ভাৰত-পাকিস্তানৰ ক্ৰিকেট আৰু অসমত কাৰ্গিল বিশ্ববিদ্যালয়

অহা দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল৷ ভাৰত আৰু পাকিস্তানৰ মাজত!

আমি কলেজত থাকোঁতে ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো খেল হৈছিল৷ বিশ্বকাপো আছিল৷ প্ৰাইভেট হোষ্টেলত আছিলোঁ৷ তেতিয়া আন সুবিধা নাছিল বাবে, প্ৰাইভেট হোষ্টেলত থকা ল'ৰা-ছোৱালীৰ বহুতে টাউনলৈ গৈ টিভিৰ ডিলাৰবিলাকৰ সমুখত ৰৈ ৰৈ খেল চায়৷ মোৰ খেলত সিমান ৰাপ নাই, শিকিলেও বুজি নাপাওঁ কিছুমান কথা৷ মোৰ ক্ৰীড়াজীৱনৰ সৰ্বমুঠ ৰান ১২ নে ১৫ হ'ব, তাকো মোক জোৰ কৰি বেট ধৰিবলৈ দিয়া বাবে আৰু দয়া কৰি আউট কৰি নিদিয়াৰ বাবেহে৷ কিন্তু, হোষ্টেলৰ পৰা আবেলি বজাৰলৈ গ'লে লগত যোৱাকেইজনৰ বাবেই মইয়ো তেনেকৈ খেল চোৱাৰ নামত ৰৈ থাকিবলৈ বাধ্য হৈছিলোঁ৷ কেতিয়াবা অশান্তি লাগিছিল আৰু কেতিয়াবা কিছু অনুৰাগো গঢ় লৈ উঠিছিল৷ এদিন টাউনৰ ডাঙৰ মূল বজাৰখনত আমি বস্তু কিনি আছোঁ, ক্ৰিকেটত খুৱ ৰাপ থকা লগৰ এটাই তাৰে দোকান এখনত থকা টিভি এটাত খেল চাই আছে৷ সি এবাৰ আমাৰ ওচৰলৈ আহি কাণে কাণে ক'লে - "সৌ দোকানখনত খেল চাই থকা মানুহকেইটাই পাকিস্তানে ভাল মাৰিলেই একদম ফূৰ্তি কৰি আছে! ব'ল আমি ভাৰতে মাৰিলে চিঞৰিম বেছি বেছিকৈ৷" আমি গৈ দেখিলোঁ, হয় ভাৰতে ভাল মাৰিলেই সিহঁতে খঙত ক'লা-ম'লা পৰে, চাটিফুটি কৰে, আৰু পাকিস্তানে ভাল কিবা মাৰিলেই পুৰা ফূৰ্টি কৰে৷ সিহঁতৰ ওচৰা-ওচৰিকৈ একে গ্ৰুপ এটা আছে৷ গতিকে আমি যে দেখি আছোঁ মনেই কৰা নাই৷ সেইদিনা সম্ভবতঃ পাকিস্তান হাৰিব, গতিকে সিহঁত উত্তেজিত হৈ যায় পাকিস্তানৰ পিনে ভাল হোৱা যেন পালেই! আমি লগৰকেইটাই পাতি লোৱা মতে এইবাৰ ভাৰতে ভাল মাৰিলেই চিঞৰিবলৈ ধৰিলোঁ, আৰু বাৰে বাৰে ক'বলৈ ধৰিলোঁ - পাকিস্তান হাৰিব, পুৰা হাৰিব....৷ কিছু সময়ৰ মূৰত মানুহকেইটাই বুজি পালে, আৰু মনে মনে থাকিবলৈ ধৰিলে৷ খঙত সিহঁতৰ মুখবোৰ কিবা বৰণ ধৰিলে, কিন্তু বজাৰত অলপ সিফালেই মানুহ ভৰ্তি, গতিকে আমাকো একো কৰিবও নোৱাৰে৷ সেইদিনা আমি গুচি আহিলোঁ৷ আমাৰ খঙো উঠিছিল৷ কিন্তু, আমি কৰিব পৰা একো কামো নাই৷ আমাৰ সহপাঠী বিভিন্ন ধৰণৰ আছিল, কিন্তু তেনে ৰূপত— পাকিস্তানৰ সমৰ্থকৰ ৰূপত— কাকো কেতিয়াও পোৱা নাছিলোঁ৷ কিন্তু এইকেইটা মানুহে গোটেই জীৱন এই মাটিতে খাই-বৈ এনে মনোভাৱ!! আমি ঠিক কৰিলোঁ যে ভাৰত-পাকিস্তানৰ খেল হ'লেই সেইখন দোকানলৈকে যাম আৰু ভাৰতে ভাল মাৰিলেই পুৰা ফূৰ্টি কৰিম, আৰু পাকিস্তান ভাৰতৰ লগত হাৰিবই বুলি বাৰে বাৰে ক'ম৷ সেইমতে চলিল কেইবাখনো খেলত৷ মানুহকেইটাই পিছলৈ বুজি পাই ঠাণ্ডা-মুণ্ডা হৈ বহি থাকে সদায়৷

