জনপ্ৰিয় চলচিত্ৰ পৰিচালক মুনিন বৰুৱাৰ সৈতে এটি সাক্ষাৎকাৰ (সাক্ষাৎগ্ৰহণ আৰু সংকলন: ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য)

অসমীয়া চলচিত্ৰলৈ নব্য-ভাবধাৰা আৰু কলা-কৌশল উপহাৰ দিয়া মুনিন বৰুৱাৰ প্ৰতিখন চলচিত্ৰত আছে সমাজব্যৱস্থাৰ প্ৰতি গভীৰ দায়িত্ববোধ, বিষয়বস্তুৰ গভীৰতা আৰু সুক্ষ্ম-পৰ্য্যবেক্ষণ, চৰিত্ৰসমূহৰ প্ৰতি গভীৰ মমত্ব আৰু মানৱীয় অনুকম্পা, কাহিনী কোৱাৰ অসামান্য ভংগী আৰু তত্বগধুৰ সংলাপ। জনপ্ৰিয় পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ বোলছবি ফাগুনীৰ (১৯৭৮ত মুক্তিপ্ৰাপ্ত) জৰিয়তে সহকাৰী পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰা মুনিন বৰুৱাই পৰবৰ্তী সময়ত পিতা-পুত্ৰ (১৯৮৮ চনত মুক্তিপ্ৰাপ্ত) চলচিত্ৰৰ দ্বাৰা পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি এতিয়ালৈকে মুঠ ১৩ খনকৈ অতি উন্নতমানৰ বোলছবি নিৰ্মাণ কৰিছে।

পুৰস্কাৰতকৈ দৰ্শকক অধিক গুৰুত্ব দিয়া মুনিন বৰুৱাৰ অসমীয়া বোলছবি উদ্যোগলৈ উল্লেখযোগ্য অবদানসমূহ হ’ল— পিতা-পুত্ৰ, প্ৰভাতী পখীৰ গান, হিয়া-দিয়া-নিয়া, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, দাগ, দীনবন্ধু, ৰামধেনু ইত্যাদি। উল্লেখযোগ্য যে এইবোৰ চলচিত্ৰই অসমৰ বোলছবি উদ্যোগটোক জীয়াই ৰখাতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

অসমৰ চলচিত্ৰ জগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ এইজনা পৰিচালকৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ:

 

[এই সাক্ষাকাৰটি লোৱা হৈছিল ২০১৪ চনত। তেজপুৰ বিশ্ববিদ্যালয়ৰ বাৰ্ষিক আলোচনী সৃজন”ৰ উদ্দেশ্যে সাক্ষাকাৰটি লৈছিল সৃজনৰ সেই সংখ্যাৰ সম্পাদক ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যই।]

 

চাৰ, নমস্কাৰ। তেজপুৰ বিশ্ববিদ্যলয়ৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছো।

► ধন্যবাদ

১। চাৰ, সৰুৰে পৰাই প্ৰতিজন মানুহৰে জীৱনত একোটি লক্ষ্য থাকে। উক্ত লক্ষ্যত উপনীত হোৱাত কোনোবাজন সফল হয় আৰু কোনাবাজনে হয়তো সময়ৰ ধামখুমীয়াত পৰি লক্ষ্য সলনি কৰিবলৈ বাধ্য হয়। মই আপোনাক সুধিব বিচাৰো, এজন চলচিত্ৰ পৰিচালক হোৱাটোৱে আপোনাৰ সৰুৰে পৰাই লক্ষ্য আছিল নেকি? আৰু লগতে আপোনাৰ চলচিত্ৰ কেৰিয়াৰৰ পাতনিৰ কিছু কথা জানিব বিচাৰো।

► লক্ষ্য থকা বুলি পোনপটীয়াকৈ ক’ব নোৱাৰি। কিন্তু এটা কথা ঠিক যে ১২-১৩ বছৰ মান বয়সৰ পৰা মোৰ এই জগতখনৰ প্ৰতি আকৰ্ষণ বাঢ়িবলৈ ধৰে। আৰু এই আকৰ্ষণে হয়তোবা মোক এই জগতখনলৈ আহিবলৈ আহ্বান জনাইছিল।

উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰামজাজ কলেজৰ বিজ্ঞান শাখাত ভৰ্ত্তী হওঁ। দিল্লীলৈ যোৱাৰ পাছত চিনেমাৰ প্ৰতি হেঁপাহ মোৰ দুগুণে বাঢ়িল। যিবোৰ চিনেমাৰ কথা পেপাৰত পঢ়িছিলো, যিবোৰ নায়ক-নায়িকাৰ ছবি পেপাৰত দেখিছিলো, সেইবোৰ নায়ক-নায়িকাৰ চিনেমাবোৰ চাবলৈ দিল্লীত বেচ সহজ হ’ল। আৰু লাহে লাহে এনেদৰে চিনেমাবোৰ চাই-চাইয়ে চিনেমাৰ কিছু কথাওঁ শিকি পেলালো।

Graduation শেষ কৰি মই অসমলৈ ঘূৰি আহোঁ, জনপ্ৰিয় পৰিচালক শিৱপ্ৰসাদ ঠাকুৰক লগ পাওঁ। তেতিয়া তেওঁ ফাগুনী চিনেমাখনৰ পৰিকল্পনা কৰি আছিল। ফাগুনী Co-operative productionৰ চিনেমা আছিল আৰু চিনেমাখনৰ লগত ময়ো জড়িত হৈ পৰিলো। ঠাকুৰ চাৰে মোক অভিনয় কৰিবলৈ কৈছিল কিন্তু কেমেৰাৰ সন্মুখত কাম কৰিবলৈ মোৰ নিজৰ ওপৰতে বিশ্বাস নাছিল। সেয়েহে ভাবিলো, কেমেৰাৰ পাছত যদি মই কাম কৰো তেন্তে চাগে ভালকৈ কাম কৰিব পাৰিম, যিহেতু তেতিয়ালৈকে মই কেমেৰাৰ ওপৰত বহু কথাই জানো। ইয়াৰোপৰি মোৰ যন্ত্ৰ-সংগীতৰ ওপৰতো কিছু পৰিমাণে দখল আছিল। ঠাকুৰ চাৰক মই এই কথা জনালো আৰু তেওঁ তেতিয়া মোক Assistant director হিচাপে কাম কৰিবলৈ ক’লে। মই Assistant director হিচাপে কাম কৰিলো। এইখিনিতে উল্লেখ কৰিব পাৰি যে মই “ফাগুনী”ত  কৰিবলগীয়া চৰিত্ৰটিত পাছত প্ৰাঞ্জল শইকীয়াই অভিনয় কৰিছিল।

ইয়াৰ পাছত শিৱপ্ৰসাদ ঠাকুৰ চাৰে পৰিচালনা কৰা এখনি যথেষ্ট জনপ্ৰিয় চিনেমা “বোৱাৰী”ত কাম কৰিলো। “বোৱাৰী”ৰ কাহিনীটো বসন্ত দাসৰ আছিল, চিত্ৰনাট্য আৰু সংলাপ ময়েই লিখিছিলো। ইয়াৰোপৰি “বোৱাৰী”ত মই প্ৰধান সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিলো। “বোৱাৰী”ৰ সফলতাই মোক যথেষ্ট উৎসাহ যোগাইছিল।

আপোনাৰ প্ৰায় প্ৰতিখন চলচিত্ৰই দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। মই আপোনাক সুধিব বিচাৰো আপুনি নিজে আপোনাৰ চলচিত্ৰসমূহত এনেকুৱা কি গুণ থকা বুলি ভাবে যাৰ কাৰণে দৰ্শকে আপোনাৰ ছবিখন চাবলৈ ব্যগ্ৰ হৈ থাকে?

