যাদৱ পায়েং – অকলেই এখন অৰণ্য সৃষ্টি কৰা মানুহজন

টাইটেনিক (Titanic), ব্লাড ডায়েমণ্ড (Blood Diamond), দা এভিয়েটৰ (The Aviator), ইনচেপছন (Inception) আদি বহু-সমাদিত ছবিৰ মুখ্য অভিনেতা; দা ৰেভেনেণ্ট (The Revenant) নামৰ ছবিখনৰ বাবে ২০১৫ চনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বিজয়ী লিঅ’নাৰ্ডো ডি-কেপ্ৰিঅ’ই যোৱা মে’ মাহত তেওঁৰ ফেইচবুক পে’জটোত যাদৱ পায়েঙৰ কৰ্ম তথা জীৱন-কাহিনী সম্পৰ্কীয় এখনি তথ্যচিত্ৰৰ লিংক শ্বেয়াৰ কৰিছিল। ফেইচবুকত ডেৰ কোটিৰো অধিক ফ’ল’ৱাৰ থকা অভিনেতাজনৰ পৃষ্ঠাটোতে কেৱল নহয়; যাদৱ পায়েঙৰ সম্পৰ্কে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আন বহুতো মানুহৰ ফেন-পে’জ, জনপ্ৰিয় ব্লগ, আলোচনী, ভিডিঅ’ ছাইট, এপ্ আদিত প্ৰায়ে প্ৰচাৰ হৈ থাকে।

যাদৱ পায়েঙৰ জন্ম হৈছিল ১৯৬৩ চনত (সঠিক চন-তাৰিখ তেওঁৰ ভালকৈ মনত নাই), যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ বৰঘোগ নামৰ এটা চাপৰিত। পিতৃ লক্ষীৰাম পায়েং আৰু মাতৃ আফুলি পায়েং। পৰিয়ালৰ তেৰটা সন্তানৰ ভিতৰত যাদৱ আছিল তৃতীয় সন্তান। সেই ঠাইত ১৮২৬ চনত বৃটিছ আৰু মানৰ যুদ্ধ চলিছিল, যি যুদ্ধত মান হাৰিছিল। তাতেই এটা জাহাজ-ঘাটো আছিল, আৰু তালৈ ৰেল-সেৱা প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু, পায়েঙৰ ছবছৰ বয়সত, খহনীয়াত তেওঁলোকৰ গাওঁখনৰ লগতে ওচৰৰ বহু ঠাই ব্ৰহ্মপুত্ৰত জাহ গ’ল। ফলত, সেই চাপৰিটোৰ কেইবাখনো গাঁৱৰ মানুহ দূৰ-দূৰণিলৈ উঠি গ’ল। কিন্তু তাৰ কেইবছৰমান পিছতে ব্ৰহ্মপুত্ৰই তাতেই পুনৰ চাপৰি গঢ়াত কিছুসংখ্যক মানুহে পুৰণি গাওঁ আৰু নদীৰ মোহত পুনৰ চাপৰিলৈ উভটি যায়। তাহানিৰ ৰেলৰ-চিৰি পৰিত্যক্ত অৱস্থাত বহুদূৰ পৰ্যন্ত তাত এতিয়াও আছে।

পায়েঙে শৈশৱত লোকৰ ঘৰত থাকি যোৰহাটৰ বালিগাঁৱৰ জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠ বিদ্যালয়ত দশম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। আৰ্থিক অনাটনৰ বাবে পিছত তেওঁৰ অধিক পঢ়া নহ’ল। সেই সময়বোৰত তেওঁ ড০ যদুনাথ বেজবৰুৱা নামৰ এজন উচ্চশিক্ষিত মানুহৰ সান্নিধ্যলৈ আহিছিল। তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আছিল। পাণ ৰুই পায়েঙে সেই মানুহজনৰ পৰা পঁচিছশ টকা পাইছিল। মানুহজনৰ পৰা তেওঁ বহু প্ৰেৰণাও পাইছিল। পায়েঙে তেওঁক গুৰু বুলিয়ো কয়। পিছত, জীৱিকাৰ সন্ধানত পায়েঙে দেশৰ বিভিন্ন ঠাই ঘূৰিও শেষত নিজৰ চাপৰিটোলৈ উভটিল। তাতেই তেওঁ গৰু-ম’হ পুহি, গাখীৰৰ ঠিকা কৰি জীৱিকা উলিয়াবলৈ ল’লে। ড০ যদুনাথ বেজবৰুৱাইয়ে তেওঁক অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত গাখীৰ যোগান ধৰিবলৈ যোগাযোগ কৰাই দিছিল।