ঘৰত পকা-কাম কৰিবলৈ কেইজনমান মিস্ত্ৰী আছিল৷ তাৰে প্ৰায়কেইজন খুৱ ভদ্ৰ, জীৱনটোত ভালকৈ নিজ হাতে কাম কৰি খাই যোৱাৰে লক্ষ্য তেওঁলোকৰ৷ আমি বহুত মৰম কৰোঁ, খোৱা-বোৱাৰ আৰু পোচাকৰো খবৰ ৰাখোঁ, দিৱোঁ কেতিয়াবা৷ এবাৰ কোনোবাই আহি ধেমেলীয়া কথা-বতৰাৰ মাজত উলিয়াইছিল সিহঁতৰ আগত— তহঁতেতো পাকিস্তান জিকিলেহে ফটকা ফুটাৱ, এইবোৰ নিজৰ ঠাই বুলি ইয়াৰ ভালটোতো নিবিচাৰই, ধ্বংস হোৱাটোকে বিচাৰি থাক!! তেওঁলোকে দুজনমানে তেতিয়া কৈছিল - ফটকা আমাৰ এৰিয়াত নুফুটায়, একদম ভিতৰৰ পিনে ফুটায়, সেইবোৰ অঞ্চললৈ আমাৰো যাবলৈ ভয় লাগে, গুণ্ডা, নিজৰ মাজতে কাজিয়া-পেচাল৷ আমিতো ইয়াতে আছোঁ, ইয়াতে জনম লৈছোঁ, ইয়াতে মৰিম, এইখনেই আমাৰ দেশ৷ মানুহবিলাকে শিক্ষা-দিক্ষা নাই বাবে বুজি নাপায়, বেলেগ দেশক নিজৰ বুলি ভাবি থাকিলে কি হ'ব? ইয়াতেটো গোটেই জীৱন যাব৷ - এনেধৰণৰ কথা ক'লে তেওঁলোকে৷