► প্ৰথমতে চিনেমাখনৰ কাহিনীটো ভাল হ’বই লাগিব। মোৰ প্ৰতিখন চিনেমাতে কাহিনীটোৰ ওপৰত যথেষ্ট জোৰ দিছো। কিন্তু কাহিনীটোক আগুৱাই নিব পাৰে চিত্ৰনাট্য আৰু সংলাপেহে। প্ৰতিখন চিনেমাতে মই চিত্ৰনাট্য আৰু সংলাপ ভালকৈ লিখিবলৈ যথেষ্ট চেষ্টা কৰিছো। মিউজিকবোৰো উন্নতমানৰ কৰিবলৈ চেষ্টা কৰিছো। মোৰ প্ৰতিখন চিনেমাতে প্ৰতিজন Music Directorয়ে যথেষ্ট ভাল কাম কৰিছে। আৰু ইয়াৰোপৰি আজিকালিৰ বহু দৰ্শকে হলিউদ-বলিউদৰ চিনেমাবোৰ, Colorsৰ চিৰিয়েলবোৰ চায়। গতিকে তেওঁলোকে অসমীয়া চিনেমাৰ Technological sideটোৱো সেইবোৰ চিনেমা-চিৰিয়েলৰ লগত তুলনা কৰে। কিন্তু আমাৰ অসমীয়া চিনেমাৰ বাজেট কিছু সীমিত কাৰণে কোনো কোনো দিশত কিছু সীমাবদ্ধতা থাকে। কিন্তু ইয়াৰ মাজতে যিমান পাৰি সিমান Technological advancement মই মোৰ চিনেমাত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছো।

হিয়া-দিয়া-নিয়া অসমীয়া চলচিত্ৰ ইতিহাসৰ এক মাইলষ্টোন। উক্ত সৃষ্টিৰ আঁৰৰ কিছু কথা কওঁকচোন।

► শংকৰদেব থিয়েটাৰৰ ১৯৯৫-৯৬ বৰ্ষৰ বাবে মই “হিয়া-দিয়া-নিয়া” নামেৰে নাটক এখন লিখিছিলো। নাটকখন লৈ প্ৰথমতে প্ৰযোজক সন্তুষ্ট নাছিল, বিশেষকৈ তেওঁৰ “হিয়া-দিয়া-নিয়া” নামটো ভাল লগা নাছিল। কিন্তু নাটকখন যথেষ্ট ভাল চলিছিল। ইয়াৰ পাছত ১৯৯৮ চন মানত মোৰ ওচৰলৈ প্ৰযোজক মেৰী লস্কৰ আহিল, তেওঁক মই তিনি-চাৰিটা মান ভিন্ন ৰকমৰ কাহিনী শুনালো। “হিয়া-দিয়া-নিয়া”ৰ কাহিনীটোৱে তেওঁক আকৃষ্ট কৰিলে। আৰু ইয়াতকৈয়ো ডাঙৰ কথা, যিহেতু হিয়া-দিয়া-নিয়া নাটকখন দৰ্শকে আঁকোৱালি লৈছিল, গতিকে প্ৰযোজক চিনেমাখনক লৈয়ো যথেষ্ট বিশ্বাসী আছিল। আৰু সেইমৰ্মে হিয়া-দিয়া-নিয়াই চিনেমা ৰূপ পায়। নাটকখনক দৰ্শকে আকোঁৱালি লোৱাৰ নিচিনাকৈ চিনেমাখনকো আকোঁৱালি ল’লে। আচলতে নাটকখনে চিনেমাখনৰ Trailer হিচাপে কাম কৰিছিল।

গ্লেমাৰ অবিহনে আপুনি কেতিয়াও নিৰ্মাণ নকৰে। হিয়া-দিয়া-নিয়াত বহুকেইজন গ্লেমাৰ শিল্পীৰ সমাবেশ ঘটিছে, কিন্তু নাম-ভূমিকাত অবতীৰ্ণ হৈছে সেইসময়ৰ এজন অখ্যাত শিল্পীয়ে, যি আজি অসমীয়া চলচিত্ৰৰ অপ্ৰতিদন্দ্বী নায়ক। যতীন বৰাইয়ো নিজৰ বহুকেইটা সাক্ষাকাৰত উল্লেখ কৰিছে যে হিয়া-দিয়া-নিয়াৰ আগলৈকে অসমৰ মাত্ৰ কেইখনমান জিলাৰ মানুহেহে তেওঁক চিৰিয়েল বয় বুলি জানিছিল। তেনেস্থলত যতীন বৰাৰ ওপৰত আপোনাৰ ইমান বিশ্বাসৰ কাৰণ? লগতে মই আপোনাক সুধিব বিচাৰো, পৰিচালক হিচাপে আপুনি যতীন বৰাৰ মাজত এনেকুৱা কি গুণ দেখিছে যাৰ কাৰণে আজি এটা দশকৰো অধিক কাল ধৰি তেওঁ নিজকে অপ্ৰতিদন্দ্বী নায়ক হিচাপে চিহ্নিত কৰিব পাৰিছে?

► যতীনক মই প্ৰথম থিয়েটাৰত লগ পাইছিলো। থিয়েটাৰত তেওঁৰ অভিনয় দেখিছিলো। আচলতে যতীন বৰা Natural actor. তেওঁ Dialogue মুখস্থ নামাতে, হৃদয়ৰ পৰা কথাখিনি অনুধাৱন কৰিহে কয়। আৰু সেইকাৰণে Dialogueটো কোৱাৰ লগে লগে তেওঁৰ মুখৰ প্ৰকাশভংগীও সলনি হয়। মন আৰু মগজু সমানে প্ৰয়োগ কৰি তেওঁ যথেষ্ট Seriously কাম কৰে।

নায়ক আছে, নায়ক নাইএয়া অসমীয়া চলচিত্ৰ প্ৰেমীৰ মাজত সততে চলা বিতৰ্ক। একালৰ যতীন বৰাৰ দৰে এজন সুদৰ্শন ৰোমাণ্টিক নায়কৰ বৰ্তমানৰ অসমীয়া চিনেমাবোৰত অভাব ঘটিছে বুলি আপুনি মানি লয়নে?

► অভাৱ ঘটিছে বুলি মই কেতিযাও নাভাবো। মই নাম ধৰি নকও, সদ্যমুক্তিপ্ৰাপ্ত কেইখনমান অসমীয়া চিনেমাৰ এখনত এজন নায়কে যথেষ্ঠ বলিষ্ট অভিনয় কৰিছে, আৰু সেই একেজন নায়কেই আন এখন অসমীয়া চিনেমাত যথেষ্ট দুৰ্বল অভিনয় কৰিছে। গতিকে নায়কজনৰ প্ৰতিভাৰ দক্ষতাখিনি উলিয়াই আনিবলৈ হ’লে পৰিচালকজনৰো দক্ষতা লাগিব। ভাল অভিনয় কৰা বুলি ক’লেই কোনেও কৰিব নোৱাৰে, সমলখিনি যুগুতাই দিব লাগিব, তেতিয়াহে ভাল অভিনয় আশা কৰাটো সমিচীন হব মই ভাবো।

৬। আপোনাৰ এখন উল্লেখযোগ্য চিনেমা হল নায়ক। নায়কৰ কাৰণে আপুনি ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পাইছিল। নায়ক সৃষ্টিৰ আঁৰৰ কিছু কথা কওকচোন...

► নায়ক চিনেমাখনো প্ৰথমতে নাটকেই আছিল। হেঙুল থিয়েটাৰৰ কাৰণে মই নাটক এখন লিখিব লগা হৈছিল। আৰু সেইবছৰ হেঙুলত প্ৰাঞ্জল শইকীয়া আৰু ৰাজীব গোস্বামী চুক্তিবদ্ধ হৈছিল। গতিকে তেওঁলোক দুয়োৰে লগত মিলাকৈ কাহিনী এটাৰ কথা মই ভাবিবলৈ ধৰিলো আৰু এনেকৈয়ে মোৰ মনলৈ বৈৰী-বন্ধুৰ কাহিনীটো আহিল। পাছত যেতিয়া মূল কাহিনীটোক চলচিত্ৰ ৰূপ দিয়াৰ কথা ভবিলো, তেতিয়া তাত আৰু কিছু নতুন কাহিনী সোমাই নায়ক নাম দিলো। বৈৰী-বন্ধুক দৰ্শকে আকোঁৱালি লোৱাৰ নিচিনাকৈ নায়ককো দৰ্শকে আঁকোৱালি লৈছিল।

৭। আপোনাৰ এক উল্লেখযোগ্য চলচিত্ৰ প্ৰভাতী পখীৰ গান, ত সুধাকণ্ঠ ভূপেন হাজৰিকাই অভিনয় কৰিছিল। ভূপেন হাজৰিকাক আপুনিটো বহু কাষৰে পৰা পাইছিলতেখেতৰ লগত আপোনাৰ কাম কৰাৰ অনুভব?

