা হয়। ছফ্টৱেৰটো www.jahnabi.org ৱেবছাইটটোৰ পৰা বিনামূলীয়াকৈ ডাউনল’ড কৰিব আৰু বিনামূলীয়াকৈ বিতৰণ কৰিব পাৰি।

 

এই ৱৰ্ড প্ৰচেছৰটিত থকা সুবিধাসমূহ হৈছে

* লিখিবলৈ বিচৰা শব্দৰ স্বয়ংক্ৰিয় নিৰ্দেশনা,

* বৰ্ণাশুদ্ধিৰ ইংগিত,

* ভুল বুলি ইংগিত দিয়া শব্দৰ সম্ভাব্য শুদ্ধ শব্দসমূহ চাব পৰাৰ ব্যৱস্থা,

* সততে ব্যৱহৃত বাক্যাংশ দ্ৰুতভাৱে লিখিবলৈ ছৰ্টকাট (abbreviation) ৰ ব্যৱস্থা,

* ইউনিক’ড ভিত্তিক আন সঁজুলিৰে লিখা বাক্য তুলি আনি বানান পৰীক্ষা কৰিব পৰাৰ সুবিধা,

* প্ৰায় ৭০০ ফকৰা-যোজনা আৰু জতুৱা-ঠাঁচৰ সংগ্ৰহ,

* ব্যৱহাৰকাৰীয়ে ইয়াৰ শব্দকোষত নিজে শব্দ অন্তৰ্ভুক্ত কৰিব পৰা ব্যৱস্থা ইত্যাদি।

 

Jahnabi-screenshotWindows অপাৰেটিং ছীষ্টেম ব্যৱহাৰ কৰি ইউনিক’ডত অসমীয়া লিখিব পৰা সকলো কী-ব’ৰ্ডৰ সহায়তে “জাহ্নৱী ৱৰ্ড প্ৰচেছৰ”ত লিখিব পৰি। পূৰ্বৰে পৰা কোনো কীব’ৰ্ড ব্যৱহাৰ কৰি ইউনিক’ডত অসমীয়া লিখি থকাসকলে নতুনকৈ কোনো কীব’ৰ্ড ব্যৱহাৰ কৰিবলৈ নিশিকাকৈ সেই কীব’ৰ্ডৰ সহায়তেই ইয়াত লিখিব বা সম্পাদনা কৰিব পাৰে। আনহাতে, ৱৰ্ড প্ৰচেছৰটোৰ ভিতৰত “জাহ্নৱী” নামৰে এখন কীব’ৰ্ডো সংযোগ কৰা আছে। আন কীব’ৰ্ড ব্যৱহাৰ নকৰাকৈ সেইখনৰ সহায়তো লিখিব বা সম্পাদনা কাৰ্য্য কৰিব পাৰি। যিসকল ব্যক্তিয়ে পূৰ্বতে কেতিয়াও কম্পিউটাৰত অসমীয়া লিখা নাই সেইসকলে আন কীব’ৰ্ড নিশিকাকৈ “জাহ্নৱী” কীব’ৰ্ডখনেৰেই লিখিব পাৰে। তদুপৰি এই কীব’ৰ্ডৰখনৰ সহায়তো MS Word আদি আন ৱৰ্ড প্ৰচেছৰসমূহৰ লগতে MS Excel, Notepad আৰু ছচিয়েল নেটৱৰ্কিং ছাইট, ই-মেইল, ব্লগ, ৱিকিপিডিয়া আদিটো পোনপটীয়াকৈ লিখিব পাৰি। এই কীব’ৰ্ডখনৰ কীবোৰ উচ্চাৰণভিত্তিক লিপ্যন্তৰ পদ্ধতিৰে সজোৱা হৈছে। ব্যৱহাৰকাৰীয়ে এই কীব’ৰ্ডখন সক্ৰিয় কৰি a টিপিলে া, A টিপিলে আ, ao টিপিলে অ, I= ই, II=ঈ, U= উ, UU= ঊ, k= ক, kh=খ, g=গ আদি ধৰণে অসমীয়া বৰ্ণ আৰু চিহ্নবোৰ লিখিব পাৰিব। ইয়াৰ সম্পূৰ্ণ তালিকা আৰু যুক্তাক্ষৰ লিখা পদ্ধতি চমুকৈ আৰু সহজভাৱে সঁজুলিটোত থকা “Help” ফাইলত বৰ্ণনা কৰা হৈছে।

