শেষ বয়সৰ সপোন

যোৱা জানুৱাৰী মাহৰ ১১ তাৰিখে প্ৰসিদ্ধ গণিতজ্ঞ মাইকেল আটিয়া ৮৯ বছৰ বয়সত মৃত্যু হয়৷ কুৰি শতিকাটোত যিসকল গণিতজ্ঞই পৃথিৱী সলনি কৰিছে, সেইসকলৰ ভিতৰত তেৱোঁ এজন৷ তেওঁ গণিত জগতৰ দুটা শ্ৰেষ্ঠ বঁটা ফিল্ডছ মেডেল আৰু এবেল বঁটা — দুয়োটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ সম্পৰ্কে বহু আলোচিত এটা কথা হ’ল, তেওঁ ইমান বয়সলৈকে নিজকে সৃষ্টিশীল কৰি ৰাখিবলৈ সক্ষম হৈছিল৷ এই সম্পৰ্কে কেৱল গণিত বা বিজ্ঞান জগতৰ কিছু সংখ্যক মানুহ হে জ্ঞাত তেনে নহয়, মেনেজমেণ্ট গুৰুসকলৰ বহুতে বিভিন্ন সময়ত তেওঁৰ এই গুণ আৰু গৰিমা সম্পৰ্কে চৰ্চা কৰিছে৷

মাইকেল আটিয়াৰ বয়সে যেতিয়া শেষৰ পিনে গতি কৰিছিল, এজন পুতেকে তেওঁক কৈছিল – গণিতজ্ঞসকলে গোটেই শ্ৰেষ্ঠ কামবোৰ তেওঁলোকৰ চল্লিছ বছৰ বয়সৰ আগত কৰে; আৰু তুমি এতিয়া ৮০ অতিক্ৰম কৰিলা; এই বয়সত তুমি মনলৈ পৰ্যাপ্ত নতুন ভাৱ-চিন্তা অনাটো সম্ভৱ নহয়৷ পিতা-পুত্ৰৰ এই যুঁজখনৰ উৎসটো হ’ল – বয়স হোৱাৰ লগে লগে সৃষ্টিশীলতা শেষ হৈ যায় বোলা প্ৰচলিত ধাৰণাটো আৰু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাটো কেৱল ডেকাসকলৰ দায়িত্ব বুলি প্ৰচলিত কথাটো৷ জৈৱিক কাৰণত এই ধাৰণাটো সম্পূৰ্ণ অসত্য নহয়৷ কিন্তু কৰ্ষণ স্পৃহা আৰু যৌৱনসুলভ কল্পনাপ্ৰৱণ মন ধৰি ৰাখিলে শেষ বয়সলৈকে সৃষ্টিশীলতা সম্পূৰ্ণকৈ নেহেৰুৱাকৈ ৰখাৰ বা কৰ্মঠ হৈ থকাৰ বহুতো উদাহৰণ পোৱা যায়৷ শেষ বয়সতো নতুন সপোন দেখিছেনে নাই, আৰু সেই সপোনৰ পিছত বাৰে বাৰে দৌৰিছেনে নাই – তাত নিৰ্ভৰ কৰে তেওঁলোকৰ সৃষ্টিশীলতা৷

যিকেইখন নাটকৰ জৰিয়তে হেনৰিক ইবছেনে পৃথিৱী সলনি কৰিলে আৰু তেওঁ অমৰ হ’ল, সেইকেইখন নাটক তেওঁ লিখিছিল জীৱনৰ পঞ্চাছ বছৰ অতিক্ৰম কৰাৰ পাছতহে৷ পঞ্চাছ বছৰ বয়সটো কিমান ডাঙৰ বয়স সেইটো বুজিবলৈ আমি মনত পেলাব পাৰোঁ যে জুবিন গাৰ্গৰ বয়স এতিয়াও পঞ্চাছ বছৰ হোৱাই নাই৷ ইবছেনৰ জন্ম হৈছিল নৰৱেত, ১৮২৮ চনত৷ সেই সময়ত সমগ্ৰ ইউৰোপত নাট্যকলা হেনো কেৱল আমোদ-প্ৰমোদৰ মাধ্যম হৈ পৰিছিল৷ সাংস্কৃতিক ক্ষেত্ৰখনৰ এই অৱক্ষয় শ বছৰ ধৰি দেখা দিছিল৷ এটামান যুগৰ আগৰ পৰা বৰ্তমানলৈকে আমাৰ সংগীত বা ভ্ৰাম্যমানৰ জগতখন বুলিলে যেনেকুৱা শূন্যতাৰ কথা বুজা যায়, সম্ভৱতঃ তাতো তেনেকুৱা হৈ পৰিছিল৷ পঞ্চাছ বছৰ বয়স হোৱালৈ ইবছেনে নিজেও শতাধিক নাটকৰ লগত জড়িত আছিল, নিজেও কেইবাখনো লিখিছিল; কিন্তু ৪৫ বছৰমান বয়সৰ আগলৈকে তেওঁৰ কৰ্মবোৰে সেই কেৱল বিনোদন যোগোৱা যুগটোকহে প্ৰতিনিধিত্ব কৰিছিল৷ এদিন তেওঁ সমাজৰ বিষয়বোৰক লৈ বাস্তৱধৰ্মী নাটক ৰচনাৰ বাটকটীয়া হৈ উঠিল৷ নাট্যশৈলীৰ গতানুগতিকতাও তেওঁ ভাঙি দিলে৷ কোৱা হয় যে তেওঁ আধুনিক নাটকৰ জনক৷ নাটকত তেওঁ জনজীৱনৰ সমস্যা, জটিলতা, সংঘাত আদি প্ৰকাশ কৰিবলৈ ধৰিলে৷ আৰু সেয়া আৰম্ভ হ’ল তেওঁৰ ৫১ বছৰ বয়সত, যেতিয়া নেকি তেওঁৰ “A Doll’s House” নামৰ নাটকখন সৃষ্টি হ’ল৷ য’ত গিৰিয়েকৰ পুতলাৰ দৰে অনুভৱ কৰা, গিৰিয়েকৰ সৈতে আন্তৰিক সম্পৰ্ক অনুভৱ নকৰা পত্নীগৰাকী ওলাই গুচি গ’ল৷ নাটকখনে স্বাভাৱিকভাৱেই তীব্ৰ বিতৰ্ক সৃষ্টি কৰিলে; কাৰণ পূৰ্বৰ সেই সংস্কৃতিক প্ৰতিনিধিত্ব কৰি থকা সমাজখনত “ঠেক গণ্ডীৰ প্ৰশান্তি, বস্তুবাদী ভাৱধাৰা, ধৰ্ম সম্বন্ধীয় ভণ্ডামি” ভৰি আছিল৷