ভূপেনদাৰ পৰা প্ৰতি মুহূৰ্ততে বহু নতুন নতুন কথা শিকিব পাৰি। তেওঁৰ কথা কোৱা ষ্টাইল, ধৰণ-কৰণবোৰ এনেকুৱা যে গম নোপোৱাকৈ তেওঁৰ সংগ লওঁতাজনে বহু কথা শিকি পেলায়। ভূপেনদাই কেতিয়াও কথা এনেই নকয়, কোৱা প্ৰতিটো কথাই হৈ পৰে বেছ তত্বগধুৰ। আৰু আমি আচলতে ভূপেনদা আমাৰ মাজৰ পৰা যোৱাৰ পাছতেহে তেওঁৰ অনুপস্থিতিখিনি বেছি Realize কৰিবলৈ লৈছো। চিনেমাত তেওঁৰ লগত কটোৱা সময়ৰ কথা বাৰু বেলেগ, মুম্বাইৰ পৰা যেতিয়া ভূপেনদা অসমলৈ আহে, ময়েতো তেওঁক মাত্ৰ দুবাৰহে লগ কৰিবলৈ গৈছিলো।

৮। আপোনাৰ এক অমৰ সৃষ্টি দীনবন্ধু, যিখন চিনেমাৰ কাৰণে আপুনি ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। চিনেমাখনৰ সৃষ্টিৰ আঁৰৰ কিছু কথা কওকচোন...

► শইকীয়া (ভবেন্দ্ৰনাথ শইকীয়া) চাৰে লগ পালেই সদায় সোধে যে “এতিয়া কি কৰি আছা মুনিন?”। শইকীয়া চাৰৰ কাহিনীৰে চিনেমা এখন পৰিচালনা কৰা মোৰ যথেষ্ট হেঁপাহ আছিল। আৰু সেয়েহে মই সুযোগ পালেই চাৰক চিনেমা এখন নিৰ্মাণ কৰিবৰ বাবে মোক ভাল কাহিনী এটা দিয়াৰ কথা কৈছিলো। এদিন শইকীয়া চাৰে পুনৰ সেই প্ৰশ্নটো কৰিলে। উত্তৰত মই ধেমালিকৈ কলো যে এতিয়া মই এনেই আছো, আপুনি ভাল কাহিনীয়ে নিদিলে। চাৰে তেতিয়া ক’লে— ‘ঠিক আছে, কাহিনী তুমি কাইলৈ আবেলি ৫ বজাত পাবা। মোৰ ঘৰলৈ যাবা।’ পিছদিনা মই আবেলি ৫টাতে গ’লো, তেতিয়া চাৰৰ কাহিনী লিখা সম্পূৰ্ণ শেষ। কাহিনীটোৰ লগতে যথেষ্ট সংলাপো চাৰে মোক হাতত দি কিছু মূল্যবান উপদেশ দিলে, যিবোৰ উপদেশ চিনেমাখন বনাবলৈ গৈ মই আখৰে আখৰে পালন কৰিছো। ভাড়াঘৰৰ মালিকৰ চৰিত্ৰত অৰুণ নাথক, বাণীৰ চৰিত্ৰত নিশিতা গোস্বামীক লবলৈ চাৰেই মোক উপদেশ দিছিল। দুযোজন শিল্পীয়েই চিনেমাখনত যথেষ্ট ভাল কাম কৰিছিল। চিনেমাখনৰ চিত্ৰনাট্য বনাবলৈ গৈ মই দেখিলো যে চাৰে লিখা সংলাপবোৰ ইমান সাৱলীল যে কোনোটো সংলাপকে বাদ দিব নোৱাৰি। আৰু পাছত যেতিয়া চিনেমাখন ৰিলিজ হ’ল, তেতিয়া প্ৰতিজন দৰ্শকৰ মুখত মই সংলাপবোৰৰ ওপৰত কিছুমান Special comment শুনিলো আৰু তেতিয়া প্ৰমাণিত হ’ল যে মই পূৰ্বতে কৰা ধাৰণা ঠিকেই আছিল। সংলাপবোৰে চিনেমাখনক দৰ্শকৰ নিচেই কাষলৈ লৈ যোৱাত সহায় কৰিছিল। কিন্তু মোৰ এটা বৰ ডাঙৰ দুখ থাকি গল। চাৰৰেই কাহিনী, সংলাপ লৈ মই ৰাষ্ট্ৰীয় পুৰস্কাৰো পালো, কিন্তু চিনেমাখন ৰিলিজ হোৱাৰ সময়ত চাৰেই নাথাকিল (২০০৪ চনত “দীনবন্ধু”ৱে মুক্তি পাইছিল আৰু ২০০৩ চনৰ ১৩ আগষ্টত শইকীয়া চাৰৰ মৃত্যু হৈছিল।)

৯। শইকীয়া চাৰৰ লগত আপোনাৰ কাম কৰাৰ অনুভব কিছু শ্বেয়াৰ কৰিব নেকি?

চাৰৰ চৰিত্ৰৰ প্ৰথম ডাঙৰ দিশটোৱেই হৈছে নিয়মানুবৰ্তিতা। চাৰে ৰাতিপুৱা খুব সোনকালেই উঠে আৰু একাদিক্ৰমে দিনটোৰ আটাইবোৰ কামেই নিয়াৰিকৈ কৰি যায়। চাৰৰ কাৰণে সময় সময়েই, ৪টা মানে ৪টাই, ই কেতিয়াও ৪ বাজি ৫ মিনিট হ’ব নোৱাৰে। চাৰে বিশ্ববিদ্যালয়ত চাকৰি কৰে, প্ৰকাশন পৰিষদত কাম কৰে, প্ৰান্তিকৰ কাম কৰে, অন্য দুই-তিনিখন বেলেগ বেলেগ আলোচনীৰো কাম কৰে, গল্প লিখে, নাটক লিখে, জুন-জুলাই মাহত নাটক পৰিচালনাও কৰে, চিনেমাৰো কাম কৰে। কিন্তু ইমানবোৰ কামৰ মাজতো চাৰৰ কেতিয়াও ঘৰখনৰ প্ৰতিও সময়ৰ নাটনি নহয়। আচলতে চাৰে যেতিয়া যিটো কাম কৰে ইমান একাণপতীয়াকৈ লাগি যায় যে কামটো ভাল হৈ উঠিবই। আৰু মোৰ দৃষ্টিত চাৰৰ চৰিত্ৰৰ আন এটা ডাঙৰ গুণ হৈছে— চাৰে কেতিয়াও কথা এনেই নকয়।

পঠনীয়:  ড° লক্ষ্মীনন্দন বৰাৰ সৈতে এটি সাক্ষাৎকাৰ

মানুহে কাম নকৰাকৈ এনেই অ’ত-ত’ত আড্ডা দি সময় নষ্ট কৰাটো চাৰে খুব বেয়া পাইছিল। চাৰে মোক প্ৰায়েই উপদেশ দিছিল যে লেখা-মেলা কৰা মানুহে সদায় এই চৰ্চা অব্যাহত ৰাখিব লাগে। তেতিয়াহে লিখনিবোৰ ক্ৰমান্বয়ে ভাল হৈ উঠে। লিখিবৰ বস্তু নাই যদি বন্ধুবৰ্গলৈ চিঠিকে লিখিবলৈ চাৰেই মোক কৈছিল, যিটো কাম চাৰে আন কাম নাথাকিলে নিজেই কৰিছিল।