ৱৰ্ড প্ৰচেছৰটিৰ প্ৰথম সংস্কৰণত প্ৰায় ২.৫ লাখ শব্দৰ এক ভাণ্ডাৰ সংযুক্ত কৰা হৈছে। ছফ্টৱেৰটোত ব্যৱহৃত এলগৰিথীমৰ সহায়ত পৰৱৰ্তী সংস্কৰণসমূহত পৰ্যায়ক্ৰমে এই শব্দ-ভাণ্ডাৰৰ পৰিসৰ বৃদ্ধি কৰা হ’ব।

সঁজুলিটোত লিখিবলৈ লোৱা শব্দৰ বাবে অহা স্বয়ংক্ৰিয় নিৰ্দেশনাই লিখোঁতাৰ সময় বচোৱাৰ লগতে বানান ভুল হ’ব বুলি ভয় কৰি নিলিখাকৈ থকাসকলক সহায় আগবঢ়াব। তদুপৰি ই যুক্তাক্ষৰ লিখাৰ দীঘলীয়া কামটোতো সকাহ দিয়ে। ব্যৱহাৰকাৰীয়ে যদি “জাহ্নৱী”ত “ক” লিখে তেন্তে ই তাৎক্ষণিকভাৱে “ক”ৰে আৰম্ভ হোৱা সাম্ভাব্য শব্দ— কংকণ, কংকাল, কংকালতন্ত্ৰ, কইনা, কওঁতা, কওঁতাক, কওঁতাৰ আদিৰ এখন ড্ৰপ-ডাউন তালিকা দেখুৱাব। পুনৰ “ক”ৰ লগত “ম” অৰ্থাৎ “কম” লিখাৰ লগে লগে “কম”এৰে আৰম্ভ হোৱা শব্দ— কমকৈ, কমতা, কমতাপুৰ, কমাৰ আদি শব্দৰ নিৰ্দেশনা পোৱা যাব। নেভিকেচন কী ব্যৱহাৰ কৰি প্ৰয়োজনীয় শব্দটো বাচি লৈ enter কী টিপিলে বা তালিকাখনত থকা প্ৰয়োজনীয় শব্দটোত ক্লিক কৰিলেই শব্দটো লিখি থকা স্থানত পোৱা যাব।

ৱৰ্ড প্ৰচেছৰটিত প্ৰায় ৭০০ ফকৰা যোজনা আৰু জতুৱাঠাঁচৰ সংগ্ৰহ অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে প্ৰায় ১৫০০ ফকৰা যোজনা আৰু জতুৱাঠাঁচ সংগ্ৰহ কৰা হৈছে। পৰৱৰ্তী সংস্কৰণত বাকীসমূহ যোগ কৰা হ’ব। সঁজুলিটো ব্যৱহাৰ কৰি থাকোঁতে F1 বুটাম টিপিলে এইসমূহৰ নিৰ্দেশনা পোৱা যায়। F1 বুটাম টিপাৰ পাছত, যদি “ক” লিখা হয় তেন্তে শব্দৰ নিৰ্দেশনাৰ দৰেই “ক”ৰে আৰম্ভ হোৱা ফকৰা যোজনা আৰু জতুৱাঠাঁচ, যেনে— কঠালৰ চোৰৰ এঠাই সাক্ষী, হাঁহ চোৰৰ মূৰত পাখি; কাকো দেখি ৰান্ধে-বাঢ়ে, কাকো দেখি দুৱাৰ বান্ধে; কি কৰে পৰত, তাক মিলে ঘৰত; কাউৰী-কুকুৰা মাটিত নৌপৰোঁতেই…. আদিৰ তালিকা পোৱা যায় আৰু বাক্যত নিজৰ প্ৰয়োজনীয়টো ব্যৱহাৰ কৰিব পাৰি। পুনৰ সাধাৰণ শব্দৰ পূৰ্বানুমান সক্ৰিয় কৰিবলৈ F1 টিপিব লাগে।