পায়েঙৰ বয়স ১৯ বছৰমান হৈছে, তেনেতে এবাৰ গ্ৰীষ্মকালত তেওঁ দেখিলে— বাঢ়নী পানীত উটি অহা সাপবোৰ পানী শুকাই যোৱা পিছত মুকলি বালিত পৰি আছে। ৰ’দৰ তাপ সহ্য কৰিব নোৱাৰি শতাধিক সাপ তাতে জঠৰ হৈ আছে। তীব্ৰ উষ্ণতাৰ বাবে গৰুবিলাক পানীলৈ নামি গৈছে, কুকুৰবিলাকো নামি গৈছে। গৰমত মৰিবলৈ ধৰা সাপবোৰৰ কৰুণ দৃশ্যটোৱে পায়েঙৰ চকুলো বোৱাই আনিলে। কথাটো তেওঁ ওচৰৰ গাঁৱৰ বয়সীয়াল মানুহবোৰক ক’লেগৈ। গাঁৱৰ মানুহে পায়েঙক বাঁহ ৰুবলৈ পৰামৰ্শ দিলে। প্ৰথমে ৫০ টামান বাঁহৰ মূঢ়া ৰোৱাৰ পিছৰে পৰা পায়েঙে আৰম্ভ কৰিলে এজোপা-দুজোপাকৈ গছপুলি ৰোৱাৰ। সেয়া আছিল ১৯৭৯ চনমানৰ কথা। তেতিয়াৰ পৰাই তেওঁ “ঔৱনা চাপৰি” নামৰ সেই চাপৰিটোত বিবিধ গছপুলি ৰোৱা আৰু প্ৰতিপাল কৰা কাম নিৰলসভাৱে চলাই থাকিল।
যেতিয়া হাবিখন ডাঙৰ হৈ আহিল, তেতিয়া হাতী, হৰিণাকে ধৰি বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতি আদিৰ তালৈ আগমন ঘটিল। খাদ্যৰ সন্ধানত হাতীয়ে গাঁৱৰ মানুহৰ ঘৰতো আক্ৰমণ কৰিলে। হাবিখন তথা গছবোৰ বাঢ়ি উঠা বাবেই হাতী আহিছে বুলি মানুহে গছবোৰ কাটি পেলাবলৈ বিচাৰিছিল। গাঁৱৰ মানুহে পায়েঙক ভাবুকিও দিছিল। তেতিয়া পায়েঙে কৈছিল— মোকেই কাট, গছবোৰ নাকাটিবি। তেওঁ বুজাইছিল যে গছ নথকা বাবেই হাতীবোৰ আহিছে; গতিকে চাপৰিটোত অধিক গছ ৰুলে আৰু প্ৰত্যেকেই নিজৰ নিজৰ ঘৰতো গছ ৰুলে হাতীৰ আক্ৰমণৰ পৰা মানুহ বাচিব পাৰিব। হাতীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতীৰ খাদ্যৰ বাবে তেওঁ চাপৰিটোত কলগছো ৰোৱা আৰম্ভ কৰিছিল। সেই দিনবোৰত গাঁৱৰ মানুহে তেওঁক হত্যা কৰিব পাৰে বুলিও পায়েঙে সন্দেহ কৰিছিল।

পঠনীয়:  জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ

তাৰ পিছতো তেওঁ নিজৰ কাম নিৰলে চলাই থাকিল, আৰু আজি ৩৮ বছৰৰ পিছত সেইখন প্ৰায় ৫.৫ বৰ্গ কিঃমিঃ ডাঙৰ (চাৰি হাজাৰ এশ বিঘাতকৈ অধিক মাটিৰ) অৰণ্যত পৰিণত হ’ল। যাদৱ পায়েঙৰ ঘৰুৱা নাম হ’ল মুলাই। সেয়েহে, তেওঁৰ সৃষ্ট সেই অৰণ্যখন “মুলাই কাঠনি” নামেৰে পৰিচিত হ’ল। এতিয়া তাত শতাধিক হাতী, বহুকেইটা হৰিণা, গঁড়, বাঘ আদিয়ে বিচৰণ কৰে। তেওঁৰ নিজৰো গোহালীৰ পৰা বাঘে গৰু-ছাগলী লৈ গৈছে। তেওঁৰ প্ৰায় এশটা গৰু বাঘে খাইছে। সেয়া বাঘৰ খাদ্য, গতিকে সি সেয়া খাবই বুলি তেওঁ বিবেচনা কৰে। পায়েঙে কয় যে প্ৰায় ৪০ বছৰৰ পিছত তেওঁ আকৌ শগুন দেখা পাইছে।

হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আৰু সন্তানৰ পঢ়াশালিৰ সুবিধাৰ বাবে পায়েংহঁত এতিয়া চাপৰিৰ পৰা উঠি গৈ মথাউৰিৰ কাষত বসতি স্থাপন কৰিছে। যোৰহাট চহৰৰ পৰা পায়েঙৰ ঘৰলৈ প্ৰায় ১০ কিমি দূৰ, বাইকেৰে ২০ মিনিটমানৰ বাট। তেওঁ এতিয়াৰ ঘৰৰ পৰা সৰু সুঁতি এটা পাৰ হৈ দুখন গাঁৱৰ মাজেৰে গৈ পোৱা যায় মুলাই কাঠনি।
উদ্যোগীকৰণ, নগৰ সভ্যতা, অত্যাধিক যান-বাহন আদিয়ে পৃথিৱীৰ সামুহিক উষ্ণতা বৃদ্ধি কৰিছে। ১৮৮০ চনৰ পৰা গোলকীয় উষ্ণতাৰ তথ্যৰ নিয়মীয়া সংগ্ৰহ আৰম্ভ হৈছে। এই উষ্ণতা সংগ্ৰহৰ আধুনিক ইতিহাসত পৃথিৱীত সৰ্বাধিক উষ্ণতা পোৱা গৈছে ২০১৬ চনত। ২০১৭ চনৰ জানুৱাৰী মাহটো পাৰ হৈ যোৱা ১৩৭টা বছৰত তৃতীয়টো আটাইতকৈ উষ্ণ জানুৱাৰী মাহত পৰিণত হৈছে। ২০১৬ চনৰ জানুৱাৰী মাহটো আছিল সৰ্বোচ্চ উষ্ণ জানুৱাৰী। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ উত্তৰ মেৰু বৰফ ঠায়ে ঠায়ে গলি খুৱ পাতল আৰু কোমল হৈ পৰিছে। ফলত তাৰ বৰফৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা জীৱকূললৈ বিপদ নামি আহিছে। গোলকীয় উষ্ণতা যাতে দুই ডিগ্ৰীতকৈ অধিক কোনোকালে বাঢ়িব নোৱাৰে তাৰ বাবে বিশ্বৰ শতাধিক দেশ মিলিত হৈ উদ্যোগিক নীতি প্ৰস্তুত কৰিছে। জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশ-তন্ত্ৰ তথা সমগ্ৰ জীৱকূললৈ অনা ভাবুকি দূৰ কৰিবলৈ এইধৰণৰ উদ্যোগিক নীতিসমূহৰ উপৰি পৃথিৱীত অপৰ্যাপ্ত বৃক্ষ প্ৰয়োজন। সেইবাবেই পৰিৱেশ-সচেতন সকলো মানুহৰ বাবে যাদৱ পায়েং সন্মানৰ পাত্ৰত পৰিণত হৈছে। তেওঁৰ কৰ্মই গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা আৰু সেই ৰোধৰ বাবে সজাগতা অনা কাৰ্যত জড়িত মানুহক অনুপ্ৰেৰণা যোগাইছে।

কিন্তু, কেৱল এজন পৰিৱেশ-কৰ্মী বুলিয়েই নহয়, আন দুটা কথাতো পায়েং অনুপ্ৰেৰণাৰ উৎসত পৰিণত হৈছে—

ক) এটা তেনেই উদং চাপৰিত সম্পূৰ্ণ অকলেই এটা-দুটাকৈ পুলি ৰুবলৈ আৰম্ভ কৰি, বছৰ বছৰ ধৰি অহৰহ সেই কামটোকে কৰি থাকি তেওঁ এখন অৰণ্যকে সৃষ্টি কৰি পেলালে। তেওঁৰ কাহিনী শুনাৰ আগলৈকে যিটো কাম সকলোৰে বাবে সপোনৰো অগোচৰ। কামটো আৰম্ভ কৰোঁতে তেওঁ নিজেও এবাৰো ভবিব পৰা নাছিল যে ই ইমান এখন ডাঙৰ কাঠনি হ’বগৈ। যিকোনো ক্ষেত্ৰতেই, একেবাৰেই একো নথকাৰ পৰা আৰম্ভ কৰি, অহৰহ ব্ৰতী থাকিলে এটা সময়ত সিয়েই এটা বিৰাট সৃষ্টিত পৰিণত হ’বগৈ পাৰে। কিবা এটা কৰিবলৈ আৰম্ভ কৰাসকলৰ বাবে এই কাহিনী অতি প্ৰেৰণাদায়ক।