চাৰৰ কথা কোৱা, উপদেশ দিয়াৰো কিছুমান বিশেষ ধৰণ আছে। এটা সৰু উদাহৰণ দিওঁ। আবাহন থিয়েটাৰৰ ৰিহাৰ্চেলৰ সময়। নিজৰ নাটকখন পৰিচালনাৰ কামত চাৰে কিছুদিন পেণ্ডেলৰ গাতে লাগি থকা প্ৰযোজকৰ ঘৰতে থাকিব লগা হৈছিল। চাৰে থকা ৰুমৰ পৰা অকণমান দূৰত (পেণ্ডেলৰ কাষতে) মই থাকো। মোৰ তেতিয়া বদঅভ্যাস এটি আছিল। মাজে-সময়ে চিগাৰেট দুই-এডাল খাইছিলো। এদিন মই চিগাৰেট খাই থাকোতে চাৰে কেনেবাকৈ দেখা পালে। চাৰে এইবোৰ স্বভাব মুঠেও ভাল পোৱা নাছিল। কিন্তু এই কথাটোকে চাৰে মোক directly কয় কেনেকৈ? তাৰ পাছদিনা চাৰৰ লগত বহি থাকোতে চাৰে হঠাতেচোন মোক ক’লে— মুনিন, এটা সময়ত মই বহুত চিগাৰেট খাইছিলো। এদিন হঠাতে মই ভাবিলো, এই যে চিগাৰেটবোৰ খাওঁ, ইয়াৰ পৰা আমাৰ কি লাভ হয়? কিন্তু ভাবি দেখিলো যে ইয়াৰ পৰা আমাৰ দেহৰো ক্ষতি আৰু লগতে পইচাৰো ক্ষতি। গতিকে চিগাৰেট চিৰদিনৰ কাৰণে বাদ দিলো। কিন্তু চাৰে হঠাতে কোৱা এনেধৰণৰ কথাই মোক আচৰিত কৰি তুলিলে। কাৰণ প্ৰসংগ অবিহনে কথা কোৱা চাৰৰ অভ্যাস নাছিল। পাছতহে মই প্ৰযোজকৰ পৰা জানিব পাৰিলো যে চাৰে মই আগদিনা চিগাৰেট খাই থকা দেখা পোৱা বাবেহে নিজকে সাঙুৰি লৈ এই কথাখিনি কৈছিল।

১০। বিধাতা আপোনাৰ অন্য এক অমৰ সৃষ্টি। এই সৃষ্টিৰ আঁৰৰ কিছু কথা কওঁকচোন।

► হেঙুল থিয়েটাৰৰ ১৯৮৯-৯০ বৰ্ষৰ (ভ্ৰাম্যমাণ থিয়েটাৰত মোৰ প্ৰথম বৰ্ষ) বাবে মই “শেষ ভাওনাৰ ভাৱৰীয়া” নামেৰে নাটক এখন লিখিছিলো। নাটকখনিৰ কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছিল বৰ্তমানৰ ভ্ৰাম্যমাণ মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাই। নাটখনিত তেওঁ বৰ পৰিপক্ক অভিনয় কৰিছিল। দৰ্শকে নাটখনি আদৰি লৈছিল। এদিনৰ কথা। গোলাঘাটৰ ফালে গৈ থাকোতে মানুহ এজনে ৰাস্তাত লগ পাই ক’লে— “ আপুনিটো আপোনাৰ বহুকেইখন নাটকৰে চিনেমা বনালে, শেষ ভাওনাৰ ভাৱৰীয়া নাটকখনিৰো চিনেমা বনালে ভাল হয়। মই আপোনাৰ নাটকখন চাইছিলো, ভাল হৈছিল।” ঘৰলৈ আহি কথাটো ভাবিলো, আৰু এনেদৰেই বিধাতা চিনেমাখনি নিৰ্মাণ হ’ল। বিধাতাৰ কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছিল যতীন বৰাই। বিধাতাত তেওঁ চৰিত্ৰটো ৰূপায়ণ কৰিবৰ বাবে আন চিনেমাবোৰতকৈ বেছি কষ্ট কৰিবলগা হৈছিল। মই যতীনক যিদৰে উপদেশ দিছিলো, যতীনে তেনেদৰে পালন কৰিছিল। ভালকৈ মন কৰিলে দেখিবা যে বিধাতাত যতীন বৰাক কিছু পৰিমাণে ক্ষীণ দেখা গৈছিল। ইয়াতেই এটি কথা স্পষ্ট কৰি দিব বিছাৰিছো, বিধাতাক বহুতে হৃষীকেশ মূখাৰ্জীৰ “আনন্দ” চিনেমাখনৰ নকল বুলি ক’ব খোজে। কিন্তু “আনন্দ”ৰ কাহিনীটো বিধাতাৰ পৰা সম্পূৰ্ণ পৃথক। বিধাতাৰ নিচিনা চিনেমা বঙালী, তামিল, তেলেগু ইত্যাদি বিভিন্ন ভাষাত আছে। সকলোতে কাহিনীবোৰ বেলেগ বেলেগ, কেৱল এটা কথাই এক যে— “যেতিয়া এজন মানুহে গম পায় যে তেওঁৰ মৃত্যু ৬ মাহ বা ১ বছৰ পাছত হ’ব, তেতিয়া তেওঁ সেই সময়চোৱা কিদৰে পাৰ কৰিব?” এনেকুৱা এটি themeৰ ওপৰতে base কৰি চিনেমাবোৰ নিৰ্মাণ হৈছিল।

১১। আপোনাৰ সৰহসংখ্যক চিনেমাৰ ক্ষেত্ৰতে আমি দেখিছো যে আপোনাৰ চিনেমাখন মুক্তিৰ দুমাহ-তিনিমাহ পূৰ্বৰে পৰা চিনেমাৰ গানসমূহে দৰ্শকৰ মাজত ব্যাপক সমাদৰ লাভ কৰে। জুবিন গাৰ্গে হিয়া-দিয়া-নিয়াৰ (২০০০ চনত মুক্তিপ্ৰাপ্ত) জৰিয়তে সংগীত পৰিচালক হিচাপে খোজ পেলাইছিল। অথচ সেই একেটা বছৰতে মুক্তিপ্ৰাপ্ত জুবিনদাৰ নিজৰ চিনেমা তুমি মোৰ মাথো মোৰতো তেঁৱেই সংগীত পৰিচালনা কৰিছিল। এজন দৰ্শকৰ দৃষ্টিৰে মই কব পাৰো, আজিৰ তাৰিখতো তুমি মোৰ মাথো মোৰৰ গানকেইটাতকৈ হিয়া-দিয়া-নিয়াৰ গানকেইটা বেছি জনপ্ৰিয়। ইয়াৰ পৰাই এইটো কথাই প্ৰমাণিত হয় যে মিউজিক ডাইৰেক্টৰজনে পৰিপক্ক কাম কৰাৰ উপৰিও গানবোৰত আপোনাৰ নিজা Creativity থাকেগতিকে আপোনাক সুধিব বিচাৰো, গান এটা নিৰ্মাণ কৰিবলৈ যাওঁতে আপুনি কিদৰে আগবাঢ়ে?