অসমীয়া ভাষাত বাক্যৰ মাজত সততে ব্যৱহৃত কিছুমান বাক্যাংশ হ’ল— “মই ক’ব খুজিছোঁ যে”, “যি কি নহওক” ইত্যাদি। এইসমূহ দ্ৰুতভাৱে লিখিবৰ বাবে ছৰ্টকাট (বা Abbreviation) ৰ ব্যৱস্থা কৰিব পাৰি। এই গোটেই বাক্য দুটা বাৰে বাৰে লিখি থকাতকৈ, সময় ৰাহি কৰিবলৈ “মকবয”, “যকন” আদি Abbreviation নিজে প্ৰস্তুত কৰি ল’ব পাৰি। সেই উদ্দেশ্য জাহ্নৱীত নিজস্ব ছৰ্টকাট সৃষ্টিৰ সুবিধা দিয়া হৈছে। “মকবয” দৰে ছৰ্টকাট শব্দটো জাহ্নৱীৰ ৱিণ্ড’ত লিখি Ctrl+Enter হেঁচিলে সম্পূৰ্ণ বাক্যাংশটো পাব পাৰি।

jahnabi-logo-1সঁজুলিটোত লিখোঁতে ভুল হোৱা শব্দবোৰৰ তলত সেউজীয়া বক্ৰৰেখা দেখিবলৈ পোৱা যায়। তেনে শব্দ এটাত সোঁ-ক্লিক কৰিলে সাম্ভাব্য শুদ্ধ শব্দৰ তালিকা দেখা পোৱা যায়। ইয়াৰ পৰা ব্যৱহাৰকাৰীয়ে প্ৰয়োজন হোৱা শব্দটোত ক্লিক কৰি শুদ্ধ শব্দটো পাব পাৰে। যদি ৱৰ্ড প্ৰচেছৰটিয়ে ভুল দেখুওৱা শব্দটো ভৱিষ্যতে শুদ্ধ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়োজন হয় তেন্তে তালিকাখনৰ তলতে থকা “এই শব্দটো অভিধানত অন্তৰ্ভুক্ত কৰক” বিকল্পটোত ক্লিক কৰি ব্যৱহাৰকাৰীয়ে নিজৰ শব্দকোষত সংযোগ কৰিব পাৰে। তেনে কৰিলে পৰৱৰ্তী সময়ত সেই শব্দটো লিখিলে সঁজুলিটোৱে পুনৰ ভুল বুলি নিৰ্দেশনা নিদিয়ে।

আন স্থানৰ পৰা ক’পি কৰি অনা দফাৰ বানান পৰীক্ষা কৰিবলৈ সেই দফাটো বাছনি কৰি “জাহ্নৱী”ৰ মেনুবাৰত থকা Spell Checker বুটামটো টিপিলে দফাটোত থকা ভুল শব্দসমূহৰ তলত সেউজীয়া বক্ৰৰেখা দেখা পোৱা যায়।

জাহ্নৱীত .doc, .docx, .rtf, .txt আদি ফাইল খুলিব (Open) আৰু সংৰক্ষিত(Save) কৰিব পাৰিব। অৱশ্যে .doc আৰু .docx ৰ বাবে কম্পিউটাৰত MS Word ইনষ্টল থকাটো প্ৰয়োজনীয়। আনহাতে .pdf হিচাপে সংৰক্ষিত কৰিবলৈ হ’লে doPDF বা আন তেনে কোনো সঁজুলি ইনষ্টল থকাটো প্ৰয়োজনীয়।