খ) মানুহৰ বিশেষ আহ-যাহহীন এটা চাপৰিত পায়েঙে কামটো কৰি গৈছিল একান্ত নিজৰ মনৰ তাগিদাত। সেই কামটোৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি, আৰু নিজৰ দায়িত্ব নিজেই নিৰ্ধাৰণ কৰি তেওঁ সেয়া কৰি গৈছিল। তাৰ বাবে তেওঁ যুঁজ কৰিবলগীয়াও হৈছিল। আৰু নিজৰ সৃষ্টিটো বহুদূৰ আগবঢ়াই তেওঁ তাক যেনেকৈ-তেনেকৈ এৰি দিছিল, এনে নহয়। তেওঁ নিজৰ সৃষ্টিটোৰ, অৰ্থাৎ হাবিখনৰ ৰখীয়াও হ’বলগীয়া হৈছিল। গছবোৰ কাটি বিক্ৰী কৰিব নোৱৰাকৈ মানুহক বাধা দিব লগা হৈছিল। বাঘ আৰু গঁড় মাৰিবলৈ চোৰাং-চিকাৰীয়ে তাতো ফান্দ পাতিছিল। ফান্দবোৰ দেখি তেওঁ মানুহ মতাই সেইবোৰ ধ্বংস কৰিবলগা হৈছিল। তেওঁ কেতিয়াও ভবা নাছিল যে এদিন তেওঁক চাপৰিৰ বাহিৰৰ মানুহে চিনি পাব, অৰণ্যখন চাবলৈ দেশ-বিদেশৰ মানুহ আহিব। সেই উদ্দেশ্যে তেওঁ কাম কৰা নাছিল, তেনে কথা তেওঁৰ চিন্তাত সোমোৱাই নাছিল। প্ৰায় ৩০ বছৰ ধৰি তেওঁ কৰি থকা কামটোৰ কথা, সেই অৰণ্যখনৰ কথা চাপৰিৰ বাহিৰৰ কোনেও জনায়েই নাছিল। ২০০৯ চনত এদিন এজন ফটোগ্ৰাফাৰে চৰাই-চিৰিকতি আদিৰ ফটো তুলিবলৈ নদীৰ মাজে মাজে, চাপৰিৰ কাষে কাষে ঘূৰি ফুৰোতে এখন অটব্য অৰণ্য দেখি আচৰিত হৈ উঠিল। অৰণ্যখনৰ কাষ চাপি তেওঁ দূৰত এজন মানুহ দেখা পালে। ফটোগ্ৰাফাৰজনে মানুহজনৰ পিছ ল’বলৈ ধৰিলে। সেই মানুহজনেই আছিল যাদৱ পায়েং, যি ফটোগ্ৰাফাৰজনক দেখি চোৰাং-চিকাৰী বুলি সন্দেহ কৰি প্ৰথমে আক্ৰমণ কৰিবলৈ ধৰিছিল। ফটোগ্ৰাফাৰজনে তেওঁৰ কাহিনী এটা বাতৰি হিচাপে লিখি এখন কাকতলৈ পঠালে। সেই বাতৰিৰ পিছতহে যাদৱ পায়েং আৰু মুলাই কাঠনি ক্ৰমান্বয়ে বিখ্যাত হৈ উঠিল।

পঠনীয়:  উদ্ধৱ ভৰালী – নিজৰ উদ্ভাৱনেৰে আৰ্তজনক সহায় কৰিব বিচৰা এজন মানুহ

এনেদৰে নিজৰ কৰ্ম আৰু জীৱন-কাহিনীৰে বিশ্বৰ যিকোনো প্ৰান্তৰে অলেখ মানুহক উদ্বুদ্ধ কৰিবলৈ সক্ষম হোৱা যাদৱ পায়েঙেই নিশ্চয়কৈ একমাত্ৰ অসমীয়া। বিশ্বত আদৰ্শ ব্যক্তিত পৰিণত হোৱা, বিশ্বৰ প্ৰান্তে প্ৰান্তে অলেখ মানুহে নাম লোৱা দ্বিতীয় এজন অসমীয়া অতীজৰ পৰা আজি পৰ্যন্ত কোনো নাই।