► “তুমি মোৰ মাথো মোৰ”ৰ গানকেইটাও ভাল। কিন্তু গানকেইটাই হিয়া-দিয়া-নিয়াৰ গানবোৰৰ দৰে জনপ্ৰিয়তা নাপালে। ইয়াৰ মূলতে হ’ল “তুমি মোৰ মাথো মোৰ”ৰ বাণিজ্যিক অসফলতা। চিনেমাখনৰ শিল্পীখিনিও ভালেই আছিল, কিন্তু চিনেমাখনৰ কাহিনীটোহে বেছ উপযুক্ত নহ’ল। ইয়াৰোপৰি চিনেমাখনত প্ৰয়োজনতকৈ বহু বেছি পৰিমাণে গান আছিল, যিটো হয়তো দৰ্শকে পচন্দ নকৰিলে। চিনেমাখন চলাহেঁতেন, গানবোৰেও জনপ্ৰিয়তা পালেহেঁতেন।

মোৰ লগত কাম কৰা প্ৰতিজন সংগীত পৰিচালকৰে যথেষ্ট টেলেণ্ট আছে। গান এটি নিৰ্মাণ কৰিবলৈ যাওঁতে মই মাত্ৰ গীতিকাৰজনক মাতি আনি কথাখিনি কেনেকুৱা হ’লে কাহিনীটোৰ লগত খাপ খাব, এই বিষয়েহে আলোচনা কৰো। Music related বাকী সকলো কাম Music director জনেই কৰে।

১২জুবিনদাৰ কথা ওলাইছে যিহেতু মই আপোনাক সৰু কথা এটি সুধিব বিচাৰো, সততে দৰ্শকৰ মাজত এটি অভিযোগ আছে যে জুবিন গাৰ্গে কেতিয়াও Time table follow নকৰে। জুবিন দাইটো আপোনাৰ প্ৰতিখন চিনেমাতে কাম কৰিছে, এইখিনিতে আপোনাৰ অনুভব? কেতিয়াবা আপুনিও সময় নমনা জুবিনজনক লৈ বিতুষ্ট হব লগা হৈছিল নেকি?

► জুবিনৰ কাম কৰা ধৰণটো আমাৰ লগত মুঠেই নিমিলে। জুবিনে সদায় নিজ ইচ্ছামতেই কাম কৰে। কেতিয়াবা এসপ্তাহো তেওঁ কোনো কাম নকৰাকৈ বহি থকা ৰেকৰ্ড আছে, আৰু কেতিয়াবা হয়তো এসপ্তাহত এঘণ্টাৰ বাবেও জিৰণি নোলোৱাকৈ তেওঁ কাম কৰে। মুঠৰ ওপৰত জুবিনক কেতিয়াও কোনেও কাম কৰ বুলি কৈ পেলাই কাম কৰাব নোৱাৰে। জুবিনে কেতিয়াও কাৰো আদেশ নামানে। দৰকাৰ হ’লে তেওঁৰে লাখ লাখ টকা লোকচান হওঁক বা প্ৰযোজক হাতৰ পৰা গুচি যাওক। জুবিনৰ ওপৰত বিশ্বাস ৰাখি তেওঁক কামটো এৰি দিব লাগিব, তেতিয়াহে কামটো ভাল হ’ব।

তুমি উল্লেখ কৰিছাই যে মোৰ হিয়া-দিয়া-নিয়া (২০০০ চনত মুক্তিপ্ৰাপ্ত) ছবিখনৰ দ্বাৰা জুবিনে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। হিয়া-দিয়া-নিয়াত মই বেলেগ এজন সংগীত পৰিচালক লোৱাৰ কথাহে ভাবিছিলো। আৰু জুবিনে যে সংগীত পৰিচালনা কৰিব, সেই কথাটো মোৰ মনলৈকেও অহা নাছিল। প্ৰযোজক মেৰী লস্কৰেহে মোক জুবিনক ল’ব পাৰি নেকি সুধিছিল। তাৰ পাছত মই জুবিনৰ কেইটামান এলবামৰ গান আৰু অলপ ভালকৈ শুনিলো, গানকেইটা ঠিক-ঠাকেই লাগিছিল, আৰু সেয়েহে এদিন জুবিনক এই কথা জনালো। জুবিনে হিয়া-দিয়া-নিয়াৰ সংগীত পৰিচালনা কৰিবলৈ ৰাজী হ’ল। তাৰ পাছত এইদৰে দিন বাগৰিল, মাহ বাগৰিল কিন্তু জুবিনৰ কথা কথা হৈয়েই থাকিল। গানকেইটা ৰেডি কৰাৰ বাবে মই জুবিনলৈ প্ৰায়েই ফোন কৰো, কিন্তু জুবিনৰ কোনো গুৰুত্ব নাই, কেতিয়াবা দিন-সময় ঠিক কৰি ঘৰলৈকেও আহিম বুলি কয়, কিন্তু সময়ত হ’লে এয়া হৈ নুঠে। আৰু ইফালে গানকেইটা নহ’লে মই শ্বুটিং আৰম্ভ কৰিব নোৱাৰো, সেইকাৰণে শেষত এদিন মই অতিষ্ঠ হৈ জুবিনক বাদ দিয়াৰ কথা প্ৰয়োজকক ক’লো। লগতে এই কথা মই যতীন বৰাকো জনালো। যতীনে চাগে এই কথা জুবিনক কৈছিল, আৰু তাৰে পাছদিনাখন যতীন আৰু জুবিন দুয়ো মোৰ ঘৰলৈ আহিল। সেইদিনাখন খঙতে জুবিনক অলপ ৰূঢ়ভাবে কোৱা গৈছিল। আৰু তাৰ পাছত কিন্তু জুবিনে কামখিনি মই বিচৰা ধৰণেৰেই কৰিলে। জুবিনে মোৰ লগত নায়ক, কন্যাদান, বিধাতা, বাৰুদ, দীনবন্ধু ইত্যাদি চিনেমাতো সংগীত পৰিচালক হিচাপে কাম কৰিছে আৰু জুবিনক মই কোনোদিনেই Pressure দি কাম আদায় কৰা নাই। কাৰণ মই ভালদৰেই জানো যে জুবিনক Pressure দিলেই জুবিনেতো নামানেই, বৰঞ্চ কামটো দুগুণ বেয়াহে হ’ব।

আৰু ইয়াৰোপৰি জুবিনে কেৱল পইছা-পাতিৰ বাবে কাম নকৰে। মই মোৰ দীনবন্ধু চিনেমাত জুবিনক সংগীত পৰিচালনাৰ দায়িত্ব দিব খোজা নাছিলো। কাৰণ দীনবন্ধুৰ মিউজিকৰ কনচেপ্টটো বহু বেলেগ আছিল। আৰু তেতিয়ালৈকে জুবিনে তেনেকুৱা মিউজিকৰ ওপৰত কাম কৰাই নাছিল। কিন্তু এদিন জুবিনে মোক ক’লে যে দীনবন্ধুৰ মিউজিক হেনো তেঁৱেই কৰিব। অবশেষত তেওঁক দায়িত্বটো দিলো, আৰু মই বিচাৰামতেই তেওঁ কামখিনি কৰিছিল। দীনবন্ধুৰ মিউজিকৰ বাবে জুবিনে এটকাও লোৱা নাছিল। শইকীয়া চাৰৰ প্ৰতি শ্ৰদ্ধা জনাইহে জুবিনে কামখিনি কৰি দিছিল।

১৩চাৰ, আজি ২০১৫ চনতো যদি মই ৬০ শতাংশ চিনেমাপ্ৰেমীক সোধো যে তেওঁ শেহতীয়া কি অসমীয়া চিনেমা চাইছে, তেন্তে থাউতকৈ এটা উত্তৰেই আহিব, সেয়া হৰামধেনুঅথচ ৰামধেনু নিৰ্মাণ হৈছিল ২০১১ চনতে, ৰামধেনুৰ নিচিনা ইমান এখন বানিজ্যিকভাবে সফল ছবি উপহাৰ দিয়াৰ পাছতো আপুনি ভাল প্ৰযোজক নোপোৱাৰ কাৰণে ছবি নিৰ্মাণত কিছু পিছপৰি আছে নেকি?