পঠনীয়:  যোৱা ১০ আগষ্টত সুন্দৰ পিচাইৰ পৰিৱৰ্তে অকস্মাতে ভাগ্য সলনি হৈ যোৱা মানুহজন

অসমীয়া ভাষাত “ইবছেনৰ নাট্য প্ৰতিভা” নামেৰে তাৰিণীকান্ত ভট্টাচাৰ্যই লিখা প্ৰায় আঢ়ৈশ পৃষ্ঠাৰ এখনি কিতাপ আছে; প্ৰকাশক – অসম প্ৰকাশন পৰিষদ৷ মহেন্দ্ৰ বৰাই অনুবাদ কৰা “ভূত” নাটকখনো পঢ়িবলৈ পাইছোঁ৷

আমাৰ এই সময়ত ভৱিষ্যতৰ সংস্কৃতিৰ কথা ভাবি বহুতো মানুহ হতাশ হ’লেও, ইবছেনৰ দৰে কাহিনী পঢ়িলে এনেকুৱা আশা আহে যেন অতি সোনকালে সকলো সলনি হৈ যাব৷ কিন্তু সেই সলনি কৰোতাকেইজন নতুনকৈ ওলাব লাগিব বা পুৰণাসকলৰ মাজৰ পৰা নৱজন্ম পাব লাগিব৷

শেষ বয়সৰ সৃষ্টিশীলতাৰ আন এটি উদাহৰণ হ’ল জন বেনেট ফেন (John Bennett Fenn)৷ অলপ পাছতে আমি তেওঁক ৰসায়ন বিজ্ঞানৰ এজন ডাঙৰ গৱেষক বুলি জানিবলৈ পাম, কিন্তু তেওঁৰ প্ৰথমখন গৱেষণা-পত্ৰ প্ৰকাশ পাইছিল ৩২ বছৰ বয়সতহে, আৰু সেয়াও আছিল তেওঁ শিক্ষা জীৱন অন্ত পেলোৱাৰ দহ বছৰমান পাছতহে৷ বিদ্যায়তনিক পদত তেওঁ প্ৰথম নিযুক্ত হৈছিল ৩৫ বছৰ বয়সত৷ আৰু অধ্যাপক ৰূপে এখন বিশ্ববিদ্যালয়ত প্ৰথম নিযুক্ত হৈছিল ৫০ বছৰ বয়সত৷ তাত তেওঁ ২০ বছৰ অধ্যাপনা আৰু গৱেষণা কৰিলে৷ আৰু ৭০ বছৰ বয়সত তেওঁৰ অৱসৰৰ সময় হ’ল৷ তাৰ পাছত বিশ্ববিদ্যালয়খনৰ নিয়ম অনুসৰি তেওঁ পৰীক্ষাগাৰলৈ গৈ থকাৰ সুযোগ পাইছিল; কিন্তু পৰীক্ষাগাৰত তেওঁ লাভ কৰা সুবিধা আৰু সহযোগী হৈ পৰিছিল সীমিত৷ আচলতে তেওঁক ৬৭ বছৰ বয়সতেই আধা-আধি অৱসৰ দিয়া যেন হৈছিল৷ কিন্তু আমি যি কাৰণত তেওঁৰ বিষয়ে পঢ়ি আছোঁ সেই কামখিনি তেওঁ সম্পূৰ্ণ কৰিলে ইয়াৰ পাছতহে! সেই বিশ্ববিদ্যালয়খনৰ পৰা ওলাই তেওঁ আন এখন বিশ্ববিদ্যালয়লৈ গ’ল৷ ইয়াৰ পাছৰ কেইবছৰত তে‌ওঁ যিখিনি কাম সম্পন্ন কৰিলে, তাৰ ভিত্তিত ২০০২ চনত ৮৫ বছৰ বয়সত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিলে৷