পঠনীয়:  আত্মহত্যা আৰু ব্লাফ

কেইবছৰমান আগৰ কথা৷ তেজপুৰ বিশ্ববিদ্যালয়ত থকা সময়৷ এদিন মই বন্ধত ঘৰলৈ আহি বন্ধ খোলাৰ পিছত বিশ্ববিদ্যালয়লৈ গৈ আছোঁ৷ তেজপুৰ টাউনৰ পৰা বিশ্ববিদ্যালয়ৰ বাছ দুঘণ্টামান পিছত আছে৷ সেয়েহে দুঘণ্টা ৰৈ থকাতকৈ, মই ৰাজহুৱা ৪০৭ নে ৬০৯ এখনতে যোৱাটো ঠিক কৰিলোঁ৷ বিশ্ববিদ্যালয় পাৰ হৈ গাড়ীখন ভিতৰৰ গাঁৱলৈকে যাবগৈ৷ বাটতে ষ্টপেজ এটাৰ পৰা পাঁচশ মিটাৰমান বাওঁপিনে খোজ কাঢ়ি গ'লেই বিশ্ববিদ্যালয়ৰ গেইট পোৱা যায়, গাড়ীখন তাৰ সমুখলৈ সোমাই নাযায়, পোনে পোনে গুচি যায়৷ গাড়ীখনত মোক বাদ দি সকলো গাঁৱৰ মানুহ৷ দেখিলেই গম পায়, প্ৰায়ভাগেই দুখীয়া, অশিক্ষিত৷ সাজপাৰ লেতেৰা৷ গা আৰু চুলিৰ দুৰ্গন্ধই গোটেই গাড়ীখনৰে ভিতৰটো গোন্ধাই ৰাখিছে৷ কোঁচত থকা কেঁচুৱাবোৰ সতেজ নহয়৷ মাজে মাজে মুঠ চাৰি-পাঁচজন অলপ পৰিষ্কাৰ আৰু কথা-বতৰাত অলপ শিক্ষিত যেন লগা মানুহ আছে৷ নতুনকৈ উঠা যাত্ৰীবোৰে চিনাকিবোৰক সম্ভাষণ জনাই কিবা একোটা কথা কৈছে৷ কোনোবাই টাইনত কিবা একোটা বেছি থৈ উভটিছে৷ গোটেই যাত্ৰীখিনিৰ মাজত মোক আৰু মোৰ লগত থকা বেগ দুটা দেখিয়েই গম পায় মই পঢ়ি থকা ল'ৰা বুলি৷ গাড়ীখন ষ্টপেজটো পালেহি, মই গাড়ী ৰখাই নামিবলৈ লৈছোঁ, তেনেতে কোনোবা এজনে হাঁহি হাঁহি ক'লে - "কাৰ্গিল ইউনিভাৰ্চিটিৰ ল'ৰা"!! কথাটো শুনি বাকীসকলে হাঁহিবলৈ ধৰিলে, আৰু দুজনমানে হাঁহি হাঁহি স্বগতোক্তি কৰিলে - "কাৰ্গিল ইউনিভাৰ্চিটি"!! মই মনে মনে বেগ দুটা নমাই গুচি আহিলোঁ৷ মোৰ শান্ত ৰূপটো দেখিয়েই হয়তো গোটেই বাছখনৰ মানুহে মোক জোকাই ভাল পাইছিল৷ সেই যে কলেজত থাকোঁতে মনতে খং উঠিছিল, সেইদৰে সেইদিনা কিন্তু মোৰ খং উঠা নাছিল৷ এই গাওঁবোৰে হয়তো ইউনিভাৰ্চিটিখনক কাৰ্গিল ইউনিভাৰ্চিটি বুলিয়েই ইতিকিং কৰে৷ গাওঁবোৰৰ কোনেও হয়তো কলেজেই পঢ়ি পোৱা নাই, আৰু কিছুমানে যদিও কলেজলৈকে পঢ়িছে, তেওঁলোকে নিজেই বা গাঁৱৰ মানুহক ভাল মনোবৃত্তি কিছুমান ল'বলৈকো কোনোদিন শিকোৱা নাই৷ সেই গাড়ীখনতে চাৰি-পাঁচজনমান শিক্ষিত যেন লগা মানুহ দেখিছিলোঁ, তেওঁলোকেওতো নিজৰ সাধাৰণ মানুহখিনিক ভালটো কোৱা নাই, তেওঁলোকেও ইতিকিঙেইতো কৰিলে!! মনতে মোৰ আগৰ দৰে অহেতুক খং উঠা নাছিল, মানুহখিনিয়ে ভৱিষ্যতে কি কৰিব বুলি ভাবি বেয়া লাগিছিল, এতিয়াও বেয়া লাগে৷ দেশখনত আতংক বিলাই তেওঁলোকে নিজেইবা কি পাব। একো নাপায়।

মানুহবোৰক যদি উপযুক্ত শিক্ষা দিয়া নাযায় তেন্তে এনে ভাৱবোৰ থাকি যাব আৰু তাৰ পৰা একো লাভ বা ভাল নহয়৷ নিজৰ শিক্ষিত মানুহখিনিয়ে অশিক্ষিতসকলক এই থকা বুজোৱা প্ৰয়োজন৷

 

No Comments

Post A Comment