► অসমত Professional Producer ৰ অভাৱ। Professional Producer নোহোৱাৰ কাৰণেও অসমীয়া চলচিত্ৰ উদ্যোগে বিশেষ আগুৱাব পৰা নাই। “ৰামধেনু” নিৰ্মাণৰ পাছৰ পৰা আজিৰ তাৰিখলৈকে মোৰ ওচৰলৈ সঞ্জীব নাৰায়ণৰ উপৰিও বহুকেইজন Producer আহিছিল, কিন্তু মই চিনেমা এখনত দিবলৈ বিচৰা ৰং খিনি সঞ্জীব নাৰায়ণৰ বাদে বাকীসকলে দিবলৈ অসমৰ্থ। পূৰ্বতেই উল্লেখ কৰিছো যে good technology অবিহনে আজিৰ তাৰিখত চিনেমা এখনে দৰ্শকক আকৰ্ষণ কৰিব পাৰিব বুলি ভাবিব নোৱাৰি।

১৪আপুনিটো ১০ খনৰো অধিক জনপ্ৰিয় চিনেমা অসমীয়া চলচিত্ৰ উদ্যোগলৈ উপহাৰ দিলে। ইয়াৰ ভিতৰত আপুনি আপোনাৰ কোনখন চিনেমাক আপোনাৰ কেৰিয়াৰৰ Best cinema বুলি ভাবে?

► প্ৰতিখন চিনেমায়ে মোৰ বাবে সমান, প্ৰতিখন নিৰ্মাণতে ১০০ শতাংশই দিবলৈ চেষ্টা কৰিছো। ইয়াৰ মাজৰে কোনোবাখন হয়তো দৰ্শকে বেছি ভাল পাইছে।

মোৰ দৃষ্টিত বাৰুদ আৰু দীনবন্ধু দুয়োখন ভাল চিনেমা আছিল। কিন্তু কিহৰ কাৰণে চিনেমা দুখন ব্যৱসায়িকভাবে সফল কৰি তুলিব নোৱাৰিলো, সেয়া মই আজিও নাজানো। হয়তোবা মোৰ অজ্ঞাতে চিনেমা দুখনত কিবা খুঁত ৰৈ গৈছিল। কিন্তু মানুহে বাৰুদ আৰু দীনবন্ধু আজিও চাই ভাল পোৱা বুলি কয়। কিন্তু সেই সময়ত হ’লত চিনেমা দুখন চাবলৈ মানুহ আশা কৰাতকৈ কম হৈছিল।

১৫ আপোনাৰ দৃষ্টিত চিনেমা এখনে কেতিয়া ভাল চিনেমা আখ্যা পায়?

► যেতিয়া চিনেমা এখনে সকলো শ্ৰেণীৰ দৰ্শকক আকৰ্ষণ কৰিব পাৰে। যুৱচামৰ কথা মনত ৰাখি চিনেমা এখনত কিছু পৰিমাণৰ ৰং দিব লাগিব, কিন্তু এই ৰং খিনি সমাজৰ এটা গণ্ডীৰ ভিতৰত থকাটো দৰকাৰ। ভাল কাহিনী, নিখুঁত চিত্ৰনাট্য, তত্বগধুৰ সংলাপ, উচ্চমানৰ কাৰিকৰী কৌশল আৰু ভাল মিউজিক থাকিলে চিনেমা এখন দৰ্শকে ল’বই বুলি মোৰ বিশ্বাস।

পঠনীয়:  সৃষ্টি-কৰ্মক মানুহৰ মাজলৈ নিয়াৰ প্ৰচেষ্টা আৰু জুবিন গাৰ্গ

১৬আপোনাৰ প্ৰতিখন চিনেমাতে একোটা নিটোপল কাহিনী আছে। আপুনি কাহিনীটো নিৰ্মাণ কিদৰে কৰে?

► সদায় কাহিনী এটা আৰম্ভ কৰাৰ লগে লগে শেষ কেনেকৈ কৰিম মই সেইটো ভাবি লওঁ। ইয়াৰোপৰি কাহিনীটোৰ মাজডোখৰৰ ওপৰতো যথেষ্ট গুৰুত্ব দিওঁ।

১৭চাৰ, এখন Commercial চিনেমাই Artistic চিনেমা আখ্যা পাব পাৰেনে?

► নিশ্চয় পাৰে। Film is a commercial art. ব্যবসায়িক দৃষ্টিভংগীক আওকাণ কৰি বৰ্তমান সময়ত চিনেমা এখন নিৰ্মাণ কৰিবলৈ যোৱাটো মোৰ বোধেৰে মূৰ্খামীৰ বাদে আন একো নহয়। পৰিচালক এজনৰ ব্যবসায়ীক দৃষ্টিভংগীক আওকাণ কৰাৰ নিচিনা মনোভাবে প্ৰযোজক এজনক ধ্বংস কৰাৰ লগতে উদ্যোগটোৰে বিস্তৰ ক্ষতি কৰিব পাৰে। শইকীয়া চাৰে কথা এটি কৈছিল— এটি গল্প লিখি পাঠকৰ মাজত উলিয়াই দিবলৈ তেওঁক ৮ টকাৰ দৰকাৰ হয়, কিন্তু সেই একেই গল্পটো চিনেমা কৰি দৰ্শকৰ মাজত উলিয়াই দিবলৈ তেওঁক ৮০০০০০ টকাৰ দৰকাৰ হয়। গতিকে ইমান খৰচী মাধ্যম এটাত ব্যবসায়ীক দৃষ্টিভংগীক কোনোপধ্যে উলাই কৰিব নোৱাৰি।

১৮।  চাৰ, সচৰাচৰ দেখা যায় যে কম জনপ্ৰিয় চিনেমাবোৰেহে পুৰস্কাৰ বেছিকৈ পায়। এনেকুৱা কিয় হয় বাৰু?

► পুৰস্কাৰৰ বাবে বাচনি কোনে কৰে বাৰু? জুৰী বোৰ্ডেহে। মই বহু পৰিচালক এনেকুৱাও লগ পাইছো যিসকলে কেৱল জুৰিৰ সেই ১০ জন মেম্বাৰক কেনেকৈ নিজৰ চিনেমাখনৰ দ্বাৰা সন্তুষ্ট কৰিব পাৰে, সেই চিন্তা-ভাবনাতহে ব্যস্ত থাকে। গতিকে তেওঁৰ চিনেমাখনে পুৰস্কাৰ পোৱাটো স্বাভাৱিক, বিপৰীতে সাধাৰণ দৰ্শকে চিনেমাখন ভাল নাপায়।

১৯ বৰ্তমান আপোনাৰ নাটকে ভ্ৰাম্যমাণত বিশেষ গুৰুত্ব নাপায়। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? প্ৰযোজকৰ গুৰুত্বৰ অভাৱ নে দৰ্শকৰ অভাৱ?

► আচলতে মোৰ thinking styleটো চিনেমাৰ লগতহে ভালকৈ মিল খায়। বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত এখন মঞ্চৰ ওপৰতে সাগৰ দেখায়, বানপানী দেখায় ইত্যাদি ইত্যাদি। এই কথাবোৰ মই মোৰ নাটকত কেতিয়াও দেখাব নোৱাৰিম। কাৰণ, মোৰ দৃষ্টিত সাগৰখনৰ কোনো সীমা নাই, বানপানী দেখাবলৈ হ’লে সমান্তৰালভাৱে গাড়ী-মটৰৰ জাম হৈ ৰাস্তাত শাৰী পাতি থকা দেখাব লাগিব, যিবোৰ বস্তু মঞ্চত মোৰ বাবে দেখুওৱাটো অসম্ভৱ। এই দুটা মাত্ৰ সৰু উদাহৰণহে দিছো। বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত দেখাই থকা সৰহ সংখ্যক বস্তৱেই মোৰ চিনেমাৰ লাইনেৰেহে ভবা হয়। আৰু নাটক আৰু চিনেমা দুটা বেলেগ বস্তু। চিনেমা থাকোতে নাটকসমূহক চিনেমা কৰি পেলোৱাৰ কি দৰকাৰ, মোৰ তাতো দ্বিমত আছে।