মৃত্যু পৰ্যন্ত তেওঁ সদায় পৰীক্ষাগাৰলৈ গৈছিল৷ যুৱ প্ৰজন্মৰ সৈতে মিলামিছা কৰি আৰু তেওঁলোকৰ লগত দৃষ্টিভংগীৰ আদান-প্ৰদানেৰে সহযোগীতাৰে কাম কৰি তেওঁ খুৱ ভাল পাইছিল; ইয়েই তেওঁক সদায় পৰীক্ষাগাৰলৈ উঠাই লৈ আহে বুলি তেওঁ কৈছিল৷ সম্ভৱতঃ এইটো গুণেও তেওঁক শেষ বয়সলৈকে সৃষ্টিশীল হৈ থকাত সহায় কৰিছিল৷

গৱেষণাত প্ৰকাশ হৈছে যে বয়সীয়াল মানুহৰ মগজুত আনক সন্তুষ্ট কৰাৰ বা আনক মোহিত কৰাৰ বাসনা কম হয়৷ আৰু সেইটো বৈশিষ্ট সৃষ্টিশীল মানুহৰো থাকে৷ ফলত তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে, তেওঁলোকৰ মনৰ চিত্ৰটোক প্ৰকাশিত ৰূপ দিবলৈ সাহস কৰিব পাৰে৷ এইধৰণৰ একেটা কথাকে মাইকেল আটিয়াইয়ো কৈছিল৷ শেষ বয়সত প্ৰত্যাহ্বান লওঁতে তেওঁ ভাবিছিল যে তেওঁ ইতিমধ্যে গণিতজ্ঞ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে, গতিকে তেওঁ আনৰ ওচৰত হেৰুৱাব লগীয়া একো নাই, খুৱ বেছি – এটা সৰু বদনাম হ’ব যে তেওঁ এতিয়া যোগ্যতা হেৰুৱাইছে৷ গতিকে নতুন গৱেষকসকলে কেৰিয়াৰ-জীৱিকা-উপভোগৰ স্বাৰ্থত বা আনৰ পৰিপ্ৰেক্ষিতত যেনেকুৱা প্ৰত্যাহ্বান ল’বলৈ খোজ আগবঢ়াব নিবিচাৰে, তাতেই তেওঁ বিনাদ্বিধাই দপদপাই আগুৱাই গৈছিল৷

পঠনীয়:  জুবিন গাৰ্গক মোৰ ভাল লগাৰ ১০টা কাৰণ

শেষত, মাইকেল আটিয়াৰ এটি উক্তিৰ সোৱাদ লওঁ আহক৷ আমি যেতিয়া দুখন ঠাইৰ মাজৰ দূৰত্ব উলিয়াও, সেই দূৰত্বটো কেতিয়াও সম্পূৰ্ণ সঠিক নহয়৷ আমি মাথোঁ নিজৰ প্ৰয়োজন অনুসৰি মোটামুটিভাৱে শুদ্ধ মান এটা লৈ লওঁ৷ সেইদৰে স্কেল এপাতেৰে দৈৰ্ঘ্য এটাৰ জোখ লওঁতেও কেতিয়াও সম্পূৰ্ণ সঠিক মান পাব নোৱাৰো৷ বা আমি যে বৃত্তৰ পৰিধি উলিয়াও, সেইটোও সম্পূৰ্ণ সঠিক নহয় (কাৰণ পাই এটা অপৰিমেয় সংখ্যা)৷ শুদ্ধ বুলি পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক নম্বৰ দিয়া হয় বা নিজে জোখ-মাখত ব্যৱহাৰ কৰা হয়, কিন্তু সেইটো প্ৰয়োজন মতে উলিয়াই লোৱা ওচৰৰ মানহে৷ সঠিক হোৱাটো কোনোকালে সম্ভৱেই নহয়৷ একেদৰে বৃত্তৰ কালি, গোলকৰ আয়তন সঠিককৈ পোৱাটো বাস্তৱত সম্ভৱ নহয়৷ ওলোটাকৈ আমি ক’ব পাৰোঁ যে সম্পূৰ্ণ সঠিক বৃত্ত এটা বা সঠিক গোলক এটা আপোনাৰ হাতত কোনোবাই তুলি দিয়াটো কেতিয়াও সম্ভৱেই নহয়! বাস্তৱত সিহঁত নাইয়েই৷ মাইকেল আটিয়াই কৈছিল – “বাস্তৱ জগতত সম্পূৰ্ণ নিখুঁত গোলক পোৱা নাযায়, কিন্তু বাস্তৱতা সিহঁতৰ আছেই৷ সিহঁতৰ অস্তিত্ব আছে মানুহৰ কল্পনাত – আৰু সেইখনেই হৈছে আটাইতকৈ মহত্বপূৰ্ণ জগত৷”

No Comments

Post A Comment