পায়েঙে আজি বহু বঁটা, সন্মান লাভ কৰিছে। ২০১২ চনৰ ২২ এপ্ৰিলত, ধৰিত্ৰী দিৱস(Earth Day)ৰ দিনা জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে পায়েঙক “ভাৰতৰ অৰণ্য মানৱ” (Forest man of India) উপাধি প্ৰদান কৰে। ২০১২ চনত উইলিয়াম ডগলাছ মেকমাষ্টাৰ (William Douglas McMaster) নামৰ কানাডাৰ তথ্যচিত্ৰ নিৰ্মাতা এজনে পায়েঙৰ কৰ্ম আধাৰত “Forest Man” নামেৰে এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰে। ২০১৩ বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে। তথ্যচিত্ৰখনে কেৱল ইউটিউৱতে দুই নিযুতৰো অধিক দৰ্শন লাভ কৰিছে। সেইখন নেচনেল জিঅ’গ্ৰাফিকতো প্ৰচাৰ হৈছে। ২০১২ চনত তেওঁক “ছেংচুৱাৰি এছিয়া ৱাইল্ড লাইফ বঁটা” প্ৰদান কৰা হয়। ২০১৪ চনৰ বিশ্ব পৰিৱেশ দিৱস, ৫ জুনৰ দিনা “দা হিন্দু” কাকতৰ প্ৰথম পৃষ্ঠাত পায়েঙৰ কৰ্ম আৰু জীৱনক লৈ এটি অনবদ্য চিত্ৰ-কৰ্ম প্ৰকাশ কৰা হৈছিল। ২০১৫ চনৰ ২৬ জানুৱাৰীত তেওঁক ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ অসামাৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ২০১৬ চনত বিনায়ক বাৰ্মা নামৰ এজন ব্যক্তিয়ে “Jadav and Tree-Place” নামেৰে এখন সচিত্ৰ শিশু-গ্ৰন্থ ৰচনা কৰিছে। “যাদৱৰ অৰণ্য” নামেৰে সেইখন অসমীয়ালৈয়ো অনুবাদ কৰা হৈছে। এনেধৰণৰ বহু বঁটা-সন্মান আগবঢ়োৱা উপৰি তেওঁক বহুতো অনুষ্ঠানলৈ পৰিৱেশ-সজাগতা সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ নিমন্ত্ৰণ কৰা হয়। ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত, ২০১৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত “পেৰিছ জলবায়ু সন্মীলন”তো বক্তৃতা প্ৰদানৰ বাবে পায়েং নিমন্ত্ৰিত হৈছিল। তেওঁক সন্মান জনোৱাৰ উদ্দেশ্যে দেশৰ বিভিন্ন ঠাইলৈ গছপুলি ৰুবলৈয়ো নিমন্ত্ৰণ জনোৱা হয়। পায়েঙে কয় যে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বহুতো গছপুলি ৰোৱা হয়; কিন্তু বহুতেই গছপুলি ৰুব নাজানে, ফলত সেই দিনটোত বৃহৎ সংখ্যক গছপুলিৰ মৃত্যু হয়৷

পায়েঙে এতিয়াও নিয়মীয়াকৈ গছ ৰোৱা, গছ প্ৰতিপাল কৰা কাম কৰি আছে। পূৰ্বৰ দৰেই এতিয়াও তেওঁ গৰু-ম’হ পুহি গাখীৰ বিক্ৰী কৰি পত্নী বিনীতা পায়েং, এগৰাকী কন্যা আৰু দুটা পুত্ৰৰ সৈতে পাঁচজনীয়া পৰিয়ালটো চলায়। প্ৰতি বছৰে দুই-তিনিবাৰকৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী তেওঁলোকৰ ছাঙঘৰৰ তলৰে যায়। কেতিয়াবা আহু ধান, ৰঙালাও আদি খেতি খুৱ ভাল হয়। হাতী আৰু বাঢ়নী পানীয়ে খেতি অনিষ্ট নকৰিলে বিক্ৰীও কৰিব পাৰে। এতিয়া হাতীৰ খাদ্যৰ বাবে আন এটা চাপৰিত কল গছ, তৰা, ডিমৰু আদি বিশেষ কিছুমান গছ আৰু ঘাঁহ ৰোৱা তেওঁ আৰম্ভ কৰিছে।

 

No Comments

Post A Comment