আৰু এটা কথা, তুমি বোধকৰো জানা যে ভ্ৰাম্যমাণত মোৰ নাটকৰ প্ৰচাৰ কমকৈ হয়। আজিকালি প্ৰচাৰটোৱো important কথা। অহা নাট্যবৰ্ষৰ (জুলাই, ২০১৪ৰ পৰা আৰম্ভ) বাবে যোৱাবছৰৰ ৰাস শেষ হোৱাৰ পৰাই কোনো কোনো নাট্যদলে প্ৰচাৰ চলাই আছে। আৰু লগতে মানুহৰ সন্মুখত বস্তুখিনি মিডিয়াই এনেকৈ উপস্থাপন কৰিছে যেন সেই নাটকটো চাবই লাগিব, নহ’লে জীৱনৰ এটা ডাঙৰ ঘাটি হ’ব। মুঠতে যিয়েই নহওক, ভ্ৰাম্যমাণলৈ দৰ্শক যায় কিন্তু নাটক চাই কেনে পালে সেই বিষয়ে সুধিবলৈ বা জানিবলৈ প্ৰযোজকৰ বা নাট্যকাৰৰ কোনো আগ্ৰহ নাই।

কিন্তু এটা কথা ঠিক যে নাটক যি নাট্যকাৰৰে নহওক কিয়, পেণ্ডেলত মানুহ হ’বলৈ হ’লে Star actor থাকিবই লাগিব। এইবছৰ ৰাজতিলক থিয়েটাৰৰ মহাৰাণী চাবলৈ মানুহ হৈছে, কাৰণ তাত প্ৰস্তুতি পৰাশৰ আছে, ইতিহাস থিয়েটাৰৰ ডকাইত চাবলৈ মানুহ হৈছে, কাৰণ তাত যতীন বৰা আছে, কহিনুৰ থিয়েটাৰৰ দেবদাস চাবলৈ মানুহ হৈছে তপন দাস থকাৰ কাৰণে, ইয়াৰ বিপৰীতে আবাহন থিয়েটাৰত কিন্তু মানুহ কম। নাটক কিন্তু সেই একেজন নাট্যকাৰৰেই।

২০। এখন চিনেমাৰ বাবে চিত্ৰনাট্য লিখিবলৈ আপোনাক কিমান সময়ৰ প্ৰয়োজন হয় বাৰু?

► হিয়া-দিয়া-নিয়াৰ চিত্ৰনাট্য মাত্ৰ ১০ দিনত লিখি উলিয়াইছিলো। কিন্তু কেতিয়াবা আৰু অধিক সময়ৰ প্ৰয়োজন হয়। যেতিয়া কাহিনীটো Smoothly গৈ থাকে, তেতিয়া চিত্ৰনাট্য লিখিবলৈ বৰ বেছি সময় নালাগে।

২১আপুনি শেহতীয়া অসমীয়া চিনেমা কি চাইছে?

► অলপতে বাংগালোৰত অনুষ্ঠিত প্ৰাগ-চিনে-এৱাৰ্ডলৈ গৈছিলো নহয়, তাত শেহতীয়া যেনে— চিঞঁৰ, ৰাগ, পানী, শৃংখল ইত্যাদি প্ৰায় গোটেইকেইখনেই চোৱা হৈছে।

২২মিনি চিত্ৰগৃহই অসমীয়া চিনেমাৰ সংকট মোচন কৰিব পাৰিবনে?

► সংকট মোচন কৰিবলৈ হ’লে চিনেমাখন ভাল হ’বই লাগিব। মিনি চিত্ৰগৃহই বজাৰখনহে দিব। এতিয়া যে অসমত বজাৰখনৰে অভাৱ। বজাৰত এটা বস্তু বিক্ৰী হ’ব নে নহয়, সেইটো বস্তুটোৰ qualityৰ ওপৰতহে নিৰ্ভৰ কৰিব।

২৩। বৰ্তমান ভ্ৰাম্যমাণ চিনেমাহলো গঢ় লৈ উঠিব ধৰিছে। আপুনি এইক্ষেত্ৰত কি কব, এয়া অসমীয়া চিনেমাৰ বাবে শুভলক্ষণ?

► আমাৰ পৰিচালক-প্ৰযোজকবোৰৰ বাবে ভ্ৰাম্যমাণ চিনেমাহলবোৰে কিছু হলেও আশাৰ বতৰা কঢ়িয়াই আনিছে। অন্ততঃ ভ্ৰাম্যমাণ চিনেমাহলবোৰে বজাৰখনৰ পৰিসৰ কিছু হলেও বৃদ্ধি কৰিব। কিন্তু এইয়া চৰকাৰৰ বাবে অতিকে লাজৰ কথা। চৰকাৰৰ হেমাহিৰ বাবে ৭৫ বছৰ অতিক্ৰম কৰা অসমৰ এটি উদ্যোগে স্থায়ী ভৱনৰ পৰা আহি তম্বুত ঠাই ল’লে।

২৪। ভিচিডিবোৰ প্ৰকৃত চলচিত্ৰৰ বাবে ভাইৰাছ। আপুনি মানি লয়নে?

► ভাইৰাছ বুলি মই কেতিয়াও নাভাবো। ভিচিডিবোৰৰ প্ৰকাশৰ ধৰণ সুকীয়া, চিনেমাবোৰৰ প্ৰকাশৰ ধৰণ সুকীয়া। চিনেমা ভাল পোৱা মানুহে চিনেমা চাব, ভিচিডি ভাল পোৱা মানুহে ভিচিডি চাব। বৰঞ্চ ভিচিডিসমূহৰ দ্বাৰা বহু নতুন নতুন প্ৰতিভাই চান্স পাইছিল। কিন্তু ভিচিডিয়ে অসমীয়া চিনেমাৰ কিবা ক্ষতি কৰা বুলি মই কেতিয়াও নাভাবো।

২৫ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ আগ্ৰাসণে অদূৰ ভবিষ্যতে অসমীয়া সংস্কৃতিৰ মৃত্যুঘণ্টা বজাব পাৰে বুলি আপুনি ভাবে নেকি?

► ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষা-সংস্কৃতিক যি হাৰত গুৰুত্ব দিব লাগিছিল, সেই হাৰত দিয়া হোৱা নাই, যাৰ ফলত আজিৰ বহু নৱপ্ৰজন্মই শিপাৰ পৰা বিচ্ছিন্ন হৈছে। অসমতে যিহেতু অসমীয়া ভাষা-সংস্কৃতিৰ শ্ৰাদ্ধ পতা হৈছে, তেনেস্থলত এটা জাতি কিমানদিন জীয়াই থাকিব মোৰ তাতো সন্দেহ আছে।

২৬।  প্ৰায় ২ বছৰ আগতে ৰং চেনেলত সম্প্ৰচাৰিত হৈছিল ৰাজেশ ভূঞাৰ পৰিচালনাৰে জোনাকৰ বৰষুণকাহিনী-চিত্ৰনাট্য-সংলাপ আছিল আপোনাৰ। জোনাকৰ বৰষুণ সৃষ্টিৰ আঁৰৰ কিছু কথা কওকচোন...