বৰ্তমান windows ৰ সকলো version তে ব্যৱহাৰ কৰিব পৰা ছফ্টৱেৰটো পৰৱৰ্তী সময়ত লিনাক্স, মেক, এনড্ৰইড ম’বাইল আদিতো ব্যৱহাৰৰ সক্ষম কৰি তুলিব পৰা যাব বুলি আশা কৰা হৈছে। সঁজুলিটোৰ পৰৱৰ্তী সংস্কৰণত এখন পূৰ্ণাংগ অফলাইন ডিজিটেল অভিধান অসমৰ উল্লেখনীয় ঠাই-অনুষ্ঠান, বুৰঞ্জীমূলক কীৰ্তিচিহ্ন আদিৰ বিৱৰণৰ সৈতে সংযুক্ত কৰাৰ পৰিকল্পনা আছে আৰু ইয়াত সংযুক্ত কীব’ৰ্ডখন ব্যৱহাৰকাৰীয়ে নিজাকৈ সাজি ল’ব পৰাৰ ব্যৱস্থাও কৰা হ’ব। “জাহ্নৱী” ৱৰ্ড প্ৰচেছৰটিৰ সমূহ সুবিধা বৰ্তমান অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ বাবে উপলব্ধ। ভৱিষ্যতে সঁজুলিটো আন কেইবাটাও ভাষাৰ বাবেও প্ৰযোজ্য হোৱাকৈ নিৰ্মাণ কৰাৰ আশা ৰখা হৈছে।

 

সবিশেষ:

ৱেবছাইটwww.jahnabi.org

ব্যৱহাৰৰ নিৰ্দেশিকাwww.jahnabi.org/help.pdf

ই-মেইল[email protected]

শেহতীয়া সংস্কৰণ (update) ৰ খবৰ বা সহায়ৰ বাবে ফে’চবুক গোটhttp://facebook.com/groups/jahnabi.soft

[প্ৰবন্ধটো ২০১৪ ৰ প্ৰথমভাগত লিখা। বৰ্তমান “জাহ্নৱী”ৰ নতুন সংস্কৰণো উলিওৱা হৈছে। আৰু একে নামৰে এটি এপ্ উইণ্ড’জ ফ’নত অসমীয়া লিখিবৰ বাবেও নিৰ্মাণ কৰা হৈছে। উইণ্ড’জ ফ’নত অসমীয়া লিখিবলৈ এইটোৱেই প্ৰথম আৰু বৰ্তমানলৈকে একমাত্ৰ এপ্। আগ্ৰহীসকলে অধিক তথ্য www.jahnabi.org ৰ পৰা ল’ব পাৰিব..।]

3 Comments
  • Parag Jyoti Laskar.
    Posted at 16:00h, 09 July Reply

    মোৰ কম্পিউটাৰত কোনো চ’ফ্টৱেৰৰ সহায় নোলোৱাকৈ অসমীয়া লিখিব পাৰি, মই লিখাবোৰ আনৰ কম্পিউটাৰত সেইবোৰ একেদৰে দেখা নেপাব নেকি ?

    • পংকজ জ্যোতি মহন্ত
      Posted at 18:40h, 10 July Reply

      কোনো চফ্টৱেৰৰ সহায় নোলোৱাকৈ আপুনি কেনেকৈ লিখিব!!! আচলতে চফ্টৱেৰ আছে, আপুনি কি ব্যৱহাৰ কৰি আছে সেইটো আপুনি বুজি পোৱা নাই৷ আপোনাৰ কথাখিনি যিহেতু মই দেখা পাইছোঁ, গতিকে আনেও সেইখিনি নিশ্চয় দেখা পাব৷ গতিকে, অনলাইন জগতত আপুনি এতিয়া লিখি থকা দৰেই লিখিব পাৰে৷
      (অৱশ্যে কিছুমান চফ্টৱেৰত এইখিনি আখৰ দেখা পোৱা নাযাব৷ সেয়া বেলেগ প্ৰসংগ৷)

  • Kautilya Borgohain
    Posted at 14:45h, 17 August Reply

    jahnobi keyboardot dontyo hor juktakhyor bur likhibo jona nai kiyo?

Post A Comment