► ১৯৮৩ চনৰ নিৰ্বাচনৰ সময়ত মনলৈ অহা কিছু ভাবক সজাই-পৰাই “জোনাকৰ বৰষুণ” লিখিছিলো। জোনাকৰ বৰষুণো আদিতে নাটকেই আছিল। জোনাকৰ বৰষুণ N. K. Production নিবেদিত ৰং চেনেল সম্প্ৰচাৰিত চিৰিয়েল আছিল। প্ৰথমতে ৰং চেনেল কতৃপক্ষই চিৰিয়েলখনিক লৈ সন্তুষ্ট নাছিল। তেওঁলোকে ভাবিছিল, যে আজিৰ দিনত পূৰ্বজন্ম থকা কাহিনীত কোনে বিশ্বাস কৰিব। হলেও সকলো প্ৰত্যাহ্বান নেওচি জোনাকৰ বৰষুণ সম্প্ৰচাৰিত হৈছিল। বহু দৰ্শকে চিৰিয়েলখন ভাল পোৱা বুলি জনাইছিল।

২৬। আপোনাৰ প্ৰতিখন চিনেমাতে একোটা নিটোপল প্ৰেমৰ কাহিনী থাকে, যিটো আজিকালিৰ বহু চিনেমাত কমকৈ দেখা যায়। প্ৰশ্নটি সুধিবলৈ যোৱাৰ আগতে আপোনাক মই আপুনি লিখা দুটা ডায়লগৰ কথা সোঁৱৰাই দিব বিচাৰিছো। হিয়া-দিয়া-নিয়াত দীপুৱে (যতীন বৰা) মমীক (লুনা লহকৰ) কৈছে— যি হিয়া-দিয়া-নিয়াৰ খেলত নামে, তেওঁ ভালপোৱাজনৰ কোনো ঠিকনা নিবিচাৰে, কিন্তু তুমিটো....ৰামধেনুত পূজাই (নিশিতা গোস্বামী) ৰাজুক (উপল দাস) কৈছে— তুমি সেইবোৰ চিন্তাই নকৰিবা, এবাৰ ভাবাচোন, এটা সৰু ঘৰ, তোমাৰ দুবাহুৰ নিৰাপত্তা, তোমাৰ মৰম আৰু শুভকামনা, ইয়াতকৈ বেছি আৰু মোক কি লাগিব পাৰে ৰাজু!!  এনেকুৱা ধৰণৰ নিটোপল প্ৰেমৰ কাহিনী বা সংলাপবোৰ আপোনাৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা নেকি?

► মোৰ, কঠুৱা বুলি নাম এটি আছে (এটি মিঠা হাঁহিৰে)। মই যেতিয়া ফোনত হেল্ল’ বুলি কওঁ, তেতিয়া বহু ছোৱালীয়ে ভয় খায়। কিন্তু এটা কথা ঠিক, বাহিৰত হয়তোবা মই দেখাত বা মাত-কথাত যেনেকুৱা, ভিতৰত হয়তোবা তেনেকুৱা নহয়। হলেও বাহিৰৰ অৱয়ৱেহে মানুহক প্ৰথমতে আকৰ্ষণ কৰে। গতিকে বাকীখিনি তুমিয়েই ভাবা (পুনৰ হাঁহিৰে)।

২৭। আপুনি শেষত কোনো আপোনাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম লব বিচাৰিব নেকি?

► প্ৰথমতে মোৰ মা-দেউতা, তেওঁলোকে কোনোদিনে মোক এইখন জগতলৈ অহাত হকা-বধা কৰা নাছিল। ৰামজাজ কলেজত মই বিজ্ঞান শাখাত পঢ়িছিলো, কিন্তু Graduation Complete কৰিয়েই মই এইখন জগতলৈ আহি গ’লো। তেতিয়াও কিন্তু মই মোৰ ঘৰখনৰ পৰা সমানে Support পাইছিলো।

মোৰ গুৰু শিৱপ্ৰসাদ ঠাকুৰ, তেখেতৰ সান্নিধ্য নোপোৱা হ’লে মই হয়তো বহু পিছপৰি গলোহেঁতেন। ইয়োৰোপৰি প্ৰশান্ত হাজৰিকা (হেঙুল থিয়েটাৰৰ প্ৰযোজক), মহেন্দ্ৰ দা (নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ), শইকীয়া চাৰ (ভবেন্দ্ৰনাথ শইকীয়া) আৰু বহুজনে মোক এইখন জগতত সহায় কৰিছে। এতিয়া মোৰ বাইদেউ, ভিনদেউ গৌতম প্ৰসাদ বৰুৱা, মোৰ পত্নী মঞ্জুলা (মঞ্জুলা বৰুৱা), ল’ৰা মানস (মানস বৰুৱা) ইত্যাদি বহুজনে মোক সহায় কৰি আছে। নামবোৰ কৈ থাকিলে শেষেই নহ’ব। কিন্তু দৰ্শক মোৰ বাবে হ’ল আটাইতকৈ ডাঙৰ প্ৰেৰণা।

২৮। শেষত মই আপোনাক সুধিব বিচাৰো,  মই জানিবলৈ পোৱামতে অহা জুন-জুলাই মাহৰ ভিতৰতে আপুনি পথ-উপপথ”, আপোনাৰ নতুন চিনেমাৰ শ্বুটিং আৰম্ভ কৰিব। প্ৰস্তুতি সম্পৰ্কে অকণমান জানিব পাৰিমনে?

► জুন-জুলাই নহয়, বোধহয় ছেপ্তেম্বৰ মানতহে শ্বুটিং আৰম্ভ কৰিব পৰা যাব। প্ৰসেনজিৎৰ এক্সিডেণ্টৰ কথা তুমি জানা চাগে। তেওঁ বৰ্তমান দিল্লীত চিকিৎসাধীন হৈ আছে। সুস্থ হৈ উঠিলেই শ্বুটিং আৰম্ভ কৰা হ’ব। পথ-উপপথত মূল নায়কৰ ভূমিকা তেঁৱেই পালন কৰিব। ইয়াৰোপৰি আদিল হুছেইন থাকিব। বাকীখিনি অভিনেতা-অভিনেত্ৰী এতিয়ালৈকে চূড়ান্ত কৰা হোৱা নাই। ফাইট কম্পোজাৰ Southৰ পৰা অনা হ’ব। কিন্তু ফাইট Realistic হ’ব। সংগীত পৰিচালক যতীন শৰ্মা থাকিব আৰু সম্পাদনা এ.শ্ৰীকৰ প্ৰসাদে কৰিব। ইয়াৰোপৰি এইবাৰ পোন প্ৰথমবাৰৰ বাবে মই মোৰ চিনেমাত Digital Intermediate (Visual effects) ব্যবহাৰ কৰিম। শ্বুটিং গুৱাহাটী, শ্বিলঙৰ এটি কাষৰীয়া অঞ্চল, উজনি অসম, বেংকক ইত্যাদি ঠাইত হ’ব।

(মোৰ ব্যক্তিগত অভিমত: চাৰে মোক পথ-উপপথৰ গোটেই কাহিনীটো ক’লে। চিনেমাখনৰ চিত্ৰনাট্যৰো বহু কথা গম পালো। মই যিমানদূৰ অনুমান কৰিব পাৰিছো, দৰ্শকে কাহানিও নুশুনা এটি নতুন কাহিনী চিনেমাখনত পাব। চিত্ৰনাট্যৰ পৰা এইটো কথা ওলাই পৰিছে যে চিনেমাখনৰ প্ৰতি মুহূৰ্ততে Suspense থাকিব। লগতে চিনেমাখনত ব্যবহৃত কমেডী সচৰাচৰ দেখি থকা কমেডীৰ দৰে নহয়। আশা কৰিব পাৰি, এখনি Romance, action, suspense, comedy আৰু লগতে latest technological advancement থকা পূৰ্ণাংগ চলচিত্ৰ হ’ব পথ-উপপথ।)

২৯ধন্যবাদ চাৰ। আমাৰ কথোপকথন ইমানতে সামৰো। ব্যস্ততাৰ মাজতো ইমানখিনি সময় আমাক দিয়া বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। দৰ্শকৰ ৰুচি পূৰণ কৰিব পৰা আৰু অধিক ছবি আপুনি নিৰ্মাণ কৰি অসমীয়া বোলছবি উদ্যোগটো আগবঢ়াই নিয়ক, তাৰেই আশা কৰিলো।

► ধন্যবাদ, তোমাৰ লগত কথা পাতিও ভাল থাকিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু বিষয়ববীয়াৰ প্ৰতি মোৰ আন্তৰিক শুভকামনা থাকিল।

পৰিচালক মুনিন বৰুৱা

 

সাক্ষাৎগ্ৰহণকাৰী ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য

 

(ফটো উৎস: সংশ্লিষ্টসকলৰ ফেইছবুক প্ৰফাইল আৰু “প্ৰিয়াৰ প্ৰিয়” ছবিৰ ফেইছবুক পৃষ্ঠা।)

No Comments

Post A Comment